পাৰত থৈ গছৰ তলত ধ্যান কৰি আছিলোঁ। তুমি পাই লৈ আহিলা। ব্ৰাহ্মণৰ
হাৰ ৰাখিব নাপায়; হাৰডাল মোক ঘূৰাই দিয়া।'
ৰাজকুমাৰী হতবাক। তেওঁ ক'লে— ‘মইতো একো হাৰ অনা নাই। মোক
আনৰ সম্পত্তি নালাগে। তুমি মিছা কথা কৈছা।' ব্ৰাহ্মণে পুনৰ ক'লে— 'মই
মিছা কোৱা নাই আই। সৌডাল তোমাৰ ডিঙিতে ওলমি আছে। হাৰডাল
মোক দিয়া।' ৰাজকুমাৰীয়ে তেতিয়াহে গম পালে যে তেওঁৰ গাত এডাল হাৰ
ওলমি আছে। ৰাজকুমাৰীয়ে বৰ লাজ পালে আৰু হাৰডাল খুলি সন্ন্যাসীক
দিব ধৰোঁতেই হাৰডাল মাটিত পৰি এমুঠি সৰিয়হ হৈ চোতালত সিঁচৰতি হৈ
পৰিল। ব্ৰাহ্মণে তেতিয়া কোনটো সৰিয়হত আচল ল'ৰাজনৰ জীৱটো আছে
ধৰিব নোৱাৰি বিমোৰত পৰিল। তেতিয়া তেওঁ এটা বুদ্ধি কৰিলে। তেওঁ এটা
পাৰ চৰাই হৈ সৰিয়হবোৰ এফালৰপৰা খাবলৈ আৰম্ভ কৰিলে। এনেকৈ সৰিয়হ
খাই থাকোঁতে হঠাতে ল'ৰাটোৰ আচল জীৱ থকা সৰিয়হটোৱে তৎক্ষণাৎ
এটা বোন্দা মেকুৰী হ'ল আৰু পাৰটোক থাপ মাৰি ধৰি খাই পেলালে।
মেকুৰীটোৱে পুনৰ আগৰ দৰে সৰু ল'ৰাজনৰ ৰূপ ল'লে।
ৰাজপ্ৰাসাদত সেই সময়ত বহুতো মানুহ এইবোৰ কাণ্ড চাই হতভম্ব হৈ
আছিল। ৰজা নিজেও আহি সকলো প্ৰত্যক্ষ কৰিলে। তেওঁ সৰু ল'ৰাটোক
এইবোৰ কি কথা-কাণ্ড সুধিলে। ল'ৰাটোৱেও আগৰপৰা গুৰিলৈকে সকলো
কথা বৰ্ণালে। ৰজাই ল'ৰাটোৰ বুদ্ধি আৰু সাহস দেখি বৰ সন্তুষ্ট হ'ল আৰু
ৰাজকুমাৰীক তালৈ বিয়া দি দিলে।
বিয়ালৈ হ'লে আমি যাব নাপালোঁ। পাছতহে শুনিছোঁ যে ৰাজকন্যা আৰু
সৰু ল'ৰাটো সুখেৰে আছে।
১৪