সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পৰী তিনিজনী উঠি আহি বুঢ়াক হাতযোৰ কৰি ক'বলৈ ধৰিলে— ‘আতৈ! আমাক নাখাবা। আমাক খালে এই জংঘলৰ বৰ বিপদ হ'ব। আমি এই ঘাটলৈ গা ধুবলৈ আহিছোঁ। তোমাৰ অন্যায় কৰিবলৈ নহয়। আমাৰ যদি কিবা ভুল হৈছে, ক্ষমা কৰা। তোমাক যি লাগে তাকে দিম।'
 বুঢ়াই সিহঁতক দেখি থতমত খালে। পেটে পেটে অলপ ভয়ো লাগিল যদিও এটা বুধি উলিয়াই ক'লে- ‘সেইটো নহ'ব। তোমালোকে মোক নোসোধাকৈ সদায় ইয়াত গা ধোৱা। মই ইমানদিনে চাইহে আছিলোঁ। আজি হয় খাম, নহয় যাদুমন্ত্ৰ কৰি লৈ যাম।' বুঢ়াৰ কথাত পৰীকেইজনীয়ে ভয় পাই ভৰিত ধৰি ক'লে— ‘আতৈ, আমাক ক্ষমা কৰা, তোমাক যি লাগে দিম।’ বুঢ়াই তেতিয়া ক'লে— ‘বাৰু, তহঁতৰ যি ইচ্ছা দে। ভাল পছন্দৰ বস্তু নিদিয় যদি কিন্তু ক্ষমা নকৰোঁ।' পৰীকেইজনীয়ে তেতিয়া এটা গোপালৰ মূৰ্তি উলিয়াই বুঢ়াক দি ক’লে— ‘আতৈ, তুমি এই মূৰ্তিটো লৈ যোৱা। মূৰ্তিটোক যি খোজা তাকেই দিব। ই তোমাক সকলো বিপদৰপৰা ৰক্ষা কৰিব।' বুঢ়াই মূৰ্তিটো লৈ এটা হাঁহি মাৰি ক'লে— “ঠিক আছে। কিন্তু যদিহে তহঁতৰ কথা মিছা হয়, মই ঘূৰি আহি তহঁতক খাম।
 এইবুলি বুঢ়াই মূৰ্তিটো লৈ তাৰপৰা গুচি গ'ল। সন্ধিয়া হ'লত বুঢ়াই এখন গাঁৱৰ এজন ব্ৰাহ্মণৰ ঘৰ পালে। বুঢ়াই ৰাতিটো তাতেই কটাব বিচাৰি ব্ৰাহ্মণক অনুৰোধ কৰিলে। ব্ৰাহ্মণে ক'লে যে তেওঁ বুঢ়াক থাকিব দিব পাৰে, কিন্তু একো খুৱাব নোৱাৰে। বুঢ়াই ক'লে— ‘নালাগে দেউ! একো খুৱাব নালাগে। থাকিবৰ বাবে যে অকণমান ঠাই দিছে, সেয়ে বহুত। ভগৱানে আপোনাৰ মংগল কৰিব।' এইবুলি বুঢ়াই বাটচ'ৰাতে ঢাৰি এখন পাৰি শোৱাৰ বন্দবস্ত কৰিলে। বিছনাৰ কাষতে জোলোঙাটো থৈ বুঢ়াই অলপ বাগৰ দি ব্ৰাহ্মণহঁত শোৱালৈ অপেক্ষা কৰিলে।
 ইফালে ব্ৰাহ্মণে বুঢ়াই কিবা চুৰ কৰি নিব পাৰে বুলি শুবলৈ নগৈ মনে মনে বেৰৰ জলঙাৰে বুঢ়ালৈ নজৰ কৰি থাকিল। বুঢ়ায়ো ব্ৰাহ্মণ শোৱা বুলি ভাবি লাহেকৈ জোলোঙাৰপৰা গোপালৰ মূৰ্তিটো উলিয়াই ক'লে— ‘হে গোপাল! মই দিনটো একো খাবলৈ পোৱা নাই, বৰ ভোক লাগিছে। কিবা অলপ খাবলৈ দিয়া।' লগে লগে বুঢ়াৰ সন্মুখত ভাত, আঞ্জা, দৈ, মিঠৈ, মিঠাই আদি ভৰি পৰিল। বুঢ়াই হেঁপাহ পলুৱাই খাই পৰীকেইজনীক পেটে পেটে ধন্যবাদ