ল'ৰা-ছোৱালীবোৰৰ মিলিজুলি আলপৈচান ধৰা ইত্যাদি কথাবোৰ লৈও বুঢ়াই আনৰ
আগত কৈ গৌৰৱ অনুভৱ কৰিলে।
এবাৰ সেই ৰাজ্যৰে ৰাণী বৰ টান নৰীয়াত পৰিল। ৰজাই নানান চিকিৎসা
কৰিও ৰাণীক আৰোগ্য কৰিব নোৱাৰি প্ৰচাৰ কৰি দিলে যে যিয়ে ৰাণীৰ অসুখ
ভাল কৰিব পাৰিব, তাকে তেওঁ অজস্ৰ ধন-সোণ দিব। এই খবৰ পাই এজন
গাঁৱলীয়া বৈদ্য আহি ৰজাক ক'লে— ‘মহাৰাজ, এই অধমেও অলপ চেষ্টা কৰি
চাব খোজোঁ।' ৰজাই ক'লে— ‘চেষ্টা কৰা। মোৰ বিশ্বাস তুমি ভাল কৰিব পাৰিবা।
ৰজাৰ অনুমতি পাই বৈদ্যই চাই-চিতি ক'লে— 'মহাৰাজ! ৰাণীৰ নৰীয়া টান। পিছে
অলপ যদি বাৰ বছৰীয়া পুৰণি গাহৰিৰ গোবৰ পোৱা হয়, তেন্তে ভাল হ'ব।'
ৰজা বৰ বিমোৰত পৰিল। বাৰ বছৰ গাহৰিৰ গোবৰনো ক'ত পোৱা যাব। ই এটা
অসম্ভৱ কথা। তথাপি তেওঁ ৰাজ্যৰ চাৰিওফালে ঢোল পিটি প্ৰচাৰ কৰালে যে
যিয়ে বাৰ বছৰীয়া পুৰণি গাহৰিৰ গোবৰ দিব পাৰে, তাকে ৰজাই যি বিচাৰে দিব।
ৰজাৰ এই প্ৰচাৰৰ কথা সৰু বোৱাৰীৰ কাণত পৰিল। তেওঁৰ হঠাতে মনত পৰিল
বুঢ়াৰ এজন পুতেকে আনি দিয়া গোবৰখিনিৰ কথা। তেওঁ গৈ থোৱা ঠাইত দেখে
যে গোবৰখিনি শুকাই গেথেলা মাৰি পৰি আছে। তেওঁ তৎক্ষণাৎ সেইখিনি নি
ৰজাক দিলে।
বৈদ্যজনেও গোবৰখিনিৰে ঔষধ তৈয়াৰ কৰি ৰাণীক খুৱালত ৰাণী থনথনীয়াকৈ
ভাল হৈ গ'ল। ৰজাৰ মনত বৰ আনন্দ লাগিল। তেওঁ বুঢ়াৰ সৰু বোৱাৰীয়েকক
মাতি আনি সেই গোবৰ ক'ত পালে, কেনেকৈ ৰাখিলে ইত্যাদি সুধিলে। বোৱাৰীয়েও
ঘৰৰ নীতি-নিয়ম বন্ধাৰপৰা আৰম্ভ কৰি ঘৰখন থিতাপি লগালৈকে সমস্ত কথা
বৰ্ণাই ক'লে। সৰু বোৱাৰীৰ এনে বুদ্ধি দেখি ৰজা বৰ সন্তুষ্ট হ'ল আৰু তেওঁক কি
লাগে সুধিলে। সৰু বোৱাৰীয়ে ক'লে— ‘মহাৰাজ! ঈশ্বৰৰ কৃপাত আমাৰ বৰ্তমান
একো বস্তুৰে অভাৱ নাই। কিন্তু মাটি-বিত্তিৰ অভাৱত শহুৰৰ পুতেকহঁতে খেতি-
বাতি কৰিব পৰা নাই। আপুনি ধন দিলে কিমান দিন খাম? তদুপৰি ধন পালে আমাৰ
ঘৰৰ আটায়ে অকামিলা হৈ পৰিব। হেন জানি, মহাৰাজে যদি দিয়ে, তেন্তে এই
সাতজন ভাই-ককায়ে খেতি কৰি খাব পৰাকৈ মাটিকে দিয়ক।'
ৰজাই সৰু বোৱাৰীৰ কথাত অত্যন্ত সুখী হ'ল আৰু এশ বিঘা মাটি দিলে।
তদুপৰি বুঢ়াৰ সাতোজন পুতেকৰ জোখাৰে সুন্দৰ ঘৰো তৈয়াৰ কৰোৱাই দিলে৷
সেই মাটি-বিত্তি, ঘৰ-দুৱাৰ লৈ বুঢ়া আৰু পুতেকহঁতে মহা সুখেৰে দিন কটাবলৈ
ধৰিলে।
২৬