সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দি শুই পৰিল। দিনৰ দিনটো খোজকাঢ়ি বুঢ়াৰ ভাগৰো লাগিছিল। সেয়ে অলপ পাছতেই ঘোৰ নিদ্ৰাত পৰিল।
 এইফালে কৃপণ ব্ৰাহ্মণে বুঢ়াৰ কাণ্ড দেখি অবাক। ‘মূৰ্তিটোক কোৱা মাত্ৰকে এনে সুন্দৰ খাদ্য দিলে। এই মূৰ্তিটো ম‍ই ৰখাই ভাল, নিতৌ এনে খাদ্য খাই থাকিব পাৰিম।' এই ভাবি ব্ৰাহ্মণে নিজৰ ঘৰৰপৰা একেধৰণৰ শিলৰ মূৰ্তি এটা আনি মনে মনে বুঢ়াৰ জোলোঙাত ভৰাই থৈ বুঢ়াৰ মূৰ্তিটো লৈ গ'ল।
 ৰাতি পুৱালত বুঢ়াই লৰালৰিকৈ যাবলৈ ওলাল। সি মনতে ভাবিলে, আজি বুঢ়ীক হেঁপাহ পলুৱাই ধন দিম। তাই মোক অকামিলা, বুদ্ধিহীন বুলি কয়। আজি প্ৰমাণ দেখুৱাই দিম ম‍ই কি বস্তু। এই ভাবি ব্ৰাহ্মণক মাত লগাই বেগাবেগিকৈ ঘৰমুৱা হ'ল। সি গৈ পদুলিমুখ পায়েই ঘৈণীয়েকক চিঞৰ ধৰিলে— ঐ বুঢ়ী, আগবাঢ়ি আহ। আজিৰ পৰা তোৰ সকলো অভাৱ দূৰ কৰিম। তই আৰু এই ভঙা ঘৰত থাকিব নালাগে। এই ঘৰ এতিয়াই জুই লগাই পুৰি পেলা।' বুঢ়ীয়ে গিৰীয়েকৰ কথাৰ একো তত্‌ ধৰিব নোৱাৰি ভেবা লাগি চাই থাকিল। বুঢ়াই ক'লে— ‘কি ভেবা লাগি চাইছ? একো বুজা নাই হ’বলা সকলো বুজিবি, অলপ সময় ৰ।' এইবুলি বুঢ়াই লগে লগে ঘৰটোত জুই দি পুৰি পেলালে আৰু তাৰ পাছত গোপালৰ মূৰ্তিটো উলিয়াই মাটিত বহি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে— ‘হে গোপাল! মোৰ এই পুৰণি ঘৰটো পুৰি গ'ল। এটা নতুন ধুনীয়া ঘৰ দিয়া। মোৰ বুঢ়ীৰ কাপোৰ-কানিবোৰো নতুন কৰি দিয়া।' সি এনেদৰে কেইবাবাৰো ক'লে, কিন্তু একো ফল নহ'ল। বুঢ়ীয়ে বুঢ়াৰ কাণ্ডবোৰ দেখি উধাই-মুধাই গালি পাৰিবলৈ ধৰিলে— ‘মৰ বুঢ়া, তই সৰ্বনাশ কৰি দিলি। যিডোখৰ ঘৰ আছিল, সেইকণো শেষ কৰিলি। এতিয়া কি হ'ব মোৰ অৱস্থা!' এইবুলি বুঢ়ীয়ে হুৰাওৰাৱে কান্দিবলৈ ধৰিলে। বুঢ়ায়ো ভাল ঘৰৰ আশা কৰি নিজৰ পুৰণি ঘৰটোও হেৰুওৱাৰ দুখত কান্দিবলৈ ধৰিলে আৰু পৰীকেইজনীয়ে তাক ঠগোৱা বুলি ভাবি সিহঁতকো এসেকা দিবৰ আশাৰে সেই নদীৰ ঘাটলৈ খোজ ল'লে।
 বুঢ়াই গৈ পুনৰ সেই নদীৰ কাষত বহি চিঞৰি চিঞৰি ক'বলৈ ধৰিলে— “আজি তহঁতক খামেই। তহঁতৰ ফাকি আৰু নচলিব। মোৰ সকলো শেষ কৰি দিলি।'
 বুঢ়াৰ চিঞৰ-বাখৰ শুনি পৰীকেইজনী আহি বুঢ়াক কি হ'ল সুধিলে। বুঢ়ায়ো