সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বামুণৰ ঘৰত ৰাতি থকাৰেপৰা ঘৰ পোৱালৈকে সকলো কথা ক'লে। পৰীকেইজনীয়ে বুজিলে যে বুঢ়াৰ আচল মূৰ্তিটো ব্ৰাহ্মণে সৰকালে। তেতিয়া সিহঁতে ক’লে— ‘আতৈ, তুমি খং নকৰিবা। তোমাক আমি ভাল মূৰ্তিয়েই দিছিলোঁ। পিছে তোমাৰ সেই মূৰ্তিটো ব্ৰাহ্মণে লৈ গ'ল। আমি তোমাক আজি এটা নতুন মূৰ্তি দিওঁ। এই মূৰ্তিটোৱে তোমাক নানান প্ৰকাৰৰ ভাল ভাল বস্তু দিবলৈ খুজিব। তুমি প্ৰতিবাৰেই নালাগে বুলিহে ক’বা। লাগে বুলি ক'লে একো নিদিয়ে। মূৰ্তিটো নি তুমি সেই ব্ৰাহ্মণৰ ঘৰত থাকিবা। ৰাতি শুবৰ সময়ত তুমি মূৰ্তিটো কাষতে ৰাখি টোপনিৰ ভাও জুৰি থাকিবা। দেখিবা ব্ৰাহ্মণে তোমাৰ পুৰণা মূৰ্তিটো সলাই এই মূৰ্তিটো লৈ যাব। তাৰ পাছত সকলো ঠিক হৈ যাব।'
 পৰীৰ কথা শুনি বুঢ়াই সেইমতে ব্ৰাহ্মণৰ ঘৰলৈ গ'ল। সেইদিনা ব্ৰাহ্মণে বুঢ়াক বৰ আদৰ-সন্মান কৰি ৰাখিলে। তেওঁ ভাবিলে— ‘আজি নিশ্চয় বুঢ়াই আৰু কিবা ভাল বস্তু আনিছে।' এই ভাবি সেই নিশাও ব্ৰাহ্মণে শুবলৈ যোৱাৰ ভাও ধৰি বেৰৰ জলঙাৰে বুঢ়ালৈ চাই থাকিল। বুঢ়ায়ো টং কৰি থাকি বুজিলে যে ব্ৰাহ্মণে তাক নজৰ কৰি আছে। সি লাহেকৈ জোলোঙাৰপৰা পৰীহঁতে দিয়া মূৰ্তিটো উলিয়াই লওঁতেই মূৰ্তিটোৱে ক'লে— অ’ বুঢ়া, তই মাছে- মঙহে ভাত খাবিনে? বুঢ়াই ক'লে— ‘নালাগে, নালাগে। আজি মোৰ ভোক নাই। মই বহুত খাই আহিছোঁ৷'
 মূৰ্তিয়ে ক’লে— ‘বুঢ়া, তোৰ ঘৰটোকে পকা কৰি দিওঁ দে। ভঙা ঘৰটোতনে কিমান থাকিবি?'
 বুঢ়াই ক'লে— ‘নালাগে অ' বোপাই। মই দুখীয়া মানুহ। ভাল ঘৰ হ'লে মানুহে হাঁহিবহে!'
 মূৰ্তিয়ে ক’লে— ‘তেনেহ'লে তোক আৰু বুঢ়ীক একেবাৰে যুৱক-যুৱতী কৰি দিওঁ দে।'
 বুঢ়াই ক'লে— ‘নালাগে অ' বোপাই। এতিয়া আৰু সংসাৰৰ মোহ নাই। সোনকালে পাৰ হ'ব পাৰিলেই ৰক্ষা।'
 বুঢ়া আৰু মূৰ্তিৰ এই কথাবোৰ শুনি জলঙাৰে চাই থকা ব্ৰাহ্মণে ভাবিলে – ‘ই কি মুৰ্খ বুঢ়া অ’! ইমানবোৰ ভাল বস্তু দিব খোজা সত্ত্বেও নালাগে বুলি কয়? এইটো এটা বেছি ভাল মূৰ্তি। আগৰটোৱে মাথোন খোৱাবস্তুহে দিয়ে।