এইটোৱে সকলো দিব। মই এইটোহে হাত কৰিব লাগিল।'
এইফালে বুঢ়াই পুনৰ মূৰ্তিটো মোনাত ভৰাই থৈ শুই পৰাৰ ভাও ধৰি
নাকেৰে ঘোৰঘোৰাবলৈ ধৰিলে। ব্ৰাহ্মণে বুঢ়াৰ টোপনি অহা বুলি ভাবি লাহে
লাহে সোমাই গ'ল আৰু বুঢ়াৰ আগৰ মূৰ্তিটো মোনাত ভৰাই থৈ নতুন
মূৰ্তিটো লৈ গ'ল। বুঢ়াই মনে মনে সকলো লক্ষ্য কৰি আছিল। তথাপি সি
একো নামাতি আনন্দ মনে শুই থাকিল।
ৰাতি পুৱাৰ লগে লগে বুঢ়াই ব্ৰাহ্মণক মাত দি ঘৰমুখে ৰাওনা হ'ল। ঘৰ
পাই বুঢ়াই মূৰ্তিটোক সেৱা কৰি ঘৰটো নতুন কৰি দিবলৈ ক'লে। তাৰ পাছত
বুঢ়ীৰ কাপোৰ-কানি নতুন কৰিবলৈ ক'লে। এনেকৈ বুঢ়াই মূৰ্তিটোক খুজি
সকলো নতুন কৰি ল'লে। বুঢ়া আৰু বুঢ়ীয়ে সুখেৰে দিন কটাবলৈ ধৰিলে।
সেইফালে ব্ৰাহ্মণে নতুন মূৰ্তিটোক খোজেহে খোজে- একো নাপায়। ব্ৰাহ্মণে
নতুন ঘৰ-বাৰীৰ আশাত পুৰণিবোৰ ভাঙি পেলাইছিল যদিও সেইবোৰ আৰু ঘূৰাই নাপাই হায় হায় কৰি জীৱন কটাবলৈ ধৰিলে।
পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/১২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে