সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লেখকৰ একাষাৰ

ল'ৰা-ছোৱালীয়ে সাধুকথা ভাল পায়। শিক্ষাত সাধুকথাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ১৯৫৫-৫৬ চনত আমি পঞ্চম শ্ৰেণীত থাকোঁতে আমাৰ গাঁৱৰ ভাগতী ডেকা নামৰ বয়সস্থ লোক এজনে আমাৰ গাঁৱৰ ঘৰলৈ আহি দৈনিক সাধুকথা শুনাইছিল। তেখেতক আমি জেঠা বুলি মাতিছিলোঁ। তেখেতে কোৱা সাধুবোৰৰে সাতটা সাধু মই সেই সময়ৰ পঞ্চমমনীয়া ভাষাজ্ঞানেৰে লিখি থৈছিলোঁ। সেই সময়ৰ পৰা সাধুবোৰ সাঁচি ৰাখি ১৯৭৮ চনত মই শিক্ষকতা কৰা সময়ত সাধুবোৰ পুনৰ যোগ-বিয়োগ কৰি ‘সাধুৰ জপা মেলিলো’ নামৰ এখন কিতাপ উলিয়ালোঁ। প্ৰকাশ কৰিছিল শিলপুখুৰীৰ জয়া প্ৰেছে। কম সংখ্যক ছপা কৰা, মাত্ৰ দুটকা দামৰ কিতাপখন কিছুদিনৰ ভিতৰতে শেষ হ'ল। পুনৰ ছপা কৰা নহ'ল। ৰসাল সাধুকেইটাৰ লগত মই নিজাকৈ আৰু কেইটামান নিজে ৰচনা কৰি আৰু এটা উড়িয়া সাধু যোগ কৰি মুঠ বাৰটা সাধুৰ কিতাপখন প্ৰস্তুত কৰা হ'ল। এজন প্ৰকাশকে নি তিনি বছৰমান পেলাই থ'লে। পাছত কিতাপখন ওভোতাই আনিলোঁ। অসমত পুথি প্ৰকাশ কৰাৰ সমস্যা অনেক। নিৰাশ মনে পেলাই থ'লোঁ।

 অৱশেষত ২০১৭ চনত ‘আঁক-বাক’ৰ স্বত্বাধিকাৰ সৌমিত্ৰ যোগীক কথাটো কোৱাত তেওঁ প্ৰায় একেষাৰতে মান্তি হ'ল যদিও ততাতৈয়াকৈ তেৱোঁ প্ৰকাশ কৰিব নোৱাৰিলে। যি কি নহওক, যোগীৰ চেষ্টাতেই পুথিখনে বৰ্তমান ‘ৰাইনা আৰু শিয়াল’ নামেৰে পোহৰৰ বাট দেখিলে। আমি সৌমিত্ৰ যোগী আৰু তেওঁৰ