সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আহিছে। গাই দুজনী পুৰণি হ'ল, গাখীৰ নোলায়েই। যিকণ ওলায় তাৰেও আধা ল'ৰাটোক খুৱাবলৈ লাগে। বিক্ৰী কৰিবলৈ নাথাকেই। কি যে কৰোঁ উপায়েই পোৱা নাই।

 এইবুলি হৰকান্তই খীৰোৱা গাখীৰখিনি ভিতৰলৈ লৈ যাবলৈ ঘৈণীয়েকক মাতিলে আৰু বুদু বায়নক বহিবলৈ দিলে। তাৰ পাছত নিজেও এটা মুঢ়াত বহি তামোলৰ বঁটাটো আগত ল'লে। তলমূৰকৈ তামোল কাটি থাকিয়েই বায়নক সুধিলে— পিছে এতিয়ানো কি কৰিম বুলি ভাবিছা?'

 বায়নে অলপ তলকা মাৰি ক'লে— ‘কথা এটা ভাবিহে তোমাৰ ওচৰলৈ আহিলোঁ। তুমি বা কি মত দিয়া?' হৰকান্তই ক'লে— ‘কোৱাচোন বাৰু, নুশুনিলেনো মত দিব পাৰিনে?’

 বায়নে পুনৰ ক'লে— ‘হেৰি মানে, কথাটো হ'ল, বৰবিলৰ কাষত কেইপুৰামান চৰকাৰী মাটি আছে। হাবি-জংঘলে আৱৰি আছে। গাঁৱৰ ফলিন, গেন্ধেলা, কাশী আদি কেইজনমানে তাতে দখল কৰাৰ মন মেলিছে। মই ভাবিলোঁ তুমিয়ে-ময়ে কেইবিঘামান মোকোলাই অলপ খেতি-বাতিকে কৰোঁ। নহ'লেনো কেনেকৈ চলোঁ? পিছে তুমি কি কোৱা?'

 হৰকান্তই কিছুপৰ তলকা মাৰি থাকি বুদু বায়নৰ মুখৰ ফালে চাই এটা মিচিকিয়া হাঁহি মাৰিলে। সি ক'লে— ‘বৰ ভাল কথাটো ভাবিছাহে। ইমানদিনে মোৰ মূৰত কথাটো খেলোৱাই নাছিল। পিছে ডাঙৰ ডাঙৰ গছ কেইজোপামানো আছে নহয়। সেইবোৰ কাটি আজৰি নকৰিলে খেতি কৰিব পাৰিবা জানো? বায়ন— ‘সেইটোনো কি কথা। মন কৰিলেই ছন। এদিনতে হৈ যাব। কাশী, গেন্ধেলাহঁতো আছে নহয়, চিন্তা কিহৰ?' হৰকান্ত সৈমান হ'ল। সেইমতে গাঁৱৰ মানুহ কেইজনমান গোটাই বৰবিলৰ জংঘল চাফ কৰাৰ যো-জা চলিল।

 ইফালে মেকুৰীটোৱে এইবোৰ আলোচনা শুনি আছিল। খাবলৈ নাপাই শুকাই- খীণাই সি ইতিমধ্যে দুৰ্বল হৈ পৰিছিল। জংঘললৈকে গৈ সৰু-সুৰা চিকাৰ কৰি খোৱাৰ কথা ভাবি সি চুচুক-চামাককৈ ওলাই গ'ল। গৈ গৈ সি বৰবিলৰ পাৰৰ শিমলু গছ এজোপাৰ তলত এটা নিগনি পাই তাকে ধৰি খাবলৈ আৰম্ভ কৰিলে।

 সেই হাবিতে আছিল কেইটামান পোৱালিৰ সৈতে এজনী বাঘিনী, কেইটামান ম’হ, এজাক হৰিণ, বনগাহৰি আদি কিছুমান বনৰীয়া জন্তু। বাঘিনীজনীয়ে দূৰৈৰপৰা মেকুৰীটোক দেখি আচৰিত হ'ল— উৱা, এয়াচোন আমাৰ মাহী! ঘৰ এৰি জংঘলত? কি কথা, কি বাৰ্তা? এই ভাবি তাই আগবাঢ়ি আহি ওচৰ পায়েই ‘মাহী' বুলি মাত দিলে। মেকুৰী উচাপ খাই উঠিল। চোবাই থকা নিগনিৰ হাড়ডাল তপৰকৈ মুখৰপৰা

৫৫