সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 বুঢ়াই ক’লে— “তেন্তে শুন। মই ভাবোঁ সৰু বোৱাৰীয়েই ঘৰৰ পৰামৰ্শদাত্ৰী হওক। তাই পণ্ডিতৰ ঘৰৰ ছোৱালী। মুখখন অলপ চোকা হ'লেও বুদ্ধি-বৃত্তিত ভাল।' বুঢ়াৰ কথাত সকলোৱে সৈমান হ'ল। সৰু বোৱাৰীক ঘৰৰ মূল গৃহিণী পতা হ'ল।
 সৰু বোৱাৰীয়ে তেতিয়া ক'লে— “পিতা, মই ঘৰ চলাবলৈ সন্মত আছোঁ। কিন্তু সকলোৱে আজি সন্মুখত ক'ব লাগিব যে মই যি কওঁ, তেওঁলোকে তাকে শুনিব।' সকলোৱে ‘হ’ব হ’ব’ বুলি হয়ভৰ দিলে।
 পিছদিনা ৰাতিপুৱা সৰু বোৱাৰীয়ে সকলোটিকে মাতি আনি ক'লে— ‘আজিৰপৰা আপোনালোকে সকলোৱে নিজৰ নিজৰ কাম কৰিব লাগিব। আৰু এটা কথা, কোনেও শুদাহাতে ঘৰলৈ উভতিব নোৱাৰিব। যিয়ে যিহকে পায়, তাকে আনি মোক দিব। এই নিয়ম ভংগ কৰিলে এসাঁজকৈ ভাত হেৰুৱাব লাগিব।' সৰু বোৱাৰীৰ এই কথাত সকলোৱে হাঁহি মাৰি ক'লে— ‘সেইটোনো কি কথা! যিহকে পাওঁ তাকে আনিম।'
 সেইদিনাৰপৰা সৰু বোৱাৰী ঘৰত থাকিল আৰু বাকীকেইজনে নিজ নিজ কামলৈ ওলাই গ'ল। ঘূৰি আহোঁতে কোনোবাই খৰি, কোনোবাই খেৰ, কোনোবাই আকৌ শাক-পাচলি ইত্যাদি লৈ ঘৰলৈ আহে আৰু সৰু বোৱাৰীক দিয়ে। আনহাতে বাকী বোৱাৰীকেইজনীকো কাম ভাগ ভাগ কৰি দিলে। এজনীয়ে যদি ভাত ৰান্ধে, আন এজনীয়ে ঘৰ সৰা-মচা কৰে, কোনোবাজনীয়ে কাপোৰ বয়, কোনোবাজনীয়ে পাচলি কাটি দিয়ে। এনেদৰে প্ৰত্যেকজনী বোৱাৰীয়েককে কামত ব্যস্ত ৰখা হ'ল। এনে কৰাত ঘৰখনত কোনো বস্তুৰে অভাৱ নোহোৱা হ'ল আৰু কাজিয়া- পেচালবোৰৰো অন্ত পৰিল। সৰু বোৱাৰীয়ে দৰকাৰ অনুযায়ী দুই-এপদ বস্তু বিক্ৰী কৰায়ো ধন ঘটে।
 এদিন বুঢ়াৰ এজন পুতেকে ঘৰলৈ আহোঁতে কিবা এবিধ আনিবলৈ পাহৰিলে। ঘৰৰ পদূলি পাওঁতেহে তাৰ মনত পৰিল। সি ভাবিলে, যদি আজি একো নিনিয়ে তেন্তে তাৰ আজিৰ এসাঁজ ভাত যাব। কি আনিব, একো ভাবি নাপাই বাটত অলপ গাহৰিৰ গোবৰ পাই তাকে লৈ আহি সৰু বোৱাৰীক দিলে। বোৱাৰীয়েও একো নকৈ গোবৰখিনি নি চম্ভালি ৰাখি থ'লে।
 লাহে লাহে বুঢ়াৰ ঘৰৰ এনে নীতি আৰু শৃংখলাবদ্ধতাৰ কথা চাৰিওফালে বিয়পি পৰিল। সকলোৱে জানিলে বুঢ়াৰ ঘৰত একোৰে অভাৱ নাই। বুঢ়াৰ মুখতো আজিকালি সদায় হাঁহি, আনন্দ। তেওঁ সৰু বোৱাৰীৰ গুণ গায়েই তৎ নাপায়। সন্ধিয়া পৰত আটাইকেইজনী বোৱাৰী মিলি আলোচনা কৰা, নাম-প্ৰসংগ কৰা,

২৫