সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এনে ডাঙৰ কথা কেতিয়াও কোৱা নাই। অ' তাৰ মানে এইক বিয়াৰ দাহে ধৰিছে!' এই ভাবি তেওঁ ক'লে— ‘তোৰ কথা কি চিন্তা কৰা নাই অ'? আমি তোৰ বিয়াৰ কথা ভাবিছোঁ। পিছে দৰা পাওঁ ক'ত? তোৰ যোগ্যৰ ল'ৰা এটা লাগিবতো! চাকৰণীক কোনেও বিয়া কৰাব নুখুজে।'

 এইবাৰ মালতীৰ সুযোগ ওলাল। তাই কৈ পেলালে— ‘নালাগে মোৰ বাবে ল'ৰা চাব। সৌ বাৰীৰ গছৰ ওপৰতে এটা বান্দৰ থাকে। সি মোক ভাল পায়। দিয়া যদি তালৈকে দিয়া। মানুহকহে যে বিয়া কৰাব লাগে, তাৰ কোনো নিয়ম নাই। এই কথা শুনি শ‍ইকীয়ানীয়ে হাঁহি ৰাখিব নোৱাৰিলে। তেওঁ ক'লে— 'ও! মোৰ সেই কল খোৱা বান্দৰটো? তয়েই বোধকৰোঁ মোৰ কলসোপা দিলি, নহয়নে?' মালতীয়ে ক’লে— মই দিয়া নাই, সি নিজেই নি খাইছে। তাকেই মই বিয়া কৰাম।' শ‍ইকীয়ানীয়ে ভাবিলে, তাই যদি সঁচাকৈয়ে সেইটোত মন মেলিছে, দিয়াতনো লোকচান কি? তাইৰ মতেই দিম। অন্ততঃ এই ঘৰত থাকিতো কাম-বনখিনি চম্ভালি থাকিব।' এই ভাবি তেওঁ বান্দৰত বিয়া দিম বুলি কথা দিলে। মালতীয়ে আনন্দতে উঠি আগৰ দৰে কাম-বন কৰিবলৈ ধৰিলে।

 এদিন উকীল এজন মাতি অনা হ'ল। বান্দৰকো মাতি আনি ধূতী-গামোচা পিন্ধালে, কপালত ফোঁট দি আৰু মূৰত ফুলৰ মালা দি দৰা সজালে। এইফালে মালতীকো পাটৰ ৰিহা-মেখেলা চাদৰ পিন্ধাই কইনা সজালে। বান্দৰৰ হাতত ৰুমাল এখন দি সেইখন নাকত ধৰি থাকিবলৈ শিকাই দিয়া হ'ল— যাতে মানুহে তাক লাজ কৰি থকা বুলি ভাবে। উকীলে বিয়াখন পঞ্জীভুক্ত কৰিলে। ওচৰ-চুবুৰীয়াক মাতি আনি চাহ, বিস্কুট, ৰসগোল্লা, চিঙাৰা আদিৰে অতিথিক আপ্যায়ন কৰা হ'ল। বিয়াৰ পাছত গাত পাটৰ সাজ, মূৰত সেন্দূৰৰ ফোঁট, টিনৰ বাকচ এটাত কেইযোৰমান কাপোৰ, দৰাৰ বাবে কেইটামান কল আৰু মিঠাই এটোপোলা লৈ মালতী গ’ল বান্দৰ স্বামীৰ ঘৰলৈ।

 ইতিমধ্যে বান্দৰে মালতীৰ বাবে গছৰ তলতে এটা জুপুৰি ঘৰ সজাই থৈছিল। তাইক তাতে থ’লে। বান্দৰে নিতৌ খৰি লুৰি আনি দিয়ে, চাউল, দালি, তৰকাৰী আদি অ’ৰ-ত'ৰ পৰা গোটাই আনি দিয়ে। মালতীয়ে ৰান্ধে আৰু দুয়োটাই এইদৰে ৰং-ধেমালি কৰি খাই-বৈ থাকে।

 এদিন এজনী বুঢ়ী আহিল মালতীৰ ওচৰলৈ ভিক্ষা কৰিবলৈ। মালতীয়ে বুঢ়ীক বৰ আদৰ-সৎকাৰ কৰি চাউল এমুঠি দিলে। বুঢ়ী মালতীৰ অভ্যৰ্থনা দেখি বৰ সন্তুষ্ট হ'ল। তাই মালতীৰ মুখলৈ চাই ক’লে— ‘আই, তই বৰ লক্ষ্মীযুক্তা, ভাগ্যৱতী। তোৰ ভাগ্যৰ বলতহে এনে সুঠাম-সুন্দৰ জোঁৱাই পাইছ।' মালতীয়ে ক'লে— 'আই,

৫০