সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিন্তা-ভাবনা কৰি হাপাটোৱে এটা বুদ্ধি উলিয়ালে। এদিন শিশুৰ বাপেকে পথাৰলৈ গৈ কাম কৰি থাকোঁতে হাপা গৈ উপস্থিত হ'ল আৰু অতি বেজাৰমনে ক’বলৈ ধৰিলে— ‘মানুহ, মই আপোনাক এটা খবৰ দিবলৈহে আহিছোঁ। দোষ হ'লে ক্ষমা কৰিব।' অকস্মাতে হাপাক এনেদৰে কোৱা দেখি অৰণ্য হতভম্ব হ'ল আৰু কি কথা সুধিলে। হাপাই এটা দীঘল হুমুনিয়াহ এৰি ক'বলৈ ধৰিলে— ‘কি ক’ম মানুহ। মই আজি সৌ কচুজোপাৰ আঁৰত সোমাই আপোনাৰ সেই তিনিটা ধুৰন্ধৰ পশুলৈ লক্ষ্য কৰি আছিলোঁ। শিশুক মোৰ নিজৰ ভাই যেন লাগে। কেনে কোমল, কেনে সুন্দৰ তাৰ মুখনি। চালে চকু ৰৈ যায়। কিন্তু কি আচৰিত সেই পাষণ্ড তিনিটাই ধেমালিৰ ছলেৰে শিশুক হাবিৰ মাজলৈ নি খোৱাৰ যো-জা কৰিছে। কাউৰীয়ে কোৱা শুনিলোঁ যে মানুহে যদি জন্তুক মাৰি খাব পাৰে আমিনো সিহঁতৰ পোৱালিক কিয় খাব নোৱাৰোঁ। এনে সৰ্বনশীয়া কথা শুনি ম‍ই আৰু থিৰেৰে থাকিব নোৱাৰিলোঁ। সেয়ে পলম নকৰি আপোনাক জনোৱাই মংগল বুলি ভাবিহে আহিলোঁ।' তিনি বন্ধুৰ প্ৰতি অৰণ্যৰ সন্দেহ আগৰেপৰাই হৈছিল। হাজাৰ হ'লেও মাংসহাৰী জন্তু। বিশ্বাস বেছিকৈ কৰাটো উচিত নহয়। সি হাপাৰ কথাত পতিয়ন গৈ ‘সিহঁতক শেষ কৰিম' বুলি এডাল ডাঙৰ টাঙোন লৈ ঘৰলৈ বুলি ঢাপলি মেলিলে। ঘৰ পাই উধাই-মুধাই তিনিওটা জন্তুকে কোবাবলৈ ধৰিলে। টাঙোনৰ কোব কাউৰীৰ ঠেঙত জোৰকৈ পৰাত তাৰ এখন ঠেং খৰা হ'ল। ঘটনাৰ একো উৱাদিহ নাপাই কেৰ্কেটুৱাটো গৈ গছত উঠিল আৰু কুকুৰটোও আঁতৰি গ'ল। কোবাই কোবাই সিহঁতক ঘৰৰপৰা ওলাই যাবলৈ অৰণ্যই নিৰ্দেশ দিলে। মনৰ দুখত সিহঁত ওলাই গ'ল। যাবৰ পৰত তিনিওৱে কান্দি কান্দি ক'বলৈ ধৰিলে— ‘মানুহ, তুমি আমাক মিছা সন্দেহ কৰি খেদি পঠিয়ালা। এদিন বুজি পাবা। শিশু আমাৰ অতি মৰমৰ ভাই। তাৰ মংগল কামনা কৰোঁ। আমি তাক অন্তৰৰপৰা আশীৰ্বাদ দিলোঁ যে সি আমাৰ দৰে গুণসম্পন্ন হওক। বিদায়।' এইবুলি চকুপানী টুকি টুকি তিনিও গুচি গ'ল। শিশু লাহে লাহে খোজকাঢ়িব পৰা হ'ল, কথাও ক'ব পৰা হ'ল। কিন্তু তাৰ স্বভাৱ-চৰিত্ৰ এনে উচ্ছৃংখল হ'ল যে মাক-বাপেক অতিষ্ঠ হৈ পৰিল। শৃংখলাবদ্ধতা নাই, চেলবেলাই কথা কয়, কথাই কথাই কাজিয়া কৰে, এক মিনিটো ক’তো সুস্থিৰে নাথাকে, খোৱা-বোৱাবোৰো আধা খায় আধা পেলায় ইত্যাদি। মুঠতে জন্তু তিনিটাৰ আশীৰ্বাদ শিশুৰ বাবে অভিশাপহে হ'ল। তিনিওটা জন্তুৰ ভিন ভিন গুণবোৰ এটা ল'ৰাত থূপ খালে। মাক-দেউতাকে তেতিয়াহে বুজিলে যে জন্তু 83