সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পানী খাই গিৰীহঁতনী শুই পৰিলে আমি দুয়ো মিলি ভাত খাম। মই আজিৰ পৰা সদায় তোলৈও ভাত ৰান্ধিম।' এনেদৰে কথা-বতৰা হৈ দুয়ো আনন্দৰে কল খাই গুচি গ'ল। মালতীৰপৰা খবৰ পাই বান্দৰে আৰু পিছদিনা দুপৰীয়ালৈ অপেক্ষা কৰি থাকিব নোৱাৰিলে। সি সন্ধিয়াতে কোনেও গম নোপোৱাকৈ পাকঘৰৰ ভেন্টিলেটৰখনেৰে সোমাই পাৰেমানে কল খালে আৰু বাকী থকা কেইআখিমান দাঙি লৈ গুচি গ'ল। পিছদিনা পুৱা শ‍ইকীয়ানীয়ে কল আনিবলৈ গৈ দেখে যে কল কোনোবাই খাই শেষ কৰি থৈছে; কেৱল বাকলিবোৰ পৰি আছে। শ‍ইকীয়ানী নিশ্চিত হ'ল যে এইটো বান্দৰৰে কাম। মালতীয়ে ইমানবোৰ কল অকলে খাব নোৱাৰে। তেওঁ গৈ এই দুখৰ বাতৰি গিৰীয়েকক দিওঁতে গিৰীয়েকে ক'লে— ‘একো বেয়া হোৱা নাই দিয়া। পাপৰ ধন পৰাচিতত যায়। দত্তহঁতক দুআখি নিদিলা। এতিয়া বান্দৰে খালে। শ‍ইকীয়ানীয়ে মুখেৰে ছিঃ ছিঃ, হায় হায় কৰি চকুপানী টুকিলে। (2) এইফালে প্ৰতিদিনে বান্দৰে দুপৰীয়া আহি মালতীয়ে ভাত ৰন্ধা চাই থাকে। সি দেখিলে মালতীয়ে ঘৰৰ কাম আটাইবোৰ কৰি-মেলি, ভাত-পানী ঘৰৰ সকলোকে ৰান্ধি খুৱাইহে তাই খায় আৰু বাচন-বৰ্তন ধুই-মেলি ওলাই যায়। গিৰীহঁতনীয়ে ত্ৰিণকূটা এডোখৰো নিজে নকৰে, সকলো মালতীয়ে কৰিব লাগে। তাৰ বৰ দুখ লাগে। মালতীয়ে দুপৰীয়া গিৰীহঁতক ভাত-পানী দিলে। খাই-বই উঠি একো কাম নকৰাৰ ভাগৰটো পলুৱাবলৈ তেওঁলোক বিছনাত উঠে। সেই সময়তে মালতীয়ে বান্দৰৰ সৈতে ভাত খাবলৈ বহে। এনেদৰে সদায়ে দুয়োৱে ৰংমনে, মুকলি মনে খাই-বৈ থাকিবলৈ ধৰিলে। এদিন বান্দৰে মালতীক ক'লে— ‘মালতী, তোৰ আৰু মোৰ মন মিলে। তোকো নাই নিওঁতা, মোকো নাই দিওঁতা। গতিকে ময়ে পিন্ধা ওঁ তোক সেন্দূৰৰ সেওঁতা।' মালতীয়ে লাজ লাজকৈ অলপ পৰ তলমূৰ কৰি থাকি ক'লে— ‘মই হ’লো নৰ, তই হ'লি বান্দৰ। তই থাক গছত, মোক লাগে ঘৰ। কেনেকৈ হ'ব পাৰ তই মোৰ বৰ?’ বান্দৰে ক’লে— ‘চিন্তা নকৰিবি বৰ। মোৰ গছৰ তলতে তোক বান্ধি দিম ঘৰ; দিনে-ৰাতি মই দিম তোক পৰ। তই মাথোন বিয়াখন পতাৰ উপায় কৰ, কৰ খৰধৰ। পলম নকৰিবি বৰ। এইবুলি কৈ বান্দৰ গুচি গ'লত মালতীয়ে বাচন-বৰ্তন হাতত লৈ মূৰেৰে চিন্তা ৪৮