সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেইটো খাটাং। গতিকে কাইলৈ যদি ক'ব নোৱাৰ, তেন্তে তোৰ হাঁহতো নিমেই, তোকো লৈ যাম। কাইলৈ সাজু হৈ থাকিবি।’

 ৰাইনাৰ বৰ ভয় লাগিল। ‘সঁচাকৈয়ে এই শিয়ালবোৰে মোকো নিব নেকি?' তাই ভাবিলে। পিছে তাই সাহস কৰি ক'লে— ‘যা যা, তোৰ নিচিনা শিয়াল যিমান আন আনিবি, ম‍ই ভয় নকৰোঁ।'

 পিছদিনা পুৱা ৰাইনাৰ মাকে ক'লে— 'তুমি বৰ ভাল ছোৱালী। কালি যে দহলৈ মুখস্থ কৰিছা, মই বৰ ভাল পাইছোঁ। আজি বিছলৈ কৰিব লাগিব কিন্তু।' ৰাইনাই ক'লে— ‘নহ'লে শিয়ালক দিবা নেকি?' মাকে তাইৰ মুখলৈ চাই গালখনত এটা চিকুট মাৰিলে আৰু মিচিকিয়াই হাঁহি ক'লে— 'অঁ, দিমতো আকৌ! তোমাৰ হাঁহ দুটাও দিম। পঢ়িলে নিদিওঁ।' ৰাইনাই ক'লে— 'মোক নিদিবা, হাঁহ দুটাও নিদিবা। মই সৱ পঢ়িম। মই শিয়ালক মাৰি পেলাম। মই সিহঁতক আহিবলৈ নিদিওঁ।'

 মাকে ক’লে, ‘ঠিক আছে বাৰু! এতিয়া আহাঁ, ম‍ই পঢ়াই দিওঁ। তুমি ভালদৰে বহা।'

 ৰাইনাই ভাবিলে— ‘সঁচাকৈয়ে বাৰু মাকৰ লগত শিয়ালৰ কথা হৈছে নেকি? মাও যে আৰু! কিয়নো শিয়ালক মাতিব লাগে?' এই ভাবি তাই মাকৰ ওচৰত বহিল। মাকে তাইক নেওতাখন কুৰিলৈ পঢ়ালে। তাই সলসলীয়াকৈ মুখস্থ কৰি ল’লে। লগতে ভাবিলে এই শিয়ালক দিম আজি এপালি। ইহঁতক এই জংঘলৰপৰাই খেদিম।' ৰাইনাৰ খুৰাকৰ দুটা কুকুৰ আছিল— এটাৰ নাম ছুনু আৰু আনটোৰ নাম মুনু। তাই খুৰাকৰ ঘৰলৈ গৈ শিয়ালবোৰৰ কথা ছুনু-মুনুক ভাঙি-পাতি ক’লে। ছুনু- মুনুৱে শুনি বৰ ৰং পালে। সিহঁতে ক'লে— 'ৰাইনা, তই ভয় নকৰিবি। আজি আমি সিহঁতকে খাম। তই মাথোন সময়ত আমাক ইংগিত দিলেই আমি গৈ সিহঁতক ধৰিম। আমি গাঁৱৰ অন্য কুকুৰবোৰকো খবৰ দি সাজু কৰি ৰাখিম।’

 ৰাইনাৰ বৰ স্ফূৰ্তি লাগিল। তাই ভাবিলে— 'এইবাৰ শিয়ালে পাব মজাপালি! এনেকৈ ভাবোঁতে তাইৰ মুখেৰে গীত এটাই ওলাই গ'ল—

একে একে দুই আৰু দুয়ে দুয়ে চাৰি,
বাৰীৰপৰা আহিব শিয়াল হাঁহ খাবলৈ ধৰি।
তিনিয়ে দুয়ে পাঁচ আৰু চাৰিয়ে দুয়ে ছয়,
যিমান আহে আহক শিয়াল নকৰোঁ মই ভয়।
পাঁচে দুয়ে সাত আৰু ছয়ে দুয়ে আঠ,
শিকাম ভেকোৰাক ভালকৈ আজি হাঁহ খোৱাৰ পাঠ।
সাতে দুয়ে ন আৰু আঠে দুয়ে দহ,

৬২