সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘’

নকৰিলে। বৰং মানুহৰ জুমৰপৰা কান্তেশ্বৰৰ ঘৈণীয়েকক টানি আনি শুঁড়েৰে ফালি- চিৰি মাৰি পেলালে। তাৰ পাছত গুৰু-গম্ভীৰ খোজেৰে গৈ পুনৰ হাবিত সোমাল।

 এই ঘটনাৰ পিছদিনা ৰাইজমেল বহিল। হাতীৰ উপদ্ৰৱৰপৰা পৰিত্ৰাণ পাবলৈ আলোচনা হ'ল। কোনোৱে পৰামৰ্শ দিলে বোলে হাবিৰ চাৰিওফালে বিজুলী পৰিবাহী তাঁৰেৰে এখন বেৰ দিয়া যাওক, কোনোৱে ক'লে ডাঙৰ গছবোৰ কাটি তাৰে এখন মজবুত বেৰ হাবিৰ চাৰিওফালে দিয়া যাওক, কোনোৱে ক'লে সিহঁতক পাহাৰৰ ফালে খেদি পঠিওৱা হওক, কোনোৱে ক'লে— জংঘলবোৰ কাটি পেলালে সিহঁতে নিজে নিজেই গুচি যাব ইত্যাদি। হৰকান্ত আৰু বুদু বায়নহঁতেও এইবোৰ কথা শুনি আছিল। সিহঁতে একো মতামত নিদি ইটোৱে সিটোৱে চকুৰ টিপেৰে ইংগিত দি লাহে লাহে সভাৰ মাজৰপৰা ওলাই গ'ল আৰু এফলীয়াকৈ আলোচনা কৰিবলৈ ধৰিলে।

 বুদু বায়নে ক'লে— ‘বুজিছা হৰোকাই! এওঁলোকে এইবিলাক যিমানে আঁচনি নকৰক, একো কৰিব নোৱাৰে। হাবিখন বেৰ দিয়া সহজ কথানে? তদুপৰি মানুহৰ ঘৰত দিবলৈ বিজুলী নাই আৰু সিহঁতে উলিয়াইছে হাতীক বাধা দিবলৈ বিজুলী তাঁৰ লগোৱাৰ কথা। শুনিলে হাঁহিয়ে উঠে।’

 হৰকান্ত— অঁহে বায়ন! বাৰু, বেৰ দি হাতীক বন্ধ কৰিলাই, সিহঁতে মুক্তভাৱে বিচৰণ কৰিব নোৱাৰিলে উৎপাত বেছিহে হ'ব। গতিকে সিহঁতক তেনেকৈয়ে থাকিবলৈ দিয়া। গছ-গছনি লগাই সিহঁতৰ খাদ্যৰ ব্যৱস্থা কৰা! তেনেহে এটা কথা হ'ব লাগে।

 বুদু— হওঁতে কথাটো হয়। এতিয়া পিছে আমাৰ সেই খেতি কৰা কথাটো কি কৰা?

 হৰকান্ত— কৰিম। আমি এইফালে হাবি কাটিম, পিছপিনে গছ-গছনি লগাম। তেতিয়া জন্তুবোৰে আমাক ভাল পাব, আমাৰ বন্ধু হ'ব।

 বুদু— হৈছে দিয়া হৰোকাই! তোমাৰো যে কথা, ‘হ’ব ছলি, বুলিব বাপ, তেতিয়াহে গুচিব মনৰ তাপ'ৰ লেখীয়া। নতুনকৈ গছ লগাবা, ডাঙৰ হ'ব, জন্তুবোৰ তালৈ যাব, তোমাৰ বন্ধু হ'ব! বোলো দহ বছৰতো সেইবোৰ নহ'ব। হেন জানি গছ লগোৱা কথা সদ্যহতে এৰা। আগেয়ে কম জংঘল থকা সন্মুখৰ মাটিখিনি চাফ কৰি লওঁ। লাহে-ধীৰে আগবাঢ়ি গৈ থাকিলেই হ'ল।

 হৰকান্তই মানি ল'লে৷ পিছদিনাখন সিহঁত দহজনমান মানুহে দা, কুঠাৰ, কোৰ আদি লৈ বৰবিলৰ মাটি মোকোলাবলৈ হৈ ধ্বনি কৰি ওলাল। দিনটো কাম কৰোঁতে খাবলৈ লগত চাউল, দালি, তৰকাৰী, চাহ, চেনি, থাল, চৰু, হেঁতা আদি লগত লৈ গ'ল। চাহ-ভাতৰ যোগান ধৰাৰ পাল পৰিল টংকেশ্বৰৰ ওপৰত। মাটিৰ সীমা

৫৮