সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বাবেই সি আজি ৰক্ষা পৰিল। তাৰ মহা আনন্দ লাগিল— যেন সি বিশ্ব জয় কৰিলে।
 পিছদিনা পুৱা ৰজাৰ মৃতদেহ নিবলৈ ৰাজদৰবাৰত সাঙী উপস্থিত হ'ল। পাত্ৰ-মন্ত্ৰীকে ধৰি বহুতো মানুহে ৰজাৰ শৱযাত্ৰাত ভাগ ল'বলৈ উপস্থিত হ'ল। শ্ৰদ্ধাসহকাৰে পাত্ৰ-মন্ত্ৰীসকলে মৃতদেহ থকা ৰজাৰ কোঠাত সন্তৰ্পণে প্ৰৱেশ কৰিব খোজোঁতেই ৰজাই আগবাঢ়ি গৈ সকলোকে আদৰিলে। জীৱিত অৱস্থাত ৰজাক দেখি সকলোৰে চকু থিয় হ'ল। তেতিয়া ৰজাই সকলো কথা বিৱৰি ক'লে আৰু কটা সাপ দুডাল দেখুৱালে। পাত্ৰ-মন্ত্ৰীসকলে তেওঁহে উপযুক্ত ৰজা বুলি মহা উল্লাসেৰে জয়ধ্বনি দিবলৈ ধৰিলে। তেওঁলোকে আনন্দোল্লাসেৰে সমাৰোহ পাতি ৰজাক পুনৰ সিংহাসনত প্ৰতিষ্ঠা কৰিলে।
 সাউদৰ পুতেক ৰজা হৈ আগৰ ঘৈণীয়েকক দূত পঠিয়াই মাতি অনালে। গিৰীয়েক ৰজা হোৱা জানি তাইৰ আনন্দত সীমা নোহোৱা হ'ল। তাই ভাবিলে, ‘এইবাৰ মই ৰাণী হৈ সকলোকে দেখুৱাম'। অতি আনন্দেৰে ডেকা সাউদৰ ঘৈণীয়েক গৈ ৰাজদৰবাৰ পালে। পোৱাৰ লগে লগে ৰজাই তাইক আকৌ চাৰিশ টকা দি গিৰীয়েকক তিৰস্কাৰ কৰাৰ প্ৰতিফলস্বৰূপে চাবুকেৰে কোবাই দেশৰ বাহিৰ কৰি দিলে। সেইদৰে ভনীয়েককো শাস্তি বিহিলে। তাৰ পাছত তাৰ অন্তৰংগ বন্ধুজনক মাতি আনি ৰাজপ্ৰাসাদত এজন মন্ত্ৰীৰ বাব দিয়াৰ উপৰি মাটি-ঘৰ সুন্দৰকৈ সজাই দি সসন্মানে ৰাখিলে। বন্ধুজনৰ লগতে আলোচনা-বিলোচনা কৰি সুন্দৰভাৱে ৰাজ্য চলাই সাউদৰ পুতেক সুখে-সন্তোষে থাকিল।
 আমাৰ কিন্তু একো লাভ নহ'ল। কথাবোৰ এনেয়ে শুনিলোঁ। সঁচা নে মিছা নাজানো।

১৯