সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাল চাই দুআখি কল দত্তৰ ঘৰলৈও পঠিয়াই দিয়াহে। বাৰীৰ কল চুবুৰিয়াকো দুই- এটা দিলে ভাল লাগে। বৰা আৰু গোস্বামীহঁতকো দিব লাগে।' শ‍ইকীয়াৰ ঘৈণীয়েকে তপৰাই মাত দিলে— 'আপুনি কোৱাৰ আগতেই ম‍ই, দত্তহঁতক দিয়াৰ যো-জা কৰিছোঁৱে। পিছে দুআখিনো কিয়? আমি চাৰিটা মানুহৰ বাবে তেওঁলোকে মাত্ৰ আঠটা কল পঠিয়াইছিল। তেওঁলোকৰতো ভালেখিনি আখি হৈছিল। কমেও একাখিটো পঠিয়াব পাৰিলেহেঁতেন। আমিও তেনে কৰিম, আমাৰনো দৰদটো কিহলৈ বেছি?' শইকীয়াই ক’লে— ‘হেৰা, দিয়া যদি আখি নভগাকৈ একাখি দিয়া। প্ৰতিশোধ ল'বলৈ কল দিব নালাগে নহয়! দত্তইতো আমাক কল খুজিব অহা নাই। আমিও খোজা নাছিলোঁ৷ গতিকে কলেৰে প্ৰতিশোধ লোৱাৰ যুক্তি নাই।' এইবাৰ ঘৈণীয়েকে ক'লে— ‘হ'ব হ'ব, লেকচাৰ মাৰিব নালাগে। কাক কি দিব লাগে, মইও হিচাপ কৰিব পাৰোঁ। দত্তহঁতলৈ কি দিব লাগে, মই দিম। আপুনি চিন্তা কৰিব নালাগে।’ পিছদিনা সন্ধিয়া ঘৰত বনকৰা ছোৱালী মালতীৰ হাতত শ‍ইকীয়ানীয়ে দত্তহঁতলৈ বুলি দহটা কল পঠিয়াই দিলে। মালতীয়ে লৈ গৈ থাকোঁতে বাটে বাটে ভাবি গ’ল— ‘সেইজনীয়েতো মোক কল খাব নিদিয়েই, দিলেও এটা বা দুটাহে দিব! মোৰ কিবা বুদ্ধি নাই নেকি? ময়ো পোতক তুলিব পাৰোঁ। এই ভাবি তাই কলকেইটা লৈ এডাল গছৰ তলত জোপোহাৰ আঁৰ লৈ ফটাফট কলৰ বাকলি গুচাইছে আৰু মুখত ভৰাইছে। মালতীৰ কাণ্ড দেখি আছিল গছৰ ওপৰৰপৰা এটা বান্দৰে। সি হৰহৰাই নামি আহি মালতীৰ আগত বহিল। মালতীয়ে ভয়তে উচাপ খাই চিঞৰি দিলে। বান্দৰে ক'লে— “তই ভয় খাব নালাগে। তোৰপৰা মই জোৰ কৰি কল নিনিওঁ। তই নিজ ইচ্ছাৰে কি দিয় দে, নহ'লে কিন্তু ম‍ই গৈ কৈ দিম।' মালতীয়ে অলপ সাহস পাই লগে লগে ক'লে— ‘নক’বি মোৰ সোণাই। কলতো দিমেই, তই যি খোজ তাকে দিম। তথাপি তই নক’বি। ক'লে মোক সেইজনীয়ে আজিয়েই কোবাই-ধুবাই খেদি দিব।' এইবুলি তাই বান্দৰক চাৰিটা কল দিলে। বান্দৰে বৰ তৃপ্তিৰে খাই মালতীক ক'লে— ‘তেনেহ'লে আজিৰেপৰা আমি দুয়ো বন্ধু হ'লোঁ। মই তোক যি সহায় কৰিব লাগে কৰিম। তই মাথোঁ এনেদৰে মোক খুৱাই থাকিব পাৰিবিনে? শ‍ইকীয়াৰ ঘৰত কল ক'ত ৰাখে কচোন।' মালতীয়ে ক'লে— ‘পাকঘৰৰ কাষৰ ধোঁৱা চাংখনতে আছে। তই দুপৰীয়া ভেণ্টিলেটৰখনলৈ আহি বহিবি। ম‍ই তোক তাতে কল দিম আৰু দুপৰীয়া ভাত- 87