সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাবিলে— ‘মৰোঁ যদি ৰজা হৈয়েই মৰোঁ। এনেয়েনো আৰু জীৱনটোত গালি-গালাজ খাই জীয়াই থাকি কি লাভ। অন্ততঃ ৰজা হৈতো মৰিব পাৰিম।' এনেদৰে ভাবি সি ৰজা হ'বলৈ সন্মতি দিলে। ৰাইজে আনন্দত জঁপিয়াবলৈ ধৰিলে। তেওঁলোকে এজন ৰজা পাতিব পাৰিব। মহা ধুমধামেৰে ৰাজ-অভিষেক পতা হ'ল; পূৰ্বৰ এজনী সুন্দৰী ৰাণীৰ লগত ডেকা সাউদৰ বিয়াও একেলগে পতা হ'ল। মুঠতে ৰাজসভা উৎসৱমুখৰ হৈ পৰিল।
 পাত্ৰ-মন্ত্ৰী সকলোকে লৈ সাউদৰ পুতেকক ৰজা পাতিলে যদিও আনফালে পিছদিনাই তেওঁৰ মৃতদেহ সৎকাৰ কৰাৰ আয়োজনো চলিল। ফুলৰ মালা, বগা কাপোৰ, চন্দন কাঠৰ খৰি, ধূপ-ধূনা আদি সকলো বস্তুৰ যোগাৰ কৰিবলৈ তলে তলে মন্ত্ৰীয়ে যো-জা কৰালে। ৰাজসাঙীখনো ভালদৰে চাফা কৰি ফুল- কাপোৰেৰে সজাই-পৰাই ৰাখিবৰ বাবে হুকুম দিয়া হ'ল। ৰাজপুৰোহিতজনক কোৱা হ'ল, তেওঁ যাতে পিছদিনাখন অন্য কোনো সকাম নাৰাখে আৰু ৰাতিপুৱা আঠ বজাৰ আগতেই ৰাজচ'ৰাত উপস্থিত হয়হি। এনেদৰে ৰজাই গম নোপোৱাকৈ সকলো যোগাৰ কৰি ৰাতি খোৱা-বোৱাৰ পাছত ৰজা- ৰাণীক একেটা ঘৰতে থাকিবলৈ দিয়া হ'ল। সাউদৰ পুতেকৰ মনত নানান কথাই খেলিবলৈ ধৰিলে। হঠাতে তাৰ বুঢ়াই কোৱা কথা মনত পৰিল যে ‘ৰজা হ'লে সচেতন হ'ব লাগে'। সেয়ে সি ৰাতি শুবলৈ যোৱাৰ সময়ত লগত তৰোৱালখন কাষত থৈ ৰাণীৰ ওচৰত শুলে যদিও তাৰ টোপনি নাহিল। আজি ৰাতি সি মৰিব। মৃত্যুনো কেনেকৈ আহে তাৰেই গম ল'বলৈ সি জাগি থাকিল। সি ৰাণীৰ মুখখনলৈ চাই ভাবিবলৈ ধৰিলে— ‘এই ৰাণী আজি দুপৰীয়ালৈ বিধৱা আছিল। তাৰ পাছত তেওঁ এতিয়ালৈ সধৱা, আকৌ কাইলৈ পুৱাৰপৰা বিধৱা। এওঁৰ জীৱনটো বাৰু এনেকৈয়ে যাবনে?' এনেদৰে ভাবি তাৰ দুখো লাগিল।
 এনেতে দেখা পালে ৰাণীৰ দুই নাকেৰে দুডাল প্ৰকাণ্ড বিষাক্ত সাপ ওলাই আহি ৰজাৰ ফালে চোঁচা লৈছে। ৰজাই একেজাঁপে থিয় হৈ হাতত তৰোৱালখন লৈ সাপ দুডালক কাটি মাৰি পেলালে। সি বুজিলে যে আচলতে এই সাপেহে খুঁটি আগৰ ৰজাবোৰক হত্যা কৰিছিল। সেইসকল ৰজাই অলপ সচেতন হোৱা হ'লে মৃত্যুক সাবটি ল'ব নালাগিলহেঁতেন। তাৰ মূলনাশী দেশত বুঢ়াই কোৱা কথালৈ মনত পৰি বুঢ়াক পেটে পেটে ধন্যবাদ দিলে যে সেই বুঢ়াৰ মন্ত্ৰৰ

১৮