সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দুয়োজনে তাৰপৰা পিছদিনা ধনখিনি সৰকাবৰ বুদ্ধি কৰিলে।
 পিছদিনাও ভিক্ষাৰীজনে ৰজাৰপৰা টকা লৈ আহোঁতে বাটতে দুষ্ট মানুহ দুজনে খাপ লৈ থাকি আগভেটি ধৰি সুধিলে— ‘আজি কিমান টকা পালা'? ভিক্ষাৰীজনে আচল সংখ্যাটোকে কৈ দিলে। তেতিয়া বদমাচ দুজনে ক'লে – ‘আজিৰ টকাখিনি আমাকে দিয়া। আমি বৰ গৰীৱ মানুহ। ভিক্ষাৰীজনে ক’লে যে সি পিছদিনা দিব।
 দ্বিতীয় দিনাও ভিক্ষাৰীজনে টকা লৈ আহোঁতে সিহঁতে ক'লে— 'কালি কৈছিলা নহয় আজিৰ টকাখিনি দিবা বুলি। এতিয়া দিয়া।' ভিক্ষাৰীজনে ক’লে— ‘আজি মোৰ টকাৰ বৰ দৰকাৰ। কাইলৈহে দিব পাৰিম, বেয়া নাপাবা।’ এনেকৈ কৈ সেইদিনাও সিহঁতৰপৰা হাত সাৰিল।
 তাৰ পিছদিনাও ভিক্ষাৰীজনে একেধৰণৰ উত্তৰ দি টকা সিহঁতক নিদিলে। বদমাছ দুজনে দেখিলে ইয়াৰপৰা এনেদৰে খুজি টকা পোৱা টান। ইয়াৰ প্ৰতিশোধ ল'ব লাগিল। চাওঁচোন বাৰু সি কাইলৈ ৰজাৰপৰা কেনেকৈ টকা উলিয়ায়। ৰজাৰ দ্বাৰা ইয়াক কটাইহে এৰিম।' এইবুলি দুয়োজনে ভিক্ষাৰীজনক ক’লে— ‘হেৰা, তুমি আমাক টকা নিদিয়া নালাগে। কিন্তু ৰজাই কালি আমাক কৈছে যে তেওঁ হেনো তোমাৰপৰা বৰ বেয়া গোন্ধ পায়। কাৰণ তুমি সদায় ৰজাৰ ফালে মুখ দি কথা কোৱা। সেয়ে তোমাৰ মুখৰপৰা ওলোৱা ভেকেটাভেকেট গোন্ধত তেওঁ বিৰক্ত হৈ গৈছে।' ভিক্ষাৰীজনে ক'লে— ‘পাব পাৰে, একো আচৰিত কথা নহয়। আমি দুখীয়া মানুহ, গাত তেল- চাবোন ঘঁহিব নোৱাৰোঁ। ভাল বস্তুৰে মুখ ধুব নোৱাৰোঁ। হ'লেওতো মই ৰজাৰ সহায় ল'বই লাগিব।'
 মানুহ দুজনে ক'লে— ‘সেইটো হয়। পিছে তুমি কাইলৈৰপৰা ৰজাৰ ফালে চাই ভিক্ষা নামাগিবা। তেওঁক পিছ দিহে খুজিবা। তেতিয়া তেওঁ তোমাৰ মুখৰ গোন্ধ নাপায়।' সিহঁতে ভাবিছিল যে এনেকৈ পিছ দি ভিক্ষা মাগিলে ৰজাই অপমান কৰা বুলি তাক কাটিব। হোজা ভিক্ষাৰীজনেও তাকে মানি ক'লে— ‘ঠিক আছে বাৰু, ম‍ই পিছ দিয়েই ভিক্ষা মাগিম।'
 পিছদিনাখন ভিক্ষাৰীজনে গৈ ৰজাক পিছ দি ভিক্ষা মাগিলে। কিন্তু ৰজাই সদায়ে আহি থকা ভিক্ষাৰীজনলৈ নাচালেই। তেওঁ কিবা কথাত ব্যস্ত আছিল। ঘপৰাই কাগজ এখনত ভিক্ষাৰ পৰিমাণ লিখি আগৰ দৰেই পঠিয়াই দিলে।

২১