সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বদমাচ দুজনে তাক শাস্তি দিয়াৰ খবৰটো পাবলৈ বাটতে অপেক্ষা কৰি আছিল যদিও ভিক্ষাৰীজনে টকা লৈ অহাত আচৰিত হ'ল। সিহঁতৰ পৰিকল্পনা অথলে গ'ল। তথাপি সিহঁতে তাক একো নকৈ আকৌ টকা মাগিলে। সেইদিনাও ভিক্ষাৰীজনে সিহঁতক টকা নিদিলে। মানুহ দুজনৰ খং উঠিল আৰু এইবাৰ ৰজাৰ আগত তাৰ বিৰুদ্ধে কৈ এসেকা দিবলৈ পাং পাতিলে।
 সিহঁত দুয়ো ৰজাৰ ওচৰলৈ গ'ল আৰু সেৱা জনাই ক'লে— ‘মহাৰাজ, দায়-দোষ নধৰিব। আমি আপোনাক কথা এষাৰ ক'বলৈহে আহিলোঁ। মহাৰাজ আমাৰ পৰম পূজ্য। এনে অৱস্থাত আপোনাৰ কোনো প্ৰকাৰে অপমান হোৱাটো আমি সহ্য কৰিব নোৱাৰিহে মহাৰাজৰ ওচৰত সুবিচাৰৰ আশা কৰি আহিলোঁ।'
 ৰজাই সুধিলে— “কি হ'ল? মোক কোনে অপমান কৰিলে?' মানুহ দুজন ‘মহাৰাজ, সেই যে ভিক্ষাৰীজন আপোনাৰ ওচৰলৈ আহে, সি কৈছে যে সি হেনো আপোনাৰ মুখৰপৰা গোন্ধ পায়। সেয়ে সদায়ে আপোনাক পিছ দিহে ভিক্ষা মাগে আৰু আশীৰ্বাদ দিয়ে। তাৰ এনে কাণ্ড মহাৰাজৰ প্ৰতি ভীষণ অপমান বুলি আমি বন্দীয়ে অনুভৱ কৰোঁ। মহাৰাজে আমাৰ কথাৰ সত্যাসত্য কাইলৈ সি আহিলে প্ৰমাণ চাব পাৰে।' ৰজাই শুনি বৰ লাজ পালে আৰু ক'লে— “ঠিক আছে, তোমালোক যোৱা। মই কাইলৈ প্ৰমাণ চাম।’
 পিছদিনাও ভিক্ষাৰীজন ৰজাৰ ওচৰলৈ গৈ পিছফাল দি ভিক্ষা মাগি আশীৰ্বাদ দিছে। তেওঁ গুচৰীয়া দুজনে কোৱা কথাৰ সত্য বিচাৰি পালে। খঙতে ৰজাই তাক একো নক'লে যদিও কাগজ এখনত লিখি দিলে— ‘পত্ৰবাহকৰ মূৰ কাটি ৰাখিবা।' ভিক্ষাৰীজনে আন দিনাৰ দৰেই কাগজখন লৈ ধনভঁৰালীৰ ওচৰলৈ গৈ থাকোঁতে বাটতে পুনৰ সেই বদমাচ দুজনে পালে। সিহঁতে ভাবিলে— ই আমাক প্ৰতিদিনে ঠগায়। ৰজাই আজিও তাক শাস্তি নিদি ভিক্ষাহে দিলে। আজি ইয়াৰ ভিক্ষা নিমেই নিম।' এই ভাবি দুয়োজনে ভিক্ষাৰীজনক আগভেটি ধৰি ক'লে— “তই সদায় আমাক টকা দিম বুলি ফাকি দি থাক। আজি দিয়া ৰজাৰ হুকুমটোকে দে। আমি নিজেই ধনভঁৰালীৰপৰা টকা ল'ম। নিদিলে তোক আজি নেৰিছোঁ।”
 ভিক্ষাৰীজনেও উপায় নাপাই খঙতে কাগজখন দি দিলে। মানুহ দুজনে অতি আনন্দেৰে কাগজখন লৈ ভঁৰালীৰ ওচৰত দাখিল কৰিলে। ধনভঁৰালীয়ে কাগজখন পঢ়ি দুয়োজনৰ মুখলৈ চাই ক'লে— ‘সৌজনৰ ওচৰতহে

২২