ভনীয়েকৰ এনে কথা শুনি সি বিচূৰ্তি খালে। ভনীয়েকৰ পৰাও এনে
ব্যৱহাৰ পাই তেতিয়াহে সি বুঢ়াই কোৱা কথাৰ সত্যতা বুজি পালে। উপায়
নাপাই সি তাৰপৰা ওলাই গৈ এজন বন্ধুৰ ঘৰ পালে। বন্ধুজনক ডেকা সাউদে
পিতাকে বেপাৰ কৰিব কোৱাৰেপৰা ভনীয়েকে উলিয়াই দিয়ালৈকে সকলো
কথা বিৱৰি ক'লে। তাৰ চকুৱেদি হৰহৰকৈ পানী ওলাল। কান্দি কান্দি বন্ধুক
ক’লে— ‘কচোন ভাই, মই এতিয়া কি কৰোঁ, ক'লৈ যাওঁ। মইতো আৰু ইচ্ছা
কৰি টকা খৰচ কৰা নাই। মোক বেপাৰ কৰিবলৈহে টকা লাগে।'
ডেকা সাউদৰ এনে ইননি-বিননি দেখি বন্ধুৱে ক'লে— ‘ৰচোন, ধৈৰ্য ধৰ।
ধৈৰ্যইহে আচল বল। ধৈৰ্য আৰু সাহস হ'লে কোনো সমস্যাই একো কৰিব
নোৱাৰে। আজি টকা গ'ল, গ'ল— কাইলৈ আহিব। তই চিন্তা নকৰিবি। মই
তোক যেনেকৈ যি পাৰোঁ সহায় কৰিম।
বন্ধুৰ কথা শুনি সাউদৰ পুতেকৰ মুখলৈ পানী আহিল। সি এটা আশাৰ
বাট দেখা পালে। তাক বন্ধুৱে তেওঁৰ ঘৰত দুদিন ৰাখি টকা যোগাৰ কৰি
আনি দি ক'লে— ‘হ, নে এই চাৰিশ টকা। ভালদৰে চম্ভালিবি। ভালদৰে
বেপাৰত লগাই লাভৱান হ'বৰ বাবে চেষ্টা কৰিবি। কিবা অসুবিধাত পৰিলে
মোক খবৰ দিবি। একো চিন্তা নকৰিবি। সকলো ঠিক হৈ যাব।'
সাউদৰ পুতেকে টকাকেইটা লৈ আহিল হয়, কিন্তু সি বেপাৰলৈ নগৈ
পোনেই ঘৰলৈ উভতিলে আৰু টকা চাৰিশ ঘৈণীয়েকক গুঁজি দি হতঙা
মাতেৰে ক'লে— ‘হ, নে তোৰ এই টকা। তোক টকাহে লাগে, মোক নালাগে।
মই আৰু এই ঘৰলৈ উভতি নাহোঁ।' এইবুলি কৈ সি ঘৰৰপৰা ওলাই গ'ল।
ঘৈণীয়েকে টকাকেইটা লৈ সি যোৱাৰ ফালে চাই থাকিল।
ডেকা সাউদ গৈ গৈ এখন ৰাজ্য পালে। সেই ৰাজ্যত ৰজা নাই।
মানুহবিলাকে এজন ভাল ৰজা পাতিবলৈ মানুহ বিচাৰি আছে। কিন্তু কোনেও
তাত ৰজা হ'বলৈ সাহস নকৰে। তাত বোলে যিয়ে ৰজা হয়, সিয়ে ৰাতিটোৰ
ভিতৰতে মৰি থাকে। এনেদৰে ভাল বংশৰ মানুহবিলাক মৰি শেষ হ'ল। এনে
সময়তে সাউদৰ পুতেকক সেই ৰাজ্যত দেখা পাই তাকেই ৰজা হ'বলৈ অনুৰোধ
কৰিলে। তেওঁলোকে ভাবিলে যে এই ৰাজ্যত এওঁ নতুন মানুহ। গতিকে ৰজা
হ'বলৈ আপত্তি নকৰিব।
সাউদৰ পুতেকে গম পালে যে সেই ৰাজ্যত ৰজা নাবাচে। তথাপি সি
১৭