সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আগবঢ়াওঁতেই বুঢ়াই থাপ মাৰি ধৰি ক'লে— 'আজি তোক নেৰিছোঁ। হয় মোক এই গিলাচ দিবি, নহয় মৰিবি।' ভূতে থৰকাচুটি খাই বুঢ়াক কাবৌ কৰিবলৈ ধৰিলে – ও বুঢ়া। তই পেচাব নকৰ নাই। কিন্তু মোক এই সোণৰ গিলাচটো দে। এইটোৱেই মোৰ প্ৰাণ।’ বুঢ়াই ক'লে— ‘কোনোমতে নিদিওঁ। তই প্ৰতিদিনে এগিলাচ পেচাবেৰে কি কৰ ক। ভূতে ক'লে— ‘সেই কথা মই তোক ক'ব নোৱাৰোঁ। তই মোক সোণৰ গিলাচটো দে। ইয়াৰ সলনি তোক যিমান ধন-সোণ লাগে দিম। বুঢ়াই ক'লে— ‘তোৰ বিশ্বাস নাই। গিলাচটো পালেই তই পলাবি।' ভূতে ক'লে— ‘সইত সইত তিনি সইত কাঢ়ি কৈছোঁ। ম‍ই নপলাওঁ। তই মোক গিলাচটো দে আৰু মোৰ লগতে বল। মোৰ ৰত্নভাণ্ডাৰৰ পৰা তোক যিমান ধন-সোণ লাগে লৈ আহিবি।' এই কথাত বুঢ়া মান্তি হ'ল আৰু গিলাচটো ভূতক দি তাৰ লগে লগে ভূতৰ ৰাজ্যলৈ গ'ল। ভূতে গৈ নিজৰ ৰত্নভাণ্ডাৰটো দেখুৱাই পুনৰ ক'লে— ‘এই ভাণ্ডাৰৰ পৰা তোক যি লাগে লৈ যা।' বুঢ়াও ভিতৰলৈ গৈ চমক খাই গ'ল। সোণ, ৰূপ, মণি, মুক্তা, হীৰা, পান্না আদিৰে ভাণ্ডাৰৰ চৌদিশে জকমকাই আছে। বুঢ়াই পাৰে মানে মোনাত ভৰাই লৈ কোনোমতে বাহিৰলৈ অতি আনন্দেৰে ওলাই আহিল। আজি সি বুঢ়ীক সন্তুষ্ট কৰিব পাৰিব। বুঢ়ীয়ে অকল সোণৰ গিলাচহে চাইছিল। সি আজি তাতকৈও অধিক মূল্যৱান সম্পদ দিব পাৰিব। মনৰ আনন্দতে এইবোৰ ভাবি-গুণি আহি থাকোতে কেতিয়া গেটৰ মুখ পালে ধৰিবই নোৱাৰিলে। গেটিতে আছিল এজন ৰখীয়া। সি বুঢ়াক ককবকাই ভাৰ বান্ধি নিয়া দেখি সুধিলে— ‘ঐ বুঢ়া, তই এইবোৰ কি নিছ চাওঁ।' বুঢ়াই ক'লে— “এইবোৰ তহঁতৰ ৰজাই মোক দিছে। মই চুৰ কৰা নাই। মোক এৰি দে।' গেটৰখীয়াই ক’লে— ‘ৰজাই মোক একো কোৱা নাই। তেওঁৰ বিনা অনুমতি তই এইবোৰ নিব নোৱাৰ। ভালে ভালে য'ৰ বস্তু ত'ত থ', নহ'লে তোক জে’লত ভৰাই থ'ম।' বুঢ়াই উপায় নাপাই পুনৰ ভূত-ৰজাৰ ওচৰলৈ গৈ ক'লে— ‘ভূতজা! মোক গিলাচটো দে। তোক মই নেৰিছোঁ। তই বুদ্ধি কৰি গেটৰখীয়াক শিকাই থৈছ যাতে মোক যাবলৈ নিদিয়ে।' ভূতজাই আচৰিত হ'ল আৰু ক'লে— ‘এহ্ মই গে'ট্ৰখীয়াৰ কথা পাহৰিলোঁৱেই। বুঢ়া তই চিন্তা নকৰিবি। সেই গেটৰখীয়াক বশ কৰাৰ মাথোন এটাই উপায় আছে। তোক যেতিয়া সি বাধা দিব, তই তেতিয়া গেটৰ মুখতে শৌচ কৰি দিবি। ৰখীয়াই তাৰ গোন্ধ পালে লগে লগে মূৰ্ছা যাব। তেতিয়া তই বিনা বাধাই ঘৰলৈ ঘূৰি যাব পাৰিবি। ভূতৰজাৰ কথা মতে বুঢ়া পুনৰ গৈ গেটৰখীয়াক পালে। গে'ট্ৰখীয়াই তাক ৰাইনা আৰু শিয়াল-৩ ৩৩