সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সৰু বোৱাৰী

এসময়ত এখন গাঁৱত এজন বুঢ়া আছিল। তেওঁৰ সাতজন পুতেক আছিল আৰু সাতোজনকে বিয়া কৰাই দিছিল। কিন্তু বুঢ়াৰ দুৰ্ভাগ্য যে পুতেককেইজনৰ বিয়াৰ পাছৰপৰাই ঘৰখনত অশান্তিৰ সৃষ্টি হ'ল। বিশেষকৈ বোৱাৰীকেইজনীয়ে ইজনীয়ে সিজনীৰ দোষ খুঁচৰে; কেতিয়াবা চোতালখন সৰাক লৈ জেদ, কেতিয়াবা ভাত ৰন্ধাক লৈ, কেতিয়াবা তাঁতৰ কাপোৰ বোৱাক লৈ, কোনোবাজনীয়ে মাকৰ ঘৰলৈ যোৱা কথাক লৈ, কেতিয়াবা ল'ৰা-ছোৱালীৰ মাজত হোৱা কাজিয়াক লৈও বোৱাৰীহঁতে কাজিয়া কৰে। আনফালে ল'ৰাকেইজনো মইমতীয়া, কোনেও সৰু হ'ব নোখোজে। ইত্যাদিবোৰ কাৰণত বুঢ়াৰ অশান্তি দিনে দিনে বাঢ়ি গ'ল। মাটি— বিত্তিও তেনেকৈ নাই যে খেতি-বাতি কৰি সিহঁত ব্যস্ত থাকিব।
 এনে অশান্তিৰপৰা হাত সাৰিবলৈ এদিন বুঢ়াই ঘৰৰ আটাইবোৰ পুতেক- বোৱাৰীয়েকক মাতি আনি ক'লে— ‘আইহঁত-বোপাইহঁত! মই বুঢ়া হ'লোঁ। আৰু বেছিদিন বাচি নাথাকোঁ। তহঁতৰ কাজিয়া-পেচালে মোক এই বুঢ়া বয়সত আৰু অশান্তি দিছে। মই মৰি গ'লে তহঁত থানবান হৈ যাবি। যদি এতিয়াই মিলামিছাকৈ থাকিবৰ ব্যৱস্থা নকৰ, তেন্তে তহঁত সকলোৱে ভুগিব লাগিব। তহঁতৰ কাজিয়াৰ মূল কাৰণ হ'ল, কোনেও কাকো বিশ্বাস নকৰ, কোনেও কাকো নামান। নিজে নিজে দিহা-পৰামৰ্শ কৰ, অথচ কাম কৰিবলৈ আগ নাবাঢ়। সমূহীয়াভাৱে মিলামিছাকৈ থাকিব লাগিলে এজনৰ দিহা-পৰামৰ্শকে সকলোৱে মানিব লাগে। দৰকাৰ হ'লে আলোচনা কৰিব লাগে। তহঁতে এজনৰ কথা মতে চলা কৰ আৰু ঘৰখন থানথিত লগা। মৰাৰ আগতে তহঁতৰ মিলা-প্ৰীতিখিনি দেখিলেই অলপ আনন্দৰে মৰিব পাৰিম। মৰাৰ পাছত মোক পিণ্ড দিয়াতকৈ তহঁতৰ মিলা-প্ৰীতিখন দেখিলেই পিণ্ডতকৈ বেছি ভাল বস্তু পাম।’
 পিতাকৰ কথা শুনি এজন পুতেকে ক'লে— “পিতা, তুমিয়েই কোৱাচোন কাৰ কথামতে ঘৰ চলিব। আমাৰচোন এজনেও এজনক বিশ্বাস নকৰে। তুমি যি কোৱা আমি মানিবলৈ ৰাজী আছোঁ।'

২৪