সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আকৌ আগৰ দৰে হকা-বধা কৰিবলৈ ধৰিলে। বুঢ়াই তেতিয়া ভূতৰ্জাৰ পৰামৰ্শ মতে দিলে গে’ট্ৰৰখীয়াৰ ওচৰতে শৌচ কৰি। গে'ট্ৰখীয়াই ‘হেঃ বুঢ়া তই কি কৰিলি, মোৰ সৰ্বনাশ কৰিলি' বুলি লাহে লাহে ঢলি পৰিল। এই সুযোগতে বুঢ়াই লৰালৰিকৈ ঘৰলৈ দৌৰিলে। ঘৰৰ পদুলি পাওঁতেই মনৰ আনন্দত বুঢ়াই চিঞৰিবলৈ ধৰিলে— 'ঐ বুঢ়ী, ঐ বুঢ়ী। ওলাই আহ। তোৰ কাৰণে কি আনিছোঁ চাহি। তই এতিয়া ৰাণী হ'ব পাৰিবি।” গোটেই ৰাতি বুঢ়া আৰু ভূতৰ যুঁজ চাবলৈ অপেক্ষা কৰি থকাৰ মূৰত পুৱা ৰাতি বুঢ়ীৰ চিলমিলকৈ টোপনি আহিছিল মাথোন। বুঢ়াৰ চিঞৰ শুনি বুঢ়ী একেজাঁপে বিছনাৰপৰা উঠিল। তাই ভাবিলে— ‘আজি বুঢ়াৰ জয় হ'ল। সোণৰ গিলাচটো বুঢ়াই হাত কৰিলে। কি যে ভাগ্য! মই বুদ্ধি কৰিছিলোঁ বুলিহে। বুঢ়াৰতো সেইখিনি মগজুত নেখেলে।' এনে ভাবি তাই দৌৰাদৌৰিকৈ গৈ বুঢ়াৰ ওচৰ পালে। বুঢ়াই এটা ভয়ানক সপোন দেখি সাৰ পাই উঠি মূৰে কপালে হাত দি বিছনাত বহি আছে। বুঢ়ীয়ে গৈ বুঢ়াক সুধিলে— 'বুঢ়া, সোণৰ গিলাচটো ক'ত। ধৰি ৰাখিছ নহয়? দেখিলি, মোৰ বুদ্ধিয়ে কেনে কাম কৰিলে।' বুঢ়াৰ মুখত মাত নাই। বুঢ়ীয়ে বুঢ়াৰ গা জোকাৰি সুধিলে— ‘হেই বুঢ়া, কি হৈছে নক'ৱ কিয়?' বুঢ়াই লাজ লাজকৈ তলমুৰ কৰি বুঢ়ীক বিছনাৰ ফালে দেখুৱালে। বুঢ়ীয়ে মূৰে-কপালে হাত দি বুঢ়াই শৌচ কৰি থোৱা বিছনাখন দেখি ক'লে— ‘হায় হায় বুঢ়া, তই কি কৰিলি! আনদিনাখন পেচাব কৰ, ভালেই আছিল। আজি একেবাৰে আচলটোকে কৰি দিলি। ম‍ই এইবোৰ ধুব নোৱাৰোঁ। তই নিজে ধুব লাগিব।' বুঢ়াই ক'লে— ‘মোৰনো কি দোষ অ’? তইহে মোক জোৰ কৰি খুৱাইছিলি। ভূতটোৰ লগতনো সেই কাণ্ডখন হ'ব বুলি মই কেনেকৈ জানো?' এইবুলি বুঢ়াই ৰাতি দেখা সপোনটো বুঢ়ীৰ আগত বৰ্ণালে। বুঢ়ীয়ে ক'লে— ‘আজিৰ পৰা তোক আৰু ম‍ই এই বিছনাত শুব নিদিওঁ। এই বিছনাত তোক ভূতে ধৰে। তই মোৰ সৌখন বিছনাত শুবি আৰু মই এইখন বিছনাত শুম।' বুঢ়াই ক'লে— ‘তাৰমানে আজিৰ পৰা মোৰ কামটো তই কৰিব বিচাৰিছ নেকি? লোভে পাপ, পাপে বিছনাত পেচাব। ৩৪