সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তুমি মোক ঠাট্টা নকৰিবা। তুমিতো মোৰ স্বামীক দেখাই নাই। মোৰ স্বামী ভাল ঘৰৰ বুলিনো কেনেকৈ ক'লা? তেওঁ এটা বান্দৰহে, নৰমনিচ নহয়। হ'লেও তেওঁ মোক সুখতে ৰাখিছে। মোৰ মাত্ৰ দুৰ্ভাগ্য যে তেওঁ মানুহ নহ'ল।'

 বুঢ়ীয়ে মালতীৰ কথা শুনি ক'লে— ‘নহয় আই, ম‍ই তোক ঠাট্টা কৰা নাই। আচলতে তেওঁ ভাল ঘৰৰ ল'ৰা। মই আচল কথা কওঁ শুন। ইয়াৰপৰা দুমাইল আঁতৰৰ ৰামপুৰত মংগলা নামৰ এজন ভাল খেতিয়ক আছিল। তেওঁৰ একেজন ল'ৰা। মাটি-বিত্তিও ভালেখিনি আছে। তেওঁৰ গাঁৱৰে আন এজন চিত্ত লিগিৰা নামৰ খেতিয়ক আছে। চিত্তৰ তিনিজনী দাংকাটি ছোৱালী। লিগিৰাও বৰ দুষ্ট প্ৰকৃতিৰ লোক। হিংসুক, আনৰ ভাল দেখিব নোৱৰা, কলহপ্ৰিয় লোক। ওচৰ-চুবুৰীয়া কেৱে চিত্তক ভাল নাপায়। মংগলাৰ মাটি-সম্পত্তিৰ মালিক হ'বলৈ চিত্তই বিবুদ্ধি কৰি তেওঁৰ ডাঙৰ ছোৱালীজনীক মংগলাৰ ল'ৰাত বিয়া দিবলৈ খুজিলে। পিছে মংগলাই লিগিৰাৰ ছোৱালীক বোৱাৰী কৰিবলৈ মান্তি নহ'ল। তেওঁৰ বাকী দুজনী ছোৱালীও ইতিমধ্যে ক'ৰবালৈ গুচি গৈছে। ছোৱালী বিয়া নকৰোৱাৰ প্ৰতিশোধ ল'বলৈ লিগিৰাই এদিন মায়ঙৰপৰা বেজ মতাই আনি কুমন্ত্ৰ কৰি মংগলাৰ ল'ৰাক বান্দৰ সজালে।’

 কথাখিনি শুনি মালতী বজ্ৰ পৰাৰ দৰে হ'ল। তাই এই শাপৰপৰা গিৰীয়েকক কেনেকৈ উদ্ধাৰ কৰিব পাৰি, তাৰে উপায় দিবলৈ বুঢ়ীক খাটনি ধৰিলে। বুঢ়ীয়ে অলপ তলকা মাৰি ক'লে— ‘শুন তেনেহ'লে। মংগলাৰ ঘৰৰ পূবফালে থকা ভেটিৰ তলত এটা কাপোৰৰ টোপোলা আছে। সেই টোপোলাত কুমন্ত্ৰ কৰা কিছুমান বস্তু আছে। তই যদি বস্তুখিনি খান্দি উলিয়াই জুইত পুৰিব পাৰ, তেন্তে সি পুনৰ মানুহ হ'ব।'

 ৰামপুৰ গাঁও ক'ত মালতীয়ে নাজানে। তাই সেইদিনাই সন্ধিয়া বান্দৰ স্বামীক লৈ শ‍ইকীয়াৰ ঘৰলৈ গ'ল আৰু শ‍ইকীয়াক সকলো কথা ভাঙি-পাতি ক’লত শ‍ইকীয়াই পিছদিনা যাম বুলি ক'লে।

 পিছদিনাখন ৰাতিপুৱা মালতী, তাইৰ গিৰীয়েক আৰু শ‍ইকীয়া-শ‍ইকীয়ানীয়ে ৰামপুৰ গাঁও পাই সুধি সুধি মংগলা বায়নৰ ঘৰ উলিয়ালে। ইতিমধ্যে মংগলা বায়নৰ মৃত্যু হৈছে। ঘৰত অকল বিধৱা ঘৈণীয়েকজনী আৰু ছোৱালীজনী আছে। শ‍ইকীয়াহঁত গৈ পোৱাত মংগলাৰ পত্নীয়ে তেওঁৰ দুখৰ কথা বৰ্ণালে। তেওঁলোকে কথা পাতি থাকোঁতেই মালতীয়ে মনে মনে উঠি গৈ ঘৰৰ পূবফালে থকা ভেটিটো কোৰেৰে খান্দি থাকোতে সঁচাকৈয়ে পালে এটা কাপোৰৰ টোপোলা। তাই উধাতু খাই ল'ৰি আহি মংগলাৰ মাক আৰু শ‍ইকীয়াহঁতক সেই টোপোলাৰ কথা ক'লে। মালতীৰ

৫১