সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভেকোৰাই তলমূৰ কৰিলে। সি ভাবিলে, এনে বুধিয়ক ছোৱালীৰ লগত বাজী মৰা ভাল নহয়। এই ভাবি সি কোৱাৰি চেলেকি যাবলৈ ওলাল। ৰাইনাই ভাবিলে, ই বৰ দুষ্ট শিয়াল। ইয়াক এসেকা দিবই লাগিব। ই কেতিয়া মনে মনে আহি হাঁহকেইটা ধৰি নিয়েহি, বিশ্বাস নাই। এই ভাবি তাই শিয়ালটোক ক'লে, ‘যাবি ৰহচোন! আজিৰপৰাতো তোক দেখা নাপাওঁ। আহিছ যেতিয়া আমি আটায়ে মিলি অলপ নাচ-গানকে কৰোঁ দে! মই গাম আৰু তহঁতে মাথোঁ হয় হয় বুলি লগতে গাবি।'

শিয়ালবোৰ মান্তি হ'ল। ৰাইনাই গাবলৈ ধৰিলে—

একে পঢ়ে বিছলৈ একে আহে দহটা হৈ
—হয় হয়, দহটা হৈ, দহটা হৈ।
দহক লাগে দুটা হাঁহ, চুনু-মুনুই বোলে আহ আহ,
— হয় হয়, আহ আহ, আহ আহ।
ছুনু ঔচ মুনু ঔচ হাঁহ নালাগে মোকে খা।
—হয় হয়, মোকে খা, মোকে খা।
আকৌ ক— আহ আহ মোকেই খা, মোকেই খা।
—আহ আহ মোকেই খা, মোকেই খা।

 এনেকৈ কোৱা মাত্ৰকে লুকাই থকা কুকুৰজাকে ভুকভুককৈ খেদি ওলাই আহিল। ভেকোৰাই একো বুজিবকে পৰা নাছিল। হঠাতে কুকুৰৰ এনে আক্ৰমণ দেখি বাকী শিয়ালকেইটায়ো দিক্‌বিদিক হেৰুৱাই যেনি-তেনি পলাবলৈ ধৰিলে। ছুনু-মুনুৱে খেদি খেদি গৈ প্ৰথম ভেকোৰা আৰু চৰুলুৰীক ধৰিলে আৰু কামুৰি কামুৰি দুয়োৰে ছাল-বাকলি এৰুৱাই পেলালে। আনফালে বাকীকেইটাকো গাঁৱৰপৰা অহা কুকুৰবোৰে খেদি নি নি একেবাৰে গাঁৱৰ বাহিৰ কৰি দিলে। কোনোমতে জীউটো লৈ ভেকোৰা-চৰুলুৰীয়ে লেকেচিয়াই লেকেচিয়াই সেই বাৰী আৰু গাঁও এৰি পলাল। শিয়াল-কুকুৰৰ গণ্ডগোল শুনি মাক দৌৰি আহি ৰাইনাৰ কাষ পালেহি। ৰাইনাক সাবটি ধৰি তেওঁ সুধিলে, ‘মাজনী মোৰ! বাহিৰত শিয়াল আহিছিল, কুকুৰেও ভুকিছিল। তুমি ভয় খালা নেকি? একো ভয় নাই দেই! মই আছোঁ নহয়!' ৰাইনাই ক’লে— ‘অঁ মা, দহটা শিয়াল আহিছিল হাঁহ নিবলৈ। কুকুৰে খেদিলে। এতিয়া তুমি মাতিলেও শিয়াল আহিব নোৱাৰে। ম‍ই পিছে নেওতাখন বিছলৈ মুখস্থ কৰিয়েই পেলালোঁ।'

(নৱেম্বৰ, ২০১৪, দ্বিতীয় প্ৰকাশ, ‘সঁফুৰা’ শিশু আলোচনীত প্ৰকাশিত)

৬৪