সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তেওঁ ঘোঁৰাটো ঘৰলৈ নি দুছেও কৰি কটাৰ পাং পাতিলে। ঘৰ পাই তেওঁ ঘৈণীয়েকক ক’লে— 'বুজিছনে, আজি এটা উৎপতীয়া ঘোঁৰা আনিছোঁ। ইয়াক কাটি দুছেও কৰিলেহে শান্তি পাম। তই দাখন দে।'
 ঘৈণীয়েকে কথাটো বিষম দেখি ক'লে— 'ঘোঁৰাটোনো কিয় কাটিব লাগে। সি এটা জন্তুহে। সুস্থিৰ হোৱাচোন। ভাত-পানী হৈছে। খাই লোৱা।'
 শিক্ষকে ক’লে— —তই তিৰোতা মানুহ, এইবোৰ কথা বুজি নাপাবি। দাখন লৈ আহ। ভাতো আন। ভাত খাইয়েই ইয়াক ৰখিব লাগিব, নহ'লে পলাই পত্ৰং মাৰিব।'
 অগত্যা শিক্ষকৰ কথা এৰাব নোৱাৰি ঘৈণীয়েকে এহাতে ভাত আৰু আনহাতে দাখন আনি গিৰীয়েকক দিলে। শিক্ষকে ঘোঁৰাটোলৈ শেন চকু ৰাখি আৰু এহাতে দাখন লৈ ভাত খাবলৈ ধৰিলে। ল'ৰা-ঘোঁৰাটোৱে শিক্ষকৰ এনে কাণ্ড দেখি কি কৰিব কি নকৰিব চিন্তা কৰিবলৈ ধৰিলে। এনেতে শিক্ষকে আঞ্জাত থকা জলকীয়া নেদেখাতে চোবাই দিলত তেওঁৰ উঠিল চৰচৰণী। কাহি কাহি দাখন থৈ পানীৰ গিলাচটো হাতত লওঁতেই ঘোঁৰাটোৱে তৎক্ষণাৎ এটা কপৌ চৰাই হৈ উৰা মাৰি গ'ল। লগে লগে শিক্ষকেও কপৌক ধৰিবলৈ এটা শেন চৰাই হৈ পিছে পিছে খেদিলে। শেন চৰাইৰ আগত উৰিব নোৱাৰিব বুলি ভাবি এটা ভঁৰিকনা মাছ হৈ পুখুৰীত পৰিল। তাকে দেখি শেনটোৱে এটা মাছৰোকা চৰাই হৈ পুখুৰীৰ পাৰৰে এডাল গছত খাপ লৈ থাকিল। শিক্ষক- মাছৰোকাক দেখি ডঁৰিকনাটো পানীৰ ওপৰলৈ আহিবলৈ নোৱৰা হ'ল।
 এনেতে এজনী ৰাজকন্যাই সেই পুখুৰীলৈ পানী নিবলৈ আহিছিল। সুবিধা পাই ডঁৰিকনাটোৱে ৰাজকুমাৰীৰ কলহত সোমাই গ'ল। মাছৰোকা চৰাইটোৱে ডঁৰিকনাৰ বুদ্ধি দেখি ৰাজকন্যাৰ পিছ ল'লে। সি ভাবিলে ৰাজকন্যাই ঘৰত পানী বাকিলেতো ই ওলাব। তেতিয়া তাক ধৰা যাব। মাছৰোকাই পিছে পিছে অহা গম পাই ডঁৰিকনাটোৱে তৎক্ষণাৎ এডাল হাৰ হৈ ৰাজকন্যাৰ ডিঙিত উলমিল।
 ডঁৰিকনাটোৱে এডাল হাৰ হোৱা দেখি মাছৰোকাটোৱেও এজন সন্ন্যাসীৰ ৰূপ ধৰি ৰাজকন্যা ঘৰ পোৱাৰ আগেয়ে তেওঁৰ ঘৰত ৰৈ থাকিল। ৰাজকুমাৰীয়ে ঘৰ পাই সন্ন্যাসীক দেখি ক'ৰ পৰা আহিছে, কি লাগে ইত্যাদি সুধিলে। সন্ন্যাসীয়ে ক’লে— ‘হে ৰাজকুমাৰী! মই ব্ৰাহ্মণ মানুহ। হাৰডাল ম‍ই পুখুৰীৰ

১৩