সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খায়ো চেলেং-পেটেংকৈ— আধা খাব, আধা পেলাব। এইদৰেই সি বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰি গছৰ ফল-মূল খায় আৰু অৰণ্যহঁতকো যোগান ধৰে।

 তৃতীয়টো হ'ল এটা কাউৰী। কিচকিচিয়া ক'লা আৰু মিহি পাখি, ডাঙৰ জলকীয়াৰ সমান ক’লা ঠোঁট আৰু দীঘল চোকা নখযুক্ত এই চৰাইটো দেখিবলৈ বৰ ধুনীয়া। কিন্তু বৰ লেতেৰা; যিহকে পায় তাকে খায়। মাতটোও হতঙা। কিন্তু ইয়াৰ বুদ্ধি অতি প্ৰখৰ আৰু তৎক্ষণাৎ অনুকৰণ কৰিব পাৰে। পখীটোৱে সহজতে পোহ মানে, কিন্তু তাৰ উৎপতীয়া স্বভাৱৰ বাবে কোনোৱে পুহিব নিবিচাৰে। ই ৰাতিপুৱাতে কা কা কৰি অৰণ্যক পাটীৰপৰা জগাই দিয়ে আৰু দূৰ দূৰ ঠাইলৈ গৈ ক'ত কি জন্তু আছে, কি ঘটিছে ইত্যাদি বা-বাতৰি সি অৰণ্যহঁতক দিয়ে থাকে।

 তিনিওটা জন্তু বৰ বন্ধু আছিল আৰু সিহঁতক লৈ অৰণ্যহঁতেও সুখে-সন্তোষে থাকিবলৈ ল'লে।

 এদিন হঠাতে কাউৰীজনী উৰা মাৰি আহি আনন্দৰে ফিচা-পাখি আদি দাঙি নাচি খবৰ দিলে যে ভগৱান তেওঁলোকৰ ওপৰত সদয় হৈছে। অৰণ্যই যদি চিকাৰ কৰিবলৈ এৰি দি খেতি-বাতিত ধৰে, তেন্তে তেওঁলোকে এটা পুত্ৰ সন্তান লাভ কৰিব। এই কথা শুনি সেইদিনাই অৰণ্যই জীৱহত্যা কৰিবলৈ এৰি দি খেতি-বাতিত মন দিলে।

 এদিন সঁচাকৈয়ে মমতাৰ এটা পুত্ৰ সন্তান জন্মিল। তাক পাই সকলোৰে মনত মহা আনন্দ। তিনিওটা জন্তু মিলি নাচি-বাগি বনৰপৰা আৰু কিছুমান জন্তু মাতি আনি ল'ৰাটোৰ জন্মদিন পালন কৰিলে। সকলোৱে আলোচনা কৰি ল'ৰাটোৰ নাম থ’লে শিশু। শিশু লাহে লাহে হাঁহিব পৰা হ'ল, হাত-ভৰি এচাৰি কলকলাই কথা ক'ব পৰা হ'ল। তাক লৈয়েই ঘৰৰ আটায়ে দিনটোৰ বেছি সময় কটাবলৈ ধৰিলে। অৰণ্য আৰু মমতা পথাৰলৈ খেতিৰ কামত যোৱা সময়ত তিনিওটায়ে শিশুক নিজৰ নিজৰ আদব-কায়দা, মাত-বচন শিকাই গৌৰৱ অনুভৱ কৰিলে। এনেকৈয়ে শিশুৱে অতি কম দিনৰ ভিতৰতে তিনিওটা জন্তুৰ গুণবোৰ আয়ত্ত কৰি ল'লে।

 কিন্তু লাহে লাহে এই সুখৰ দিনবোৰৰ পৰিৱৰ্তন ঘটিবলৈ ধৰিলে। শিশুক পাই অৰণ্য আৰু মমতাই জন্তু তিনিটাৰ প্ৰতি মন-কাণ দিবলৈ এৰিলে। আনকি সিহঁতে শিশুৰ লগত খেলা-ধূলা কৰাও পছন্দ নকৰা হ'ল।

 এনেতে আন এটা ঘটনা আহি পৰিল। অৰণ্যহঁতৰ বাৰীতে এটা হাপাই বাস কৰিছিল। শিশুৰ নোমহীন, লোদোৰ-পোদোৰ থুপুকা চেহেৰাটো দেখি বহুদিনৰপৰাই তাৰ জিভা লকলকাই আছিল। কিন্তু তিনিটা জন্তুৱে বিশেষকৈ কুকুৰটো শিশুৰ ওচৰত সদায়ে থাকে দেখি তাক নিবলৈ সুবিধা কৰিব পৰা নাছিল। সেইবাবে বহুত

৪২