তোমালোকৰ কাম হ'ব। তালৈ যোৱা'। এই বুলি দুয়োজনকে ঘাতকৰ ওচৰলৈ
পঠিয়াই দিলে। ঘাতকে ৰজাৰ হুকুমটো পাই দুয়োজনকে বলিৰ কাতৰাত
ডিঙি দুটা ভৰাই এটা এটাকৈ বলি দিলে।
পিছদিনাখন ভিক্ষাৰীজন পুনৰ মহাৰাজৰ ওচৰলৈ ভিক্ষা মাগিবলৈ যোৱা
দেখি ৰজা অবাক। তেওঁৰ হুকুম ঘাতকে কিয় মনা নাই সুধিবলৈ ঘাতকক
মাতি পঠিয়ালে। ঘাতক আহিল আৰু হাতযোৰ কৰি ক'লে— ‘মহাৰাজ, মই
আপোনাৰ হুকুম অমান্য কৰা নাই। পত্ৰবাহকৰ মূৰ কাটি ৰাখিবলৈ মহাৰাজে
দিয়া হুকুম মই আখৰে আখৰে পালন কৰিছোঁ। লাগিলে প্ৰমাণ চাওঁক।' এই
বুলি সি দুয়োটা কটা মূৰ আৰু হুকুমটো লৈ আহি ৰজাক দেখুৱালে। ৰজা
আচৰিত হ'ল। তেওঁ ভাবিলে— মই এই ভিক্ষাৰীৰ মূৰটোহে কাটিবলৈ কৈছিলোঁ,
ইহঁত দুটাই এই হুকুম কেনেকৈ পালে!' তেওঁ তেতিয়া ভিক্ষাৰীজনক কি কথা,
কি বাৰ্তা সোধাত ভিক্ষাৰীজনে সেই দুজনে কেনেকৈ সদায় তাৰপৰা টকা
খোজে, কেনেকৈ তাক ৰজাক পিঠি দি আশীৰ্বাদ দিবলৈ শিকাই দিছিল
ইত্যাদি সমস্ত কথা বৰ্ণাই ক'লে। ৰজাই ভিক্ষাৰীজনৰ সৰলতা আৰু ৰজাৰ
প্ৰতি তাৰ আনুগত্য আদি দেখি তাৰ প্ৰতি দয়া উপজিল। তেওঁ ক'লে—
ভুলতে হ’লেও শাস্তি ঠিকেই হৈছে। এনে ঠগ-প্ৰৱঞ্চক মোৰ দেশত থকা
উচিত নহয়।' এইবুলি তেওঁ ভিক্ষাৰীজনৰ ঘৰ-দুৱাৰ ভালদৰে সজাই দিয়া
আৰু থকা-খোৱাৰ যাতে তাৰ কোনো কষ্ট নহয়, তাৰ প্ৰতি নজৰ দিবলৈ
মন্ত্ৰীক হুকুম দিলে। ভিক্ষাৰীজনেও ৰজাক নমস্কাৰ জনাই গুচি গ'ল।
আমি মুখ মেলি চাই থাকোতেই গ'ল। একো নাপালোঁ।
২৩