সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিবলৈ ধৰিলে। এখন বাচন ধোৱে আৰু অলপ চিন্তা কৰে। দুবাৰমান বাচন সুলকিও পৰিল। তৃতীয়বাৰ মানত হাতৰপৰা পৰি গিলাচ এটাও ভাঙিল। ভাঙিল যদি ভাঙিল, কিবা তাইৰ যাবনে? আজি তাইৰ সেইবোৰৰ প্ৰতি খেয়াল নাই। তাইক বান্দৰে বিয়া কৰাব, তাইৰ ভৱিষ্যত কি হ'ব, মানুহে কি বুলিব— এটা নাভূত- নাশ্ৰুত প্ৰস্তাৱত আজি তাই চিন্তাক্লিষ্ট। আনহাতে বান্দৰত বাহিৰে ইমান মৰম দেখুওৱা তাই আন কাকোৱে পোৱা নাই। গিৰীহঁতনী হৈছে ঠেঙত ঠেং তুলি খোৱা; তেওঁলোকৰ তাইৰ বাবে ভাবিবৰ সময় নাই।

 এইবোৰ ভাবি-চিন্তি তাই গৈ বিছনাত উঠিল। কোঠাৰ দুৱাৰখন বন্ধ কৰি ল'লে। শুলে, কিন্তু টোপনি নাহে। বাৰে বাৰে তাইৰ বান্দৰৰ সেই সুন্দৰ চেহেৰা, গোলপীয়া মুখখন, তাৰ মিঠা মিঠা বচনবোৰ তাইৰ চকুৰ আগত, মনৰ মাজত ভাঁহি উঠে। এনেকৈয়ে সন্ধিয়া হ'ল। গিৰীহঁতনী উঠি সন্ধিয়াৰ চাহ কৰিবলৈ মালতীক মাতেহে মাতে। চিঞৰি মাতে, দুৱাৰত ঢকিয়াই মাতে, চিটকানিটো খৰক-মৰক কৰি মাতে; খিৰিকীত ঢকিয়াই মাতে— তথাপি মালতীৰ মাত নাই। এইবাৰ শ‍ইকীয়া উঠি আহি মিঠা সুৰত মাতিলে— 'আই ঐ মালতী! কিনো কৰিছ আই! অলপ ওলাই আহ। চাহ একাপ খাবলৈ বৰ মন গৈছে অ...।' মালতীয়ে খপংকৈ দুৱাৰখন খুলি একেচাবে পাকঘৰত সোমাই গ'ল। খিটিং-খাটাং, লচ-পচ কৰি চাহ কৰি দি গিৰীহঁতক দি ক’লে— ‘মোৰ গা ভাল নহয়, মোক নামাতিব, মই শুলোঁ’– এইবুলি তাই পুনৰ শোৱনি কোঠাত সোমাল। ৰাতিৰ ভাতসাঁজ ৰান্ধিবলৈও নুঠিল। গিৰীহঁতনীয়ে যেনিবা সেইদিনা দালিত আলু দি পিটিকা কৰি ৰাতিৰ সাঁজ অটালে।

 পিছদিনা পুৱাও মালতী নুঠেহে নুঠে। শ‍ইকীয়ানীয়ে ‘এইৰনো কিডাল জ্বৰ হৈছে, চাওঁগৈ ৰহ' বুলি মালতীৰ কোঠাত সোমাল। মালতী উঠি-বহি আছিল। তাই শ‍ইকীয়ানী যোৱা দেখি ঘপহকৈ বিছনাত শুই পৰি সিমুৱা দিলে। শ‍ইকীয়ানীয়ে তাইৰ গাত হাত দি চালে। নাই, জ্বৰৰ নাম-ধুম নাই। তেন্তে কি বেমাৰ? তেওঁ তেওঁৰ স্বাভাৱিক নম্ৰ মাতেৰে ক'লে— ‘ঐ মৰতী, কি হৈছে নক’ৱ কিয়। শুই- বহি থাকিবলৈ মই তোক ৰখা নাই নহয়। হয় ক, নহয় যা। তই নহ'লে চলিব নোৱাৰিম বুলি ভাবিছ নেকি? চলি আছোঁ, চলি থাকিম।' মালতীৰ মাত নাই। এইবাৰ শ‍ইকীয়ানীয়ে তাইৰ গাটো জোৰকৈ ঠেলা মাৰি ক'লে— ‘শুনিছনে নাই তই মৰতী, ক’বি নে নক’ৱ ভাঙি-পাতি? ক'ৱ যদি ক, নক’ৱ যদি যা।’

 এইবাৰ মালতীয়ে একেচাবে উঠি বহিল আৰু শ‍ইকীয়ানীক পিছমুখ দি বহি ভেঁকাহি মাৰি ক'লে— ‘আমাৰ কথা হ'লে কোনেও চিন্তা নকৰে। নিজে ঘৰ- সংসাৰ কৰি সুখত আছেতো?' শ‍ইকীয়ানীয়ে শুনি আচৰিত হ'ল— ‘এইটো আগেয়ে

৪৯