বুঢ়াই ক'লে— ‘মনত ৰাখিবা— ভাৰ্যাৰ ধন, সম্পদত ভাই-ভনী, সচেতন
ৰজা আৰু আপদত মিতা। অৰ্থাৎ ধন হ'লেহে ভাৰ্যাৰ মৰম পায়, সম্পদ
হ'লেহে ভাই-ভনীয়ে আদৰ কৰে, ৰজা হ'লে সদায় সচেতন হৈ থাকিব লাগে
আৰু বিপদত পৰিলে বন্ধুৰ ওচৰ চাপিব লাগে। এতিয়া দিয়া মোক চাৰিশ
টকা।'
ডেকা সাউদে ভাবিলে ‘এইটো আকৌ কি মন্ত্ৰ হ'ল। বেপাৰৰ লগত
এই চাৰিষাৰ কথাৰ মূল্যইবা কি? বুঢ়াই মোক ঠগিলে কিজানি।' কিন্তু তথাপি
সি প্ৰতিশ্ৰুতি দিয়ামতে বুঢ়াক টকা চাৰিশ দি দিলে। তাৰ তলি উদং হ'ল।
এতিয়া কেনেকৈ বেপাৰ কৰে? উপায় নাপাই সি ঘৰলৈ উভতি গ'ল আৰু
ঘৈণীয়েকক সমস্ত কথা ক'লে। সি ঘৈণীয়েকক আকৌ টকা খুজিলে। এই
কথা শুনি ঘৈণীয়েকৰ বৰ খং উঠিল আৰু বিনা কাৰণত টকাখিনি খৰচ কৰা
বুলি কটুকথা শুনালে। ক্ষোভ আৰু মনৰ বেজাৰত ডেকা সাউদে ক'লে—
—যেতিয়ালৈ মই তোক টকা আনি দিব নোৱাৰোঁ তেতিয়ালৈ এই ঘৰত
নোসোমাওঁ।' এইবুলি সি চেঙচেঙকৈ ওলাই গ'ল।
সি বাটে বাটে ভাবি গ’ল— ‘সেই বুঢ়াই কোৱা কথাটো ঠিকেই। ধন
নহ'লে ভাৰ্যাৰ আদৰ পোৱা টান। ঠিক আছে, তাই টকা নিদিলে কি হ'ব?
মোৰতো ভনী আছে। আমি একে আইৰে সন্তান। ভনীয়ে মোক সহায় কৰিবই।”
এই ভাবি সি ওচৰৰে গাঁৱত বিয়া দিয়া তাৰ ভনীয়েকজনীৰ ওচৰলৈ গ'ল।
তাতেই কেইদিনমান থাকি টকা-পইছা যোগাৰ কৰি বেপাৰলৈ যোৱাৰ মতলব
কৰিলে। সি ভনীয়েকক টকা লৈ বেপাৰ কৰিব যোৱাৰেপৰা আৰম্ভ কৰি
ঘৈণীয়েকে তাক গালি পৰালৈকে আদ্যোপান্ত কৈ তাৰ দুখ বৰ্ণালে। সি
ক’লে— —ভনী, অন্যই মোৰ দুখ নুবুজে। তই নিশ্চয় বুজিবি। মই সেয়েহে
তোৰ ওচৰলৈ আহি ইয়াত দুদিনমান থাকিম বুলি ভাবিছোঁ। বেপাৰ কৰি ধন
নঘটালৈকে আৰু ঘৰলৈ নাযাওঁ বুলি শপত খাই আহিছোঁ। তই মোক
কেইদিনমান ৰাখিব পাৰিবিনে?”
ভনীয়েকে মুখ ভেঙুচাই উত্তৰ দিলে— ‘তই এনেদৰে বহি বহি খাই ছল
পাই গৈছ। নিজৰ ঘৈণীয়েকেই যাক বিশ্বাস নকৰে, মই তাক ৰাখিলে বদনামহে
হ'ব। সিফালে বেপাৰৰ বাবে নিয়া টকাকেইটাও তই অবাবত খৰচ কৰিলি। মই
তোক এনেদৰে ঘৰত বহাই ৰাখিব নোৱাৰোঁ দেই, যি কৰ কৰ।
১৬