সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কথাত সকলো হতভম্ব হৈ পৰিল। তাই প্ৰমাণ দেখুৱাবলৈ খেৰেৰে একুৰা জুই ধৰি টোপোলাটো খুলিলে। তাত পালে একোচা চুলি, এডাল বান্দৰৰ হাড়, এটা মেকুৰীৰ দাঁত, অলপ সেন্দূৰ আৰু কিবা গছৰ শিপা কেইডালমান। তাই সেইবোৰ লৰালৰিকৈ জুইত জাপি দিয়াৰ লগে লগে বান্দৰ জোঁৱাই ধাকৈ মাটিত পৰি ছটফটাবলৈ ধৰিলে আৰু লাহে লাহে মানুহ হ'ল। মংগলাৰ ঘৈণীয়েকে দেখি অবাক। তাইৰ অতবছৰে সন্ধান নোহোৱা পুত্ৰক দেখি একেজাঁপে গৈ— ‘মোৰ বোপা শান্তনু ঐ। তই মোক এৰি ক'লৈ গৈছিলি ঐ!! তোৰ এনে বিলাই কোনে কৰিলে অ' মোৰ সোণাই' বুলি পুতেকক বুকুৰ মাজত লৈ হুৰাওৰাৱে কান্দিবলৈ ধৰিলে। মাকৰ বুকুৰ উম পাই শান্তনু সুস্থিৰ হ'ল। সি চকু মোহাৰি মাকক চিনি পাই কান্দিবলৈ ধৰিলে।

 মালতীয়ে তেতিয়া কি কাৰণে শান্তনু তেনে হৈছিল, বুঢ়ীয়ে কোৱামতে সকলো বৰ্ণালে। সকলোৱে মালতীৰ বুদ্ধি দেখি আনন্দ পালে। শান্তনুৰ মাকে মালতীক— ‘মোৰ লক্ষ্মী আই, তইহে মোৰ ল'ৰাক বচালি, তইহে মোৰ আচল বোৱাৰী, মোৰ বুকুৰ জী, তোক ম‍ই আৰু যাব নিদিওঁ' বুলি মালতীক সাবটি ধৰি এশটামান চুমা খালে। তাৰ পাছত তাইক পুতেকৰ হাতত ধৰাই পুনৰ মনৰ হেঁপাহ পলুৱাই বিয়া পাতি দিলে। শান্তনুৰ মাকে সেইদিনা শ‍ইকীয়াহঁতকো দুপৰীয়া মাছ, মঙহ, দৈ, শাক, কলাখাৰ, বেঙেনা ভজা, কলডিলৰ চৰ্‌চৰি, পদিনাৰ চাটনী, দৈ-ৰসগোল্লা আদি বিবিধ ব্যঞ্জনেৰে ভোজন কৰাই পুত্ৰ-বোৱাৰীক নতুন কোঠা এটা দিলে।

 সন্ধিয়া শ‍ইকীয়াহঁত যাবৰ পৰত কোননো এইজন চিত্ত লিগিৰা, চায়েই যাওঁ বুলি সুধি সুধি তেওঁৰ ঘৰ ওলাল। ঘৰৰ দুৱাৰমুখ পাই শ‍ইকীয়াই মাতেহে মাতে, কোনো ওলাই নাহে। ঘৰ-দুৱাৰৰ অৱস্থা বেয়া। চোতাল-ঘৰ আদি সৰা-মচা বুলি ক'ব নোৱাৰি। চাৰিওফালে কেঁচুৱে মাটি তুলিছে। অলপ সময় থকাৰ পাছত গাঁৱৰ পিনৰপৰা এজন ল'ৰা আহি শইকীয়াহঁতক ক'লে— 'লিগিৰা আতা ভিতৰতে আছে। উঠিব নোৱাৰে। কিবা বোলে ভৰিৰ বিষ, কঁকালৰ বিষ হৈছে। ডাক্তৰে কৈছে কিবা বোলে কেঞ্চাৰো হৈছে। আপোনালোক ভিতৰলৈ ব'লক। তাতে কি কয় ক’ব।’

 শ‍ইকীয়াহঁত সোমাওঁ-নোসোমাওঁকৈ দুৱাৰমুখ পাওঁতেই এটা ভেঁকেটা-ভেকেট গোন্ধ পাই নাকত ৰুমাল ল'লে। এনেতে লিগিৰাই ভিতৰৰপৰা কেঁকাই কেঁকাই ক'লে— ‘কোন আপোনালোক? ওচৰলৈ নাহিব। ম‍ই আপোনালোকক বহিবলৈ ক'ব নোৱাৰোঁ। ছোৱালী তিনিজনী ক'ৰবালৈ গুচি গৈছে। মাকজনীও মৰিল। এতিয়া মোক চাওঁতা কেও নাই। গাঁৱৰ মানুহেও মোক পিঠি দিছে। মোৰ জীৱনত কৰি অহা পাপৰ ফল ভোগ কৰিছোঁ। শান্তনুৰ ল'ৰাই পুনৰ মানুহ হোৱা খবৰটো পাই ম‍ই

সুখী হৈছোঁ। মোৰ কাৰণেই সি বেচেৰাই বহুত দুৰ্ভোগ ভুগিলে। তাৰ ভাল হওক,

৫২