সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চোৰ চাই টাঙোন

এসময়ত এজন ৰজাৰ এজন নাপিত আছিল। এই নাপিতজনৰ হতুৱাই ৰজা আৰু মন্ত্ৰী দুয়োজনাই দাঢ়ি-চুলি কাটিছিল। নিয়মীয়া নাপিত আছিল কাৰণে সি ৰজা আৰু মন্ত্ৰী দুয়োৰে বৰ প্ৰিয়পাত্ৰ হৈ পৰিছিল।
 এদিন নাপিতজনে মন্ত্ৰীৰ ঘৰলৈ গৈ মন্ত্ৰীৰ দাঢ়ি খুৰাই আছিল। হঠাতে তাৰ চকু পৰিল মন্ত্ৰীৰ ঘৈণীয়েকৰ ওপৰত। এনে দীপলিপ তিৰোতা দেখি তাৰ চকু থিয় হ'ল। সি ভাবিলে— ‘মন্ত্ৰীৰ ঘৈণীয়েকো বাৰু ইমান সুন্দৰ হয়নে? এইজন ৰজাৰ ঘৈণীয়েক হোৱা হ'লে বৰ শুৱালেহেঁতেন। ম‍ই ৰজাক কথাটো ক'ব লাগিল। কিবা উপায় কৰি তেৱেঁই নি ঘৰ শুৱনি কৰক। লগতে ময়ো ভাল উপহাৰ পাব পাৰিম।' মন্ত্ৰীৰ দাঢ়ি খুৰোৱা হ'লত সি ৰজাৰ দাঢ়ি খুৰাব লাগে বুলি ততাতৈয়াকৈ গুচি আহিল।
 ৰজাৰ ওচৰ পাই সি বৰ হেঁপাহেৰে ৰজাক নমস্কাৰ জনালত ৰজাই তাক অসময়ত অহাৰ কাৰণ কি সুধিলে। নাপিতে ক’লে— ‘মহাৰাজ! আপোনাৰ বাবে এটা বৰ সুসংবাদ আনিছোঁ। অনুমতি দিলে ক'ব পাৰোঁ।' ৰজাই ক'লে— “যদি সুসংবাদেই হয়, তেন্তে ততালিকে কোৱা।' নাপিতে এটা হাঁহি মাৰি আৰু গলহেঁকাৰি মাৰি অলপ কাণে কাণে কোৱাৰ দৰে ক’লে— ‘মহাৰাজ! আজি মন্ত্ৰীৰ দাঢ়ি খুৰাই থাকোতে তেওঁৰ ঘৈণীয়েকক দেখিলোঁ। এনে দীপলিপ তিৰোতা প্ৰকৃততে মহাৰাজৰ পত্নী হ'লেহে শুৱায়। সেয়ে মহাৰাজক অৱগত কৰি অনুৰোধ কৰোঁ যাতে সেইজনী অনাৰ কিবা এটা বন্দবস্ত কৰে।' নাপিতৰ কথা শুনি ৰজা উচপ খাই উঠাৰ নিচিনা উঠি বহিল। অলপ তলকা মাৰি ক’লে— ‘হয়নে? পিছে কি বুদ্ধি কৰিনো আনিব পৰা যাব? মইচোন ভাবিয়েই পোৱা নাই।’
 নাপিতে ৰজাৰ কথা শুনি ততালিকে ক'লে— ‘মহাৰাজ! সেইটো ভাবিব লগা কথানে? ময়েই বুদ্ধি দিওঁ শুনক। আপুনি মন্ত্ৰীক এজন দিনকণা মানুহৰ প্ৰয়োজন হোৱা বুলি কওক। যদি মন্ত্ৰীয়ে দিনকণা মানুহ আনি দিব নোৱাৰে তেন্তে তেওঁ ঘৈণীয়েকক দিব লাগিব বুলি কওক।' নাপিতৰ বুদ্ধিক ৰজাই প্ৰশংসা কৰিলে আৰু

২৭