সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃষ্ণ ভগৱান আৰু বলোৰাম। আপুনি দেখিছেনে? গুৰুদেৱে ক'লে— ‘ম‍ই একো দেখা নাই। তই মিছা কথা কৈছ নেকি অ’?' চোৰে ক'লে— ‘মই কিয় মিছা কথা ক'ম গুৰুদেৱ। এয়া দুয়োজনা আমাৰ সন্মুখতে আছে।” চোৰে ব্ৰাহ্মণক দেখুৱাই তেওঁলোকক প্ৰণাম কৰিবলৈ ল'লে। ব্ৰাহ্মণে প্ৰণাম কৰিলে যদিও একো দেখা নাপালে। ভগৱানক দেখা নাপাই ব্ৰাহ্মণে নিজকে পুনৰ ধিক্কাৰ দি কান্দিবলৈ ধৰিলে। ব্ৰাহ্মণৰ বিননি দেখি শ্ৰীকৃষ্ণ গছৰপৰা নামি আহিল আৰু চোৰক ক'লে— ‘বাচা, ব্ৰাহ্মণে মোক দেখা নাপায়। কিয়নো তেওঁ জীৱনৰ প্ৰকৃত কৰ্মসমূহ বাদ দি কেৱল মোক পাবলৈকে মন্দিৰত পূজা কৰাত ব্যস্ত থাকিল। ফলত তেওঁ নিজ ঘৰৰ প্ৰতি থকা দায়িত্বৰ কথাও পাহৰি গ'ল। ল'ৰা-তিৰোতা সকলো আছে যদিও তেওঁৰ অমনোযোগিতাৰ বাবেই তেওঁৰ ঘৰত সুখ-শান্তি নোহোৱা হ'ল। অৰ্থাৎ নিজৰ আনন্দ আৰু মুক্তিৰ স্বাৰ্থত তেওঁ সকলো সাংসাৰিক স্বাৰ্থ ত্যাগ কৰিছে। মোৰ পূজা তেনেকৈ নহয়৷ নিজ কৰ্তব্যৰ মাজত ব্যস্ত থাকি যি সুখ-দুখ পোৱা যায়, তাৰ মাজতহে মোক লাভ কৰিব পাৰি।' তুমি চোৰ হ'লেও গুৰুবাক্য ঠিকমতে পালন কৰিছিলা, তোমাৰ পৰিয়ালৰ ভৰণ-পোষণৰ বাবেই তুমি চুৰি কৰিছিলা যদিও তুমি তোমাৰ কৰ্তব্যকে কৰিছিলা। আচলতে চুৰি কৰা মহাপাপ। সেয়ে তুমি মানুহৰ ঘৃণাৰ পাত্ৰ হৈছিলা। কিন্তু এতিয়া তুমি এই বিদ্যা ত্যাগ কৰি সৎ মানুহ হ'লা। সেয়ে তুমি মোক পালা। তুমি তোমাৰ গুৰুদেৱক লৈ যোৱা আৰু কথাটো ভালদৰে বুজাই কোৱা। তেওঁক ক’বা যে অহা জনমত যদি তেওঁ সৎ কৰ্মবোৰৰ মাজেৰে, দায়িত্ব জ্ঞানেৰে মোক চিন্তা কৰে, তেতিয়াহে মোক পাব।' চোৰৰ মুখৰপৰা ব্ৰাহ্মণে শ্ৰীকৃষ্ণই কোৱা কথাবোৰ শুনি হুকহুকাই কান্দিবলৈ ধৰিলে। তেওঁ জীৱনৰ বাকী সময়ছোৱা ঘৰ-সংসাৰৰ দায়িত্ব ভালদৰে পালন কৰি পূজা-অৰ্চনাত মন দিবলৈ প্ৰতিজ্ঞা কৰিলে। চোৰে তেওঁক পিঠিত তুলি পুনৰ ঘৰলৈ উভতি আহিল। 80