সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাইনা আৰু শিয়াল

ৰাইনাহঁতৰ গাঁৱৰ কাষতে থকা বাৰীখনত ভেকোৰা আৰু চৰুলুৰী নামৰ এহাল শিয়াল-শিয়ালীৰ বাহা। লগৰ শিয়ালবোৰেই মতাটোৰ নাম দিছে ‘ভেকোৰা' আৰু তাৰ ঘৈণীয়েকৰ নাম দিয়ে ‘চৰুলুৰী’। দুয়ো সুযোগ বুজি গাঁৱৰ মানুহৰ ঘৰৰপৰা হাঁহ, কুকুৰা, ছাগলী আদি ধৰি আনি খায়। চৰুলুৰী আকৌ মানুহৰ পাগঘৰত সিন্ধি খান্দি সোমাই চৰুৰ ভাত-আঞ্জা খোৱাত বৰ পাকৈত। এদিন তাই এঘৰত সোমাওঁতে দেখিলে, ঘৰৰ ভিতৰত দুটা হাঁহৰ লগত এজনী সৰু ছোৱালীয়ে খেলি আছে। এই সৰু ছোৱালীজনীয়েই হৈছে আমাৰ ৰাইনা। হাঁহ দুটা দেখি চৰুলুৰীৰ জিভা লকলকাবলৈ ধৰিলে। কিন্তু ছোৱালীজনী ওচৰতে থকাত হাঁহ দুটা কি উপায়েৰে সৰকাব পাৰি, তাকে তাই চিন্তা কৰিবলৈ ধৰিলে। এনেতে তাই ছোৱালীজনীৰ মাকে কোৱা শুনিলে, ‘ৰাইনা! হ'লনে তোমাৰ এক-দুইখন মুখস্থ? আজি যদি দহলৈ মাতিব নোৱাৰা, তেন্তে কিন্তু তোমাৰ হাঁহ দুটা শিয়ালক দিম। তেতিয়া পাবা মজা।’

 চৰুলুৰীয়ে কথাষাৰ শুনি ঘৰৰপৰা ওলাই গ'ল। ৰাইনাৰ মাকক দেখিয়েই তাইৰ বুকু কঁপিছিল। তাই গৈ গিৰীয়েক ভেকোৰাক হাঁহ দুটাৰ কথা আৰু ৰাইনাৰ মাকে কোৱা কথাখিনি ক'লে। ভেকোৰাই ক'লে— ‘বঢ়িয়া! তেন্তে সেই ছোৱালীৰপৰা হাঁহ সৰকোৱা সহজ হ'ব। আজি সন্ধিয়া মোৰ লগত ওলাবি। ম‍ই কি বুদ্ধি কৰোঁ চাবি। সেই পেন্দুকণা ছোৱালীজনী মোৰ আগত কি কূটা?' এইবুলি সি মিচিকিয়াই হাঁহি, মূৰটো বেঁকাকৈ দুপিয়াই উৎসাহ প্ৰকাশ কৰিলে।

 সন্ধিয়া পৰত দুয়ো গিৰীয়েক-ঘৈণীয়েকে চুচুক-চামাককৈ গৈ ৰাইনা থকা কোঠাৰ ওচৰ পালে। ইফালে-সিফালে চাই কাকো নেদেখি ভেকোৰাই খিৰিকীৰ মুখত এটা শব্দ কৰি দিওঁতেই সি ৰাইনাৰ চকুত পৰিল। তাইৰ ভয় লাগিছিল যদিও সাহস গোটাই ক'লে— ‘অই! তই ক'ৰপৰা আহিছ? কি লাগে তোক?' আচলতে তাই ভেকোৰাক কুকুৰ বুলি ভাবিছিল, কাৰণ তাই আগতে শিয়াল দেখা নাছিল। ভেকোৰাই ক’লে, ‘মোৰ নাম ভেকোৰা। সৌজনী মোৰ ঘৈণী। আমি সৌ বাৰীৰ জংঘলতে থাকোঁ। মানুহে আমাক শিয়াল বুলি মাতে। তোৰ নাম ৰাইনা নহয় জানো?”

৬০