সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৰি পৰিল। মূৰটো ঘূৰাই দেখে বাঘিনী ভাগিনী। তেতিয়াহে স্বস্তিৰ নিশ্বাস পেলাই মিচিকিয়াই হাঁহি মাৰি ক'লে— 'অঁহে ভাগিনী, ময়েই। মোৰ দুখৰ কথানো কি ক’বা। ঘৰ এৰি ইয়ালৈ আহিবলৈ বাধ্য হ'লোঁ। পিছে তোমাক পাম বুলি ভবাই নাছিলোঁ।'

 এনেদৰে কথা আৰম্ভ কৰি মেকুৰীয়ে তাইৰ দুৰ্ভাগ্যৰ কথা সকলো বৰ্ণালে। প্ৰসংগতে ক’লে— ‘জানানে ভাগিনী! এতিয়া সেই জহনীত যোৱা হৰকান্তই গাঁৱৰ মানুহ গোটাই এই জংঘল চাফ কৰি খেতি কৰাৰ মতলব কৰিছে। খেতি চোৱাচিতা কৰিবলৈ সিহঁতে বোলে ইয়াত ঘৰ-দুৱাৰো সজাব।'

 কথাষাৰ শুনি বাঘিনী উঠিল দাং খাই। ক'লে— “কি কোৱাহে ভাগিনী তুমি? উহ্― এনে কথা হ'ব পাৰেনে? এই জংঘল কাটিলে আমি যাওঁ ক'লৈ। মোৰ এই পোৱালি চাৰিটাক ক'লৈ নিওঁ? অত বছৰে এইখন হাবিতে আমি ৰং-ধেমালি কৰি খাই-বৈ আছোঁ, আজি সিহঁত ওলাল হাবি চাফ কৰিবলৈ? ইমানেই সিহঁতৰ অতপালি হ'লনে? আমিওতো জীৱ, আমাকোতো ভগৱানে স্ৰজিছে। হায় ভগৱান, ক’তে মৰোঁ...' বুলি কৈ তাই হাওহাওকৈ কান্দিবলৈ ধৰিলে।

 মাহীয়েকে ক’লে— ‘ভাগিনী! নাকান্দিবা, ধৈৰ্য ধৰা। আমি দুৰ্বল যেতিয়া এইবিলাক অত্যাচাৰ সহিবই লাগিব। ধৈৰ্যই আমাৰ শক্তি।'

 বাঘিনীয়ে ক'লে— ‘ধৈৰ্যই শক্তি নহয় অ’ মাহী। ধৈৰ্য আমাৰ দুৰ্বলতা। ইয়াৰ আগতেও এই মানুহ বোলা প্ৰাণীটোৱে আমাৰ বহুত অনিষ্ট কৰিছে। এই জংঘলৰ হৰিণ, গাহৰি আদি মাৰি খাইছে। মোৰ স্বামীকো গুলীয়াই মাৰি তাৰ ছাল, নখ, দাঁত আদি লৈ গৈছে। ইমানতো আমি অসহায়ভাৱে ধৈৰ্যকে ধৰি আছোঁ। এতিয়া আৰু এই পোৱালিকেইটাৰ মুখলৈ চাই ধৈৰ্য ধৰিব পাৰোঁনে? তথাপি তুমি কৈছা যেতিয়া সকলোকে মাতি কিবা এটা সিদ্ধান্ত লোৱা যাওক।'

 মেকুৰীয়ে ক'লে— ভাল কথা, কিবা এটা সিদ্ধান্ত কৰা। মই যাওঁহে।' এইবুলি মেকুৰীটো গুচি গ'ল।

 আবেলি পৰত বনৰ জন্তুবোৰৰ এখন সভা বহিল। সভাত বাঘিনীয়ে মেকুৰীৰপৰা শুনা কথাৰ বৰ্ণনা দিলে আৰু সকলোকে মতামত দাঙি ধৰিবলৈ পৰামৰ্শ দিলে। সভাত গুণ গুণ গান গান আৰম্ভ হ'ল। এনেতে হাতীটোৱে ক'লে— ‘মানুহ নামধাৰী এই দুঠেঙীয়া প্ৰাণীবোৰৰ অতপালি আমি বহুদিনৰপৰাই সহ্য কৰি আহিছোঁ। হাবিৰ গছ-গছনি কাটি আমাৰ থকা ঠাই আৰু খোৱা খাদ্যৰ হাহাকাৰ কৰি দিছে। এতিয়া আমি পেট ভৰাই দুডাল কলগছো খাবলৈ নাপাওঁ। গছবোৰৰ ডালবোৰ কাটি নি কিবা বোলে খৰি কৰি পোৰে। সেইবোৰৰ পাতৰপৰাও আমি বঞ্চিত হ'লোঁ। এতিয়া

৫৬