সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেইমতে মন্ত্ৰীক মাতি আনি আদেশ দিলে।
 ৰজাৰ এনে অপ্ৰাসংগিক আদেশ শুনি মন্ত্ৰীৰ বুজিবলৈ বাকী নাথাকিল যে ৰজাই তেওঁৰ কিবা অনিষ্ট কৰিবলৈহে এনে পাং পাতিছে। মন্ত্ৰী বৰ বিমোৰত পৰিল। তেওঁ কি কৰিব একো উৱাদিহ নাপাই শেষত স্থিৰ কৰিলে যে ৰজাই পুনৰ যেতিয়ালৈ তেওঁক মাতিবলৈ মানুহ নপঠিয়ায়, তেতিয়ালৈ তেওঁ ৰজাৰ ওচৰলৈ নাযায়। সেইদিনাৰপৰা মন্ত্ৰীয়ে ঘৰতে কাম-বন কৰি থাকিল।
 কেইবাদিনো পাৰ হৈ যোৱাত ৰজাই দিনকণা মানুহ পালে নে নাই খবৰ কৰিবলৈ আৰু মন্ত্ৰীক মতাই আনিবলৈ দূত পঠালে। দূতজনে গৈ দেখে যে মন্ত্ৰীয়ে শাক- পাচলি বাৰীত কাম কৰি আছে। দূতজনে সুধিলে— ‘মন্ত্ৰী ডাঙৰীয়া, আপুনি কি কৰি আছে?' মন্ত্ৰীয়ে উত্তৰ দিলে— ‘মই শাক খুঁচৰি আছোঁ। তইনো কে’লেই আহিলি?’ দূতজনে উত্তৰ দিলে – ‘ৰজাই আপোনাক দিনকণা মানুহ পালে নে নাই খবৰ ল'বলৈ আপোনাক মাতি পঠিয়াইছে।'
 দূতজনৰ কথা শুনি মন্ত্ৰীয়ে ক’লে— ‘ব’ল, তোৰ লগতে যাওঁ। এইবুলি মন্ত্ৰীয়ে সাজি-কাচি ওলাই গ'ল।
 ৰজাই সুধিলে— ‘মন্ত্ৰী! দিনকণা মানুহ পালানে?’ মন্ত্ৰীয়ে উত্তৰ দিলে— হিয় মহাৰাজ, পাইছোঁ। এইজন মোৰ লগতে লৈ আহিছোঁ।' এইবুলি মন্ত্ৰীয়ে দূতজনলৈ আঙুলিয়াই দেখুৱালে। ৰজাই দূতজনক দেখি অবাক হ'ল আৰু ক'লে— “ক'তা, এইজন দেখোন দূতহে! এওঁতো দিনকণা নহয়!’
 মন্ত্ৰীয়ে পুনৰ ক'লে— হয় মহাৰাজ, ইয়েই দিনকণা। নহ'লেনো ই গৈ ম‍ই শাকনিবাৰী খুঁচৰি থাকোঁতে সোধেনে ‘মন্ত্ৰী ডাঙৰীয়া, কি কৰিছে' বুলি। ৰজাই তেতিয়া দূতক সুধিলে— ‘তুমি তেনেকৈ সোধা কথা সঁচানে?' দূতে উত্তৰ দিলে, ‘হয় মহাৰাজ, মই তেনেকৈ সোধা কথা সঁচা। তেওঁ তাত শাক খুঁচৰি আছিল নে কি কৰিছিল ম‍ই বুজা নাছিলোঁ বুলিহে সুধিছিলোঁ।' ৰজাই তেতিয়া মন্ত্ৰীৰ কথাকে সঁচা বুলি ধৰি লৈ মনে মনে থাকিল। তেওঁ মন্ত্ৰীক যাবলৈ দিলে।
 ৰজাৰ এই বুদ্ধিও কামত নাহিল বুলি জানি অন্য উপায়ৰ বাবে নাপিতক মাতি পঠিয়ালে। নাপিত আহি বহুত ভাবি-চিন্তি ৰজাক ক'লে— ‘মহাৰাজ! আপুনি চিন্তা নকৰিব। মন্ত্ৰী জালত পৰিবই। এইবাৰ আপুনি মন্ত্ৰীক এটা মাত নোহোৱা চৰাই আনিবলৈ কওঁক। এনে চৰাই তেওঁ আনিব নোৱাৰে। তাকে নোৱাৰিলে তেওঁৰ ঘৈণীয়েকক দিব লাগিব বুলি চৰ্ত দিয়ক। এইবাৰ আপোনাৰ মনোকামনা নিশ্চয় পূৰ হ'ব।' ৰজায়ো পুনৰ মন্ত্ৰীক মাতি আনি সেইমতে হুকুম দিলে।
 এইবাৰ মন্ত্ৰীৰ বুজিবলৈ বাকী নাথাকিল যে ৰজাই আচলতে তেওঁৰ ঘৈণীয়েকক

২৮