এনেদৰে যাওঁতে ধনৰ টোপোলাটো ক'ত এৰি আহিল গমকে নাপালে। সেই
সময়তে পিছফালৰপৰা আহি থকা এজন মানুহে টোপোলাটো পাই উঠাই লৈ
গুচি গ'ল।
বুঢ়াৰ এনে কাণ্ড দেখি মহাদেৱে পাৰ্বতীক ক’লে— ‘দেখিলানে? যাৰ
কপালত ধন নাই তাক ধন দিলেও একো কৰিব নোৱাৰে। তোমাক আৰু এটা
প্ৰমাণ দেখুৱাওঁ ৰ'বা।' এইবুলি মহাদেৱে বুঢ়াৰ আগত টকাৰ বৰষুণ দিলে।
বুঢ়াই দেখিলে, তাৰ চাৰিওফালে কেৱল টকাই টকা। সি ভাবিলে — ‘আজি
টকাৰ বৰষুণ দিছে যেতিয়া সকলো মানুহে টকা বুটলি জমা কৰিব। আমাৰ
বুঢ়ীওতো বহি নাথাকে। তায়ো ঘৰ ভৰাই ৰাখিব। গতিকে ময়ো যদি নিওঁ,
ঘৰত ৰাখিবলৈ ঠায়েই নহ'ব।' এই ভাবি সি দৌৰি দৌৰি ঘৰ পালে আৰু
বুঢ়ীক ক’লে— ‘হেৰৌ, টকাৰ বৰষুণ দিছিল নহয়! কিমান টকা ভৰালি?’
বুঢ়াৰ কথা শুনি বুঢ়ীয়ে তবধ মানিলে। তাই ক'লে— “কিনো কথা
কোৱাহে? টকাৰো বৰষুণ দিয়েনে? আমি হ'লে এনে কথা শুনাও নাই,
দেখাও নাই।' বুঢ়ীৰ কথা শুনি বুঢ়াই ক’লে— “অহ্! এতিয়া মইহে মিছা কথা
ক'লোঁ হ’বলা। মই আহি থাকোঁতে মোৰ সন্মুখতে হৰ্হকৈ টকাৰ বৰষুণ
দিছিল। তই ঘৰ ভৰাই থ’বি বুলিহে মই নানিলোঁ!
বুঢ়াৰ কথা শুনি বুঢ়ীৰ বিশ্বাস হ'ল। তাই এনে এটা সুযোগ হেৰোৱাৰ বাবে
বুঢ়াক পাৰে মানে গালি পাৰিবলৈ ধৰিলে। বুঢ়ীৰ গালি খাই বুঢ়াৰ জেদ
লাগিল। সি ক'লে— ‘যেতিয়ালৈ তোক টকা আনি দিব নোৱাৰোঁ,
তেতিয়ালৈকে আৰু ঘৰত নোসোমাওঁ।' এইবুলি কৈ একেকোবে ঘৰৰপৰা
তিনিটা আঠিয়া কল লৈ ফৰফৰাই ভৰভৰাই ওলাই গ'ল।
গৈ গৈ বুঢ়াই আবেলি পৰত এখন নৈ পালে। সেই নৈৰ পাৰতে অলপ
জিৰাই লোৱাৰ মানসেৰে এজোপা গছৰ তলত বহিল। নৈৰ দুয়োফালে হাবি।
বুঢ়াৰ অলপ ভয়ো লাগিল। ইফালে দিনটো খোজ কাঢ়ি কাঢ়ি ভাগৰে-ভোকে
অৱস্থা কাহিল। বুঢ়াই কলকেইটাকে উলিয়াই লৈ এটা এটাকৈ চাই চাই ক'বলৈ
ধৰিলে— ‘কোনটো খাম, এইটো খাম নে এইটো খাম।' সেই সময়তে নৈত
তিনিজনী পৰীয়ে গা ধুবলৈ আহিছিল। বুঢ়াই পৰীকেইজনীক দেখা নাছিল।
পৰীকেইজনীয়ে ভাবিলে— 'বুঢ়াই আকৌ আমাক কিয় খাব বিচাৰিছে। সি
কোনজনীক আগতে খাব ভাবিবলৈ ধৰিছে। এতিয়াহে সৰ্বনাশ!' এই ভাবি
৬