সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চোৰে ক’লে— ‘গুৰুদেৱ, মই প্ৰতিজ্ঞা কৰিছিলোঁ যে শ্ৰীকৃষ্ণক পালে তেওঁৰপৰা গহনা আনি আপোনাক দিম। মই আনিছোঁ, শ্ৰীকৃষ্ণ ভগৱানক লগ পাইছোঁ। আপুনি মাথোন ওলাই আহি মোৰ সেৱা গ্ৰহণ কৰক। ব্ৰাহ্মণে কথাটো বিশ্বাস নকৰিলে। তেওঁ ক'লে— 'তই মিছা কথা কৈছ। শ্ৰীকৃষ্ণক তোৰ দৰে চোৰেহে নালাগে, মই হেন ব্ৰাহ্মণে চিৰদিনে পূজা কৰিও দেখা নাই। ওলাই গ'লে তই মোক মাৰিবি। তই তাৰেপৰাই গুচি যা।' চোৰে ক'লে, ‘আপোনাক দেখা নকৰাকৈ গ'লে মোৰ পাপ হ'ব। মই শপত খাই কৈছোঁ, আপোনাৰ কোনো হানি নকৰোঁ। মাত্ৰ এবাৰ ওলাই আহক।' চোৰৰ নেৰানেপেৰা অনুৰোধ এৰাব নোৱাৰি অগত্যা ব্ৰাহ্মণ ওলাই আহিল। চোৰে লগে লগে তেওঁৰ ভৰিত পৰি সেৱা কৰি সোণৰ মণিডাল আগবঢ়াই দি ক’লে— ‘আপুনি মোৰ আচল গুৰু। আপোনাৰ কথা মানি মই এইকণ কষ্ট নকৰা হ'লে আজি ভগৱানক লগ নাপালোঁহেঁতেন। এয়া ভগৱানে আপোনাৰ বাবে এধাৰি মালা পঠিয়াইছে। মোৰ গুৰু দক্ষিণা হিচাপে গ্ৰহণ কৰক।' ব্ৰাহ্মণে মণিধাৰ নলৈ চোৰৰ ফালে তভক লাগি চাই থাকিল। চোৰৰ প্ৰতি তেওঁৰ মৰম উপজিল। কিছুসময় তেনেকৈ চাই থাকি কেনেকৈনো কি হ'ল সুধিলে। চোৰেও দৌৰাৰেপৰা আৰম্ভ কৰি শ্ৰীকৃষ্ণ আৰু বলোৰামক লগ পোৱালৈ সকলো কথাকে বিৱৰি ক'লে। চোৰৰ কথা শুনি ব্ৰাহ্মণে নিজকে ধিক্কাৰ দি ক'বলৈ ধৰিলে— ‘মই গোটেই জীৱন ধৰি ভগৱানৰ পূজা-পাতল কৰিয়েই মন্দিৰত কটালোঁ। তেওঁক পাবৰ বাবে যে কত কষ্টকে নকৰিলোঁ। কিন্তু তেওঁক দেখাকে নাপালোঁ। অথচ তুমি তেওঁৰ নামকে শুনা নাছিলা, কোনোদিন চিন্তাও কৰা নাছিলা। কেৱল চুৰ কৰা কামতে লিপ্ত থাকিও তুমি দেখিলা। তুমি বৰ ভাগ্যৱান। তুমি মোকো দেখুৱাব পাৰিবানে?' চোৰে ক’লে, ‘পাৰিম গুৰুদেৱ। কিন্তু আপুনিও মোৰ লগত সমানে দৌৰিব লাগিব।' ব্ৰাহ্মণে ক'লে— 'সেইটোৱেতো মোৰ বাবে টান কাম। এতিয়া বুঢ়া হ'লোঁ, দৌৰিব যে পাৰিম আশা নাই। তথাপি চেষ্টা কৰি চাওঁচোন!” চোৰ আৰু ব্ৰাহ্মণ দুয়ো দৌৰিবলৈ লাগিল। কিন্তু ব্ৰাহ্মণে অলপ গৈয়েই ভাগৰি পৰে আৰু মাটিত বহি দিয়ে। তেতিয়া চোৰে তেওঁক পিঠিত তুলি লৈ দৌৰিবলৈ ধৰিলে। এনেদৰে গৈ গৈ চোৰ আৰু ব্ৰাহ্মণ আগৰ কৃষ্ণক লগ পোৱা স্থান পালে। চোৰে বাঁহীৰ মাত শুনি ব্ৰাহ্মণক সুধিলে, ‘গুৰুদেৱ, শুনিছেনে সেয়া কৃষ্ণৰ বাঁহীৰ ধ্বনি? আমি তেওঁৰ ওচৰ পালোঁৱেই।' ব্ৰাহ্মণে ক’লে— ‘মই একো শুনা নাই।' চোৰে তেওঁক পিঠিত তুলি লৈ একেবাৰে গছৰ কাষ পাই সুধিলে— 'গুৰুদেৱ, এয়া ৩৯