সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আশীৰ্বাদৰ পৰিণাম অতি পুৰণি কালত অৰণ্য আৰু মমতা নামৰ এহাল পতি-পত্নী আছিল। তেওঁলোকৰ কোনো ল'ৰা-ছোৱালী নাছিল। দুয়োৱে গছৰ ফল-মূল আহৰণ কৰি আৰু চিকাৰ কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। তেওঁলোক বনত বাস কৰিছিল। বনৰ মাজত তেওঁলোকক সহায় কৰিবলৈ অৰণ্যই তিনিটা জন্তু পুহিছিল। ইহঁতক অৰণ্য-দম্পতীয়ে নিজৰ সন্তানৰ দৰেই মৰম-চেনেহ কৰিছিল। জন্তু তিনিটাই অৰণ্যক ‘মানুহ’ বুলি সম্বোধন কৰিছিল। জন্তু তিনিটাৰ এটা হ'ল কুকুৰ। ই ঘৰ ৰখে আৰু চিকাৰ কৰোঁতে অৰণ্যক সহায় কৰে। বনৰ মাজত চিকাৰ কৰোঁতে আকাৰে-ইংগিতে কথা কোৱাৰ বৰ প্ৰয়োজন হয়। এই কামত কুকুৰটোৰ অসীম দক্ষতা। কোনফালে কোন জন্তু গৈছে তাক শুঙিয়েই কুকুৰটোৱে ধৰিব পাৰে আৰু সেইমতে অৰণ্যক বাট দেখুৱাই লৈ যায়। ইয়াৰ বিশেষ নজৰ কৰিবলগীয়া নেজডাল। ঢেঁকীয়া শাকৰ কোমল ঠাৰিৰ দৰে ভাঁজ লগা এই নেজডালেৰে ই অৰণ্যৰ লগত সকলো কথা পাতে। অৰণ্য ঘৰলৈ আহিলে সেইডাল পথালিকৈ জোকাৰি জোকাৰি সি অৰণ্যক স্বাগতম জনায়, মৰম আদায় কৰে। ওপৰলৈ দাঙি ধৰি আৰু মূৰটো থিয় কৰি থিয় দিলে অৰণ্যই বুজি পায় যে তাৰ কোনো শত্ৰু আগত থিয় হৈছে। তেনে অৱস্থাতেই যদি ভুক- ভুক কৰি খেদি যায় তেন্তে বুজা যায় যে ই নিশ্চয় এখন কাজিয়া লগাব আৰু প্ৰতিপক্ষক বশ কৰিব। কিন্তু যদিহে নেজডাল দুই ঠেঙৰ মাজত সুমুৱাই চাপৰি কেং কেং কৰি এখোজ-দুখোজকৈ আগবাঢ়ি যায়, তেন্তে বুজা যায় যে প্ৰতিপক্ষ তাতকৈ বলী আৰু সি নিজে বশ্যতা স্বীকাৰ কৰিছে। দ্বিতীয় জন্তুটো হ'ল এটা কেৰ্কেটুৱা। ই দেখাত বৰ মৰমলগা। চকু দুটি ক'লা- সদায় কাজল ঘঁহি থাকে। গাৰ নোমবোৰ মিহি আৰু কঁহুৱাৰ ফুলহেন সুন্দৰ দীঘল নেজ। বান্দৰবিলাকৰ দৰে দুই ঠেং পাৰি বহি আৰু চকু দুটা পিৰিক-পাৰাক কৰি যিদৰে গছৰ গুটি খাই থাকে, দেখিলে বহুত চিন্তাশীল, শৃংখলাবদ্ধ আৰু বিজ্ঞ যেন লাগে। চালে চাই থাকিবৰ মন যায়। কিন্তু ই বৰ চঞ্চল, এখন্তেকো সুস্থিৰে নাথাকে। ৪১