সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 শিক্ষকৰ কথা শুনি বুঢ়ীয়ে ক'লে নহয় বোপা। ভাল আৰু ডাঙৰ ল'ৰাটোক তোমাক দিলেহে মোৰ গুৰু দক্ষিণা হ'ব। এইটো মোৰ নুমলীয়া ল'ৰা কাৰণেহে তাক বিচাৰিছোঁ। সিও মাকৰ লগতহে থাকিবলৈ ভাল পাব।'
 এনেদৰে বুঢ়ী আৰু শিক্ষকৰ মাজত বহুত সময় কথা-বতৰা চলাৰ পাছত শিক্ষকে হতাশ হৈ সৰু ল'ৰাজনক বুঢ়ীক দি ডাঙৰজনক ৰাখিবলৈ বাধ্য হ'ল। সৰু ল'ৰাজনে মাকৰ ওচৰ পায়েই তাৰ তন্ত্ৰ-মন্ত্ৰৰ কাম আৰম্ভ কৰি মাকক উপাৰ্জন কৰি দিবলৈ আৰম্ভ কৰিলে। সি নিতৌ একোটা নতুন ৰূপ ধৰি তন্ত্ৰ- মন্ত্ৰৰ শিক্ষাক ভালদৰে ব্যৱহাৰ কৰিলে।
 এদিন সি মাকক ক’লে, 'আই, আজি মই এটা হাঁহ হৈ থাকিম। কোনোবাই হাঁহ কিনিব আহিলে তই বিক্ৰী কৰি দিবি।' এনেকৈ কৈ সি ঘৰৰ ভিতৰত সোমাই এটা হাঁহ হৈ বহি থাকিল। আবেলি পৰত এজন হাঁহ কিনিবলৈ অহা মানুহে লোদোৰ-পোদোৰ হাঁহটো দেখি ভাল দাম দি কিনি লৈ গ'ল। মানুহজনে নি ঘৰত হাঁহটো থৈ দিয়াৰ পাছত সি আকৌ ল'ৰাটো হৈ ঘৰলৈ ল'ৰ মাৰিলে।
 তাৰ পাছত ল'ৰাটো-এদিন এটা ছাগলী হ'ল। সেইদিনাও মাকে তাক ছাগলী কিনা মানুহত বিক্ৰী কৰি বহুত টকা পালে। মানুহজনে ছাগলী নি ঘৰ পোৱাৰ পাছত সি পুনৰ আগৰ দৰে ল'ৰাটো হৈ ঘৰলৈ উভতি আহে। এনেদৰে সৰু ল'ৰাটোৱে এদিন গৰু, এদিন ঘোঁৰা, এদিন ম'হ আদি নানান ৰূপ ধৰি বিক্ৰী হৈ যায় আৰু পুনৰ ল'ৰাটো হৈ ঘৰ পায়। কিনোতাবিলাকে গমেই নাপায়। সিহঁতে ভাবে যে কিনি অনা জন্তুটো কিবাকৈ পলাল। এনেকৈয়ে বুঢ়ীয়ে সৰু পুতেকৰ যহত দৈনিক অজস্ৰ টকা ঘটি ধনী হ'ল। পুৰণা ঘৰ গুচি নতুন ঘৰ হ'ল, ফটা-ছিটা কাপোৰ গুচি ভাল ভাল কাপোৰ হ'ল, খেতিৰ মাটি হ'ল, গৰুগাড়ী হ'ল। মুঠতে বুঢ়ীৰ আৰু একোৰে অভাৱ নাইকিয়া হ'ল।
 বুঢ়ীৰ ঘৰৰ এনে উন্নতি দেখি শিক্ষকজনে ভাবিলে যে এইবোৰ এই সৰু ল'ৰাজনৰে উপাৰ্জন। তেওঁ তাক শিকাই দিয়া মন্ত্ৰৰ বলত বুঢ়ী আজি দাংকোপ মাৰিব পৰা হ'ল। শিক্ষকৰ পেটে পেটে হিংসা লাগিল আৰু সৰু ল'ৰাটোক মাৰি বুঢ়ীৰ অহংকাৰ চূৰ্ণ কৰাৰ সংকল্প ল'লে।
 এদিন তেওঁ এটা ঘোঁৰা কিনাৰ চলেৰে বুঢ়ীৰ ওচৰ পালে। সেইদিনাও সৰু ল'ৰাটোৱে এটা ঘোঁৰা হৈ ঘৰৰ পিছফালে আছিল। বুঢ়ীয়ে ঘোঁৰাটো আনি মানুহজনত বিক্ৰী কৰি দিলে। শিক্ষকজনে বুজিছিল যে এইটোৱে সেই ল'ৰাটো।

১২