এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্মীবৃন্দলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
বহুত আশাৰে বাট চায়ো মোৰ পত্নী প্ৰয়াত কমলা গোস্বামীয়ে পুথিখন দেখা নাপালে। ২০১১ চনৰ ২৯ নৱেম্বৰত তেওঁ আকস্মিক ইহলীলা সম্বৰণ কৰিলে। পুথিখন মই তেওঁৰে স্মৃতিত অৰ্পণ কৰিলোঁ।
সুহৃদ পাঠকে, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে পুথিখন আঁকোৱালি ল'লে এই লেখক ধন্য হ'ব।
সুৰেন গোস্বামী
লেখক-সংগ্ৰাহক