সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰাইনাই আচৰিত হৈ ক'লে— ‘অঁতো! তই কেনেকৈ জানিলি?' ভেকোৰাই দুষ্ট হাঁহি মাৰি ক'লে— 'মই তোৰ সকলো কথা জানো। তোৰ মাৰে বাৰীলৈ গ'লেই মোৰ লগত কথা পাতি তোৰ কথা কয়। তই বোলে এক-দুই নাজান? সেইকাৰণে মাৰে মোক তোৰ হাঁহ দুটা নিবলৈ মাতিছে।'

 ৰাইনাৰ বৰ খং উঠিল। তাই ক'লে— 'কে'লেই দিম? সেয়া মোৰ হাঁহ। মই বৰ মৰম কৰোঁ। সিহঁতেও মোক মৰম কৰে আৰু সদায় মোক কণী দিয়ে। মই তোক নিবলৈ নিদিওঁ।'

 ভেকোৰাই তেতিয়া ইতিকিং কৰাৰ সুৰত ক'লে— ‘সেইটোতো হয়েই। পিছে তই যে এক-দুইখন নাজান, সেইকাৰণেহে নিব লাগিব।’

 ৰাইনাই গহীন সুৰত ক’লে— ‘মই জানো।’

 ‘তেন্তে কচোন আমি কেইটা শিয়াল আহিছোঁ?' ভেকোৰাই আনন্দেৰে ক'লে।

 ৰাইনাই ইতিমধ্যে একৰপৰা পাঁচলৈ মুখস্থ কৰি থৈছিলেই। তাই তপৰাই ক'লে, ‘দুটা আকৌ!’ ভেকোৰা আচৰিত হ'ল। কিন্তু হাঁহ দুটাৰ লোভ সামৰিব নোৱাৰি আকৌ ক'লে, ‘ঠিকেই কৈছ বাৰু। মই কাইলৈ আকৌ আহিম বহুত শিয়াল লৈ। যদি ক'ব নোৱাৰ, তেন্তে তোৰ হাঁহ নিম যে নিমেই।' এইবুলি সি লাজতে কোৱাৰি চেলেকি গুচি গ'ল। সেইদিনা ৰাইনায়ো ভয়তে নেওতাখন দহলৈ মুখস্থ কৰিলে। মাকে তাইক নেওতাখন ভালদৰে মুখস্থ কৰালে। তাই ভেকোৰা অহা কথাটো ভয়তে মাকক নক'লে।

 পিছদিনা ভেকোৰাই আৰু চাৰিটা শিয়াল লগত লৈ আহিল। সেইদিনাও সি লগৰকেইটাক লৈ ৰাইনাৰ খিৰিকীৰ মুখত থিয় হ'ল। সি ৰাইনাক মাতি ক'লে – ‘আজি যে তই মোক হাঁহ দিব লাগিব সেইটো খাটাং। তইতো ইমানমখা শিয়াল গণিব নোৱাৰ! দে, হাঁহ দে।'

 ৰাইনাই একে উশাহে ক'লে, ‘এক, দুই, তিনি, চাৰি, পাঁচ পাঁচটা আহিছ। তই ভাবিছ নেকি মই নাজানো বুলি?'

 ভেকোৰাই এইবাৰো লাজ পালে। সি ঘৈণীয়েক চৰুলুৰীৰ মুখলৈ চালে। চৰুলুৰীয়ে নিৰাশ মনেৰে বাকী তিনিটাক ক'লে— ‘ব’ল উভতি। আজিও নহ'ল আৰু। এই ছোৱালীৰপৰা হাঁহ সৰকাব নোৱাৰি।' ভেকোৰাই তৎক্ষণাৎ ভেঁকাহি মাৰি ক'লে— ‘কেলেই নোৱাৰিম অ’? আমাৰ ভুল আমি আৰু বেছিকৈ আনিব লাগিছিল। কাইলৈ নিমেই।' এইবুলি সি ৰাইনাৰ ফালে চাই ক'লে— ‘ঐ ৰাইনা বোলা ছোৱালীজনী, তই আজিও জিকিলি। কিন্তু কাইলৈ জিকিব নোৱাৰ। কাইলৈ মই বনত থকা সকলোবোৰ শিয়াল লৈ আহিম। তই যে ইমানমখা গণিব নোৱাৰ

৬১