বুঢ়াৰ ভাগ্য
এহাল বুঢ়া-বুঢ়ী আছিল। সিহঁত বৰ দুখীয়া আছিল আৰু কোনো ল'ৰা-ছোৱালী
নাছিল। সেইকাৰণে বুঢ়াই নিজেই খৰি বেচি ভাত মোকোলাইছিল। এদিন
বুঢ়াই খৰি কাটি ঘৰলৈ আহি থাকোঁতে সৰগৰপৰা মহাদেৱ আৰু পাৰ্বতীয়ে
দেখা পালে। বুঢ়াৰ দুখ দেখি পাৰ্বতীৰ বৰ বেজাৰ লাগিল। তেওঁ মহাদেৱক
ক’লে— ‘প্ৰভু! এই বুঢ়াৰ কিমান দুখ হৈছে চাওকচোন। সি যেতিয়া ইয়াতকৈও
বেছি বুঢ়া হৈ কাম-বন কৰিব নোৱৰা হ'ব, তেতিয়া যে আৰু কিমান কষ্ট হ'ব,
আপুনি ভাবিছেনে? গতিকে তাৰ ভৱিষ্যতৰ বাবে আমি কিছু টকা-পইচা দিয়া
ভাল হ'ব।'
পাৰ্বতীৰ কথা শুনি মহাদেৱে ক’লে— ‘তুমি কথাটো ঠিকেই কৈছা। ধন
দিব পাৰোঁ; কিন্তু বুঢ়াৰ ভাগ্য নাই। ধন দিলেও সি একো কৰিব নোৱাৰে। সি
বৰ অকামিলা মানুহ। ডেকা কালটোও একো কাম-বন নকৰাকৈ ঘূৰি ফুৰি
কটাইছিল। এনে মানুহে ধনৰেই বা মূল্য কেনেকৈ বুজিব? নহ'লে তাৰ আজি
এনে অৱস্থা নহ'লহেঁতেন।'
মহাদেৱৰ কথাত পাৰ্বতী পতিয়ন নগ'ল। তেওঁ পুনৰ ক'লে— ‘নহয়
প্ৰভু! সি এতিয়া পস্তাইছে। তাক ধন দিলে সি ভালকৈ ব্যৱহাৰ কৰিব। আপুনি
দি চাওকচোন বাৰু!
পাৰ্বতীৰ অনুৰোধ এৰাব নোৱাৰি মহাদেৱে বুঢ়াৰ সন্মুখত এটা টকাৰ
টোপোলা ঢপংকৈ পেলাই দিলে। থনৰকৈ পৰা টোপোলাটো দেখি বুঢ়াই চাই
দেখে তাত এগাল টকা। বুঢ়াই নিজকে বহুত ভাগ্যৱান বুলি ভাবিলে। সি
ইফালে-সিফালে চাই কাকো নেদেখি মনতে ভাবিলে— ‘ভগৱানে এই ধন
মোকেইহে দিছে। মই নহৈ যদি আজি এজন অন্ধ মানুহৰ আগত পৰিলহেঁতেন,
তেন্তে সিনো কেনেকৈ ল'লেহেঁতেন চাওঁৱেইচোন!' এই ভাবি বুঢ়াই অতি
আনন্দেৰে চকু দুটা মুদি অন্ধ মানুহৰ দৰে খেপিয়াই খেপিয়াই যাবলৈ ধৰিলে।
৫