সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঠিক তেওঁ কোৱামতেই কাম কৰিছিলা আৰু দৌৰি থাকোঁতেও একান্তমনে আমাৰ কথাকেই ভাবিছিলা সেইকাৰণে। তুমি পাপী নহয়। তুমি চোৰ হিচাপেও জন্ম লোৱা নাছিলা, ভাল মানুহ হিচাপেহে জন্মিছিলা। কিন্তু সংগ দোষত সৎ বৃত্তি নলৈ চোৰ বৃত্তি ল’লা। বাৰু এতিয়া তুমি কি বিচাৰা কোৱা। শ্ৰীকৃষ্ণৰ কথা শুনি চোৰে ক'লে— 'হে প্ৰভু। মই আৰু চোৰ হৈ থাকিব নোখোজোঁ। সকলো মানুহে মোক ঘিণ কৰে। মোক মাথোন সৎ কাম কৰি খাব পৰাকৈ শক্তি আৰু সামৰ্থ্য দিয়া। তোমাক যেন সকলো সময়তে চিন্তা কৰিব পাৰোঁ, তেনে শক্তি দিয়া। চোৰৰ কথাত শ্ৰীকৃষ্ণ অতিশয় আনন্দিত হ'ল। তেওঁ ক’লে, ‘সেয়ে হ’ব বাৰু আজিৰপৰা তুমি সৎ কাম কৰি সৎ জীৱন যাপন কৰিবা। কিন্তু তুমি এই মণিডাল নি বামুণক দেখুৱাব পাৰিবা আৰু ক’বও পাৰিবা যে তুমি মোক লগ পাইছা। আনহাতে তুমি তেওঁক গুৰু দক্ষিণা দিম বুলি যি প্ৰতিশ্ৰুতি দি আহিছা, সিও ৰক্ষা হ'ব।' এই কথাত চোৰে শ্ৰীকৃষ্ণৰপৰা এধাৰ মণি লৈ পুনৰ সেৱা কৰি দৌৰিবলৈ আৰম্ভ কৰিলে। মহা আনন্দেৰে দৌৰি গৈ চোৰে মন্দিৰৰ ওচৰ পায়েই দূৰৈৰপৰা চিঞৰিবলৈ ধৰিলে, ‘গুৰুদেৱ, গুৰুদেৱ, শুনক, শুনক, এটা ভাল খবৰ আনিছোঁ।' বামুণে মন্দিৰত পূজা কৰি উঠিছিলহে মাথোন, এনেতে চোৰৰ মাত শুনি ভয়তে কম্পমান। তেওঁ ভাবিলে, ‘সৰ্বনাশ!’ এই আপদীয়াটো নমৰিল। ই মোক এতিয়া কি কৰে ঠিকনা নাই।' এই ভাবি তেওঁ দৌৰি গৈ মন্দিৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিলে। চোৰ গৈ পুনৰ মন্দিৰৰ দুৱাৰত ঢকিয়াই মাতিবলৈ ধৰিলে— ‘গুৰুদেৱ, ওলাই আহক, এটা ভাল খবৰ আছে।' ব্ৰাহ্মণে ভয়তে ভিতৰৰপৰা কেঁকাই কেঁকাই ক'বলৈ ধৰিলে— ‘কোন আহিছ ঔ এই সময়ত। কি ক'ব লাগে তাৰ পৰাই ক। ম‍ই উঠিব নোৱাৰোঁ বোপাই। আজি কেইবাদিন ধৰি মোৰ জ্বৰ।' এইবুলি চোৰে শুনাকৈ জোৰ জোৰকৈ উহুহু, আহাহা, আই ঐ— শব্দ কৰি কেঁকাবলৈ ধৰিলে। চোৰৰ বুজিবলৈ বাকী নাছিল যে গুৰুদেৱে তাৰ ভয়তে এনেখন কৰিছে। সেয়ে বিনম্ৰভাৱে সি ক'লে— ‘নহয় গুৰুদেৱ, আপুনি একো চিন্তা কৰিব নালাগে। মই আপোনাৰ কোনো হানি নকৰোঁ, মাত্ৰ এবাৰ দেখা দিয়ক আৰু মোৰ গুৰু দক্ষিণা গ্ৰহণ কৰক।' ব্ৰাহ্মণে ক’লে— ‘তই কিহৰ গুৰু দক্ষিণাৰ কথা কৈছ ঔ! কথাটো ভাঙি-পাতি কচোন।' ৩৮