বিলাতৰ চিঠি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বিলাতৰ চিঠি
লেখক জ্ঞানদাভিৰাম বৰুৱা
[ বেটুপাত ]
 
বিলাতৰ চিঠি
 
জ্ঞানদাভিৰাম বৰুৱা
 

[ আগকথা ]
বিলাতৰ চিঠি: আগকথা

  জে. বৰুৱা ডাঙৰীয়াই ‘বিলাতৰ চিঠি’ৰ আগকথা লিখাৰ ভাৰ বিলাতলৈ নোযোৱা মানুহ এজনক এইবুলি দিলে যে বিলাতলৈ যোৱা মানুহৰ পক্ষে বিলাতৰ চিঠি’ত কোনো নতুনত্ব নাই, এনে কি তেওঁলোকে ইয়াৰ পাত লুটিয়ায়ো নেচাব। বিলাতলৈ নোযোৱা মানুহে পুথিখনি পঢ়ি কেনে পাব পাৰে, সেই বিষয়ে তেওঁ পঢ়ুৱৈ সমাজৰ পক্ষৰপৰা দুই-এষাৰ শুনিব খোজে।

  আহোম ভাষাৰপৰা ধাৰ লোৱা অসমীয়া ‘বুৰঞ্জী’ শব্দৰ মানে হেনো "নজনা কথাৰ ভঁড়াল”। বিলাতৰ কথাও আমাৰ পক্ষে নজনা কথাৰ ভঁড়াল। নজনা কথা নতুনকৈ শিকিলে যি আনন্দ পোৱা যায়, বিলাতৰ চিঠি’ পঢ়িও বিলাতলৈ নোযোৱাসকলে সেই আনন্দ পাব — ইয়াত কোনো সন্দেহ নাই। আৰু যিসকলৰ এতিয়াও বিলাতলৈ যাবৰ বয়স আৰু ধাউতি আছে, সেইসকলৰ ধাউতি যে আৰু বাঢ়িব, সেই বিষয়ে দুই মত হ’ব নোৱাৰে।

  জে.বৰা ডাঙৰীয়াৰ লিখাৰীতি অতি পোনপটীয়া আৰু নিখুঁত অসমীয়া। তাত কোনো আওপকীয়া বাক্য-বিন্যাস আৰু খাপ নোখোৱা বাৰে বঙলুৱা শব্দৰ সমাবেশ নাই। অতি কম বয়সতেই বিলাতলৈ গৈ তাত বহুত বছৰ থাকি আৰু তাৰপৰা উভতি আহিও বৈবাহিক সূত্ৰত বিশিষ্ট বঙালী পৰিয়ালৰ লগত ঘনিষ্ঠভাৱে সংশ্লিষ্ট থাকিও জে. বৰুৱা ডাঙৰীয়াই গদ্য ৰচনাত যি নিভাঁজ অসমীয়া পদ্ধতিৰ অৱতাৰণা কৰিছে, সিশলাগিব লগীয়া। ইয়াৰপৰা তেওঁৰ অসমীয়া ভাষা আৰু সাহিত্যৰ লগত কিমান হৃদয়ৰ সংযোগ আছে, তাৰ চিনাকি পোৱা যায়।

  অসমীয়া ভাষা আৰু সাহিত্য চৰ্চাত বৰুৱা ডাঙৰীয়াৰ বংশগত অধিকাৰৰ আছে। তেওঁৰ পিতৃদেৱতা স্বৰ্গীয় গুণাভিৰাম বৰুৱাৰ ওচৰত অসমীয়া জাতি ভালেমান ঋণী। ৰায় বাহাদুৰ স্বৰ্গীয় গুণাভিৰাম বৰুৱাৰ অন্যান্য দানৰ বাহিৰেও ৰচিত ‘আসাম বুৰঞ্জী’ আৰু তেওঁৰ সম্পাদিত ‘আসামবন্ধু’ কাকতে অসমীয়া সাহিত্যৰ ইতিহাসত অতি ওখ ঠাই লাভ কৰি আছে। স্বৰ্গীয় জ্ঞানদাভিৰাম বৰুৱা কেৱল সাহিত্যিকেই নাছিল। সেই যুগত তেখেত অসমীয়া সমাজ আৰু সাহিত্য-ক্ষেত্ৰত এজন আদৰ্শ পুৰুষ বুলি বিবেচিত হৈছিল। সেই দিনত তেখেতৰ আৰ্হিয়ে সমসাময়িক লেখকসকলক প্ৰেৰণা দিছিল আৰু তেখেতক কেন্দ্ৰ কৰি এটি সাহিত্যিক দলৰ সৃষ্টি হৈছিল।

  ‘বিলাতৰ চিঠি আৰু কথাই জে. বৰুৱা ডাঙৰীয়াৰ অসমীয়া সাহিত্যৰ প্ৰতি কেৱল দান নহয়। তেওঁ ইংৰাজীৰপৰা ভাঙি অসমীয়াক ‘ভেনিচৰ সাওদ’ (Marchant of VǏnice), ‘দদাইৰ পঁজা’ (Uncle Tom's Cabin) কৰিছে। তেওঁ 'Folk tales of Assam' বুলি অসমীয়া সাধুকথা কিছুমান ইংৰাজীলৈ অনুবাদ কৰি অসমীয়া ৰীতি-নীতিৰ বিষয়ে বিদেশী মানুহক জানিবলৈ সুবিধা দিছে। [ আগকথা ] ‘বিলাতৰ চিঠি আৰু কথা’ বোলা প্ৰবন্ধবোৰ স্বৰ্গীয় বেজবৰুৱাৰ সম্পাদিত ‘বাঁহী’ কাকতত ধাৰাবাহিকৰূপে প্ৰকাশ হৈছিল। জে, বৰুৱা ডাঙৰীয়া তেতিয়া বিলাতত আছিল আৰু তাৰপৰাই তেওঁ প্ৰবন্ধবোৰ লিখিছিল। আমি তেতিয়া ইংৰাজী স্কুলৰ তলৰ শ্ৰেণীৰ ছাত্ৰ। এইবোৰ চিঠিত থকা কথাবোৰ তেতিয়া আৰব্য-উপন্যাসৰ কথাৰ দৰে লাগিছিল। বৰ্তমান পুথিত সেইবোৰ প্ৰবন্ধ বাছি উলিয়াই প্ৰকাশ কৰা হৈছে।

বিষয়বস্তুৰ সঙ্কলন আৰু লিখাৰ নিখুঁতৰীতিৰ বাবে এই প্ৰবন্ধবোৰ পুৰণি হলেও সজীৱ আৰু চিৰনতুন। আজিকালি অসমীয়া সাহিত্যত বাৰে বঙলুৱা বাক্য-বিন্যাসেৰেভৰপূৰ প্ৰবন্ধৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বাঢ়িব লাগিছে। নিভাজ অসমীয়া গদ্যৰ চানেকি বুলি আঙুলিয়াব পৰা প্ৰবন্ধ অতি বিৰল। এনে অৱস্থাত নিখুঁত অসমীয়া জতুৱাঠাঁচৰ নিদৰ্শন হিচাপে জে. বৰুৱা ডাঙৰীয়াৰ ৰচনাৱলীয়ে নতুন লিখাৰুসকলক বাট দেখুৱাব; আৰু প্ৰবন্ধবোৰৰ ভিতৰত থকা কথাবোৰে সকলো শ্ৰেণীৰ পাঠককেই আনন্দ দিব, সেই বিষয়ে নকলেও হ'ব।


২৮/৯/৩৯ইং শ্ৰীবাণীকান্ত কাকতি

[  ]

বিলাতৰ চিঠি।

(১)

সম্পাদক ডাঙৰীয়া, আপোনাক এই নতুনভাৱে সম্বোধন কৰি মনত যে কিমান আনন্দ অনুভৱ কৰিছোঁ, তাক এই চিঠিদ্বাৰাই কেনেকৈ জনাম? আপুনি সাহিত্যনুৰাগী। * * * * ভগৱানে আপোনাক সুস্থ শৰীৰে সানন্দে মনৰ শান্তিৰে এই কাম কৰি থাকিবলৈ অৱসৰ দিয়ে, — তেওঁৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা।

 আপুনি মোক বিলাতী বাতৰি দি এখন চিঠি লেখিবলৈ নিমন্ত্ৰণ কৰিছে। সেই নিমন্ত্ৰণ সানন্দেৰে গ্ৰহণ কৰিছোঁ— কিন্তু সেই নিমন্ত্ৰণৰ যোগ্য মই নহওঁ— তেও আপোনাৰ নিমন্ত্ৰণ ৰক্ষা নকৰি নোৱাৰিলোঁ।

 আমাৰ দেশ দুখীয়া। ভাৰত দুখীয়া। দুখীয়া ভাৰতৰ ভিতৰত আমাৰ নিজৰ আসাম সকলোতকৈ দুখীয়া। দুখীয়া হ'লেও আমাৰ দেশত যে ধনী মানুহ নাই এনে নহয়— আসামত দুখীৰ দুখী অৱস্থাৰে ধনী মানুহ আছে। কিন্তু টকা থাকিলে কি হ'ব? টকাৰ সদ্ব্যৱহাৰ কেইজনে কৰে? আমি শুনিছোঁ যে ১৮৯৭ চনত যে আসামত ভূমিকম্প হৈ গৈছিল, সেইসময়ত মাটিতলতপুতি থোৱা টকা এজনৰ ঘৰৰপৰা ৮০,০০০ ওলাইছিল আৰু কোনো এজন ডাঙৰ মানুহৰ মোকৰ্দ্দমা হোৱাত উকীল-মুক্তিয়াৰসকলে এনে টকা ফীজ পাইছিল যে সেইবোৰ টকা তপত পানীত ধুই, তেঁতেলীৰে ঘঁহি-মাজি লোৱাৰ পাছতহে জনা গৈছিল সেইবোৰ টকা বুলি। এইবোৰ টকাৰে দেশৰ কত উপকাৰ হ’ব পাৰিলেহেঁতেন। এইবোৰ টকা ব্যৱসায়ত লগোৱা হ'লে কিমান মানুহৰ ভৰণ-পোষণ হ’লহেঁতেন, দেশৰ শ্ৰী কিমান বাঢ়িলহেঁতেন, আমাৰ দুখীয়া দেশৰ কত উন্নতি হ'লহেঁতেন। ইয়াৰ নিমিত্তে কোন দায়ী?

 উত্তৰত কওঁ যে আমি নিজে দায়ী। আমি নিজে নিজৰ উন্নতি নকৰিলে আমাক সাহায্য কৰোঁতা কোনো নাই। কোনোৱে কোনোৱে গৱৰ্ণমেণ্টৰ দোষ ধৰে। গৱৰ্ণমেন্টে কিমান কৰিব? যিমান তেওঁলোকে পাৰে কৰে। গৱৰ্ণমেণ্টৰ ওপৰত ভৰসা কৰি থাকি [  ]  আমি হাত-ভৰি বান্ধি বহি থাকিমনে? সেইটো পুৰুষৰ কাম নহয়। গৱৰ্ণমেন্টে যেনেকৈ আমাক সাহায্য কৰে, আমিও গৱৰ্ণমেণ্টক সাহায্য কৰা উচিত। আপুনি কিজানি সুধিব, এই সাহায্য কেনেকৈ কৰিম, কোৱাঁ। মই উত্তৰ দিম— শিক্ষাৰে।

 পৰীক্ষা পাছ কৰিলে শিক্ষা নহয়। মনৰ শিক্ষা। মনৰ শিক্ষা বিশ্ববিদ্যালয় কি স্কুল- কলেজৰ পৰীক্ষা পাছ কৰিলে যে নহয়, আমি সেই কথা কোৱা নাই। স্কুল, কলেজ, বিশ্ববিদ্যালয় মনৰ উন্নতিৰ প্ৰধান সহায়; কিন্তু এই প্ৰধান সহায়ৰ বিনা সাহায্যতো মনৰ উন্নতি হ’ব পাৰে, যদিও সি টান কথা। ঘৰতে বহিও মনৰ উন্নতি কৰা যায়। তাতকৈও, বিশ্ববিদ্যালয়ৰ পৰীক্ষা পাছ কৰি কৰাতকৈও মনৰ উন্নতি হয় ভ্ৰমণৰ পৰা। বৃটিছ জাতিৰপৰা আমাৰ বহুতো শিকিবৰ আছে। এওঁলোকে যদি ইংলণ্ড, স্কটলণ্ড, আয়াৰলণ্ডত থাকি মাটিত তেওঁলোকৰ ধন-সম্পত্তি পুতি থৈ ঘৰতে বহি থাকিলহেঁতেন, আজি বৃটিছ জাতিৰ নাম ইমান ডাঙৰ, ইমান শক্তিশালী হ’লহেঁতেন নে? আপোনাৰ 'সৰুতকৈও সৰু’ পঢ়োঁতা বাপাটি-আইটিহঁতেক’ব, “কেতিয়াও নহয়—তেনে হোৱাহেঁতেন বৃটিছহঁত কেতিয়াও ভাৰতবৰ্ষলৈ আহিব নোৱাৰিলেহেঁতেন। আমি সিহঁতৰ নাম শুনিবলৈ নেপালোঁহেঁতেন”, দেশত বহি, ঘৰৰ বুলনিত কি বৰঘৰত কি চ’ৰাঘৰত বহি গপ কৰি কোনো জাতিয়েই পৃথিৱীত কোনো সময়ত প্ৰধান স্থান কি শিক্ষাত কি বলত কি বীৰ্য্যত অধিকাৰ কৰিব পৰা নাই।

 আমাৰ দেশৰ যাৰ টকা আছে তেওঁলোকে দেশ ভ্ৰমণ কৰি আন দেশত যি শিকিবলগীয়া আছে, সেইবোৰ শিকি দেশৰ বাণিজ্য, দেশৰ শিল্পৰ উন্নতি নকৰে কিয়? আমাৰনো আৰু কি আছে, সেই এডৰা মাটিত ধান ৰুই “কোনোমত প্ৰকাৰে পেটত চাউল-সিজোৱা কেটামান পৰিলেই হয়।” এনেবোৰ কথা কোৱা মানুহ যি দেশত সৰহ, সেই দেশৰ উন্নতি এতিয়াও বহু দূৰৈত। আৰু এজনে হয়তো ক’ব, “ক'ত লেতেৰাহঁতে ৰান্ধি দিয়া ভাত বিদেশত খামগৈ, আমাৰ যি আছে, সেয়ে ভাল।” আশা কৰোঁ এনেবোৰ কথা কোৱা মানুহ আমাৰ আসামত এতিয়া তাকৰ।

 দেশভ্ৰমণ শিক্ষাৰ প্ৰধান উপায়। ভাৰতবৰ্ষলৈ কত দিনৰপৰা বিদেশী পৰিব্ৰাজক আহিবলৈ আৰম্ভ কৰিছিল। মেগাস্থনীচ, হাওয়েনশ্বাং, মোগলসকলৰ সময়ত বাৰ্নিয়েৰ, টেভাৰ্নীয়েৰ আৰু কত নাম কম? সেই দূৰ সময়ত ভ্ৰমণৰ কত, অসুবিধা আছিল, তথাপি অসুবিধা, বাধা-বিঘিনি অতিক্ৰম কৰি সুদূৰ য়ুৰোপ আৰু চীন দেশৰপৰা এইবোৰ পৰিব্ৰাজক ভাৰতলৈ গৈছিল। আমি এই বিংশতি শতাব্দীৰ সুবিধা পায়ো যদি আমাৰ গাঁৱত, আমাৰ মহকুমাত, আমাৰ জিলাত পৰি থাকোঁ, তেনেহ'লে ই যদি পাপ নহয়, পাপনো আৰু কাক বোলে?

 ভাৰতৰ নানান ঠাইৰপৰা অহা মানুহ আমি ইংলণ্ডত দেখিছোঁ, কিন্তু আসামৰ মানুহেই [  ] আটাইতকৈ তাকৰ! য়ুৰোপৰ আন আন জাতিতকৈ ইংলণ্ডৰ সৈতে আমাৰ বেছি সম্বন্ধ।। ভাৰতৰ সম্ৰাট এডৱাৰ্ড ইংলণ্ডত থাকে। ভাৰতৰ ৰাজমন্ত্ৰীৰ কচাৰী ঘৰ (India Office) ইংলণ্ডত। পৃথিৱীৰ প্ৰধান জাতিৰ ভিতৰত বৃটেনে এটি প্ৰধান ঠাই অধিকাৰ কৰে। বৃটেনত আমাৰ বহুতো শিকিবলগীয়া, জানিবলগীয়া কথা আছে। এইবোৰ নানান কাৰণত আমাৰ বৃটেনলৈ অহা উচিত। বৃটেনৰ অবাৰিত দ্বাৰ। যেয়ে সেয়ে ইয়ালৈ আহিব পাৰে। আমি ভাৰতীয়, যাৰ দেশৰ সৈতে ইংলণ্ডৰ ইমান সম্পৰ্ক, আমি নাহিম কিয়?

 ইংলণ্ডৰ ৰাজধানী লণ্ডন পৃথিৱীৰ ভিতৰত এখন প্ৰধান ঠাই। লণ্ডনক কোনোৱে কোনোৱে প্ৰধান স্থান দিয়ে, কোনোৱে নিদিয়ে। আমাৰ কামৰ অৰ্থে আমি এই ঠাইক প্ৰধান স্থান দিছোঁ। লণ্ডনত আন কোনো কাম-কাজ নিশিকি যদি কোনোৱে দিনৌ তাৰ দুখন বাতৰি কাকত এবছৰমান পঢ়ে আৰু লণ্ডনৰ বাটে-গলিয়ে চকু মেলি, কাণ থিয় কৰি ফুৰে, তেনেহ'লে তেওঁ সেই এবছৰত যিমান কথা শিকিব, কলিকতা কি ভাৰতৰ আন কোনো ঠাইত সিমান কথা শিকিবলৈ, সিমান বস্তু দেখিবলৈ পাঁচ বছৰ থাকিলেও সুবিধানহ'ব। লণ্ডনলৈ আমি কেৱল এই কামৰ নিমিত্তে আমাৰ দেশৰ মানুহক আহিবলৈ নকওঁ, ইয়াত শিকা নেযায়, এনে কাম খুব তাকৰ। আপুনি যদি ভাৰতীয় Civil Serviceত কাম ল'ব খোজে, ইয়ালৈ আহিব লাগে; যদি ব্যাৰিষ্টাৰ হ’ব খোজে, ইয়ালৈ আহিব। লাগে; ইয়াত আপুনি এঞ্জিনীয়েৰৰ সকলো ৰকম শাখা-প্ৰশাখাৰ শিক্ষা ল’ব পাৰে। যদি ইণ্ডিয়ান মেডিকেল চাৰ্ভিচত সোমাব খোজে, ইয়ালৈ আহিব লাগে; যদি ডাক্তৰ হ'ব খোজে, ইয়ালৈ আহিব লাগে। ইয়াত কি আছে তাকে বিচাৰিবলৈ ৰামায়ণ-মহাভাৰত লেখিব লাগিব; ইয়াত কি নাই তাকহে মানুহক সোধা উচিত।

 লণ্ডনৰ প্ৰধান বাট এটাত আমি যদি থিয় হৈ কেইমিনিটমান থাকোঁ, আৰু আমি যদি মানুহবোৰ লেখিবলৈ ধৰোঁ, তেনেহ'লে আমি লেখ-জোখ হেৰুৱাম। অক্সফোৰ্ড চাৰ্কাচ কি পিক্যাডেলি চাৰ্কাচ (এইয়া কলিকতালৈ জাৰকালি যি চাৰ্কাচ আহে সেই চাৰ্কাচ নহয়,। বাটৰ নাম; সেই ঠাইবোৰ প্ৰায় গোলাকাৰ; বহুতো ঠাই গোট খায় আহি; সেই দেখিয়েই বোধকৰোঁ চাৰ্কাচ বোলে) দুপৰীয়া, ভালদিনত চাবৰ ঠাই। প্ৰত্যেক দিন (দেওবাৰ বাদে) এনে গেজা-গেজি তাত যেন মেলাহে। আৰু একৰকম চাবলৈ গলে সি সঁচাসঁচিকৈ মেলা। লণ্ডনৰ প্ৰত্যেক প্ৰধান প্ৰধান ঠাইত দোকান—সি কেনে দোকান? কলিকতাৰ চৌৰঙ্গীৰ গ্ৰ্যাণ্ড হোটেলৰ তলত থকা দোকানবোৰ দেখিলে অলপ আভাস পোৱা যায়। ইয়াত কাম-কাজ নোহোৱা, ৰূপবান থকা কি নথকা, তিৰুতা মানুহে দোকানবোৰৰ আগত থিয় দি চাই ফুৰাই তেওঁলোকৰ জীৱনৰ এটি প্ৰধান কাম। “Looking at the shops” তিৰুতা-জীৱনৰ এটা প্ৰধান কাম, এটা উচ্চ আশা। দুখীয়া তিৰুতা ছোৱালী [  ] অথচ ভাল কাপোৰ পিন্ধাৰ হেঁপাহ, সেইবোৰ West End ৰ দোকানলৈ আহি ফ্যাচন চাই গৈ নিজেই কিম্বা আন দৰ্জিৰ হতুৱাই চোলা কাপোৰ কৰাই লয়। ইয়াত গৃহস্থৰ ঘৰৰ ছোৱালীয়ে নিজৰ কাপোৰ নিজেই প্ৰায় কৰে, অতি কদাচিতহে দৰ্জিৰ হতুৱাই। কৰায়। অৱশ্যে যাৰ টকা-পইচা সৰহ, তাৰ বেলেগ কথা; আমি গৃহস্থ কথা ঠিক আমাৰ দেশত যি ভাবত গৃহস্থ ব্যৱহাৰ কৰা হয়, সেই ভাবেই ব্যৱহাৰ কৰিছোঁ। খ্ৰীষ্টমাচৰ সময়ত দোকানবোৰ সঁচাকৈয়ে চাবলগীয়া। দোকান সজোৱাৰ কি নিয়ম! বস্তুবোৰে কাঁচৰ দুৱাৰৰ ভিতৰৰপৰা “মোক কিনহি মোক কিনহি” বুলি মাতি থাকে। এইখিনি সময়তে গাঁৱৰ ছোৱালী আৰু বয়সিয়াল তিতাৰ উলাহ চাবলগীয়া; আৰু সৰু সৰু ল’ৰা-ছোৱালীৰতো কথাই নাই। যাৰ য'ত ভাই বন্ধু, মিতিৰ কুটুম, আই-বোপাই আছে, আটাইবোৰ একেলগ হয়হি, আৰু লগ হ'ব নোৱাৰিলে চিঠি দি শুভ-ইচ্ছা পঠোৱা, ‘প্ৰেজেন্ট’ পঠোৱা, মৰম পঠোৱা, খ্ৰীষ্টমাচৰ সময়ৰ নিত্যনৈমিত্তিক কাৰ্য্য। ডাকোৱালৰ ইমান কাম বাঢ়ে যে বহুতো বাহিৰা মানুহ ডাকোৱাল নিযুক্ত হয়।

 আমাৰ দেশৰ মানুহে প্ৰথমে এই কথা সুধিব—“বিলাতত কিমান খৰচত এজন মানুহ থাকিব পাৰে?” তাৰ উত্তৰত ইংলণ্ডীয় ভাষাত এটি কথা আছে—It all depends. সেই উত্তৰ আমি দিওঁ। যদি ঘৰ-বাৰী চাই ল’বৰ শক্তি আছে তেনেহ'লে খোৱা-থকাৰ খৰচ প্ৰতি সপ্তাহে এটা খোঁটালীত এক পাউণ্ড এক গিনিত বিচাৰি ল’ব পাৰি। কিন্তু ই টান। প্ৰথমে আহিলে নিজেই অলপ বেছি দি থাকিব লাগিব তাৰ পাছত চালাক-চতুৰ মানুহে নিজেই বিচাৰি ল’ব। সপ্তাহত ২৫। ৩০ চিলিং সচৰাচৰ খৰচ। ৩৫ চিলিং দু পাউণ্ড দিলে সুবিধামতে থাকিব পাৰি; অৱশ্যে ধোবাৰ খৰচ বেলেগ। কলিকতাতে হওক কি আসামতে হওক যি মানুহক ধোবাই নিয়মমতে কাপোৰ দিয়ে, তেওঁ বৰং সৌভাগ্যশালী —আপুনি জানেই। ইয়াত ধোবাৰ কষ্ট তেনে নাই। সোমবাৰে কাপোৰ লৈ যাব, শুকুৰ কি শনিবাৰে নিশ্চয় দিবই দিব, কিয়নো দেওবাৰে গিৰ্জালৈ ধোৱা কামিজ-কলাৰ পিন্ধি যাব লাগিব। ষোবাৰ খৰচ অৱশ্যে হাড়ভঙা—এটা কামিজ ধোৱাৰ খৰচ চাৰি অনা, এটা ডবল কলাৰ চাৰি পইচা, এটা চিংগিল কলাৰ দুই পইচা,। মোজা চাৰি পইচা, বগা ওৱেষ্টকোট ছয় অনা, ৰুমাল দুই পইচা ইত্যাদি। প্ৰতি সপ্তাহে অতি সাৱধানে চলিলে ধোবাৰ খৰচ প্ৰায় এটকামান লাগে। বিচনা-পাতি, গামোচা ইত্যাদি ঘৰৰ মালিকৰ। সেইবোৰ বস্তুৰ ধোৱা খৰচো ঘৰৰ মালিকৰ। কয়লা জাৰকালি এক খৰচৰ বস্তু। প্ৰত্যেক Scuttle (স্কটল, কয়লা ৰখা সৰু পাত্ৰ) ছঅনা। অতি সাৱধানে পৰিলে এক স্কটল কয়লা দিনৌ যায়। কোনো ঠাইত কয়লাৰ আকৌ দাম বেছি— এক স্কটলৰ দাম আঠ অনা, বাৰ অনা, ঘৰ চাই। ছয় অনাই সচৰাচৰ নিয়ম। আকৌ কোনো ঠাইত চাকিৰো দাম লয়—প্ৰত্যেক গেছৰ নিমিত্তে সপ্তাহত ছয় অনা। ভালকৈ [  ] চাই-চিন্তি ল’ব পাৰিলে এইবোৰ দিব নলগা ঠাই বিচাৰি ল'ব পাৰি।

  আপোনাৰ নিমন্ত্ৰণ ডাঙৰ নিমন্ত্ৰণ। কি লেখিম, কি এৰিম, যি মনত আহিছে তাকে লেখিছোঁ। বিলাতৰ বিষয়ে জানিবৰ হ'লে আমাৰ দেশৰ মানুহে ডিকেন্স, থ্যাকাৰে, হেনৰীউড, ব্ৰাডন ইত্যাদি উপন্যাস লেখকৰ উপন্যাস পঢ়া ভাল। যি উপন্যাস হাতৰ ওচৰত পায় পঢ়িব; পঢ়োঁতে বিলাতৰ আচাৰ-ব্যৱহাৰ, চলিব-ফুৰিবৰ ৰীতি-নীতি কণ্ঠস্থ হৈ যাব। উপন্যাস পঢ়ি সামাজিক ৰীতি-নীতি, মানুহৰ আচাৰ-ব্যৱহাৰ যিমানদূৰ জানিব পাৰি, তেনে বোধকৰোঁ ইতিহাসতো নোৱাৰি। তাৰ মানে ইতিহাস আমি প্ৰায় স্কুলীয়া কিতাপ হেন ভাবি পঢ়োঁ, উপন্যাস তাৰ ঠিক ওলোটা। সামাজিক উপন্যাস পঢ়ি ভিন ভিন দেশৰ ৰীতি-নীতি আচাৰ-ব্যৱহাৰ সহজে জনা যায়।ইংলণ্ডীয় ভাষাত ভাল ভাল। উপন্যাস বহুত আছে। সময় থাকিলে সেইবোৰ পঢ়া ভাল।

  লণ্ডনত ব্যাৰিষ্টাৰী শিক্ষাৰ কলেজবোৰ আমি আনকথাৰ অভাৱত 'কলেজ' বুলিছোঁ—এইবোৰৰ Inn of Court কয়। এই Inn Court চাৰিটা –Inner Temple, Middle Temple, Lincoln's Inn, Gray's Inn. চাৰিওটা Inn ৰ পৰীক্ষা একে, পঢ়া একে, শিক্ষক একে, কেৱল মাত্ৰ ঘৰ বেলেগ৷ ব্যাৰিষ্টাৰ হ’লে চাৰিটা টাৰ্ম ৰাখিব লাগে আৰু পাঁচোটা পৰীক্ষা পাছ হ’ব লাগে। শুদা ১২টা টাৰ্ম কিম্বা শুদা পৰীক্ষা পাছ হলে। ব্যাৰিষ্টাৰ হ’ব নোৱাৰে। আমাৰ দেশৰ কোনো কোনো মানুহৰ ভুল বিশ্বাস আছে যে কেৱল ডিনাৰ অৰ্থাৎ ভোজ খালেই কি খুৱালেই ব্যাৰিষ্টাৰ হ'ব পাৰে। পৃথিৱীৰ আটাইবোৰ ভুল বিশ্বাসৰ ভিতৰত এই ভুল বিশ্বাস প্ৰধান শাৰীৰ। প্ৰত্যেক টাৰ্ম ছটা। ডিনাৰ খাই ৰাখিব লাগে; ই পুৰণা নিয়মৰ অৱশিষ্ট মাত্ৰ। ডিনাৰৰ সময়ত কোনো আইন সম্বন্ধীয় তৰ্ক-বিতৰ্ক নহয়। কিন্তু এইবোৰ ডিনাৰ খাবই লাগে, নেখালে ব্যাৰিষ্টাৰ হোৱাৰ মূৰৰ ওপৰত টাঙোন। আমাৰ দেশীয় হাইকোৰ্টৰ উকীলবোৰে নতুন নিয়মানুসাৰে। এবছৰ ছুটী পায়। কিন্তু ছুটী পোৱা হ'বলৈ হ'লে উকীলজনা এজন ব্যাৰিষ্টাৰৰ অফিচত এবছৰৰ নিমিত্তে সোমাব লাগিব। সেই ব্যাৰিষ্টাৰে চাৰ্টিফিকেট দিলেহে তেওঁ এবছৰৰ ছুটী পাব। উকীল Inn ত ভৰ্ত্তি হোৱা সময়ত এজন ব্যাৰিষ্টাৰৰ অফিচত সোমালে। একেলগে এবছৰ কাটি যায়। আৰু এটি নিয়ম আছে-ফাইনেল অৰ্থাৎ শেষ পৰীক্ষাটো। যদি প্ৰথম বিভাগত পাছ হোৱা যায়, তেনেহ'লে দুটা টাৰ্ম এৰি দিয়ে। তেনেহ'লে উকীলজনাই চাৰিটা টাৰ্ম অৰ্থাৎ এবছৰ বাৰিষ্টাৰ আফিচত সোমাবৰ নিমিত্তে এৰা পায়, আৰু তাৰ লগত প্ৰথম বিভাগত ফাইনেল পাছ হ'লে আৰুদুটা টাৰ্ম এৰা পায়; তেনেহ'লে তেওঁ ডেৰবছৰৰ ভিতৰত ব্যাৰিষ্টাৰ হৈ ঘৰলৈ উভতি যাব পাৰে। আৰু এটি জানিবলগীয়া কথা, উকীলজনা যদি পঁচিশ বছৰ বয়সৰ ভিতৰত প্ৰথম হয়, তিনিশ গিনি পুৰস্কাৰ পায়, আৰু আন আন প্ৰথম বিভাগত পাছ হোৱা ছাত্ৰই ৫০ গিনি পায়। প্ৰথম বিভাগত তাকৰ [  ] ছাত্ৰ পাছ হয়। আমাৰ আসামৰ উকীল যদি কোনো হাইকোৰ্ট উকীল আছে, তেনেহ'লে। তেওঁ ব্যাৰিষ্টাৰী পৰীক্ষাৰ বিষয়ে চিন্তা কৰা উচিত জানিহে ইমানখিনি লেখিলোঁ।।

  মই জানো বহুতৰ বিলাতলৈ আহিবলৈ ইচ্ছা। বিলাত যেতিয়া দেখা নেযায়, তেতিয়া কিমান বিলাতৰ ছবি মনত হয়; বিলাত তেতিয়া স্বপ্নৰাজ্য। বিলাত কেৱল ৰোগ- শোক-তাপ নোহোৱা ঠাই হেন লাগে। কিন্তু বিলাতলৈ আহিলে স্বপ্নৰাজ্যৰপৰা বাস্তৱিক ৰাজ্যলৈ অহা যায়। তেতিয়া জনা যায় যে বিলাততো ভোক লাগে, বিলাততোনৰিয়াপাটী আছে। মানুহৰ যিবোৰ কাৰ্য্য, বিলাতৰ মানুহেও সেইবোৰ কাৰ্য্য কৰে। আমি বহুত মানুহক এই স্বপ্নৰাজ্যলৈ টকা-কড়ি নোহোৱাকৈ অহা দেখিছোঁ। তেনে মানুহক আমি আহিবলৈ উৎসাহ কেতিয়াও নিদিওঁ। বিলাতলৈ টকা-কড়ি লৈ অহা উচিত। বিদেশত কত কষ্ট, কত বিপদ; বন্ধু বান্ধৱ নাই। সেইদেখি টকাক বন্ধু কৰি লৈ অহা উচিত। টকাৰ। সমান বন্ধু আমাৰ দেশতো নাই; বিলাতততো কথাই নাই। যদি কোনো ল’ৰা লেখা- পঢ়াত বৰ চোকা অথচ টকা-কড়ি নাই, তেনেহলে টকা পুতি থোৱা মানুহসকলে টকা। পুতি থোৱা এৰি তেনে ল'ৰাক বৃটেনলৈকে হওক, বা আমেৰিকালৈকে হওক, কি জাপানলৈকে হওক, কি য়ুৰোপৰ আন ঠাইলৈকে পঠোৱা উচিত। দেশৰ উপকাৰ কৰাৰ ই এটা প্ৰধান বাট।

 আজি আৰু ইমানতে এৰিলোঁ। যদি আপুনি ভাল পায় আৰু আপোনাৰ পঢ়োঁতা ডাঙৰীয়া-ডাঙৰীয়ানীসকলৰ আজ্ঞা হয়, ক্ৰমে বৃটেনৰ বিষয়ে লেখিবলৈ চেষ্টা কৰিম।।

(২)

 সম্পাদক ডাঙৰীয়া,

 গ’লবাৰত আমাৰ দেশৰ মানুহবিলাতলৈ অহা উচিত বুলি আপোনালৈ লেখিছিলোঁ। ‘বিলাত’বুলি কোৱাত আপুনি নেভাবিব যে মই অকল ইংলণ্ডকহে বুজাইছোঁ; য়ুৰোপৰ আন আন ঠাই আৰু আমেৰিকাকো বিলাত বুলি ভাবক। আন কি, জাপানলৈকো আমাৰ ল'ৰাবোৰ যোৱা উচিত। যি দেশত শিক্ষা পোৱা যায়, সেই দেশলৈকে যোৱা উচিত। দুখৰ বিষয়, আমেৰিকা আৰু জাপানৰ বাতৰি মই সমূলি দিব নোৱাৰোঁ। য়ুৰোপৰ ভিতৰত ইংলণ্ড আৰু স্কটলণ্ডৰ বাতৰিহে মই ভালকৈ দিব পাৰিম। ফ্ৰান্সৰ বাতৰিও অলপ-অচৰপ দিব পাৰিম। যদি সময় পাওঁ সেইবোৰ লাহে লাহে লেখি থাকিম। আপোনাৰ কাকতৰ নিমিত্তে লেখাটো সুখৰ কথা।

 গ’লবাৰত কৈছোঁ যে ৰূপবান নোহোৱাকৈ বিলাতলৈ আহিবলৈ মই কাকো উৎসাহ নিদিওঁ। ইয়ালৈ টকা-কড়ি নোহোৱা ভাৰতবৰ্ষীয় মানুহ আহি বৰ বিপন্নাৱস্থাত পৰা আমি দেখিছোঁ। ভাল মানুহৰ বহুতো ল'ৰাই ইয়ালৈ আহি কিমান যে সৰু কামত হাত [  ] দিয়া দেখিছোঁ, কি কম! যেনে – বাটে বাটে ‘হেণ্ডবিল’ বিলোৱা, হোটেলত চাকৰ হোৱা ইত্যাদি। আমাৰ দেশৰ ভাল মানুহৰ ল'ৰা ইয়ালৈ আহি টকা-কড়িৰ অভাৱত পৰি সৰু কামত হাত দিবলৈ বাধ্য হোৱাটো দেখা পালে ভাল নেলাগে। আপোনাৰ পাঠকসকলৰ ভিতৰত যদি কোনোৱে য়ুৰোপলৈ আহিবলৈ মনত থিৰ কৰে, তেওঁ যেন বিপদৰ বন্ধু, পৃথিৱীত শক্তিশালী বন্ধু টকাক ভালকৈ সম্বল কৰি লগত লৈ আহে।। “বিলাতলৈ গৈ তাত কাম কৰি টকা উপাৰ্জন কৰি পঢ়িম” বুলি যেন কোনো নাহে।

  আপুনি হয়তো সুধিব, “তুমি কিমান বয়সত আমাৰ ল'ৰাবিলাকক বিদেশলৈ যাবলৈ কোৱা?” উত্তৰত কওঁ যে ওঠৰ বছৰৰ আগৈয়ে কেতিয়াও নহয়। তাৰ মানে এফ. এ. মান পাছ কৰি অহাটো ভাল। এফ. এ. পাছ নকৰি যে কাকো আহিবলৈ মই কোৱা নাই এনে নহয়। সেইদৰে মোৰ কবৰ মানে এইটোহে যে যিমান সৰহকৈ লিখা-পঢ়া শিকি আমাৰ দেশৰপৰা ইয়ালৈ অহা যায়, সিমান ভাল৷ ইগ’ল ল'ৰাৰ কথা। বয়সিয়াল মানুহ যেতিয়াই পাৰে তেতিয়াই অহা উচিত। দেশত মটৰ-গাড়ী নিকিনি, কলিকতাৰ ডাঙৰ ডাঙৰ দোকানত ধাৰে বস্তু-বেহানি নিকিনি, পাটৰ 'পাঞ্জাবী' চোলা, ফিৰ্ফিৰীয়া পাতল চুৰিয়া, নানা ৰঙৰ চাদৰ নিপিন্ধি, অমুক জান-বিবিৰ নাচ, অমুকী বাইজীৰ নাচ চাই পৈতৃক জমিদাৰী কিম্বা আন পৈতৃক সম্পত্তিৰ শ্ৰাদ্ধ নকৰি যদি আমাৰ (আমাৰ মানে মই কেৱল আসামৰ কথা কোৱা নাই, ভাৰত গোটেইখনৰ কথা কৈছোঁ) দেশৰ ধনী মানুহে দেশ ভ্ৰমণ কৰে, তেনেহ'লে সেই টকাৰ কিঞ্চিৎ সদ্ব্যৱহাৰ হয়। সি যি হওক, ভাৰতৰ ভালেমান ঠাইৰপৰা ইংলণ্ডত এনে মানুহ মাজে মাজে দেখি আমাৰ চকু জুৰায়।

  আমাৰ দেশৰ মানুহ এই দেশলৈ মে’ মাহমানত অহা উচিত। ইংলণ্ডত বতৰৰ ঠিক নাই। আমাৰ দেশত ছয় ঋতু। ইয়াত চাৰিটা। এজন ৰসিক মানুহে কৈছে, বিলাতত কেৱল এটা ঋতু অৰ্থাৎ জাৰ। জহকালিক তেওঁ “Leafy winter” অৰ্থাৎ পতীয়া জাৰকালি বুলি কৈছে। কেতিয়াবা ইয়াত জহকালিও বেছ জাৰ; আৰু কেতিয়াবা জহকালি। ইমান জহ হয় যে বাটে-ঘাটে দুৰ্বল-সবল মানুহ মূৰ্ছা যায় আৰু কোনো লোকৰ মৃত্যুও হয়। বৃটেনৰ জহকালি বৰ সুন্দৰ। যিবোৰ গছ-গছনিৰ গাৰপৰা জাৰকালিয়ে নিৰ্দয়ভাৱে আৱৰণ কাঢ়ি লয়, বসন্তকালে দয়া-পৰবশ হৈ সিহঁতৰ গাত সেই আৱৰণ নতুনকৈ দিয়ে। জহকালিৰ সদ্ব্যৱহাৰত অতি সুন্দৰ ৰূপ ধাৰণ কৰে। ৰ'দৰ প্ৰকোপ সিমান নাই। সাপ কিম্বা তেনে জন্তুৰ প্ৰাদুৰ্ভাব নাই। সেইদেখি মনৰ সুখেৰে আপুনি কোনো বাগিচা বা মুকলি ঠাইলৈ গৈ, পাইপ মুখত লৈ আপোনাৰ প্ৰিয় কবি নাইবা গ্ৰন্থকাৰৰ গ্ৰন্থ লগত লৈ ঘাঁহৰ ওপৰত বহি বা দীঘল হৈ পৰি নিৰ্ভয়ে নিৰ্বিঘিনিয়ে পৰম সুখ অনুভৱ কৰিব পাৰে; ইচ্ছা হলে ওচৰতে উমলি ফুৰা সৰু সৰু ল'ৰা-ছোৱালীৰ ৰং-ধেমালি চাব পাৰে; গাভৰু ছোৱালীৰ ৰূপৰ প্ৰশংসা কৰিব পাৰে; নাইবা বুঢ়া-বুঢ়ীসকলে তেওঁলোকৰ [  ] অতীতৰ কথা ভাবি ভাবি লাহে লাহে খোজ কঢ়া দেখি সংসাৰৰ গতি-বিধিৰ কথা ভাবি ভাবি আপুনি সুন্দৰৰূপে নিদ্ৰাও দিব পাৰে। সঁচাকৈয়ে ইংলণ্ডৰ জহকালি সুখৰ বস্তু। আপুনিও যদি জীৱনৰ বসন্ত কিম্বা জহকালিত, তেনেহ'লে এই জহকালি আপোনাৰ সুখকৰ হ’ব। মোৰ কবিতা লেখিবৰ শক্তি নাই; থকা হ'লে কবিতা এটা লেখি ইংলণ্ডীয় জহকালিক বন্দনা কৰি আপোনালৈ পঠিয়ালোঁহেঁতেন।

  জহকালি ইয়াত সূৰ্য্য ৮৷৷ বজা ৯ বজাত অস্ত যায়, ৩ ॥ কি ৪ বজাত উদয় হয়। লাহে লাহে শৰৎকালৰ আগমনত সময় কমি আহে। জাৰকালি বহুত দিন সূৰ্য্যদেৱতাক দেখা পোৱা নেয়। পাৰ্চী এজনে তেওঁলোকৰ ধৰ্ম্ম সমৰ্থন কৰি এজন ইংলণ্ডীয়ক কি কৈছিল আপুনি অৱশ্যে জানে। ইংলণ্ডীয়জনে পাৰ্চীজনক সুধিলে, “তোমালোকে সূৰ্য্যক কিয় পূজা কৰা? ছিঃ ই বৰ বেয়া কথা তোমালোকৰ।” পাৰ্চীজনে ইংলণ্ডীয়জনৰ মুখৰ কথা শেহহ’বলৈ নিদিয়াকৈ ক'লে — “মনে মনে থাকা দেওহে, আমাৰ সূৰ্য্য তোমালোকৰ ইয়াত থকা হ'লে তোমালোকেও তেওঁক পূজা কৰিলাহেঁতেন।” জাৰকালি কেতিয়াবা ইয়াত এনে এন্ধাৰ হয় যে দিনৰ দিনটো চাকি লগাইহে কাম-বন কৰিব পাৰি। আজি জাৰকালিৰ কথা কৈ আপোনাক নকঁপাওঁ। জহকালিৰ কথাকে শুনক।

  এই দেশত কোনো মানুহ যিমান দুখীয়া হওক, কমপক্ষেও জহকালি তেওঁ এসপ্তাহমান কাম-বনৰপৰা আজৰি লৈ সপৰিয়ালে নগৰৰ গেজাগেজিৰপৰা উদ্ধাৰ হৈ হয় সমুদ্ৰৰ তীৰত, নহয় গাঁৱৰ সুবিস্তীৰ্ণ পথাৰৰ ওচৰত আশ্ৰয় লৈ তেওঁৰ শৰীৰৰ ভাগৰ আৰু আমনি খেদাই আকৌ কামৰ নিমিত্তে প্ৰস্তুত হয়। এইটো বৰ ভাল নিয়ম। আমাৰ দেশৰ মানুহে এনে বিশ্ৰামৰ মূল্য বুজা হলে আমাৰ দেশত নৰিয়াপাটীৰ লেখ ভালেমান কমিলহেঁতেন। সি যি হওক, এই “Taking a holiday” নিয়মটো ইয়াত বৰ প্ৰচলিত।

  জহকালি “Where are you going for your holiday?” এই প্ৰশ্নটো সাধাৰণ। লণ্ডনৰ ওচৰত বহুতো সমুদ্ৰতীৰ ঠাই আছে। বৃটেনখনেই বা কিমান ডাঙৰ? তিনি-চাৰি ঘণ্টা ৰেলত ফুৰি এঠাইৰপৰা এঠাইলৈ গ'লেই বহুতে ইয়াত ভাবে যে তেওঁ খুব ফুৰি আহিল। “You must be feeling very tired after your long journey, do you have another cup of tea?” এইদৰে এজনে এজনক কোৱা প্ৰায়ে শুনা যায়।

  ইংলণ্ডীয় মানুহ অতি ভদ্ৰ। যি মানুহৰ বিশ্বাস ইংলণ্ডীয় মানুহ বেয়া বুলি, তেওঁৰ সেই বিশ্বাস ভুল। আমাৰ দেশত থকা কোনো কোনো ইংলণ্ডীয়, স্কটলণ্ডীয়, আয়ৰ্লণ্ডীয় মানুহৰ ব্যৱহাৰত যদি এনে বিশ্বাস হৈ থাকে, তেনেহলে সি অন্যায়। আমাৰ দেশৰ যি মানুহে এনে ভাবে, বৃটেনলৈ তেওঁৰতো অহা নিতান্ত উচিত; তেনেহ'লে তেওঁৰ ভুল গুচিব। বৃটিছ জাতি ইংলণ্ডত কেনে, চাই গ'লেহে তেওঁলোেক প্ৰতি মৰম-শ্ৰদ্ধা আমাৰ দেশৰ মানুহৰ নিশ্চয় বাঢ়িব। [  ]   ব্ৰাইটন লণ্ডনৰ পৰা ৫০ মাইল দূৰ।ইয়াক Queen of seaside resorts বুলি কোৱা হয়। লণ্ডনৰ ওচৰত এই ঠায়েই সমুদ্ৰতীৰৰ ঠাইৰ ভিতৰত প্ৰধান। বৃটেন দ্বীপৰ সমুদ্ৰতীৰৰ ঠাইৰ অন্ত নাই। তাৰ ভিতৰত নামজ্বলা ঠাই বহুতো। এই নামজ্বলা ঠাইৰ ভিতৰত ব্ৰাইটনক কোনোৱে সৰ্ব্বপ্ৰধান ঠাই বোলে। কোনোৱে এই ঠাইৰ আকাৰ দেখি ইয়াক London by the sea বুলিও বিদ্ৰূপ কৰি কয়। মানুহে সমুদ্ৰতীৰলৈ যেতিয়া যায়, তেতিয়া “ফ্যাচ্যন”ৰ ধাৰ সিমান নেখায়, অৰ্থাৎ কাপোৰৰ পিনে তেওঁ সিমান চকু নেৰাখে কিন্তু ব্ৰাইটনত এনে নহয়। লণ্ডনত যেনে পৰিপাটিৰূপে কাপোৰ-কানি পিন্ধিব লাগে, ব্ৰাইটনতো তেনেকৈ মানুহে পিন্ধে। লণ্ডনলৈ যি মানুহ আহে,ব্ৰাইটনলৈ অন্ততঃ এদিনৰ বাবে তেওঁ যোৱা উচিত।

  ইয়াত ৰেল গাড়ীত অহা-যোৱাৰ বৰ সুবিধা। এনে সুবিধা যে মানুহে ব্ৰাইটনৰপৰাও লণ্ডনলৈ আহি অফিচ কৰি দিনৌ উভতি যাব পাৰে। কোনো কোনোৱে এনে কৰেও। বৰ দ্ৰুত ট্ৰেন হলে এঘণ্টাতে ব্ৰাইটনৰপৰা লণ্ডন কি লণ্ডনৰপৰা ব্ৰাইটনলৈ আহিব। পাৰি। ইয়াত ভাল মানুহেও তৃতীয় শ্ৰেণীৰ গাড়ীত উঠে। তৃতীয় শ্ৰেণীত নুঠাটোৱেহে বিৰল। অৱশ্যে বৰ ডাঙৰ মানুহ, বৰ ধনী মানুহসকলে প্ৰথম শ্ৰেণীত উঠে আৰু ফোঁপ-যহী মানুহো উঠে। সাধাৰণতঃ কিন্তু তৃতীয় শ্ৰেণীতহে মানুহ উঠে৷ অৱশ্যে আমাৰ দেশৰ তৃতীয় শ্ৰেণী আৰু ইয়াৰ তৃতীয় শ্ৰেণীৰ অৱস্থা বহুতো বেলেগ। এই কাৰণেই তৃতীয় শ্ৰেণীত বিনাকষ্টে ভ্ৰমণ কৰিব পৰা যায়। আৰু এটা কথা, দেশখনেই বা কিমান ডাঙৰ! ৰেলত বিচনা পাতি শোৱাৰতো সিমান দৰ্কাৰ নাই। আমাৰ দেশত কলিকতাৰপৰা বম্বে, কি কলিকতাৰপৰা পুৰী, কি টুটিকোৰিন কিমান দূৰৰ বাট! পানী। ল, বিচনা ল, পেৰা ল, হেৰ’ অমুকাৰাম, ধোঁৱাখোৱাটো ল’বলৈ নেপাহৰিবি ইত্যাদি। ইয়াত সেইবোৰৰ সিমান আসোঁৱাহ নাই। যলৈকে আপুনি যাব, আপুনি বিচনা-পাটী, গামোচা ইত্যাদি পাব। সেইদেখিয়েই ইয়াৰপৰা মানুহ গলে বম্বেত “তোৱালিয়া”কিনা, গাৰু কিনাৰ ধুম পৰি যায়। জাৰকালি হলে ৰেলগাড়ীত এখন “ৰগ” লৈ ফুৰা ভাল। দীঘলীয়া বাট হলে যেনে ভাবক এডিনবৰাৰপৰা লণ্ডনলৈ ৰগ, গাৰু কেৰেয়াকৈ ল’বলৈ পায়। তৃতীয় শ্ৰেণীত ভালকৈ আৰামেৰে শুই টোপনিয়াব নোৱাৰি; চলি- বহিয়েই সেইকাম সম্পন্ন কৰিব লাগে। প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণীতে তথৈবচ বুলিলেই হয়।

  সি বাৰু যি হওক, আমি ব্ৰাইটনৰ কথাকে অলপ আৰু কৈ এইবাৰৰ লেখা সামৰোঁ। ব্ৰাইটনক চতুৰ্থজৰ্জে ‘ফ্যাচ্যনেবোল’কৰে। চতুৰ্থ জৰ্জ যেতিয়া প্ৰিন্স অব ৱেল্‌চ আছিল, তেতিয়া তেওঁ সেইখিনি সময়ৰ ‘ফ্যাচ্যন’ৰ ৰজা আছিল। তেওঁ সেই ঠাইত পূৰ্বদেশীয় ধৰণৰ এটা ৰাজপ্ৰাসাদ নিৰ্মাণ কৰাইছিল। তেতিয়াৰপৰা ব্ৰাইটন “ফ্যাচ্যনেবোল” হ’ল। [ ১০ ]   আজিকালি এই প্ৰাসাদ ছ পেনি দি সোমাই চাব পাৰি; আৰু ইয়াত সপ্তাহত কোনো কোনো দিন ব্যাণ্ড বাজে। এই প্ৰাসাদৰ নাম Pavilion. ইয়াৰ Architecture একেবাৰে আমাৰ দেশী; অৰ্থাৎ তাৰ ওপৰত ডোমবোৰ (dome) ঠিক মছজিদৰ ডোমৰ দৰে। আৰু এই প্ৰাসাদ যে Oriental ধৰণৰ, তাৰ আন চিনো আছে। ব্ৰাইটনলৈ গ'লে এবাৰ অন্ততঃ এই Pavilion ৰ ভিতৰৰ চাৰিউ ফালে ভূমুকি মাৰি অহা উচিত।

  আৰু এটি কথা। ইংলণ্ডৰ ডাঙৰ ডাঙৰ মানুহৰ (আমাৰ দেশৰো আজি কালি তথৈবচ) প্ৰায়ে বাতৰ বেমাৰ আছে; তেতিয়াও আছিল। ব্ৰাইটনত সেইখিনি সময়ত এজন ভাৰতবৰ্ষীয় মুছলমান আছিল। তেওঁ ৰোগীৰ গা পিটিকি নৰিয়া ভাল কৰিছিল। তেৱোঁ ব্ৰাইটনক ‘ফ্যাচ্যনবোল’ কৰাৰ এটি কাৰণ। আমি ভাৰতবৰ্ষীয়। সেইদেখি যেতিয়া আমি এই বিষয়ে জানিব পাৰিলোঁ, তেতিয়া আমাৰ বৰ আনন্দ হৈছিল। ভাৰতবৰ্ষৰপৰা মানুহ তেতিয়াও ইংলণ্ডলৈ আহিছিল, আজি-কালিতো আৰু অহা উচিত।

  যি মানুহ ইংলণ্ডলৈ আহে তেওঁ কেৱল লণ্ডনতে বহি থকা অনুচিত, আন ঠায়ো চোৱা ভাল। ব্ৰাইটন ওচৰতে, সেইদেখি ব্ৰাইটনৰ কথা কেইষাৰমান কৈছোঁ। ইয়াৰ জলবায়ু ভাল। সেইদেখি এই ঠাইক বহুতে Dr. Brighton বুলিও মাতে।

  সমুদ্ৰৰ তীৰডোখৰ বন্ধোৱা। তাত মানুহে অনবৰত খোজ কাঢ়িবই লাগিছে। ইয়াত দুখন Pier আছে, এখনৰ নাম West Pier আৰু আনখনৰ নাম Palace Pier। গঞ্জামৰ গোপালপুৰত এমাহমান আমি আছিলোঁ, আপুনি জানে। তাতো আমি ভগা হওক ছিগা হওক এখন পিয়েৰ দেখিছিলোঁ। আমাৰ অসমৰ মানুহে পিয়েৰ (Pier) কি বুজা অলপ টান পাব যেন পাওঁ। সমুদ্ৰতীৰৰপৰা দলঙৰ দৰে কাঠ আৰু লোৰে তৈয়াৰ কৰা এটি বস্তু — এই ধৰক হাওড়াৰ পুলৰ সমান দীঘল। অৱশ্যে সকলো পিয়েৰৰে দীঘ একে নহয়। কোনোখন ডাঙৰ। কোনোখন সৰু। এই Pier বোৰৰ মূৰত সমুদ্ৰৰ পানীৰ ওপৰত প্ৰায়ে এটা ঘৰ থাকে। সেই ঘৰটোক Pavilion বোলা হয়। এই পেভিলিয়নত গান-বাজনা, থিয়েটাৰ, কি আন ৰকম আমোদ-প্ৰমোদ হয়। Pier ত সোমাওঁতে পইচা দি সোমাব লাগে; অৰ্থাৎ ইংলণ্ডত সঁচাকৈয়ে উঠোঁতে বহোঁতে পইচা! সমুদ্ৰৰ তীৰৰ বন্ধোৱা বাটত ডেক মাচিয়া কি আন মাচিয়া সজোৱা আছে। তাত বহোঁতেও পইচা দি বহিব লাগে, বেঞ্চত পইচা দিব নেলাগে।

  ব্ৰাইটনৰ লগালগি এখন ঠাই Hove. সিও ব্ৰাইটন, West Brighton বোলে। এই যেনে কলিকতা শ্যামবজাৰ, কি কলিকতা ভৱানীপুৰ। ব্ৰাইটনৰপৰা চাৰি মাইল দূৰত Rotting dene বুলি এখন ঠাই আছে। ইয়াত বিখ্যাত চিত্ৰকৰ বৰ্ণ জোন্‌চ, লেখক ৰডিয়াৰ্ড কিপলিঙৰ ঘৰ আছে। আচল ব্ৰাইটনতকৈ পশ্চিম ব্ৰাইটনত নিজান দেখি হোভ অথবা পশ্চিম ব্ৰাইটনত সৰহ মানুহ থাকিবলৈ চেষ্টা কৰে। [ ১১ ] যেনে দেখা গৈছে, এনে মনত হ'ব পাৰে যে দুশ, তিনিশ বছৰৰ পাছে বৃটেনৰ চাৰিউফালে সমুদ্ৰতীৰবোৰ ঘৰেৰে পৰিপূৰ্ণ হৈ যাব। ইমান সোনকালে ইয়াত চাৰিউ ফালে ঘৰবোৰ তৈয়াৰ হ’ব ধৰিছে যে সমুদ্ৰতীৰৰ প্ৰাকৃতিক শোভা মানুহৰ ঘৰে নথকা কৰিব। ই অৱশ্যে আমাৰ নিজৰ কল্পনা। আমি পোন্ধৰ বছৰৰ আগৈয়ে ইংলণ্ডলৈ যেতিয়া আহোঁ, তাতকৈ ইংলণ্ডত ঘৰবোৰ সৰহ যেন এতিয়া লাগে।

(৩)

  এই চিঠিবোৰ লেখি থাকোঁতেই Inns of Court ৰ নিয়ম অলপ বদলিছে। আগৈয়ে Inns of Courtৰ কথা লেখিছিলোঁ। সেইদেখি এই নতুন নিয়মৰ কথা অলপ কৈ থওঁ। এই নতুন নিয়ম অলপতে আৰম্ভ হ'ব। পুৰণি নিয়ম অনুসাৰে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈয়েই Inn ত ভৰ্ত্তি হ'ব পৰা গৈছিল। এই নতুন নিয়ম অনুসাৰে ভাৰতীয় বিশ্ববিদ্যালয় এটিৰ ‘গ্ৰেজুৱেট’ নহ’লে Inn ত ভৰ্ত্তি হ'ব নোৱাৰি; নহ’লে লণ্ডনৰ “মেট্ৰিকিউলেচন” অথবা আন কোনো এটা পৰীক্ষা দিহে ভৰ্ত্তি হ’ব পৰা যাব। সেইদেখি ইয়াৰ পৰা “বি. এ.” পৰীক্ষাত উত্তীৰ্ণ হৈহে এতিয়া আমাৰ ল'ৰাবোৰ ইংলণ্ডলৈ যোৱা উচিত, ল’ৰা ব্যাৰিষ্টাৰ হ’বলৈ হওক কি আন কোনো ব্যৱসায়কে শিকিবলৈ যাওক। যদি এনে কোনো ৰূপ-বান থকা মানুহ আছে যি অতি সৰুতে ল’ৰাক পঠাব পাৰে, তেনেহ'লে তেওঁক আমি ল’ৰা এঘাৰ-বাৰ বছৰমান বয়সত পঠাবলৈ কওঁ। তেতিয়াহ'লে ল’ৰাক তাত ইংৰাজী স্কুলত পটুৱাব পাৰি। তাৰ ইংৰাজী স্কুলত পঢ়া এটা বৰ শিক্ষা।

  আমি যেতিয়া প্ৰথমে বিলাতলৈ যাওঁ, তেতিয়া আমাৰ বয়স পোন্ধৰ বছৰ আছিল। দুবছৰমান লণ্ডনৰপৰা ত্ৰিশ মাইল দূৰৰ চেলেচফৰ্ড (Chelmsford) বুলি ঠাইৰ স্কুলত আছিলোঁ। দহ-এঘাৰ বছৰত আমি সেই স্কুললৈ যোৱা হ'লে আমাৰ শিক্ষাৰ আৰু উন্নতি হ’লহেতেন। যিখিনি কাল সেই স্কুলত আছিলোঁ, সেইখিনি কালত বহুতো শিক্ষা আমাৰ হৈছিল। দহ-এঘাৰ বছৰত যেনেকৈ নতুন এটা বস্তু শিকা যায়, বয়স বেছি হ'লে তেনেকৈ নাযায়। তাত গৈ দেখিলোঁ যে থাৰ্ড-ফৰ্থ ফৰ্মৰ (অৰ্থাৎ আমাৰ ষষ্ঠ-পঞ্চম শ্ৰেণী) ল’ৰাই Chemistry, Physics পঢ়ে। ইংৰাজী কিতাপ প্ৰায় একে, অঙ্ক আমাৰ ইয়াৰ দৰেই। সেইদেখি যেতিয়া সেই স্কুলৰ চিক্‌চৰ ফৰ্মত (আটাইতকৈ ওখ শ্ৰেণীত, এই ধৰক আমাৰ প্ৰথম শ্ৰেণী) ভৰ্ত্তি হ'লোঁ, (কিয়নো তলৰ ক্লাছত ভৰ্ত্তি বয়সৰ নিমিত্তে হ’ব নুখুজিছিলোঁ।) হেড্‌মাষ্টৰে আমাক ভাৰতবৰ্ষীয় ল’ৰা দেখি সেই শ্ৰেণীত ভৰ্ত্তি কৰাই দিলে। তেতিয়া আমি ডাবল পৰিশ্ৰম কৰি নতুন নতুন বিষয় শিকিবলগীয়াত পৰিলোঁ — যেনে লেটিন, ফ্ৰেন্স, মেকেনিক্স ইত্যাদি। সৰুতে যোৱা হ'লে এইবোৰ বিষয় আমাৰ টান নেলাগিলহেঁতেন। সেইদেখি আমি কওঁ, স্কুলত ল’ৰা দিব লাগিলে ল’ৰাক দহ, ইউ” [ ১২ ] এঘাৰ, বাৰ বছৰমানত পঠাব লাগে; তেতিয়াহ'লে ল’ৰাই তাৰ নিয়মেৰে সুন্দৰৰূপে শিক্ষা পাব পাৰে।

  ইংলণ্ডীয় বতৰৰ কথা আমি আগৈয়ে অলপ উনুকিয়াইছোঁ। ইংলণ্ডৰ বতৰ এটি অত্যাশ্চৰ্য্য পদাৰ্থ। এদিনতে নানান ৰকম বতৰৰ নমুনা পোৱা যায়। সেই দেশৰ মানুহে দেখা হলেই বতৰৰ কথা ক’বই ক’ব; যেনে — "fine day", wretched day", "rather cold for the year", "glorious weather", "quite seasonable", "rather warm" ইত্যাদি। এই বতৰৰ বিষয়ে দিনে যে কিমান আলোচনা আৰু কথা-বতৰা হয়, তাৰ লেখ-জোখ নাই। আপুনি এখন দোকানলৈ সোমাই হয়তো আধা পেনিৰ কাগজ কিনিব; কিন্তু দোকানদাৰ কি দোকানদাৰনীয়ে ভদ্ৰ হলেই, আপোনাৰ সৈতে, বাজি ৰাখিব পাৰোঁ, বতৰৰ কথা ক’বই ক’ব। তাৰ পিছত হয়তো তাৰ ওচৰৰে এখন দোকানত আপোনাৰ হেঁপাহৰ (favourite) ধঁপাত কিনিবলৈ যাব, আকৌ weatherৰ কথা। হয়তো Afternoon tea party লৈ আপোনাৰ নিমন্ত্ৰণ, বহুতো তিৰুতাৰ সমাগম; "Aren't we having wretched weather?" উত্তৰ —“Oh wretched isn't the word”, অথবা “isn't it wretched?” আমাৰ নব্যশিক্ষিত মানুহেও আমাৰ দেশত ইংৰাজী নিয়ম অনুকৰণ কৰি ‘weather'ৰ কথা কয়। আমাৰ weather তেনে পৰিবৰ্তনশীল নহয়, সেইদেখি সেই নিয়ম ইয়াত নেখাটে। কিছুদিনৰ আগেয়ে বিলাতৰপৰা আমি এবাৰ উভতি আহোঁতে কলিকতাতত এজনী শিক্ষিতা গাভৰু ছোৱালীৰ সৈতে চিনাকি হোৱাৰ পাছতেই তেওঁ আমাক সুধিলে “What do you think about the weather?” তাৰ ভদ্ৰোচিত যি উত্তৰ দিবলগীয়া দিলোঁ। আন এজন বিলাত ফেৰতৰপৰা শুনিলোঁ— সেই ভদ্ৰ মহিলা জনাই তেওঁকো সেই একে প্ৰশ্ন সুধিছিল। আমি ইয়াত অলপ হাঁহিলো। আন এদিন এটি সন্ধ্যা সন্মিলনত আকৌ সেই মহিলাজনাৰে সৈতে দেখা হোৱাত আকৌ সেই প্ৰশ্ন “What do you think about the weather?” সেইখিনি সময়ত এই বিষয় লৈ আমাৰ ভিতৰত এটা হাঁহিৰ কথা হৈ পৰিল।

  ইংলণ্ডলৈ গ'লে এটি কথা বৰ কাণত বাজে — সেই কথাটি “থেঙ্ক ইউ” (Thank you) যেতিয়াই-তেতিয়াই “থেঙ্ক ইউ”। বাপেক-মাকে পুতেক-জীয়েকক, পুতেক- জীয়েকে বাপেক-মাকক, গিৰীয়েকে ঘৈণীয়েকক, ঘৈণীয়েকে গিৰীয়েকক, বন্ধুৱে বন্ধুক, এনে কি চাকৰ-চাকৰণীকো “থেঙ্ক ইউ” দিব লাগে। এটা বস্তু আপুনি এজনক দিলে তেওঁ ক'ব ‘Thank you', আকৌ আপোনাৰ বস্তুকে আনোক তেওঁ ওভোতাই দিলে আপুনি ক’ব ‘Thank you! Thank you' নোকোৱাটো বৰ অভদ্ৰ কাম। বাটত বৰ ভিৰ, আপুনি ভিৰ ঠেলি যাব খোজে, সেইখিনি সময়ত “Will you let me pass, please” কোৱাটো কথা। বহুতে কেৱল “Thank you” কৈয়ে ই সাৰে। এই “থেঙ্ক [ ১৩ ] কোৱা অভ্যাস তাত সাত-আঠ দিন মানতে হৈ যায়। ৰেলত টিকত কিনোতে “Thank you”। আপুনিও “থেঙ্ক ইউ”, সিজনেও “থেঙ্ক ইউ”। কোনো এটা কাম কৰিলেই “থেঙ্ক ইউ”। প্ৰথমে ইয়াৰপৰা যোৱা মানুহৰ কাণত এই কথা বৰ বাজে। তাৰ কোনো মানুহে “থেঙ্ক ইউ”ৰ “থেং”ডোখৰ মুখৰপৰা নুলিয়ায়েই, “কিও”কৈয়ে সাৰে।

  তাৰ “ছোটলোক”ৰ মাত বুজা টান। এই মাত বুজাটো কালত সহজ হৈ যায়। সিহঁতৰ ভিতৰত এজনে এজনৰ লগত কথা কোৱা শুনিবলৈ বৰ 'মজা'। আধা কথা মুখৰ ভিতৰতে থাকে, তেও সিহঁতৰ বুজাত কোনো ব্যাঘাত নহয়। ন-কৈ প্ৰথমতে আপুনি বিলাতলৈ গ'লে ভাবিব ইহঁতে কি বেবেৰিবাং বকিছে। আমাৰ ইয়ালৈ Soldier, sailor যি শ্ৰেণীৰপৰা আহে, সেই শ্ৰেণীৰ মানুহৰ এনেকুৱা কথা। ভদ্ৰ মানুহৰ কথা বুজা তেনে টান নহয়। কোনোৱে ইমান লাহে লাহে আৰু স্পষ্টকৈ কয় যে বুজিবলৈ অলপো কষ্ট নহয়। তিৰুতা মানুহৰ কথা মুনিহতকৈ স্পষ্ট। ইংৰাজী শিকিবলৈ হ'লে তিৰুতা মানুহৰ সৈতে কথা কোৱা উচিত। সেইবুলি অশিক্ষিত তিৰুতাৰ লগত আমি কথা ক’বলৈ নকওঁ। আৰু এটা কথা এইখিনিতে কৈ থওঁ — Stage, Pulpit আৰু Bar এই তিনিটিৰ Style ইংৰাজী ভাষাৰ আদৰ্শ। সেইদেখি থিয়েটৰলৈ, গিৰ্জালৈ আৰু প্ৰধান বিচাৰালয়বোৰলৈ আমি আমাৰ দেশৰ ল'ৰাক যাবলৈ উপদেশ দিওঁ। এইবোৰ ঠাইলৈ গ'লে এজন মানুহ অলগদ্ধ হলেও কিছু নিশিকি নোৱাৰে। থিয়েটৰৰ বিষয়ে পিছত সময় পালে লেখিম।ইয়াকে এতিয়া কৈ থওঁ, আমাৰ থিয়েটৰ আৰু তাৰ থিয়েটৰ ভিতৰত বহুতো প্ৰভেদ।

  গ’লবাৰৰ (অৰ্থাৎ বহাগ মাহৰ) বাঁহীত ব্ৰাইটনৰ বিষয়ে ওলাইছিল। ব্ৰাইটনত চাবলগীয়া বস্তু বহু আছে। পীয়েৰলৈ পুৱা-গধূলি যাব লাগে, তাত বেণ্ড বাজে। কাপোৰ-কানিৰ আড়ম্বৰ তাত বহুত — অৱশ্যে যাৰ যাৰ পইচা আছে তাৰ তাৰ। যাৰ ৰূপবান নাই, তাৰ বেলেগ কথা। সমুদ্ৰতীৰৰ বাটৰ ওপৰত এডোখৰ ঘাঁহ থকা ঠাই (Lawn) আছে। সেই ঠাইডোখৰৰ নাম Brunswick Lawn. এই Lawn তে দেওবাৰে পুৱা গিৰ্জাৰ পাছত ১২ মান বজাত গোটেই পুৱাটোৱেই একৰকম চাবলৈ গ'লে কাপোৰ-কানিৰ ধুম চাবলগীয়া। সূৰ্য্যৰ তাপ ঢকা ছাতিৰ (sunshade) বৰণৰ কি ধুম! সেই সুন্দৰ কাপোৰ- কানি পিন্ধা সুন্দৰ মানুহৰ ওচৰত, মাজত খোজ কাঢ়ি সমুদ্ৰ তীৰৰ অ'জন (Ozone) খাই শৰীৰ আৰু মনক সুস্থ কৰা বৰ তৃপ্তিকৰ। সমুদ্ৰতীৰৰ ঠাইলৈ যোৱা মানে ফুৰা, কেৱল বাহিৰত থাকি শৰীৰক সবল কৰা আৰু মনক তৃপ্ত কৰা, কেৱল এই কাম। বহালৈ কেৱল খাবলৈহে যোৱা হয়। আপোনাৰ যদি ইচ্ছা হ’ল আপুনি ল্যাণ্ডোগাড়ী কেৰেয়া কৰি ফুৰিব পাৰে; আৰু ডাঙৰ ডাঙৰ গাড়ীতে বহু মানুহ যাব পৰা কৰি যাব পাৰি। এই মনত কৰক ৮/৯ মাইল এক চিলিং গাইপতি দি ঘূৰি আহিল। ওচৰত হয়তো [ ১৪ ] এটা পুৰণা দুৰ্গৰ ভগ্নাৱশেষ আছে, গাইপতি ধৰক অহা-যোৱাৰ খৰচ দুই চিলিং। আপুনি দুই চিলিং দি হয়তো ২০|২৫ মাইল ফুৰি আহিল। এই দুই চিলিং আপোনাৰ নিজৰ কেৱল কেৰেয়া, গোটেই গাড়ীখনৰ কেৰেয়া নহয়। এনেকৈ আপুনি “Devils Dyke” বুলি ব্ৰাইটনৰ ওচৰৰ ঠাইলৈ যাব পাৰে। তাত সুবিস্তীৰ্ণ মুকলি ঠাই — দুয়োপিনে ওখ ঠাই এডোখৰ আছে — পৰ্বতেই একৰকম; তাৰ মাজৰ Valley ডোখৰত ফুৰিবলৈ ভাল। ইয়াত চাহ খাবৰ ঠাই আছে আৰু আমোদ-প্ৰমোদৰ নানান উপায় আছে; – যেনে– বন্দুক মৰা ঠাই (সৰু-সুৰা Shooting range); নাৰিকলেদি দূৰৰ আৰু এটা নাৰিকলক মাৰিবলৈ চেষ্টা কৰা ইত্যাদি। এই Devils Dyke তে নামজ্বলা বুঢ়ী এজনী (Gipsy Lee) আছিল। এই জিপচীজনীয়ে হাত চাব পাৰিছিল। মিছা নে সঁচা ক'ব নোৱাৰোঁ বোলে ডিউক অব্‌ ক্ল্যাৰেন্‌চক মৃত্যুৰ কথা তেওঁৰ মৃত্যুৰ আগেয়ে তাই কৈ দিছিল। আজি ইয়ালৈ, কাইলৈ তালৈ, আপুনি যদি এসপ্তাহৰ নিমিত্তে যায়, এসপ্তাহ যে কোনপিনে উৰি গ'ল আপুনি ক’ব নোৱাৰিব।

  এই ব্ৰাইটনতে (আচলতে Hove ত) Sussex County Cricket Ground। ইয়াৰ উল্লেখ কৰিছোঁ, কিয়নো ইয়াতে প্ৰথমে আমি ভাৰতৰ গৌৰৱ “ৰণ্‌জি”ক ক্ৰীকেট খেলা দেখিছিলোঁ। ৰণজি Sussex Cricket ৰ কাপ্তেন আছিল। ই বৰ গৌৰৱৰ বিষয়। তেওঁ কাপ্তেন কেবাবাৰো হৈছিল। ৰণ্‌জিৎ সিংহ আজিকালি জামনগৰৰ ৰজা, ক্ৰীকেট খেলৰ ৰজা। তেওঁৰ দৰে Batsman বিৰল। ৰণ্‌জিয়ে হাতত বেট লৈ ফীল্ডলৈ ওলালেই সকলোৰে মুখত "Oh look there's Ranji", "Does not he bat gracefully?" "What touch", What fine twist" ইত্যাদি। এবাৰ বেটেৰে বলটো চুবহে লাগে— বাউণ্ডেৰী। তেওঁ সঁচাসঁচিকৈ আমাৰ গৌৰৱ। আপোনাসকলৰ কোনোৱে তেওঁক কলিকতালৈ আহোঁতে বোধকৰোঁ দেখিছে। তেওঁ প্ৰিন্‌চ, ব্যাটছমেনৰ ভিতৰতো তেওঁ প্ৰিন্‌চ। আৰু এটা কথা এইখিনিতে উল্লেখযোগ্য। বিলাতত জহকালি ক্ৰীকেট খেলে, জাৰকালি ফুটবল; ইয়াত ঠিক তাৰ ওলোটা। আমাৰ ল'ৰাই বিলাতলৈ গলে ক্ৰীকেট, ফুটবলৰ বিষয়ে ইংৰাজীত যাক intrest লোৱা কয়, তাক লোৱা উচিত; পাৰিলে। খেলাও উচিত। বৃটিছ জাতিৰপৰা এইবোৰ খেলাৰ বিষয়ে আমাৰ শিকিবলগীয়া আছে। শিকিবলগীয়া বুলি মনে মনে থাকিলে নহয়, আচলতে সঁচাসঁচিকৈয়ে শিকিব লাগে। বৃটিছজাতিয়ে আমাৰ ভাৰতবৰ্ষৰপৰা পলো (Polo) শিকিছে, সেই Polo আমি দেশীয়েই কিমান খেলোঁহঁক আৰু সিহঁতে কিমান খেলে! আমাৰ দেশত নাইকিয়া বস্তু নাই আটাইবোৰ আছে– আমি সেইবোৰৰ ব্যৱহাৰহে নেজানো। যি বস্তু আমাৰ আছে, নিজৰ আছে, তাৰ সদ্ব্যৱহাৰ শিকা আৰু আন জাতিৰ ভাল বস্তুবোৰৰ আনি এই দেশত। সুবিধা কৰি ব্যৱহাৰ কৰা উচিত। ভাৰতবৰ্ষই পৃথিৱীৰ আন সভ্যজাতিৰ ভিতৰত ঠিক [ ১৫ ] ন্যায্য স্থান অধিকাৰ যাতে কৰে, সেই বিষয়ে আমাৰ চকু ৰখা উচিত। বৰকাপোৰ লৈ। জুইৰ ওচৰত বহি গপ মাৰিলে নচলে। কাম কৰিব লাগে। বহি থাকিলে কাম নচলে। এই বিষয়ে আমাৰ ডেকা-বুঢ়া আটাইয়ে চোৱা উচিত। আমাৰ অসমত ৰণ্‌জিৰ দৰে দেশৰ মুখ উজলাবলৈ মানুহ লাগে।

  ইংৰাজী স্কুলত ‘Sports’ৰ (ক্ৰীকেট, ফুটবল, দৌৰা-দৌৰী ইত্যাদি) বৰ প্ৰাদুৰ্ভাৱ। এদিন হয়তো বতৰ ভাল হ’লহেডমাষ্টৰে সেইদিনা ছুটী দিয়ে খেলিবৰ নিমিত্তে ছুটী। আমাৰ স্কুলত Summer term ত এনে ছুটী বহুতো পাইছিলোঁ। এইবোৰ কাৰণতে ইংলণ্ডীয় ল’ৰা প্ৰায় সবল-সুস্থ শৰীৰৰ হয়। এই খেলৰ সময়ত মাষ্টৰ-ছাতৰ বন্ধুভাব, আৰু স্কুলঘৰত আকৌ যেনে শিক্ষক-ছাতৰৰ সম্বন্ধ হোৱা উচিত তেনে ভাব। দুখৰ বিষয়, আমাৰ দেশৰ শিক্ষকে ল’ৰাৰে সৈতে খেলক ছাৰি ভালকৈ কথাকে নকয়, গম্ভীৰ মূৰ্ত্তি ধাৰণ কৰে। শিক্ষক আৰু ছাত্ৰৰ এই সুহৃদ ভাব আমাৰ দেশত লাগে। এই সুহৃদ ভাব থাকিলে শিক্ষকে আমাৰ ল'ৰাৰ লগত খেল খেলিব পাৰে, আৰু সেইৰূপে শিক্ষকৰ শৰীৰো সবল-সুস্থ হ'ব, ছাত্ৰৰ শৰীৰতো হ’বই। আমাৰ শিক্ষকে যেন বাঁহৰ চেকনি এৰি তেওঁৰ ছাত্ৰক বন্ধুভাৱে দেখি শিক্ষা দিয়ে, তেওঁৰ ওচৰত আমাৰ খাটনি।।

  আৰু এটা কথা, এই সংসাৰৰ ক্ষেত্ৰত সবল-সুস্থ শৰীৰ নহ'লে কি পুৰুষ কি তিৰুতা তেওঁৰ জীয়াই থকাই বিড়ম্বনা। নিজৰশৰীৰ যাতে সুস্থ থাকে, সেইখিনি আমাৰ ল'ৰাবোৰে আৰু অভিভাৱকসকলে চকু ৰখা উচিত। লেটিনত ক’বলৈ গ'লে আমাক “Mens sana in corpore sano” লাগে — অৰ্থাৎ Healthy mind in healthy body লাগে। সবল-সুস্থ মনৰ লগত সবল-সুস্থ শৰীৰো লাগে। আমাৰ দেশৰ বিদ্বান মানুহসকলক অজীৰ্ণ আদি পেটৰ বেমাৰৰপৰা কষ্ট পোৱা দেখা যায়; তাৰ কাৰণ — তেওঁলোকে মনৰ শক্তিক যেনেৰূপে সঞ্চালন কৰে, শৰীৰক সেইৰূপে সঞ্চালন নকৰে


(৪)

  গ’লবাৰ “Mens sana in corpore sano” যে আমাৰ দৰ্কাৰ, সেই বিষয়ে লেখিছিলোঁ। সঁচাকৈয়ে ভাৰতবৰ্ষীয় বিদ্বান মানুহৰ শৰীৰৰ অৱস্থা দেখিলে মনত বৰ কষ্ট হয়। কেৱল যে লেখা-পঢ়া কৰিলেই আমাৰ কৰ্ত্তব্য কৰা হ’ল, এনে নহয়। লেখা- পঢ়া কৰি বি. এ., এম. এ. প্ৰভৃতি ডাঙৰ ডাঙৰ পৰীক্ষা পাছ কৰা আমাৰ কৰ্ত্তব্যৰ এফালহে মাথোন। কৰুণাময় ঈশ্বৰে আমাক এই শৰীৰ দিছে; এইশৰীৰক যদি অৱহেলা কৰোঁ, শৰীৰক নানান অত্যাচাৰ কৰি যদি কষ্ট দিওঁ, তেনেহলে তেওঁক অপমান কৰা। হয়। শৰীৰক আমি কিমান অযত্ন কৰোঁ! পাঠকসকলে যদি এবাৰ এই বিষয়ে ভাবে, তেনেহ'লে তেওঁলোকে দেখিব যে আমি যি কৈছোঁ সি মিছা নহয়। মনৰ উন্নতিৰ লগে [ ১৬ ] লগে আমাৰ ল'ৰা-ছোৱালীবিলাকৰ শৰীৰৰ উন্নতিৰ পিনেও চোৱা উচিত। অভিভাৱক আৰু শিক্ষকসকলে ল’ৰাক পাঁচ ঘণ্টা স্কুলত পঢ়াই আৰু পুৱা-গধূলি বতাহ সোমাব নোৱাৰাকৈ খোঁটালীত কিতাপ আগত থোৱাই ৰাখিলেই তেওঁলোকে নিজক ধন্য ধন্য মানিলে। আমাক ঈশ্বৰে মানুহৰূপে সৃষ্টি কৰিছে, সেইদেখি আমি ভাবি-চিন্তি কাম কৰা উচিত। আমাৰ থকা ঠাইত, বিশেষতঃ আমাৰ সৰু সৰুল’ৰা-ছোৱালীহঁত যি খোটালীত থাকে কিম্বা লিখা-পঢ়া কৰে, বতাহ আৰু পোহৰ অহা-যোৱা কৰিব পাৰে, সেই বিষয়ে আমাৰ প্ৰাণপণে যত্ন কৰা উচিত। আমাৰ যিমানদূৰ মনত পৰে অসমত আমি অসমীয়াৰ ঘৰত ভালকৈ বতাহ খেলোৱা আৰু পোহৰ অহা ঘৰৰ খোঁটালী দেখা নাই বুলিলেই হয়। আৰু এটা কথা নকৈ নোৱাৰিলোঁ, কিয়নো এই বিষয়ত আমাৰ মানুহৰ উদাসীন — অসমীয়াৰ ঘৰৰ ওচৰত কচুশাক, ঢেকীয়াশাক আৰু আন আন অপ্ৰয়োজনীয় সৰুসুৰা গছ-গছনিৰে জঙ্ঘল হৈ থাকে। কচুশাক, ঢেকীয়াশাক যে অসুন্দৰ আৰু অদৰ্কাৰী বুলিছোঁ, তাক আপুনি নেভাবিব। ভালকৈ ৰন্ধা কচুশাক, ঢেকীয়াশাকৰ আঞ্জা কোন অসমীয়াৰ ভাল নেলাগে? কিন্তু কচুশাক, ঢেকীয়াশাকৰ ঠাই আন অপ্ৰয়োজনীয় শাকৰ লগত নহয়। আৰু সেইবোৰ শাকে অৰ্থা কচুশাক, ঢেকীয়াশাক আৰু আন শাকে জঙ্ঘল কৰাৰ কোনো প্ৰয়োজন নাই, ঘৰৰ চাৰিওপিনে পৰিষ্কাৰ হৈ থকা উচিত। এই বিষয়ত আমাৰ মানুহৰ ঘৰ আৰু দেশৰে য়ুৰোপীয় কি ফিৰিঙ্গিহঁতৰ ঘৰ চালেই হাতে হাতে প্ৰমাণ পোৱা যায়। আমাৰ মানুহে ক’ব, “আমাৰ আজৰিয়েই নহয়, আৰু চাকৰ ৰাখিবলৈ পইচা নাই, ক’ত আমাৰ হাউলি চিকুণাম, আমি দুখীয়া অসমীয়া মানুহ, আমাৰ এয়ে ভাল।” কিন্তু য়ুৰোপীয় কি ফিৰিঙ্গিয়ে সেই কথা নকয়— তেওঁলোকৰ চাকৰ ৰাখিবলৈ পইচা নহ'লে তেওঁলোকে নিজেই হাউলি চাফ-চিকুণ কৰিব, আৰু চাফ যে কৰিবই, তাক মন আৰু চকুৰ তৃপ্তিকৰ কৰিও তুলিব। ই কেৱল শিক্ষাৰ ‘গুণত’। আমি প্ৰায়ে এলেহুৱা হওঁ — সিহঁতৰ বেছিভাগ মানুহে এলাহ কি বস্তু তাক নেজানে আৰু জানিলেও এলাহ ত্যাগ কৰিবলৈ নানান উপায় অৱলম্বন কৰে। লণ্ডনৰ ঘৰবোৰত প্ৰায়ে যাক “কম্পাউণ্ড” কওঁ, সি নাই। অলপ-অচৰপ মাটি, ঘৰৰ আগতে হওক কি পিছতে হওক, কোনো কোনো ঘৰত আছে। সেই অলপ-অচৰপ মাটিতে তেওঁলোকে কেনে সুন্দৰ। ফুলৰ বাগিচা কৰি তোলে! তাত মালী ৰখা, বেছি চাকৰ-বাকৰ ৰখা বেছিভাগ মানুহৰ ভাগ্যত হৈ নুঠে; ঘৰৰ গিৰীহঁত নহ'লে ঘৰৰ ঘৈণী কি ল’ৰা-ছোৱালীহঁতেই এই কাম কৰে। সিহঁতে তাত একো লাজ নেপায়। আমাৰ দেশৰ মানুহে ক’ব, “মই অমুক ঘৰৰ ল’ৰা, মই বাগিচা চাফ কৰিম! — ইস! নক’বা আৰু তেনে কথা!” ঘৰৰ হাউলি, খোঁটালীবোৰ পাছফাল-আগফাল যিহতে মন আৰু চকুৰ তৃপ্তিকৰ হ’ব পাৰে সেই বিষয়ে আমাৰ য়ুৰোপীয়হঁতৰ পৰা বহুত শিকিবলগীয়া আছে। গুৱাহাটী কি নগাঁৱৰ কি আন [ ১৭ ] কোনো ঠাইৰ ইংলণ্ডীয়সকলৰ ঘৰবোৰ, আমাৰ দেশী মানুহৰ ঘৰবোৰেৰে তুলনা কৰক। আৰু এটা কথা চাব, কোনো বেমাৰ-টেমাৰ হ’লে ইংৰাজসকলৰ সৰহ হয় নে আমাৰ হয়? কচাৰিৰপৰা আহি গিৰীহঁতে তেওঁৰ যদি ল’ৰা আছে, ল'ৰাক লৈ নিজৰ বাগিচাখন চাফ কৰিব নোৱাৰেনে? তেতিয়া হ'লে তেওঁৰো স্বাস্থ্যকৰ কাম হয়, আৰু ল'ৰাৰো শিক্ষা হয়। পেঞ্চন পোৱা বুঢ়া মানুহৰ পক্ষে বাগিচা সুন্দৰ কৰা কামতকৈ পুৱা-গধূলি আৰু আন ভাল কাম নাই। তেওঁলোকেও সৰহদিন পেঞ্চন ভোগ কৰিব পাৰিব, নিজৰ বাগিচাখনি সুন্দৰ কৰিব পাৰিব। আমি বিলাতৰ গাঁৱৰ বাটেদি ফুৰোঁতে কিমান বুঢ়াক যে এই স্বাস্থ্যকৰ কামত লাগি থকা দেখিছোঁ, তাৰ সংখ্যা নাই। কেৱল যে গাঁৱলীয়া বুঢ়াকহে দেখিছোঁ এনে নহয়, লণ্ডনীয় বুঢ়াকো দেখিছোঁ। ইমানবোৰ আমাৰ লেখিবৰ উদ্দেশ্য এইটো যে পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যৰ পিনে চকু ৰাখিবলৈ যত্ন কৰা, নিজৰ ঘৰ সুন্দৰ কৰা, খোঁটালীবোৰত বতাহ আৰু পোহৰ যাতে আহি আমাৰ সৰু সৰু লৰা- ছোৱালীবোৰক সবল-সুস্থ কৰে, এইবিলাক বিষয়ৰ পিনে আমি দৃঢ়প্ৰতিজ্ঞ হৈ লগা উচিত। এই বিষয় লৈ আপোনাৰ পাঠক-পাঠিকাসকলক আৰু এতিয়া আমনি নকৰোঁ। অভিভাৱক আৰু শিক্ষকসকলক এই কথা কেৱল মাত্ৰ কওঁ যে সবল-সুস্থ মানুহৰ সবল ল’ৰা হয় আৰু দুৰ্ব্বল মানুহৰ দুৰ্ব্বল ল’ৰা হয়। যাতে ল'ৰা-ছোৱালীবোৰ সবল সুস্থ হয়, সেই বিষয়ে যদি তেওঁলোেক যত্নবান নহয়, তেনেহলে তেওঁলোক ভগৱানৰ ওচৰত দায়ী। ঘৰ-দুৱাৰ, ঘৰৰ হাউলি ইত্যাদি চাফ-চিকুণ কৰি ৰাখিলে স্বাস্থ্যৰ পক্ষে ভাল, দেখিবলৈকো ভাল। আৱৰ্জ্জনাপূৰ্ণ শাক আৰু বননিয়ে এটা সুন্দৰ ঘৰকো দেখিবলৈ কুৎসিৎ কৰে।

  আপোনাৰ কোনো কোনো পাঠক-পাঠিকাই ভাবিব হয়তো যে 'বিলাতৰ চিঠি'ত আমি ওপৰত কোৱা বিষয়বোৰক ঠাই দিয়া উচিত নাছিল। কিন্তু আমি কওঁ যে 'স্বাস্থ্য' সম্পৰ্কে যি কথাই হওক ‘বিলাতৰ চিঠি’ কি আন কোনো চিঠিতে কি প্ৰবন্ধতে ঠাই পাবই লাগে। স্বাস্থ্যবিনা পৃথিৱীত একো সুখ নাই। ভাৰতবৰ্ষৰ কোনো দেশত ধনী জমিদাৰ এজন আছিল, তেওঁৰ লাখে লাখে টকা, কিন্তু স্বাস্থ্যহীন। তেওঁ মাথোন মাগুৰ মাছৰ আঞ্জাৰেহে ভাত খাব পৰিছিল আৰু আমৰ সময়ত আম পেটত নসয় দেখি আগত আম চেপাই থৈ তাৰ গোন্ধ শুঙিছিল। এওঁ সুখী আছিলনে? টকাৰতো সীমা নাছিল — সুখ ক’ত? — আৰু মাৰ্কিন দেশৰ ‘মিলিওনিয়াৰ’ অৰ্থাৎ ক্ৰোৰপতিসকলো তথৈবচ। কেৱল টকাই সুখ দিব নোৱাৰে।

  আমাৰ ওচৰলৈ যদি কোনো অসমীয়া কি ভাৰতৰ আন দেশৰ ল’ৰা বিলাতলৈ। যোৱাৰ সম্বন্ধে আলচ কৰিবলৈ আহে, আমি তেওঁক প্ৰথমেই তেওঁৰ স্বাস্থ্য সম্বন্ধে সুধিম। তেওঁৰ স্বাস্থ্য কেনে? তেওঁ সবল সুস্থ নে? তেওঁ ব্যায়ামাদি কৰে নে? মানুহৰ [ ১৮ ] স্বাস্থ্যই প্ৰধান। ঘৰ তৈয়াৰ কৰিবলৈ যেনেকৈ ভেটিটো শকত কৰিব লাগে, তেনেকৈ আমাৰ স্বাস্থ্যটোকে আমাৰ উন্নতিৰ ভেটি কৰিব লাগে। স্বাস্থ্যহীন মানুহৰ যে উন্নতি নহয়, তাক আমি নকওঁ, — উন্নতি হয়, কিন্তু স্বাস্থ্যৰ ক্ষতি কৰি। তেনে উন্নতি সিমান লাভৰ নহয়। স্বাস্থ্য বেয়া হলে তাৰ উন্নতিৰ নিমিত্তে আমাৰ যত্নবান হোৱা উচিত। বিলাতলৈ কোন বাটেদি যোৱা ভাল, কোন কোম্পানীৰ জাহাজেৰে, কি কাপোৰ-কানি লৈ যোৱা উচিত, কিমান টকা-কড়ি লগত লৈ যোৱা দৰ্কাৰ ইত্যাদি বাতৰি আমি পাছত দিম। তেনেবোৰ বাতৰিহে আমাক বহুতে সোধে। আমি আকৌ কওঁ টকা-কড়িৰ ভাল বন্দৱস্ত কৰিহে বিলাতলৈ যোৱা উচিত। টকা পৰম বন্ধু। যাৰ টকা আছে তাৰ অনেক বন্ধু; টকা ঢুকাই গ'লে বন্ধু পোৱা টান। টকা বিলাতত অতি সাৱধানে খৰচ কৰা উচিত। বিদেশত টকাহীন অৱস্থা বৰ শোচনীয়। ল’ৰাৰ বাপেক-মাক, অভিভাৱকসকলে ইয়াৰপৰা ল’ৰালৈ টকা নিয়মমতে পঠোৱা উচিত। বহুত ল’ৰাৰ অভিভাৱকসকলে টকা পঠোৱাত ‘গাফিলি’ কৰে, সেইদেখি ল’ৰাই ধাৰ কৰাৰ অভ্যাস কৰিবলৈ বাধ্য হয়। ডেকা বয়সৰপৰা ধাৰ কৰা অভ্যাস ভাল নহয়। এই বিষয়ে আমি আটায়ে জানা। শেক্সপীয়েৰে কৈছে, “Neither borrower nor a lender be”. সেই কথা তেওঁৰ সময়তহে সঁচা আছিল এনে নহয়, সকলো সময়তে সঁচা। পৃথিৱীত বন্ধুত্ব, হৃদয়ৰ মৰমৰ বন্ধুতা টকাৰ নিমিত্তে শত্ৰুতাত পৰিণত হয়। টকা নিয়মমতে পঠোৱাত অভিভাৱসকলৰ ‘গাফিলি’ৰ নিমিত্তে বহুত ল'ৰাই ধাৰৰ সহজ বাটেদি যাবলৈ ইচ্ছা কৰি বহুত ঠাইত ভৰি পিছলি হামখুৰি খোৱা দেখিছোঁ।

  ইংলণ্ডৰ দুটি প্ৰাচীন বিশ্ববিদ্যালয় — অক্সফোৰ্ড আৰু কেম্ব্ৰিজ জগৎ বিখ্যাত। আমাৰ ভাৰতীয় ল’ৰাৰ যি বিলাতলৈ যায়, টকাৰ অৱস্থা ভাল থাকিলে এই দুটি বিশ্ববিদ্যালয়ৰ ভিতৰৰ এটিলৈ তেওঁৰ যোৱা উচিত। বিশ্ববিদ্যালয় দুটি পুৰণি। বৃটেনৰ আন আন ঠাইতো বিশ্ববিদ্যালয় আছে — ডাৰহাম (Durham), এডিনবৰা (Edinburgh), গ্লাচগো (Glasgow), লণ্ডন (London) ইত্যাদি। আজিকালি মেনচেষ্টৰ (Manchestor), বামিংহাম (Birmingham) তো হৈছে। ৱেল্‌চ (Wales)তো এবাৰিষ্টউইথ (Aberystwith) বুলি ঠাইত বিশ্ববিদ্যালয় আছে। আয়াৰ্লণ্ডৰ ডাবলিন, বেলফাষ্ট (Belfast) তো বিশ্ববিদ্যালয় আছে। আমি যিবোৰ উল্লেখ কৰিছোঁ, সেইবোৰৰ বাহিৰেও আন ঠাইত বিশ্ববিদ্যালয় আছে। এইবোৰৰ ভিতৰত অক্সফোৰ্ড আৰু কেম্ব্ৰিজেই প্ৰধান। এডিবৰাত আমাৰ দেশী ল’ৰা প্ৰায়ে ডাক্তৰী পঢ়িবলৈ যায় — তাত শিল্প আৰু বিজ্ঞান (Arts, Science) বিষয়ে খুব সুন্দৰৰূপে পঢ়িব পাৰি। গ্লাচগোও পুৰণা, ইয়াতো ডাক্তৰী কলেজ আছে। আজিকালি গ্লাচগোত বহুতো ল’ৰাই এঞ্জিনীয়েৰিং পঢ়ে। স্বৰ্গীয় ডাক্তৰ গোলাপ বেজবৰুৱা গ্লাচগোত ডাক্তৰ হৈছিল। আৰু এজন অসমীয়াই গ্লাচগোত ডাক্তৰী [ ১৯ ] পঢ়িছিল — তেওঁৰ নাম ডাক্তৰ আওৰং চা। স্কটলণ্ড ইংলণ্ডতকৈ অলপ সস্তা। থাকিব জানিলে ইংলণ্ডো সস্তা আৰু থাকিব নেজানিলে স্কটলণ্ডো মৰগ। স্কটলণ্ড ইংলণ্ডতকৈ সস্তা বুলি নাম আছে, সেইদেখি আমি সেই বিষয়ে ইয়াত উল্লেখ কৰিলোঁ।

  আৰু এটি কথা এইখিনিতে উল্লেখ কৰোঁ। আমাৰ অসমীয়া ল'ৰা ডাক্তৰ নহয়। কিয়? বিলাতলৈ নগৈ কলিকতাতো ডাক্তৰ হোৱা যায়। আমাক অসমীয়া ডাক্তৰ লাগে। বিলাতৰপৰা উভতি অহা আমাৰ তিনিজন ডাক্তৰ আছিল — ডাক্তৰ বৰা নাই, ডাক্তৰ বেজবৰুৱা নাই, এতিয়া কেৱল ডাক্তৰ কৰ্ণেল জালনুৰ আলি আছে। আমাক অসমীয়া ডাক্তৰ আৰু লাগে। কলিকতাৰপৰা পাছ হোৱা এজন অসমীয়া L.M.S.আৰু বম্বেৰপৰা দুজন অসমীয়া মাথোন। আসামত যিমান ল'ৰা আছে, তেওঁলোকৰ অভিভাৱকসকলে কেৱল এটা বাটেদি তেওঁলোকক নপঠিয়াই শিক্ষাৰ ভিন ভিন বাটেদি পঠায় কিয়? এটা সুখৰ কথা — জাপানৰপৰা উভতি অহা লক্ষেশ্বৰ বৰঠাকুৰে এটা নতুন বাট আমাক দেখুৱাই দিছে। আশা কৰোঁ আমাৰ দেশৰ মানুহে মিষ্টাৰ বৰঠাকুৰক দেশৰ উন্নতি কৰিবলৈ সাহায্য কৰিব। আৰু এটি সুখৰ কথা ফ্ৰান্সৰপৰা শিল্পবিদ্যা শিকি উভতি অহা শ্ৰীযুত ললিত মোহন দাসেও আমাক এটা নতুন বাট দেখুৱাই দিছে। এই ভদ্ৰলোক দুজনক আমাৰ দেশৰ মানুহে সাহায্য কৰি আন অসমীয়া ডেকাসকলক উৎসাহিত কৰা উচিত। আৰু এটা বৰ সুখৰ কথা, শুনিছোঁ, কটকৰ ডাক্তৰী স্কুলত আমাৰ অসমীয়া ভদ্ৰমহিলা এজনাই শিক্ষা কৰিব লাগিছে। ই বৰ আনন্দৰ কথা। অচিনাকি ঠাইত অকলৈ পঢ়িবলৈ যোৱা বিশেষতঃ এজনা তিৰুতা মানুহৰ পক্ষে বৰ প্ৰশংসাৰ কথা। এই দৃষ্টান্ত। আন অসমীয়াৰ অনুকৰণীয়।


(৫)

  স্বাস্থ্যই প্ৰধান মূলধন বিলাতততা — আমাৰ দেশতো। স্বাস্থ্য বেয়া হ'লে যাতে বেয়াৰপৰা ভাল হয়, সেই সম্বন্ধে চেষ্টা কৰা উচিত। স্বাস্থ্য বেয়া হলে স্বাস্থ্যৰ উন্নতি কৰিবৰ উপায় বহুতো আছে। বিলাতত কাৰো কাৰো স্বাস্থ্য বেয়াৰপৰা ভাল হয়, আকৌ কাৰৰ কাৰো স্বাস্থ্য বেয়া থাকিলে বেয়াই হয়। কিন্তু আমাৰ মনেৰে ভাল হোৱাৰ ভাগ বেছি। অৱশ্যে নিয়মমতে থাকিব লাগে।

  এজন বাঙ্গালী ভদ্ৰলোকক লণ্ডনৰ ৰয়েল এলবট ডক্‌চৰপৰা এবাৰ তুলি আনিবলৈ গৈছিলোঁ। তেওঁক বৰ ক্ষীণোৱা আৰু দুৰ্বল দেখিছিলো। তাৰ সাত-আঠ দিন পাছত আমি দেশলৈ উভতি আহিলোঁ। আকৌ বিলাতলৈ উভতি গৈ কিছুদিনৰ পাছত অক্সফোৰ্ডলৈ গৈছিলোঁ। এজন মানুহক আমাৰ পিনে চাই হঁহা দেখি চিনি পোৱা যেন মনত হ’ল। তাৰ পাছত ভালকৈ চাই দেখাত জানিলোঁ, এওঁ সেই ডক্‌চৰপৰা তুলি [ ২০ ] আনিবলৈ যাক গৈছিলোঁ, তেৱেই। তেওঁক চিকুণ হোৱা দেখিলোঁ, বগা হোৱা দেখিলোঁ আৰু যেন গালৰপৰা তেজ ফাটি ওলাওঁ ফাটি ওলাওঁ কৰিছে। কি পৰিবৰ্ত্তন! আজি সেই পৰিবৰ্ত্তন দেখি আনন্দ প্ৰকাশ কৰি তেওঁৰ কমৰ্দন কৰিলোঁ। আমি ক’বলৈ পাহৰিছোঁ, তেওঁ নিৰামহীয়া, তেওঁ মাছ-মঙহ নেখাইছিল। বিলাতত নিয়মমতে থাকিলে দুৰ্বল শৰীৰ সবল হয়; তাৰ ‘হাৱাপানী’ ভাল। আৰু এটি কথা, বিলাতত মাছ মঙহ নেখায়ো থাকিব পাৰি; বিনাকষ্টে থাকিব পাৰি। তাত আমি বহুতো ভাৰতবৰ্ষীয় মানুহক নিৰামহীয়া খাই সবল-সুস্থ শৰীৰে সানন্দে জীয়াই থকা দেখিছোঁ। আজিকালি বিলাতী মানুহৰ বহুতক নিৰামহীয়া খোৱা দেখিছোঁ, এই বিষয়ে পাছত উল্লেখ কৰিম। মাছ-মঙহ নেখাই যেতিয়া থাকিব পাৰি, তেতিয়া বোধকৰোঁ ক'ব নোলাগে যে ধঁপাত কি ফটিকা নেখায়ো তাত মানুহ থাকিব পাৰি। কোনো কোনো মানুহৰ বিশ্বাস, বিলাতলৈ গ'লেই ফটিকা আৰু ধপাত খাব লাগে। এই বিশ্বাস অতি ভুল। এই বিষয়ে পাছত লেখিবৰ মন কৰিছোঁ — এতিয়া কেৱলমাত্ৰ ইয়াকে কৈ থওঁ যে মদ-চেলেউ খাবৰ সকাম তাত একো নাই। আজিকালি বহুতো বিলাতী মানুহে নিৰামিষ খাবলৈ আৰম্ভ কৰিছে। লণ্ডনত “ভেজিটেৰিয়ান ৰেষ্ট-ৰঁ” আছে। তাত নানা ৰকমৰ নিৰামহীয়া বস্তু পোৱা যায়। কোনো কোনোৱে আকৌ তাত কণীকো (eggs) নিৰামহীয়া খাদ্যৰ ভিতৰত ধৰে। কোনো কোনোৱে অৱশ্যে আমাৰ দৰে নিৰামহীয়া খায়। খাদ্য ৰান্ধিবৰ প্ৰণালী অৱশ্যে বেলেগ। লাহে লাহে বিলাতী মানুহে মাছ-মঙহ এৰিবলৈ আৰম্ভ কৰিছে। এই বিষয়ত মাৰ্কিন- দেশীয় মানুহ ইংলণ্ডীয় মানুহতকৈ বেছি আগবঢ়া আমি দেখিছোঁ। য়ুৰোপৰ ঠায়ে ঠায়ে নিৰামহীয়া খোৱা মানুহ আজিকালি দেখিবলৈ পোৱা যায়। সেইদেখি, ভাৰতবৰ্ষীয় হিন্দু! বিলাতলৈ যাবলৈ খোৱা-বোৱাৰ নিমিত্তে ভয়নকৰিবা। ইয়াত যি খাবলৈ পোৱা যায়, তাতে তাক পাবা, অৱশ্যে তোমাৰ নিজৰ ঘৰৰ মানুহে যেনেকৈ ৰান্ধিব, তেনেকৈ ৰন্ধা বোধকৰোঁ নোপোৱা; কিন্তু ভয় নেখাবা। আমি বিলাতত মাহৰ আঞ্জা, ভাত, আন আন দেশী আঞ্জা, খিচিৰি, মোহনভোগ, ৰসগোল্লা ইত্যাদি খাইছোঁ; এনেকি টেঙাৰ আঞ্জাও খাইছোঁ, পোলাও-কালিয়াতো খাইছোঁৱেই, জলকীয়াও খাইছোঁ। ভালকৈ চলিব জানিলে নিজৰ খোৱা-বোৱাৰ বন্দৱস্ত নিজৰ হাতত থাকিলে ঠিক দেশৰ দৰে থকা যায়। আমি হ'লে আমাৰ মানুহক যি দুই-তিনি বছৰ তাত থাকিব লাগে, ঠিক ইংলণ্ডীয় নেটিভৰ দৰে থাকিবলৈ উপদেশ দিম। “In Rome, do as the Romans do” অৰ্থাৎ ৰোম দেশত ৰোমৰ মানুহৰ দৰে চলিবা। এই নিয়ম বৰ ভাল। যি দেশৰ যি ৰীতি, সেই দেশৰ সেই ৰীতিৰে চলা উচিত।

  ইয়াৰপৰা বিলাতলৈ বহু বাট। আমি যেতিয়া ১৮৯৫ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে কলিকতা এৰোঁ, তেতিয়া আমি হাইকোৰ্টৰ ওচৰৰ তিন নম্বৰ জেটিৰপৰা জাহাজত [ ২১ ] উঠোঁ। সেই জাহাজেই আমাক একেবাৰেই লণ্ডনৰ ৰয়েল এলবৰ্ট ডকত তুলি দিলে। এই বাট অতিক্ৰম কৰিবলৈ আমাৰ পাঁচ সপ্তাহ লাগিছিল। ৭ অক্টোবৰৰ দিনা আমি লণ্ডন পালোঁগৈ। আমি পাঁচোটি ভাৰতবৰ্ষীয় ল'ৰা একেলগে গৈছিলোঁ। এই জাহাজ আমাৰ মনত চিৰকাললৈ থাকিব। এই জাহাজ বৃটিছ ইণ্ডিয়া লেভিগেচন কোম্পানীৰ ‘ডনেৰা’ (S.S. Dunera)। এই পাঁচজনৰ এজন শ্ৰীযুত যোগেন্দ্ৰনাথ পাল; এওঁ এতিয়া যুক্তপ্ৰদেশৰ ভাৰতীয় চিভিল চাৰ্ভিচত কাম কৰে। শ্ৰীযুত সত্যেন্দ্ৰনাথ সেন, কেম্ব্ৰিজত ডিগ্ৰী লৈ স্বদেশলৈ উভতি আহিছে। শ্ৰীযুত সুকুমাৰ সেন, এতিয়া এওঁ কলিকতাতে স্বাধীন ব্যৱসায় কৰিব লাগিছে। চতুৰ্থজন শ্ৰীযুত আবুল ফজল মহম্মদ ফজল হক, এওঁ নিজৰ জমিদাৰী তত্ত্বাৱধান কৰি নিজৰ দেশতে আছে। আৰু আনজনতো স্বয়ং মই। মোৰ সেই নতুন মনৰ ভাব, সৰু কালৰ উদ্যম, উৎসাহ, জাহাজত আমাৰ নিজৰ ভিতৰতে আমোদ-প্ৰমোদ ইত্যাদি নানা কথা কেতিয়াও মোৰ মনৰপৰা আঁতৰ নহয়।


(৬)

  ডনেৰা (Dunera) জাহাজেদি বিলাতলৈ যোৱাৰ কথা কেতিয়াও নেপাহৰোঁ। ৩ চেপ্টেম্বৰ, ১৮৯৫ চন, মঙ্গলবাৰ আছিল। সোমবাৰে ৰাতি দুজন বন্ধুৰ লগত ঘৰৰ নিজৰ মানুহৰপৰা বিদায় লৈ জাহাজত উঠিবলৈ গ'লোঁ। নিশা জাহাজত চেইলৰ ছুট পিন্ধা এজন আদহীয়া বয়সৰ ‘দাঢ়িৱালা’ শকত বৃটিছ খালাচীয়ে আমাক ফিৰিকা দিনা পুৱা আহিবলৈ ক'লে, জাহাজ গঙ্গাৰ জোৱাৰ-ভাটাৰ গোলমালত নিশা যাব নোৱাৰিব দেখি। এনেবোৰ বৃটিছ খালাচী প্ৰায়ে মোটা আদহীয়া ‘দাঢ়িৱালা’হয়—ইহঁতক quarter master (কোৱাৰ্টাৰ মাষ্টাৰ) কয়। ইহঁত সাধাৰণ খালাচীতকৈ ওখ খাপৰ। সি বাৰু যি হওক — আমি আমাৰ বহা ভবানীপুৰৰ ১ নং জেলিয়াপাড়া ৰোডলৈ আকৌ উভতি আহিলোঁ। সেই ৰাতি শুই থাকি পুৱা দহমান বজাত আকৌ জাহাজলৈ গ'লোঁ। এইবাৰ জাহাজ মানুহেৰে ভৰা, জাহাজৰ বিষয়াসকল আৰু চাকৰ-বাকৰ ইত্যাদি বৰ ব্যস্ত, যাত্ৰীসকলে বন্ধু-বান্ধৱৰপৰা বিদায় লোৱা, কোনোৱে কন্দা, কোনোৱে চকু মোহৰা ইত্যাদি বিদায়ৰ লগৰীয়াবোৰ দেখিলোঁ। আমাৰ লগত যি দুজন বন্ধু গৈছিল, তেওঁলোকৰপৰা আমি বিদায় ললোঁ। আন চাৰিজন ভাৰতবৰ্ষীয় ল’ৰাৰ বন্ধু বান্ধৱেও তেওঁলোকৰ বন্ধুৰপৰা বিদায় ললে। জাহাজ একমান বজাত এৰিলে। নিজৰ মাতৃভূমি এৰি অচিনাকি ঠাইলৈ যাবলৈ আৰম্ভ কৰিলোঁ। সেইদিনা চাৰিমান বজাত গৈ বোটানিকেল গাৰ্ডেনৰ কিছু দক্ষিণত জাহাজে লঙ্গৰ পেলালে। ৰাতি তাতে থাকিলোঁ। দূৰদেশলৈ যেতিয়া যাবলৈ ওলাইছোঁৱেই, অলপ দূৰৈত গৈ লঙ্গৰ পেলা — ইমান ওচৰত অথচ [ ২২ ] কিমান দূৰৈত! সেইখিনি সময়তে আন চাৰিজন ভাৰতবৰ্ষীয় সহযাত্ৰীৰে সৈতে চিনাকি হৈ ল'লোঁ — তাৰে এজনক এই বিলাতযাত্ৰা সম্বন্ধে দুদিন-এদিন দেখা কৰিছিলোঁ। শ্ৰীযুত যোগেন পালৰ ককায়েক এজন মাদ্ৰাজলৈকে তেওঁৰ লগত গৈছিল। আমি দয়োজনে অলপ অলপ কথা পাতিবলৈ আৰম্ভ কৰিলোঁ — আমি ইয়াৰ পূৰ্ব্বে এবাৰ সমুদ্ৰযাত্ৰা কৰিছিলোঁ — কলিকতাৰপৰা বম্বেলৈ। এই যাত্ৰাত এমাহ লাগিছিল; কিয়নো ভাৰতবৰ্ষীয় পূৰ্ব আৰু পশ্চিমৰ সমুদ্ৰতীৰৰ প্ৰায় প্ৰত্যেক ঠাইতে লঙ্কাৰ তিনিখন ঠাইত জাহাজ ৰৈছিল। সেইগুণে এমাহ লাগিছিল। সেইদেখি এইবাৰ আন আন সহযাত্ৰীক অলপ যেন অহঙ্কাৰেৰে সৈতে এই বিষয় জনালোঁ। তাৰ পাছদিনা পুৱা উঠি দেখিলোঁ যে জাহাজ সশব্দে গম্ভীৰভাৱে পানী ঠেলি নিজৰ বাট কৰি সমুদ্ৰৰ পিনে ছুটিব লাগিছে। গঙ্গা লাহে লাহে বহল হৈ আহিবলৈ ধৰিছে, পাৰ দেখা নেযায় নেযায় হৈছে। অলপ পৰৰ পাছত যিখিনি পাৰ দেখা গৈছিল, তাকো নেদেখা হ’ল। অপাৰ সমুদ্ৰ। আমাৰ নিজৰ ডেকমাচিয়াত বহি থাকোঁতে দেখিলোঁ যে জাহাজখন দুলিছে, ওপৰ-তল কৰিছে। অলপ See-Saw (চি-চ)ৰ দৰে দুলিছে। গাটো কিবা এককম কৰিবলৈ ধৰিলে। সেইদেখি তললৈ গৈ মুখ-হাত ধোৱা ঠাইত (Lavatory লেভটৰী) অলপ বতিয়ালোঁ। তাৰ পাছত ভালকৈয়ে বাতি আহিবলৈ ধৰিলে। শেহত ওপৰৰ ডেকলৈ আহি সগৰ্ব্বে আকৌ ডেক মাচিয়াত বহিলোঁগৈ। কিন্তু গৰ্ব্ব বেছিপৰ নেথাকিল। আন আন সহযাত্ৰীৰো মুখত প্ৰায় আমাৰদৰেই কেনেবা-কেনেবি ভাব দেখিলোঁ। জাহাজ বৰকৈ দোলা হেন লগাত পাটীতে গৈ শুলোঁ — আকৌ কেবাৰমান বতিয়াইছিলোঁ অৱশ্যে। এয়া গ'ল Sea-sickness অৰ্থাৎ সমুদ্ৰৰ নৰিয়াৰ পাল। মাদ্ৰাজলৈকে আমাৰ শৰীৰ ভাল নাছিল জ্বৰ আৰু গাত খহু হৈ কষ্ট পাইছিলোঁ। জাহাজত ডাক্তৰখানা আছে, সেইদেখি নৰিয়া হোৱাৰ অসুবিধা এৰি আন একো অসুবিধা আমাৰ হোৱা নাছিল। আপোনাৰ পাঠক- পাঠিকাসকলক কওঁ যে সামুদ্ৰিক নৰিয়া হলে জ্বৰ-খহু নহয়—আমাৰ শৰীৰৰ গুণেই জ্বৰ-খহু হৈছিল, সমুদ্ৰৰ দোষ নহয়। সমুদ্ৰৰ দোষ বাতি হোৱা, মূৰ ঘূৰুৱা কেনেবা-কেনেবি কৰা, বন্ধু-বান্ধৱৰ লগত কথা ক’বলৈ মন নোযোৱা ইত্যাদি। সামুদ্ৰিকনৰিয়া দুদিন-তিনিদিনৰ বেছি নেথাকে।

  মাদ্ৰাজত প্ৰথম জাহাজ ৰ’ল। এই মাদ্ৰাজ বন্দৰত জাহাজ যত লাগে, সেইডোখৰ সমুদ্ৰ বৰ উত্ৰাৱল (rough), নাৱৰীয়াবোৰে ভয়ৰ (dangerous) ঠাইবুলি কয়। সেইদেখি ‘পাইলট’ আহি জাহাজত উঠি জাহাজক সমুদ্ৰৰপৰা বন্দৰলৈ লৈ যায়। 'পাইলট' আমাৰ জাহাজৰ আৰিকাটিকে বুজক, বিভিন্ন মাথোন এই, পাইলটবোৰ শিক্ষিত যৰোপীয়, সেইদেখি সিহঁতৰ দৰমহাও বেছি। কলিকতাৰপৰাও জাহাজ পাইলটে লৈ যায় — গঙ্গা এৰি সমুদ্ৰৰ মুখৰ ওচৰত জাহাজক নিৰাপদে লৈ গৈ নামি যায়। এই [ ২৩ ] পাইলটৰ হাততে বহুতে চিঠি দিয়ে, সি কলিকতালৈ আহি ডাকত দিয়েহি। এতিয়া মাদ্ৰাজ বন্দৰলৈ পাইলটে লৈ গ'ল। মাদ্ৰাজ চাবলগীয়া ঠাই। তালৈ আজিকালি অৱশ্যে ৰেলেৰে যাব পাৰি, তেতিয়া ৰেল নাছিল। জাহাজৰপৰা মাদ্ৰাজৰ হাইক'ৰ্ট বৰ সুন্দৰ দেখি। ওপৰৰ “ডোম”বোৰ সোণ বৰণীয়া; এই হাইক’ৰ্টেই জাহাজৰপৰা আটাইৰে চকুত পৰে। ইয়াৰ পূৰ্ব্বে মাদ্ৰাজত জাহাজৰপৰা নামি এৰাতি আছিলোঁ। এইবাৰ আন আন বন্দুসকলৰ লগত গা বেয়া থকাৰ নিমিত্তে, চহৰ চাবলৈ যাব নোৱাৰাত অলপ দুখিত হৈছিলোঁ। মাদ্ৰাজৰ বৰ্ণনা দি এই চিঠি নবঢ়াওঁ। যিবাৰ মাদ্ৰাজত নামিছিলোঁ, সি বহুত দিন আগৰ কথা। ১৮৯৫ চনৰ জানুৱাৰী মাহ। সেই কথা এতিয়া ভালকৈ মনত নাই। সেইবাৰ মাদ্ৰাজৰ ব্ৰাহ্মসমাজৰ মানুহৰ লগতেই বেছিভাগ দেখা কৰিছিলোঁ; তেওঁলোকৰ ভদ্ৰ, আৰু তেওঁলোকৰ পাৰ্গত, বৰ খৰকৈ ইংৰাজী কয়। তাৰ গাৰোৱান, চাকৰবাৰবোৰেও ইংৰাজী কয় — অৱশ্যে (broken English) শুদ্ধ ব্যাকৰণ-নিৰ্দোষ ইংৰাজী নহয়। তথাপি আমি বঙ্গ আৰু আসাম দেশৰপৰা গৈ তেনেবোৰ মানুহে ইংৰাজী কোৱা দেখি অলপ আচৰিত যেন পাওঁ। ই এটা শিক্ষাও। এইবোৰ শ্ৰেণীৰ মানুহে ইংৰাজী কোৱাৰ মানে বোধকৰোঁ বৃটিছসকলে হিন্দুস্থানী ক’বলৈ যিমান সহজ পায়, আৰু যিমান শিকিব পাৰে বা লাগে, তেলেগু কি তামিল তেনে নেপায়; সেইদেখি মহম্মদৰ ওচৰলৈ পৰ্ব্বত নাহে দেখি মহম্মদ পৰ্ব্বতৰ ওচৰলৈ যাবৰ উদাহৰণৰ বশৱৰ্ত্তী হৈ সিহঁতেই বাধ্য হৈ দুখীয়াৰ দুখী অৱস্থাৰে ইংৰাজী শিকে আৰু কয়। অথবা আৰু এটি কাৰণো মনত হয়। খ্ৰীষ্টীয় মিছনেৰীসকলে মাদ্ৰাজত যিমান শিচ পাইছে, আন ঠাইত সিমান শিচ পোৱা নাই। বহুত দিনৰেপৰা খ্ৰীষ্টধৰ্ম্মৰ ৰস আস্বাদন কৰাও সিহঁতৰ ইংৰাজী শিকাৰ আৰু কোৱাৰ কাৰণ হ'ব পাৰে। আৰু মাদ্ৰাজত ইংৰাজৰ বসতি বহুকাল আগৰপৰা। সি বাৰু যি হওক, মাদ্ৰাজী গাৰোৱান, চাকৰ বাকৰ আৰু সেই শ্ৰেণীৰ মানুহে কলিকতা কি বোম্বাইৰ সেই শ্ৰেণীৰ মানুহতকৈ বেছি ইংৰাজী কয়। মাদ্ৰাজ চহৰৰ এডোখৰ ঠাইক, যিডোখৰত দেশী মানুহ সৰহভাগ থাকে, Black Town (ক’লা চহৰ) কয়, শুনাত আমি বৰ দুখিত হ'লোঁ। Black আৰু White কথা দুটা বহুতো গোলমালৰ মূল।

  আমাৰ জাহাজে মাদ্ৰাজ তাৰ পাছদিনা এৰিলে। ইয়াত বহুত নতুন মানুহ জাহাজত উঠিল আৰু কিছু নামিল। যোগেন পালৰ ককায়েকো ইয়াতে নামিল। আমি এতিয়া পাঁচজন হ'লোঁ। আমি বেলেগ বেলেগ কেবিনত আছিলোঁ। Steward (ষ্টুৱাৰ্ড)ক কৈ আমি পাঁচজন একেটা কেবিনলৈ আহিলোঁ। সৌভাগ্যবশতঃ সাতখন বিচনা থকা এটা কেবিন সেই জাহাজত আছিল। প্ৰায়ে জাহাজত ইমান ডাঙৰ কেবিন নেথাকে। আমি

পাঁচজন একেলগ হ'ব পৰাত বৰ ৰং পালোঁ। [ ২৪ ]
(৭)

  ইমানদিনৰ কথা এতিয়া ভালকৈ মনত নপৰে। তেতিয়া আপোনাৰ “বাহী” থকা হলে ন ন বাতৰি দি চিঠি দিলোঁহেঁতেন; এতিয়া সেই পুৰণি ভাব মনত নাহে; তেতিয়াৰ আৰু এতিয়াৰ ভাব বেলেগ। সেইদেখি এতিয়াৰ কথা ঠিক সেইভাৱে লিখা টান। মাদ্ৰাজ এৰি জাহাজ কলম্বোত ৰ’লহি।

  কলম্বো ৰাৱণৰ দেশত। কলম্বো আধুনিক চহৰ। জাহাজ বন্দৰত লাগিলেই যাত্ৰীৰ দেশ চাবলৈ যোৱাৰ হুৰমূৰ লাগে। এজন যাত্ৰীয়ে আন এজনক সোধে — “Are you going ashore at —” ( ঠাইৰ নাম দি)। কলম্বো চাবলৈ আমিও ওলালোঁ। জাহাজ পাৰত ঠিক নেলাগেহি। জাহাজৰপৰা সৰু নাও কেৰেয়া কৰি পাৰলৈ যাব লাগে। ইয়াত এক আচৰিত ৰকমৰ নাও আছে — তাক ‘কেটামাৰাণ’ বোলা হয়। আমাৰ মনত এই ‘কেটামাৰাণ’ আমাৰ খেলনাৱৰ দৰে কি তাতকৈও বেছি দীঘল যেন লাগিল। এনে নাও আমি আন ক’তো দেখা মনত নপৰে। পাৰ হৈ এখন গাড়ী কেৰেয়া কৰিলোঁ। ইয়াত মানুহে টনা গাড়ীও চল্‌তি — তাক ৰিক্‌চ (rickshaw) কয়। ইমান গৰম দেশত সিহঁতে গাড়ীখন লৈ কেনেকৈ লৰে! মানুহে পইচাৰ নিমিত্তে কি নো নকৰিব? এইবোৰ বন্দৰত ‘গাইড’ থাকে। আমি এজনৰ সাহায্য লৈছিলোঁ নে নাইক'ব নোৱাৰোঁ, বোধকৰোঁ লোৱা নাই। চহৰত ডাঙৰ ডাঙৰ য়ুৰোপীয় হোটেল আছে। সঁচাকৈয়ে যলৈকে যায় ত’তে সিহঁতে সুন্দৰৰূপে থাকে। সিহঁতৰপৰা আমাৰ এইবোৰ বিষয়ে বহুতো শিকিবলগীয়া আছে। গোটেইবোৰ হোটেলৰ ভিতৰত আমাৰ Galle Face Hotel (গল-ফেচ্‌ হোটেল)ৰ position অৰ্থাৎ ঠাই ভাল লাগিল। সমুদ্ৰৰ পানীয়ে পুৱা গধূলি দিনে-ৰাতিয়ে অনবৰত হোটেলৰ ভৰি ধুৱাই থাকে। বৰ ভাল ঠাই। আটাইবোৰ চহৰ চোৱা যাত্ৰীয়ে ‘মিউজিয়ম’ অৰ্থাৎ যাদুঘৰ চাবলৈ যায়। এই মিউজিয়ম আন দেশৰ আন মিউজিয়মৰ দৰে। ইয়াত তেনে বস্তু দেখা মনত নপৰে, যদিওবা নতুন বস্তু দেখিছিলোঁ, সি মনত নাই। তাৰ পাছত চিনেমন গাৰ্ডেন অৰ্থাৎ দালচেনিৰ বাগিচা। এই বাগিচাৰ ভিতৰত মানুহ নোসোমায়; বাহিৰৰ পৰাই বাগিচাৰ চাৰিওফালে ঘূৰে। বাগিচাখন দালচেনিৰ গছবোৰেৰে ভৰা, সেইবোৰ সুৱলাকৈ শাৰী পাতি সজোৱা বুলি মনত নহ'ল। ‘দালচেনীৰ লাঠী’ (Cinna- mon stick, sir) বুলি এই লাঠী বেচা মানুহবোৰে গাড়ী কি ৰিক্‌চৰ লগত লৰে। প্ৰায় যাত্ৰীয়ে এডাল লাঠী কিনে। কেতিয়াবা ‘চিনেমন ষ্টিক’বুলি সিহঁতে আন লাঠী বেচে, সেইদেখি কিনিবলৈ হ'লে ভালকৈ চাই-চিন্তি কিনা ভাল। কলম্বো গাড়ী কৰি তিনি চাৰি ঘণ্টামান ফুৰিলেই চোৱা হয়। ইয়াত জাহাজ যদি সৰহপৰ থাকে, তেনেহ'লে কেন্‌ডি (Candy) অথবা আন কোনো ভিতৰুৱা ঠাইলৈ ৰেলেৰে যোৱা উচিত। যিমান দেশ [ ২৫ ] দেখা যায়, সিমান ভাল।

  এটা কথা আপোনাৰ আচৰিত লাগিব, মোৰো লাগিছিল, আনৰো লাগিব। ইয়াত জাহাজ ৰ’লে ধোবা জাহাজলৈকে আহে। সিহঁতে সিহঁতৰ কাৰ্ড যাত্ৰীক দিয়ে আৰু কাপোৰ খনেপতি চাৰি পইচাকৈ দিলে ছঘণ্টাৰ ভিতৰতে কাপোৰ ধুই আনি দিয়ে। বৰ আচৰিত কথা। দীঘল বাট সমুদ্ৰেৰে ভ্ৰমণ কৰিলে কাপোৰ ধুউৱা দৰকাৰ হৈ পৰে। এই ধোবাবোৰে নিশ্চয় বেছ পইচা উপাৰ্জ্জন কৰে। কাৰবাৰত যি ব্যৱসায়ীৰ মন্ত্ৰ — Honesty, small profits, quick return অৰ্থাৎ সততা, কম লাভ আৰু বেগাবেগিকৈ বেচা-কিনা, সেই ব্যৱসায়ীৰ নিশ্চয় উন্নতি হয়, সন্দেহ নাই। শেহবাৰ কলম্বোত ১৮৯৮ চনত আকৌ নামিছিলোঁ। তেতিয়াও ধোবা আহিছিল, আৰু এতিয়া নিশ্চয় আহে।

  আৰু এটি কথা আগেয়ে মোৰ কোৱা উচিত আছিল। লেংটি পিন্ধা কি একেবাৰেই নাঙঠা লৰাবোৰে নাৱেৰে জাহাজৰ ওচৰলৈ আহি ইংৰাজী আধাভঙা মাতেৰে প্ৰচলিত গানবোৰ গায়হি আৰু সিকি কি আদমহীয়া পানীত পেলাই দিলে সিহঁতে নাৱৰপৰা জপিয়াই পৰি সেইবোৰ আনেগৈ। এডেনত এইটো বৰ বেছি আছিল। আজিকালি এডেনত নাই; কিয়নো ঘঁৰিয়ালে কোনো কোনো ল'ৰাক নিজৰ ভোক নিবাৰণৰ সাহায্য কৰিবলৈ পানীৰ তললৈ একেবাৰেই লৈ যায়। সেইদেখি গৱৰ্ণমেন্টে মানা কৰিছে৷ কলম্বোত এতিয়াও আছে নে নাই ক’ব নোৱাৰোঁ।

  কলম্বো চাবলগীয়া ঠাই। ইয়াৰ ভাষা প্ৰধানতঃ তামিল আৰুসিংহলী। ইয়াৰ মানুহবোৰে চুলি দীঘলকৈ ৰাখে। সেই চুলিত আকৌ ফণি এখল লগাই থয়। তাৰ ওপৰত আকৌ ইংৰাজী টুপী, বিশেষকৈ Bowler (বোলাৰ) হেট। গাত ইংৰাজী কাপোৰ; কিন্তু ভৰিডোখৰ অৰ্থাৎ কঁকালৰ পৰা ভৰিলৈকে লুঙ্গী পিন্ধে। শুনিছোঁ বোলে এই লুঙ্গীৰ তলত ইংৰাজী ট্ৰাউজৰ্চ। ইহঁত বেছ ভদ্ৰ মানুহ। জাহাজলৈ প্ৰত্যেক বন্দৰতে দোকানীয়ে বস্তু বেচিবলৈ আহে। কলম্বোতো আহে।

  এইখিনিতে আমাৰ এই “ডনেৰা” জাহাজৰ খোৱাৰ তালিকা দিলে বেয়া নহয়। ৰাতিপুৱাতে বিচনাত চাহ-বিস্কুট। ৮।০, ৯ মান বজাত ব্ৰেকফাষ্ট। একমান বজাত ডিনাৰ। চাৰিবজাত আকৌ চাহ। তাৰ পাছত ছয়বজাত এবাৰ খাবলৈ দিছিল। তেতিয়া খোৱাৰ এই নিয়ম আছিল, আজিকালি বদলিব পাৰে। পি. এণ্ড ও কোম্পানীৰ জাহাজত আজিকালি সময় বদলাইছে, আমি সিদিনা আহোঁতে গম পালোঁ। বৃটিছইণ্ডিয়া জাহাজবোৰৰ খানচামা, ‘বয়’বোৰৰ বেছিভাগেই খিদিৰপুৰ কিকলিকতাৰ আন ঠাইৰ মুছলমান। সিহঁতৰে সৈতে আমি সুকীয়া বন্দবস্ত কৰি লৈছিলোঁ, আমাক ৰাতি ৮।।০ মান বজাত ভাত আৰু দেশীমতে ৰন্ধা কুকুৰা কি আন মঙহৰ আঞ্জা দিছিল। এই খোৱাও বেছ খাইছিলোঁ। ইয়াৰ নিমিত্তে জাহাজৰ বাবুৰ্চিক অলপ বেলেগ বক্‌চিচ দিবলগীয়াত পৰিছিলোঁ। বক্‌চিচ্‌ [ ২৬ ] য’তে-ত’তে। টকাৰে বহু কাম কৰিব পাৰি। বক্‌চিচ, বক্‌চিচ; টকা, টকা; এইহে কেৱল শুনো, হোটেলেই হওক কি জাহাজেই হওক; দেশেই হওক বিদেশেই হওক।

  কলম্বো এৰি আমি এডেন পালোঁ। এডেনত এইবাৰ পাৰলৈ যোৱা নাছিলোঁ। তাত চাবলগীয়া বেছি নাই। এটা মিঠা পানীৰ পাটনাদ আছে, সেইটো চাবলগীয়া। আৰব দেশত পানীৰ বৰ কষ্ট। এই এডেনৰ ওচৰত পৰ্ব্বত। পৰ্বতৰ ওপৰত চহৰ। ইয়ালৈকে আমাৰ ভাৰতবৰ্ষীয় টকা পইচা চলে, তাৰ সিফালে ইংৰাজী টকা। এই এডেনত পইচাৰ নিমিত্তে পানীত জপিওৱা ল'ৰা তেতিয়া বহুতো। সিহঁতে আহি সেই কলম্বোৰ দৰে ইংৰাজী গান গাই কাষলতি-তল বজাই 'হেবেডাই’ ‘হেবেডাই’কৰে। ‘হেবেডাই’ ইংৰাজী Have a dive (হেভ এ ডাইভ)ৰ অপভ্ৰংশহে মাথোন, আৰবী ভাষা নহয়। আপুনি এটা আদমহীয়া সাগৰত পেলাওক, বহুতো ল'ৰাই একেলগে বুৰ মাৰিব, এটাই হাঁহি হাঁহি কৃতকাৰ্য হৈ দাঁতেৰে কামুৰি আদমহীয়াটো আপোনাক দেখুৱাব। আকৌ ‘হেবেডাই। এইটো সঁচাকৈয়ে চাবলগীয়া বস্তু। কোনো কোনো ল'ৰাই আকৌ জাহাজৰ ডেকৰ ওপৰৰ পৰা জপিয়ায়, আমি এইটো নিজে দেখিছোঁ। শুনিছো, কোনোৱে আকৌ জাহাজৰ ওপৰৰপৰা জপিয়াই জাহাজৰ তলেদি বুৰ মাৰি সিফালে গৈ ওলায়।


(৮)

  Red sea ত সোমালেই মানুহে পাতল জহকলীয়া কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰে। Red sea বছৰৰ প্ৰায় সৰহ সময়তেই গৰম, আমাৰ ভাৰতবৰ্ষতকৈও গৰম; কিয়নো আৰব আৰু আফ্ৰিকা দেশৰ মৰুভূমিৰ মাজত এইখন সমুদ্ৰ। এডেনলৈকে আমাৰ দেশীয় মুদ্ৰা চলে আৰু এপইচীয়া পোষ্টকাৰ্ড, দুপইচীয়া টিকটেৰে চিঠি আমাৰ দেশৰপৰা তালৈ আৰু তাৰপৰা আমাৰ দেশলৈ দিব পাৰি। স্বিলোনত আমাৰ টকাই চলে; কিন্তু আমাৰ দেশৰ দৰে পইচা নকয়, তাত ‘চেণ্ট’ (Cent) কয়। এশ চেণ্টেহে এক ডলাৰ হয়, এক ডলাৰ (Dollar) ৪ চিলিং ২ পেন্স অৰ্থাৎ প্ৰায় তিনি টকা।

  আমাৰ এডেন এৰাও যি, কলম্বো এৰাও সি। বিলাত বুলি ওলাইছোঁ যেতিয়া আমি বিলাতৰ কথাহে সৰহকৈ পাতিছিলোঁ।সন্ধ্যাবেলিকা প্ৰায়ে আমাৰ গানৰ মজলিচ্‌ বহিছিল, অৱশ্যে ডেকৰ এচুকত আন মানুহে শুনিব নোৱাৰাকৈ। ক'ব নেলাগে যে আটাইবোৰ গানেই বঙ্গলাত গোৱা হৈছিল। এই গানৰ ৰসৰ ভালকৈ সোৱাদ পাবৰ নিমিত্তে আমি আমাৰ দেশৰ কথা আৰু আমাৰ আটাইৰে ভৱিষ্যতৰ কথা কৈ সময় কটাইছিলোঁ। কি উদ্যম, কি উৎসাহ, কি প্ৰফুল্লতা!

  এতিয়া তাৰ আধা থকা হলেও নিজকে সুখী বুলি ভাবিলোঁহেঁতেন। আমি দ্বিতীয় শ্ৰেণীৰ কেবিনত গৈছিলোঁ। তেতিয়া এই কোম্পানীৰ জাহাজৰ কলিকতাৰপৰা লণ্ডনলৈ [ ২৭ ] যাবৰ দ্বিতীয় শ্ৰেণীৰ কেৰেয়া ৩৭৫ টকা আছিল, আজিকালি বাঢ়িছে। আটাইবোৰ কোম্পানীৰ ৰেট্‌ এতিয়া বাঢ়িছে।

  আমাৰ শ্ৰেণীত কেইটামান ভাৰতবৰ্ষত ওপজা বৃটিছ ল'ৰা-ছোৱালী আছিল। সিহঁতৰ বাপেক-মাকো কাৰো কাৰো লগত আছিল। সিহঁতৰ আৰ্থিক কি সামাজিক অৱস্থা কেনে আছিল ক’ব নোৱাৰো। ল'ৰা-ছোৱালীকেইটাৰ আমাৰ সৈতে ব্যৱহাৰ দেখি ভাল বুলি মনত নহৈছিল। সিহঁতে মিছামিছিকৈয়ে আমাৰ সৈতে কৰ্কশ আৰু অভদ্ৰ ব্যৱহাৰ কৰিছিল। সৰু ল'ৰা-ছোৱালী দেখি আমি সেই ব্যৱহাৰলৈ আওকাণ কৰিছিলোঁ। আশ্চৰ্য্যৰ কথা এই যে সিহঁতে এনে ব্যৱহাৰ মাক-বাপেকৰ আগতে কৰিছিল আৰু মাক কি বাপেকে এইবাবে সিহঁতক কোনো শাস্তি দিয়া কি শাসন কৰা দেখা আমাৰ মনত নপৰে। কিছুদিনৰ পাছত এই ব্যৱহাৰ এনেয়ে স্বাভাৱিকৰূপে কম পৰি আহিল।

  আমাৰ আন সহযাত্ৰীসকলৰ সৰহভাগ সিমান উচ্চ শ্ৰেণীৰ মানুহ নাছিল বুলি আমাৰ মনত হয়। মাদ্ৰাজ কি কলম্বোৰপৰা এজন 'মজাৰ’ যাত্ৰী উঠিল। তেওঁৰ মুখ বৰ ৰঙা আৰু তেওঁ ৰঙ্গিয়াল (কেতিয়াবা কেতিয়াবা) স্বভাৱৰ মানুহ, কথামুখৰপৰা “উনৈশটাকৈ ডজনত” (এই কথাফাঁকি ইংৰাজীৰপৰা অনুবাদ, nineteen to the dozen) অৰ্থাৎ তেওঁ ইমান কথা কৈছিল যে আন মানুহৰ যেনে ডজন মানে বাৰটা, তেওঁৰ কথাৰ ডজনত ঊনৈশটাকৈ আছিল। তেওঁ বোধকৰোঁ অলপ সৰহ মাত্ৰাত ফটিকা সেৱন কৰিছিল। সেইদেখি ইদ্ৰিছ নামধাৰী খিদিৰপুৰীয়া মুছলমান খানচামাই আমাক পাঁচোটাকে, সেই মানুহজনে ফটিকা খুজিলে নিদিবলৈ কৈছিল; আমাৰ অৱশ্যে ফটিকাৰ সৈতে সম্পৰ্ক নাছিল। সেই মানুহজনে আমাৰ সৈতে খুব কথা পাতিছিল। আমাক তেওঁ নিজে নামাকৰণ কৰিছিল, যেনে – Doctor, Professor, Colonel ইত্যাদি। দুবাৰ- এবাৰ ফটিকা খাই অলপ অসদ্ব্যৱহাৰো কৰিছিল; কিন্তু ক্ষণস্থায়ী। তেওঁ স্কটলণ্ডৰ “ডণ্ডী” দেশৰ মানুহ আছিল। জাহাজৰ কাপ্তানী কৰিছিল বোধকৰোঁ, অৱশ্যে “ডনেৰা” জাহাজৰ নহয়।

  আৰু এজন যাত্ৰী, মাৰ্কিন দেশীয় পাদুৰী, মূৰৰ বেমাৰৰ নিমিত্তে স্বদেশলৈ উভতি যাব লাগিছিল। এওঁ বৰকৈ চেলেউ নহ'লে পাইপ হুপিছিল। এওঁকো ইদ্ৰিছ কি আন এজন খানচামাই আমাক ফটিকা দিবলৈ মানা কৰিছিল। আমাৰ ফটিকাৰে সৈতে সম্বন্ধ নাছিল সঁচা, কিন্তু মাজে-সময়ে লুকাই-চুৰকৈ কোনেও নেদেখাত সুবিধা পালে আমি চেলেউ হুপিছিলোঁ। ভাবিছিলোঁ, চেলেউ হোপা পুৰুষ মাত্ৰৰে কাম। আমি আটায়ে ডেকৰ ওচৰত বহি আছোঁ, এনেতে এদিন সন্ধিয়া বেলিকা এই পাদুৰীজনে আহি আমাক সুধিলে, “Do any of you gentlemen smoke.” আমি ইটোৱে সিটোৰ পিনে চোৱা- চুই কৰিবলৈ ধৰিলোঁ। কোনেও কথা নকয়। দোষীৰ ভিতৰত আমাৰ মহম্মদীয় সহযাত্ৰী [ ২৮ ] আৰু আমি এই দুজনহে। দুবাৰ-এবাৰ আমি যি হুপিছিলোঁ তাকে দেখিহে এওঁ আহি আমাক এই প্ৰশ্নটো কৰিছে। আমাৰ ভয় হ’ল - পাদুৰী মানুহ, হয়তোবা আমাক সেইবাবে তেওঁ শাসনকে কৰে। আমি ক'লে “No”। তেতিয়াই তেওঁ কলে, “মোৰ কিছুমান চোকা ধঁপাতৰ চেলেউ আছে, মই নিজে সিমান চোকা খাব নোখোজোঁ, আপোনাসকলে তাৰে কেইটামান হুপিব বুলি ভাবিছিলোঁ।” তেওঁ ক'ত খং কৰিব, আমাক চুৰটহে দিয়ে। আমি এই কথা লৈ তেতিয়া কিমান হাঁহিছিলোঁ, এতিয়াও আমাৰ সেই কথা মনত পৰিলেই হাঁহি উঠে। আৰু এক পৰিয়াল মৰিচিয়চৰ পৰা কলম্বোলৈ আন জাহাজেৰে আহি আমাৰ জাহাজত উঠিল। ইহঁতৰ পৰিয়াল - মাক-বাপেক, দুটি ছোৱালী আৰু এটি ল’ৰা। ইহঁতে নিজৰ ভিতৰতে মিঠা ফৰাচী ভাষা কৈছিল।

  আৰু বহুতো আছিল। তাৰে ভিতৰত বহুতক আমি নামাকৰণ কৰিছিলোঁ। আমাৰ নামহে মনত আছে। “একবস্ত্ৰ” - এই মানুহজনক এই নাম দিছিলোঁ; কিয়নো, তেওঁ জাহাজত উঠাৰপৰা নমালৈকে একেটা চুটকে পিন্ধিছিল। আৰু এটা নাম মনত পৰিছে ‘মেজেকা'। এওঁ বেছ ভাল কাপোৰ পিন্ধা Sociable ইংৰাজ। ইংলণ্ডত কোনো ভাৰতবৰ্ষীয়ক চিনি পাইছিল; তেওঁৰ নাম বোধকৰোঁ মিৰ্জ্জা খাঁ আছিল। তেওঁ মিৰ্জ্জা খাঁ উচ্চাৰণ কৰিব নোৱৰাত 'মেজেকা’ কৈছিল৷ তেওঁক তৎক্ষণাত আমি সেই নামাকৰণ কৰিলোঁ।

  এডেন এৰিয়ে ভালকৈ Red Sea ত সোমালোঁ। Red Sea আন সমুদ্ৰতকৈ ঠেক, সেইদেখি এইসমুদ্ৰত যিমান জাহাজ চকুত পৰে, আন সমুদ্ৰত নপৰে। দীঘল সমুদ্ৰভ্ৰমণৰ ই এটি বৰ ডাঙৰ কথা। অনন্ত সমুদ্ৰ দেখি চকুৰ আমনি লাগি যায়, সেইদেখি আন এটা বস্তু দেখিলে বৰ ৰং লাগে। তৎক্ষণাৎ যাৰ দূৰবীণ আছে, সি চকুত লগায়। কোন লাইনৰ জাহাজ, তাক প্ৰায় জাহাজৰ চুঙা (Funnel) দেখিয়েই জানিব পাৰি; ওচৰহ'লে কি নাম, কলৈ যায় ইত্যাদি জানিবৰ নিমিত্তে যাত্ৰীসকলৰ ভিতৰত বৰ কোঢ়াল লাগি যায়।

  জাহাজখন সৰু-সুৰা পৃথিৱীৰ দৰে। তাত নানান ৰকমৰ যাত্ৰী যায়। তেওঁলোকে যাৰ যেনে স্বভাৱ, যি পদ-মৰ্য্যাদা, আৰ্থিক-সামাজিক অৱস্থা, ঠিক তেনে মানুহৰ সঙ্গ লয়। ইয়াত নানান শ্ৰেণীৰ মানুহ। মিলিটাৰী শ্ৰেণীয়ে আন শ্ৰেণীৰ সঙ্গ নলয়, তেওঁলোকে নিজকে বৰ উচ্চ বুলি ভাবি নিজৰ ভিতৰতে তাচ খেলে, মদ খায়, আমোদ-প্ৰমোদ কৰে। সাউদৰ শ্ৰেণীৰ মানুহে সাউদৰ শ্ৰেণীৰ লগত। ইত্যাদি। ইয়াত ইংৰাজীত যাক ‘Clique' “দল” কয়, তাক সুন্দৰৰূপে দেখা যায়।

  বৃটিছ জাতি আমোদপ্ৰিয়। যিখিনি সময় তেওঁলোক জাহাজত থাকে, সেইখিনি সময় কেনেকৈ আমোদ-প্ৰমোদ, ৰং-ধেমালি কৰি কটাব, সেই নিমিত্তেই তেওঁলোক চিন্তাকুল। [ ২৯ ] যাত্ৰীবোৰৰ ভিতৰতে তেওঁলোকে নানান আমোদ-প্ৰমোদৰ নানান কমিটি গঠন কৰে। যেনে - Sports Committee (খেল খেলাৰ কমিটি)। তেওঁলোকে সেইসৰু ঠাইকণতে খুব গম্ভীৰভাৱে ক্ৰীকেট খেলে। কোনো কোনো মানুহৰ মুখত এনেহে ভাব যেন এই ক্ৰীকেট খেলতেই বৃটিছ সাম্ৰাজ্যৰ ভৱিষ্যত অৱলম্বন কৰিছে। জাহাজত ক্ৰীকেট খেলা মানুহ এজনৰ মুখ আমাৰ এতিয়া লেখি থাকোঁতেই মনত পৰিছে। ইয়াৰ মানে আন একো নহয়। বৃটিছহঁতে যি কাম হাতত লয়, তাক ঠিকমতে কৰিব খোজে। কনচৰ্ট কমিটি অৰ্থাৎনাচ-গানৰ কমিটিও হয়।

  এই আটাইবোৰ কথাতে চব্‌চ্‌ক্ৰীপ্‌চন দিব লাগে। আমি তিনিবাৰ অহা যোৱা কৰি যিমানদূৰ দেখিছোঁ, ভাৰতবৰ্ষীয় যাত্ৰীসকলৰ সৈতে য়ুৰোপীয় যাত্ৰীসকলে এইবোৰ আমোদত যোগ নিদিয়ে। সৰহভাগ ভাৰতবৰ্ষীয়ই চব্‌চ্‌ক্ৰীপ্‌চনহে দিয়ে মাথোন। এই জাহাজৰ আমোদ-প্ৰমোদৰ বিষয়ে পাছত ক'বলৈ আশা ৰাখিলোঁ। আমি এতিয়া ডনেৰা জাহাজেৰে যাব লাগিছোঁ। এডেনৰ পাছত চুয়েজ পালোঁ। চুয়েজ, এতিয়া যিমানদূৰ মনত পৰিছে, আমি নিশা পালোঁগৈ। আমাক আটাইবোৰ যাত্ৰীকে চুয়েজ পাওঁতে দুপৰৰ ডেকত আহি শাৰী শাৰী হৈ থাকিবলৈ আমাৰ দ্বিতীয় শ্ৰেণীৰ ষ্টুৱাৰ্ডে আহি কৈ গ'ল। ডাক্তৰৰ পৰীক্ষাৰ নিমিত্তে ৰাতি বহু পৰলৈ থিয় হৈ আছিলোঁ। ডাক্তৰে আহি পৰীক্ষা কৰিছিল নে নাই মনত নাই। আজিকালি হ'লে চুয়েজত ডাক্তৰ আহি যাত্ৰীৰ নাম ডাকি যায় আৰু সেই ডাকত এটাইবোৰ যাত্ৰী হাজিৰ থাকিব লাগে। আজিকালি মানে এবছৰমানৰ আগলৈকে আছিল। ১৯০৯ চনৰ ডিচেম্বৰ মাহত আমি দেশলৈ উভতি আহোঁতে চুয়েজত জাহাজ নৰ’ল। শুনিলোঁ যে চুয়েজত জাহাজ ৰখা বন্ধ হ’ল।

  এই চুয়েজৰপৰাই চুয়েজখাল আৰম্ভ। এই চুয়েজখাল ফাৰ্ডিনেণ্ড ডি লেচেপ বুলি এজন বিখ্যাত এঞ্জিনীয়াৰৰ তত্ত্বাৱধানত হৈছিল। পোৰ্ট চৈয়দত (Port Said) এই বিখ্যাত মানুহজনৰ শিলৰ প্ৰতিমূৰ্ত্তি আছে। তেওঁ থিয় হৈ চুয়েজখালৰ পিনে আঙুলি দেখুৱাই আছে। বাওঁফালে Mediterranean সমুদ্ৰ, সোঁফালে খাল। এই খাল বহলে আমাৰ নগাঁৱৰ কলং নৈতকৈ ঠেক। এই খালৰ বিষয়ে বিস্তাৰিতভাৱে পাছত কম। জাহাজ লাহে লাহে ইয়াত যায়। প্ৰায় এদিনমান লাগে।

  আমাৰ বেছ মনত আছে, জাহাজৰ লগে লগে সেই খালৰ ওচৰত থকা মানুহ দুটা- এটাই আমাৰ জাহাজৰ লগে লগে লৰা। জাহাজৰপৰা আলু, সুমথিৰা টেঙা, পইচা ইত্যাদি দলিয়াই পেলাই জাহাজৰ বিষয়াসকলে কি যাত্ৰীসকলে ৰং চোৱাও মনত আছে। আৰু মনত আছে, সেইবাৰ সিহঁতে কেঁচাই কেচাই আলু চোবাই খোৱাৰ কথা। প্ৰত্যেক জাহাজৰ লগে লগে সিহঁতে এনেকৈ লৰে।

  এই চুয়েজখালৰদ্বাৰাই পৃথিৱীৰ বাণিজ্যৰ যে কিমান উপকাৰ হৈছে, অলপ গমি [ ৩০ ] চালেই চিন্তাশীল পাঠকে জানিব পাৰিব। এই খালে বাণিজ্যৰ চলাচল সুচল কৰিছে। এই বিষয়ে লাহে লাহে ক’বলৈ আশা কৰিলোঁ।


(৯)

  চুয়েজখাল এঞ্জিনীয়েৰিং বিদ্যাৰ এটি সৰ্ব্বপ্ৰধান চিন। এই খাল হোৱাৰ পূৰ্ব্বে বিলাতলৈ যোৱা যাত্ৰীসকলে চুয়েজত নামি ৰেলত উঠিব লাগিছিল। আজিকালি চুয়েজখাল হোৱাত সেই অসুবিধা ভোগ কৰিব নেলাগে। ইচ্ছা কৰিলে কলিকতাতে উঠি একেখন জাহাজতে গৈ লণ্ডন পাব পাৰি। এই খাল দীঘলে ১০২ মাইলতকৈ অলপ বেছি। কাৰ্চিকা দ্বীপত উপজি ফ্ৰান্স প্ৰদেশৰ অধীশ্বৰ হোৱা আৰু য়ুৰোপৰ বেছিভাগ ঠাইক নিজৰ দখললৈ অনা যোদ্ধা নেপোলিয়ন বোনাপাৰ্ট মহাবীৰৰ মনত এই দুইখন সমুদ্ৰ Red Sea আৰু Mediterranean সমুদ্ৰক এটি খালেৰে একেলগ কৰিবৰ কথা প্ৰথমে উদয় হয়। ১৮৫৪ চনত ফাৰ্ডিনেণ্ড ডি লেচেপে মিচৰ দেশৰ ৰাজপ্ৰতিনিধি চেড্‌ পাচাৰপৰা এটি খাল প্ৰস্তুত কৰিবলৈ অনুমতি পায়। তাৰ পাছত পাঁচ বছৰ কাম আৰম্ভ হোৱা নাছিল। ১৮৫৯ চনত কাম আৰম্ভ কৰি ১৮৬৯ চনত দুয়ো খন সমুদ্ৰক একেলগ কৰা হ’ল। আমি ১৯০৭ চনত খালেদি যোৱা জাহাজৰ লেখ ৪২৭২ বুলি কিতাপত পাইছোঁ। এই জাহাজৰ সৰহভাগেই আমাৰ। আমাৰ বোলাত বৃটিছকে কৈছোঁ। আমাৰ যি বৃটিছৰ সি, বৃটিছৰ যি আমাৰ সি।

  এই খাল যি ঠাইত কটা হৈছে, সেই ঠাইত মাজে মাজে পাঁচ-ছটি হ্ৰদ আছে। এই হ্ৰদ আগেয়েই আছিল। আমাৰ মনেৰে এই হ্ৰদ থকাৰ গুণে খাল খন্দা কাম সুচল হৈছিল। সুচল হৈছিল বুলিও দহ বছৰ লাগিছিল। কাম কৰা মানুহবিলাকৰ কি ধৈৰ্য্য গুণ!

  বাইবেলৰ সময়ত এই দেশ - মিচৰ আৰু আৰব দেশ বিখ্যাত আছিল। কিম্বদন্তি আছে যে ইজৰেলাইটসকলে এতিয়া খাল খন্দা বাটেৰেই মৰুভূমি পাৰ হৈ গৈছিল। সেইডোখৰ কিনটাৰ, আৰু এইখিনিতে উটেদি যোৱা বাট আছিল।

  এই খালেদি যাওঁতে ইচ্‌মেলিয়া চহৰ দেখা যায়। চহৰৰপৰা কিছুদূৰৈত জাহাজ ৰয়। তাত নাৱেদি মানুহে মিঠৈ, পোৱালমণি ইত্যাদি বেচিবলৈ আহে ইমেলিয়াত মানুহ নেনামে। কিন্তু ইয়াত ৰেল ষ্টেশ্যন আছে। কাইৰোলৈ ইয়াৰপৰা যাব পাৰি।

  পোৰ্ট চৈয়দত ৰাজপ্ৰতিনিধি চেড্‌ পাচাৰ নামেৰেই এই চহৰৰ নামাকৰণ হয়। আমি প্ৰথমবাৰ ইয়াত নমা নাছিলোঁ। আমি সন্ধ্যাবেলিকা পাইছিলোঁগৈ। অচিনাকি ঠাই দেখি নমা নাছিলোঁ। আমি ভালেই কৰিছিলোঁ। পোৰ্ট চৈয়দ পৃথিৱীৰ তিনিখন বৃহৎ ভূমিখণ্ডৰ সঙ্গমস্থল। পৃথিৱীৰ নানান পিনৰ অপ্ৰয়োজনীয়, দলিয়াই পেলোৱা মানুহে তাত বহা লয়হি৷ সেইদেখি দুষ্ট বদমাচৰ আড্ডাত আমি সন্ধ্যাবেলিকা নেনামি ভালেই কৰিছিলোঁ। [ ৩১ ] পোৰ্ট চৈয়দ মিচৰ দেশত। এই পোৰ্ট চৈয়দ আজি-কালি আৰু তেতিয়াও পৃথিৱীৰ মানুহৰ অহা-যোৱাৰ বাট। ইয়াত সকলো জাহাজে কয়লা লয়। ই বৰ ডাঙৰ কোলিং বন্দৰ (Coaling Port)। ইয়াৰ মানুহবোৰে আমাৰ দেশী হোকাৰ দৰে হোকাত ধপাত হোপে।

 প্ৰথমবাৰ পোৰ্ট চৈয়দত নমা নাছিলোঁ যদিও, তাৰ পাছত বহুতবাৰ নামিছিলোঁ। আজি-কালি ইয়াত ভাৰতবৰ্ষীয় সাউদ, দোকানী বহুতো আছে। আমাৰ ভাৰতবৰ্ষীয়ই এনে কাৰবাৰ কৰা দেখিলে মন ভাল লাগে। ইয়াত সাউদবোৰৰ বেছিভাগেই হায়দ্ৰাবাদ- সিন্ধৰ মানহ। সিদিনা আহোঁতে বহুতো ভাৰতবৰ্ষীয় দোকানী দেখিলোঁ।

 ইয়াতো জাহাজলৈ আন বন্দৰৰ দৰে মানুহে বস্তু বেচিবলৈ আহে; ইয়াৰ চিগাৰেট ভাল। বহুতভাগ তুৰ্কী, ইজিপ্‌চিয়ান চিগাৰেট ইয়াত হয় আৰু সস্তাও। জাহাজলৈ বাজীকৰ, জ্যোতিষীহঁতো (fortune teller) আহে৷ ইংৰাজ, য়ুৰোপীয়সকলে হাত দেখুৱাই ভবিষ্যতৰ কথা শুনিবলৈ ভাল পায়। আমাৰ ভাৰতবৰ্ষৰপৰা বছৰে বছৰে এনে fortune teller যায়, আৰু টকা কড়ি লৈ দেশলৈ উভতি আহে। ভাৰতবৰ্ষীয়ৰ এনে উদ্যম, উৎসাহ, ব্যৱসায়বুদ্ধি দেখি বৰ ভাল পাওঁ। পি. এণ্ড ও.ৰ ‘মাৰমৰা’ জাহাজত ১৯০৮ চনত এবাৰ বিলাতলৈ যাওঁতে আমাৰ সহযাত্ৰী অসমীয়া সাউদ শ্ৰীযুত ভোলানাথ বৰুৱা তেওঁৰ ভতিজাক শ্ৰীযুত ভাৰতচন্দ্ৰ বৰুৱা আৰু আমাৰ এজন পাঞ্জাৱ দেশৰ ডেকাই fortune teller ৰ তীক্ষ্ণ বুদ্ধি-বিদ্যাৰ পৰিচয় পাই আনন্দ পোৱা মনত আছে। প্ৰথমবাৰ যাওঁতে পোৰ্ট চৈয়দত ইমান, ইমান কিয় এটাও ভাৰতবৰ্ষীয় দেখা নাছিলোঁ। সময়ত আমাৰ ভাৰতবৰ্ষীয়ই গোটেই পৃথিৱীত বাণিজ্যাদি কৰিব। আশা কৰোঁ আমাৰ অসমীয়ায়ো এইদৰে দেশে-বিদেশে ঘূৰি বাণিজ্য-ব্যৱসায় কৰি আমাৰ মৰমৰ জন্মভূমি অসমৰ (তাৰ লগে লগে ভাৰতবৰ্ষৰ) উন্নতি সাধন কৰে যেন।

 পোৰ্ট চৈয়দ এৰিলেই য়ুৰোপত সোমোৱা যায়। মেডিটেৰিনিয়েন (ভূমধ্য সাগৰ) এই বন্দৰ এৰিয়েই পায়; অৰ্থাৎ ভূমধ্যসাগৰ আৰু লোহিতসাগৰ এক কৰি বাণিজ্যৰ সুচল কৰাই চুয়েজখালৰ কাৰ্য্য। সেই কাৰ্য্য অতি সুচাৰুৰূপে হ’ব লাগিছে।

 পোৰ্ট চৈয়দ এৰি আমাৰ ডনেৰা জাহাজ নেপোল্‌চ (Naples)ত ৰ'লগৈ। পোৰ্ট চৈয়দৰপৰা গৈ নেপোল্‌চ যাত্ৰাৰ বিষয়ে অহাবাৰলৈ ক'বলৈ আশা কৰিলোঁ।

 ইমানদিনৰ পাছত আপোনালৈ আকৌ চিঠি লেখিলোঁ। সম্পাদক ডাঙৰীয়া, আশা কৰোঁ নিজ গুণে ক্ষমা কৰিব। ত্ৰুটীৰ বাবে দায়-দোষ নধৰিব।


(১০)

 গ’লবাৰ পোৰ্ট চৈয়দ এৰাৰ কথা লেখিছিলোঁ। পোৰ্ট চৈয়দ এৰি আমাৰ জাহাজ [ ৩২ ] নেপোল্‌চমুৱা হ'ল। আমাৰ মনত আছে— জাহাজত উঠোঁতে আমাৰ খানচামাহঁতক গোমাংস, শূকৰমাংস ইত্যাদি আমাৰ অখাদ্য য়ুৰোপীয়সকলৰ সুখাদ্য আমাক দিবলৈ হাক দিছিলোঁ। Mediterranean এৰি সেই হাক আমি ৰদ কৰিলোঁ। কিয়নো মনে মনে ভাবিলো যে বিলাতত যেতিয়া ইমানদিন থাকিবলৈ ওলাইছোঁ, তাত চাগৈ এনেবোৰ বস্তু বাদে আন একো খোৱা বস্তু নেপায় (এইটো জানিছোঁ এতিয়া ভুল বুলি); হেনজানি সেইবোৰ খাবলৈ আৰম্ভ কৰা যাওঁক। সেইদেখি খোৱা আৰম্ভ কৰা গ'ল।

 ‘ডনেৰা’ জাহাজে পোৰ্ট চৈয়দৰপৰা নেপোল্‌চলৈ যাওঁতে কিমান দিন লৈছিল এতিয়া আমাৰ লেখ নাই। কিন্তু য়ুৰোপৰ বা’ গাত লগাৰেপৰা আমাৰ উৎসাহ আৰু উৎফুল্লতা যেন বাঢ়িল। লাহে লাহে এদিন দূৰৈত কেণ্ডিয়া দ্বীপে দেখা দিলে। তাৰ পাছত এদিন সন্ধ্যাৰ আহাৰৰ পাছত ডেকৰ ওপৰলৈ আহোঁতে দূৰৈত দুশাৰী চাকি দেখা পালোঁ। এন্ধাৰ সমুদ্ৰৰপৰা এনে দুশাৰী চাকি দেখি আমাৰ হঠাৎ দীপান্বিতাৰ কথা মনত পৰিল। তাৰ পাছত শুনিলোঁ বোলে আমি ষ্ট্ৰেইচ অৱ মেচিনাইদি (Straits of Messina) যাব লাগিছোঁ। এফালে ইটালিৰ বেলজিয়ম নগৰ আৰু আনফালে এট্‌না। আমি এইবোৰ ভূগোলত পঢ়িছিলোঁ। এতিয়া নিজে এনেবোৰ ঠাই দেখি আৰু ভাবি,এইবোৰ ঠায়েদিয়েই আমি যাব লাগিছোঁ, আমাৰ মনত যে কি আনন্দ অনুভৱ হৈছিল, তাক লেখি জনাব নোৱাৰোঁ।

 আৰু এটি কথা, দীঘল সমুদ্ৰযাত্ৰাত—এনেবোৰ দৃশ্য আনন্দবৰ্দ্ধনকাৰী। নেপোল্‌চ বৰ সুন্দৰ ঠাই —“See Naples and die” এনে এটি ইংৰাজীত বচন আছে, অৰ্থাৎ নেপোল্‌চ দেখি যদি মৰা যায়, হানি নাই, এনে ভাল ঠাই। বে অব্ নেপোল্‌চ অতি বিতোপণ ঠাই। দূৰৈত সোঁহাতে আগ্নেয়গিৰি ভেফুভিয়াচ। পম্পিয়াই ধ্বংস কৰা ভেচুভিয়াচ এয়ে। জাহাজৰপৰা চহৰখনি দেখিবলৈ বৰ শুৱলা। জাহাজ লাগোতেই নাৱত আহি দুই-তিনি দল মানুহে গান গাবলৈ ধৰিলেহি। নাৱৰীয়াবোৰ হেটপিন্ধা, তাৰ মানে সেই দেশী মানুহেই। আমাৰ দেশৰপৰা পোনপ্ৰথমে গৈ য়ুৰোপীয় মানুহবোৰে গাড়ী চলোৱা, চাকৰবাৰৰ কাম কৰা ইত্যাদি দেখিলে অলপ আচৰিত লাগিবৰ কথা। গান গোৱা মানুহবোৰে আহি জাহাজৰ ওচৰত নাওবোৰ ৰাখি গান গাই পইচা লয়হি। সেই তেতিয়াই আমি ম্যাণ্ডোলীন (Mandoline) বাজনা প্ৰথমে দেখে। ম্যাণ্ডোলীনৰ ধ্বনি ইটালীয় মুনিহ-তিৰুতা, গায়ক-গায়িকাসকলৰ সুৰেৰে বেছকৈ মিলিছিল। আৰু আমাৰ “য়াম্বা, য়াম্বা, য়াম্বা, য়াম্বা, আই” আৰু “মাৰ্গেৰীট” গান বৰ ভাল লাগিছিল। আমাৰ আন আন সহযাত্ৰীসকলৰ কি আনন্দ! কত বছৰৰ পাছত য়ৰোপ পাই চাগৈ তেওঁলোকৰ বহুতৰ নথৈ আনন্দ হৈছিল। সেই আনন্দতে দুই-চাৰিজন বৃটিছ সহযাত্ৰীক (বিশেষকৈ এজন) একেবাৰেই বিহ্বল হোৱা মনত পৰে। অৱশ্যে আনন্দৰ লগে লগে বিহ্বলতাৰ আন [ ৩৩ ] কাৰণো আছিল যেন মনত হয়, যেনে— ফটিকা।

 এইবোৰ ইটালীয় গান শুনি আমাৰ স্বৰ্গীয় ডাক্তৰ ৰাধিকাৰাম ঢেকিয়াল ফুকনে গান গোৱাৰ কথা মনত পৰিছিল। আমাৰ এই যাত্ৰাৰ তিনি-চাৰিমাহমান পূৰ্ব্বে তেওঁৰে সৈতে কলিকতাত দেখা হৈছিল। তেওঁক গান গাবলৈ কোৱাত এনেবোৰ গান গাইছিল— সেই গান অৱশ্যে আমাৰ বোধগম্য হোৱা নাছিল।

 সেইদেখি সেই গান গাই থাকোঁতে আমাক দুই-এবাৰ হঁহা ডাক্তৰ ফুকনে দেখিলে; গান গৈ যোৱাৰ পাছত তেওঁ আমাক সেইবাবে খং কৰিছিল; তেতিয়া এই কথা মনত হ’ল। নেপোল্‌চৰ বন্দৰত গান শুনিও যে আমি কিছু বুজিব পাৰিছিলোঁ, এনে নহয়— একোকে বুজা নাছিলোঁ। কিন্তু নতুন দেশ, নতুন মানুহ, নতুন উৎসাহ- এইবোৰৰ নিমিত্তে আমাৰ আনন্দ হৈছিল।

 জাহাজ পুৱা আঠমান বজাত বন্দৰত লাগিল। গান গোৱা মানুহৰ লগে লগে আন নাৱত গাইড কেইজনমান আহিল৷ তাৰে এজনে আমাক চহৰ দেখুৱাবলৈ নেৰানেপেৰাকৈ লাগিল। আমি চহৰ চাবলৈ ওলালোঁ। অৱশ্যে সি ইংৰাজী জানিছিল। তাক কিমান দিব লগা হৈছিল আমাৰ মনত নাই; বোধকৰোঁ পাঁচ চিলিং; ইমান দিনৰ কথা মনত নাই। কিন্তু আমাৰ যি খৰচ লাগিছিল, পাঁচোটিয়ে সমানে ভাগ কৰি দিছিলোঁ। জাহাজৰপৰা ঘাট কিছু দূৰৈত, সেইদেখি নাৱেৰে যাব লাগে। গাইপতি সেই নাৱত কি দিব লাগে, তাৰ এটা ধৰাবন্ধা দস্তুৰ আছে। সেই দস্তুৰেৰেই আমি নাৱত দিলোঁ। এই গাইড যে সঁচা গাইড, সি আমাক তাৰ “লাইচেন্স” দেখুৱাছিল। যাত্ৰীসকলে এইবোৰ চাই-চিন্তি যোৱা উচিত।

 নেপোল্‌চৰ ঘাটত আমাৰ নাও লাগিলত, আমাক বহুতো মানুহে চাবলৈ আহিল, অৰ্থাৎ বোধকৰোঁ পাঁচজন ভাৰতবৰ্ষীয়ক একেলগে দেখা ইয়াৰ আগেয়ে নেপোল্‌চবাসীসকলৰ ভাগ্যত হৈ উঠা নাছিল।

 আঙ্গুৰ-আপেল বেচা ছোৱালীবোৰে আমাত আঙ্গুৰ, আপেল বেচিবলৈ আহিল। পাছত গাইডৰ লগে লগে আমি সদৰ ৰাস্তালৈ গৈ এখন ‘ফিটন’ গাড়ী কেৰেয়া কৰি চহৰ চাবলৈ আৰম্ভ কৰিলোঁ। আমি এজন হোৱা হ'লে গাড়ী কেৰেয়া কৰিব নোৱাৰিলোঁহেঁতেন, কিয়নো কেৰেয়া নিশ্চয় বহুত দিব লাগিছিল।

 চহৰত সকলো নতুন লাগিল। এয়ে য়ুৰোপত আমাৰ প্ৰথম পদাৰ্পণ।


(১১)

 আমি নেপোল্‌চ পুৱা আঠমান বজাত পালোঁগৈ। জাহাজ দহ-বাৰ ঘণ্টা তাত [ ৩৪ ] আছিল। নেপোল্‌চৰ সৌন্দৰ্য্যৰ কথা গ’লবাৰ উল্লেখ কৰিছিলোঁ। মানুহৰ ভিতৰত যেনেকৈ অৰিয়া-অৰি লাগে, এটাই কয় “মই ডাঙৰ”, সিটোৱে কয় “মইহে ডাঙৰ, মইহে ভাল”, সেইদৰে মানুহে চহৰকো অৰিয়া-অৰিৰ বশৱৰ্ত্তী কৰি দিয়ে। আমি নেপোল্‌চ দেখিছোঁ, নেপোল্‌চ দেখিবলৈ ভাল; আকৌ যি মানুহে কন্‌ষ্টেণ্টিনোপল দেখিছে, তেওঁ কয় সেই ঠাই নেপোল্‌চতকৈও সুন্দৰ। যি হওক, নেপোল্‌চৰ সৌন্দৰ্য্য ভালকৈ অনুভৱ কৰিবলৈ হ'লে সমুদ্ৰৰপৰাহে ভালকৈ অনুভৱ কৰিব পাৰি। আগেয়ে কৈছোঁ, নেপোল্‌চৰ ‘বে’ জগদ্বিখ্যাত।

 য়ুৰোপ মহাদেশৰ প্ৰধান ধৰ্ম্ম ৰোমান কেথলিক খ্ৰীষ্টধৰ্ম। এই নেপোলচত এজন ৰোমান কেথলিক আৰ্কবিচপৰ মঠ। তেওঁৰ তলতীয়া বহুতো ধৰ্ম্মৰ্যাজক। তাৰ ৰোমান কেথলিক গিৰ্জ্জাৰ সংখ্যা ২৭৫টি আৰু ৫৭টি খ্ৰীষ্টধৰ্ম্মৰ আন সম্প্ৰদায়ৰ গিৰ্জা। আমাৰ মনত আছে আমাৰ গাইডে আমাক নেপোল্‌চৰ এটি বৰ গিৰ্জ্জা দেখুৱাবলৈ যোৱা। যেতিয়া আমাক লৈ গৈছিল, তেতিয়া তাত পাদুৰীয়ে বক্তৃতা কৰিছিল আৰু কিছু উপাসকে সেই বক্তৃতা মনোযোগেৰে শুনিছিল। আমি লগে লগে আঁতৰৰপৰা সসম্ভ্ৰমে মূৰৰ টুপী খুলি গিৰ্জ্জাৰ আনফালে গ'লোঁ। ইয়াৰ গিৰ্জ্জাবোৰ চাবলগীয়া। য়ুৰোপৰ সকলো ঠাইতে কেথিড্ৰেলবোৰ (বৰ গিৰ্জা) চাবলগীয়া। কেথিড্ৰেলবোৰৰ বিশেষত্ব আছে। এই বিশেষত্ববোৰ চাবৰ নিমিত্তে বহুতো য়ুৰোপীয় আৰু মাৰ্কিন দেশীয় মানুহে এঠাইৰপৰা আন ঠাইলৈ ফুৰি ফুৰে।

 ইয়াত এটি বিশ্ববিদ্যালয়ে আছে। ঠায়ে ঠায়ে এনে বিশ্ববিদ্যালয় আমাৰ ভাৰতত কেতিয়া হ'ব?

 তাৰ পাছত আমি নেপোল্‌চৰ জাতীয় মিউজিয়ম চাবলৈ গ'লোঁ। “জাতীয়” (নেচনেল, National) নামটো গেৰিবল্ডীৰ দিনৰপৰা হৈছে। আগেয়ে ইয়াৰ নাম মিউজিও বৰ্বনিকো আছিল। এই মিউজিয়মত কিমান যে পাথৰৰ মূৰ্ত্তি (ষ্টেচিও) দেখিলোঁ, কিমান নক্‌চা, কিমান ভাল ভাল জগদ্বিখ্যাত চিত্ৰকৰৰ চিত্ৰ দেখিলোঁ তাৰ লেখ-জোখ নাই। পোম্পিয়াইৰ ভগ্নাৱশেষো বহুত দেখিলোঁ।

 এই চহৰত বহুত মানুহ। শুনিছোঁ বোলে এই ঠাইতে য়ুৰোপৰ ভিতৰত মানুহৰ গেজাগেজি। আমাৰ এই ঠায়েই য়ুৰোপৰ প্ৰথম ঠাই— সেই দেখি ইয়াত যি দেখিলোঁ ভাল লাগিছিল। ইয়াৰ ঘৰবোৰ পাঁচ-ছয় মহলা ওখ। ইয়াত অলি-গলি বহুতো। বহুত বছৰৰ পাছত যেতিয়া কাশীলৈ যাওঁ, কাশীৰ গলিবোৰ দেখি নেপোল্‌চৰ কথা মনত পৰিছিল।

 আৰু এটা কথা আমাৰ মনত আছে। ফিটন গাড়ীৰ ভিতৰত আটাইৰে ঠাই নহ'ব। দেখি আমি কোচওৱানৰ ওচৰত বহি চহৰ চাই ফুৰিছিলোঁ। আঙুলিৰে, মুখেৰে ভঙ্গি [ ৩৫ ] কৰি আমি তাৰে সৈতে কথা পতা মনত আছে। তাৰ কোচওৱানবোৰে ঘোঁৰাক নোকোবায়, অৰ্থাৎ ঘোঁৰাৰ গাত চাবুক নেমাৰে। এনেয়ে চাবুক চটপ্‌ চটপ্‌ কৰি গাৰ ওচৰত শব্দ কৰে। সেই শব্দ আমাৰ নতুন লাগিছিল।

 নেপোল্‌চ সাঁজবেলিকা এৰিলোঁ। নেপোল্‌চৰ কথা ভবিলে আমাৰ ‘য়াম্বা, আম্বা’ আৰু মাৰ্গেৰীট’ গান আৰু ম্যাণ্ডোলীন বাজনাৰ বিষয়েহে মনত পৰে।

 নেপোল্‌চ এৰি জাহাজ একেবাৰে প্লিমাথত ৰ'লগৈ। আমাৰ বহুতো মানুহে ইয়াক প্লাইমাউথ বোলে, কিন্তু উচ্চাৰণ প্লিমাথহে।


(১২)

 নেপোলচ এৰি আমি প্লিমাথমুৱা হ'লোঁ। আমি জাহাজখনিকে নিজৰ ঘৰবাৰী যেন ভাবি প্ৰফুল্ল মনেৰে যাবলৈ ধৰিলোঁ।এইখিনিতে আমাৰ উল্লেখযোগ্য ঘটনা এটি হৈছিল।

 আমি জিব্ৰাল্টাৰ এৰিলোঁ— এই ঠাইত জাহাজ ৰোৱা নাছিল। বে অব্‌ বিচ্‌কে পালোঁ। এই বে অব্‌ বিচ্‌কে জগদ্বিখ্যাত। এই সমুদ্ৰ অলপ নহয় অলপ উত্ৰাৱল। অন্ততঃ এই নিমিত্তেই এই বে বিখ্যাত। বে অব্ বেঙ্গলো এই নিমিত্তে বিখ্যাত। বে অব বিচ্‌কেত জাহাজ বেছিভাগ roll কৰে, অৰ্থাৎ ইকাতি-সিকাতি হয়। আৰু বে অব বেঙ্গলত pitch কৰে। এমূৰৰ পৰা সিমূৰলৈ জাহাজ দোলে। কোনো কোনো ঠাইত roll, pitch দুইটা কৰে, সেই তেতিয়াই সমুদ্ৰ নৰিয়া (sea sickness) হোৱাৰ বেছি সম্ভাৱনা। বে অব্‌ বিচ্‌কেত জাহাজ roll কৰিছিল সঁচা, কিন্তু আমাৰ কাৰো সমুদ্ৰ নৰিয়া হোৱা মনত নপৰে, কিয়নো আমাৰ ভাৰতত বে অব্‌ বেঙ্গলতে তাৰ এপালি হৈ গ'ল।

 বে অক্ বিচ্‌কে এটলাণ্টিক মহাসমুদ্ৰৰে এভাগ। প্লিমাথ পাবৰ দুই তিনি দিনমান আছে। অলপ অলপ জাৰ অনুভৱ কৰিবলৈ ধৰিলোঁহঁক। এদিন এক বজাৰ আহাৰৰ পাছত আমি ডেকৰ ওপৰত বহি-শুই গপ পাতি আছোঁ, এনেতে জাহাজৰ ওচৰতে এখন সৰুনাও দেখিলোঁ। সেই নাও নৈ কি কূলৰ ওচৰত দেখা হ'লে একো আচৰিত হ’বলগীয়া কথা নাছিল। কিন্তু কূল বহু দূৰত, ঠাই মহাসমুদ্ৰ। তাৰ পাছত দেখিলোঁ তাত মানুহ আৰু তাৰে এটা মানুহে তাৰ কামিজ, লাখুটি কি কিবা এনে বস্তু বান্ধি আমাৰ জাহাজৰ পিনে প্ৰাণপনে জোকাৰিবলৈ ধৰিলে আৰু তাৰ লগে লগে চিঞৰাও শুনিলোঁ। আমাৰ দ্বিতীয় শ্ৰেণীৰ ডেকত আমি কেজনৰ বাদে আৰু কেও নাছিল। বোধকৰোঁ আহাৰৰ পাছত তলত বিশ্ৰাম কৰিছিল। আমি সেই নাৱত কামিজ জোকৰা দেখি আৰু চিঞৰ শুনি আচৰিত হ'লোঁ আৰু আমিও চিঞৰিলোঁ। তাৰ পাছত যিজন বিষয়াই সেই [ ৩৬ ] সময়ত জাহাজৰ তত্ত্বাৱধান কৰিছিল (জাহাজৰ বিষয়াসকলে ভাগবাটি পহৰা দিয়ে, চাবি ঘণ্টা হয়তো কাপ্তানে নিজে দিব, চাৰি ঘণ্টা হয়টো প্ৰধান বিষয়াই, চাৰি ঘণ্টা হয়তো দ্বিতীয় বিষয়াই, এনেকৈ জাহাজ ডাঙৰ-সৰু চাই বিষয়াৰ সংখ্যা সৰহ-তাকৰ। ইপিনে এঞ্জিন ৰূমতো তেনেকৈ এঞ্জিনীয়েৰসকলে ভাগবাটি কাম কৰে৷ এনেকি খালাচীবোৰো সেই নিয়মৰ অধীন।) তেওঁৰ সেই চিঞৰণি, কামিজ জোকৰা দেখি সেই মহাসমুদ্ৰত জাহাজ সেই নাৱৰ আৰু অলপ ওচৰলৈ গৈ ৰখালে। জাহাজ পূৰ্ণ জোখৰ বেগত চলাৰ নিমিত্তে ৰখোৱাত দুই-তিনি মিনিটমান লাগিছিল। জাহজ ৰখোৱা হ’লত, নাও ওচৰ চাপি আহিল। জাহাজৰ সকলো যাত্ৰী-বিষয়াসকল ডেকত গোট খালেহি। নাওখন যেতিয়া ওচৰ চাপি আহিল, তেতিয়া দুডাল-তিনিডাল শকত জৰী জাহাজৰপৰা ওলোমাই দিয়া হ’ল। সেই জৰীৰে ধৰি দহোটা কি এঘাৰটা মানুহ জাহাজৰ ওপৰলৈ আহিল; সিহঁতৰ লগত এটা কুকুৰ আছিল, কুকুৰটোকো অনা হ'ল। জাহাজৰ ডাক্তৰ আৰু যাত্ৰীসকলৰ ভিতৰতো এজন ডাক্তৰ আছিল, তেৱোঁ ষ্টেথস্কোপ লৈ থিয় হৈ পৰীক্ষা কৰিবলৈ প্ৰস্তুত আছিল। এটা এটাকৈ যেতিয়া সকলোটি ওপৰলৈ আহিল, নাওখন উটাই দিয়া হ'ল।

 এতিয়া পাঠকসকলক সকলো কথা খুলি কওঁ। কাৰ্ডিফৰপৰা আন এঠাইলৈ এখন সৰু সামুদ্ৰিক মাল জাহাজ নাগমাটি লৈ গৈছিল। বাটত জাহাজৰ তলত দুটা-এটা ফুটা হৈ পানী সোমাবলৈ উপক্ৰম হোৱাত কাপ্তানক সেই বিষয়ে কোৱা হ'ল, কিন্তু কাপ্তানে সেই বিষয়ে আওকাণ কৰি ফটিকা সেৱন কৰিবলৈ ধৰিলে।

 তাৰ পাছত তাৰ এঞ্জিনীয়েৰজনে ফুটা মেৰামত কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু তেতিয়া সকলো চেষ্টা কৰিও জাহাজ ৰক্ষা কৰিব নোৱাৰিলে। সেইখন যাত্ৰী যোৱা জাহাজ নাছিল। সেইগুণে খালাচীবোৰে নাও এখন জাহাজৰপৰা নমাই যেয়ে যেনেকৈ পাৰে তালৈ নামিল। লগতে কুকুটোও জপিয়াই নাৱত পৰিল। কাপ্তান লাজত আৰু বাহিৰলৈ নোলাল। তেওঁ তেওঁৰ কেবিনৰ দুৱাৰ জপাই জাহাজৰ লগতে সমুদ্ৰৰ তললৈ গ’ল। সমুদ্ৰ সেইখিনি সময়ত বৰ উত্ৰাৱল আছিল। তাতে এন্ধাৰ নিশা। এঞ্জিনীয়েৰ মিস্ত্ৰীটি জাহাজৰ পৰা নাৱলৈ জাপ দিবলৈ যাওঁতে সমুদ্ৰৰ উত্ৰাৱল অৱস্থাৰ গুণে নাৱত নপৰি সমুদ্ৰত পৰিল। তেওঁ কিমান চেষ্টা কৰিলে, নাৱত আৰু উঠিব নোৱাৰিল। সমুদ্ৰত তেৱো ডুবি মৰিল। নাৱত উঠা আন আন মানুহৰ এইদৰে মৃত্যু ঘটিল। কিন্তু এনে সময়ত সকলো মৃত্যুৰ সন্মুখত এইবোৰ কথালৈ কাণ দিয়া নেযায়। তাৰে এজনে তেওঁৰ গাৰ কামিজটোকে পালৰ কাম কৰিবলৈ দি বতাহ আৰু সমুদ্ৰৰ ওচৰত প্ৰাণ সঁপিলে। আমাৰ জাহাজ লগ পোৱাৰ আগেয়ে তেওঁলোকে আৰু দুই-তিনিখন জাহাজ লগ পাইছিল। কিন্তু সেই জাহাজবোৰৰপৰা কোনো সহায় নেপালে। হয়তো জাহাজবোৰ [ ৩৭ ] নাওখনৰ সিমান ওচৰেদি নগৈছিল। সেই মাল জাহাজখন ইটালী দেশীয়। আটাবোৰ খালাচীয়েই সেই দেশৰ, কেৱল মাথোন এটি ইংৰাজৰ ল'ৰা আছিল, সি কাপ্তানৰ ‘বয়’ আছিল। সিহঁত মুকলি নাৱত, অপাৰ সমুদ্ৰত দুদিন-দুৰাতি উটি ফুৰিছিল। সিহঁতৰ অৱস্থা কেনে বুজিবই পাৰি। আমাৰ ‘ডনেৰা’ জাহাজৰ কৰ্ম্মচাৰীসকলে আৰু আটায়ে সিহঁতৰ প্ৰতি মৰম দেখুৱাই, কাপোৰ-কানি নোহোৱাবোৰক কাপোৰ-কানি দিলে আৰু ডাক্তৰবোৰে পৰীক্ষা কৰি দৰৱ-জাতি, পথ্যৰ বন্দৱস্ত কৰি দিলে। আমাৰ লগতে সিহঁতক ইংলণ্ডলৈ লৈ যোৱা হ'ল। সিহঁতে যেতিয়া জৰীয়েদি বগাই বগাই এটা এটাকৈ নাৱৰ পৰা জাহাজৰ ওপৰলৈ আহিল, তেতিয়া সিহঁতৰ চকুৱেদি কৃতজ্ঞতাৰ অশ্ৰু বৈ গৈছিল, পাঠকসকলে অলপ ভাবি চালে গম পাব। দুদিন-দুৰাতি সিহঁত অনন্ত অপাৰ সমুদ্ৰ ওপৰত, বঠা নাই (আৰু বঠা থাকিলেই বা কি হ'লহেঁতেন?) সহায়হীন, আশ্ৰয়হীন। কেৱল বিপদৰ বন্ধ কৰুণাময় পতিতপাৱনেই সিহঁতৰ একমাত্ৰ অৱলম্বন। কোনো কোনো যাত্ৰীৰ চকুৰ পানীৰে গাল তিতি যোৱা আমাৰ মনত আছে। ইংৰাজ ল'ৰাটিৰ নিমিত্তে এটি চব্‌চক্ৰীপ্‌চন খোলা হ’ল। ইটালীয় খালাচীবোৰক ইটালী দেশৰ লণ্ডনত থকা ৰাজদূতৰ কচাৰিত চাগৈ পহুচাই দিয়া হ'ল; ইহঁত নাৱৰপৰা আমাৰ জাহাজত উঠোঁতে সৌভাগ্যক্ৰমে সমুদ্ৰ নদীহেন আছিল। সেইদেখি সকলোটি সুকলমে বিনাকষ্টে আৰু নিৰ্বিঘ্নে জাহাজত উঠিবলৈ সক্ষম হৈছিল। যাৰ শেহ ভাল, তাৰ সকলো ভাল।


(১৩)

 ভগৱানৰ কি ইচ্ছা! যোৱাবাৰ ‘ডনেৰা’ জাহাজে সমুদ্ৰত মানুহ উদ্ধাৰ কৰাৰ কথা লেখিছিলোঁ। ছপাখানালৈ সেই বিষয় লেখি পঠোৱাৰ পাছতেই পৃথিৱীৰ ভিতৰত এটি ভয়াবহ ঘটনা হৈ গল; সভ্য জগতৰ ভিতৰত আটাইতকৈ ডাঙৰ জাহাজ , সুসজ্জিত, মহাৰাজ-ৰজাসকলৰো লোভ লগা আধুনিক সভ্যতা আৰু বিলাসিতাৰ চৰম সীমাৰ চানেকি, ‘টাইটেনিক’ জাহাজ ষোল হেজাৰ মানুহ বুকুত লৈ সমুদ্ৰগৰ্ভত মগ্ন হ’ল।। ভগৱানৰ কি লীলা! এই জাহাজখনত নথকা একো বস্তু নাছিল আৰু এই জাহাজ যে বৰফৰ পৰ্ব্বতৰ লগত সংঘৰ্ষণ লাগি বা আন কোনো উপায়ে ডুবিব পাৰে কোনেও সপোনতো ভবা নাছিল। এই বিষয় বাঁহীৰ পাঠক-পাঠিকাসকলে নিশ্চয় দৈনিক বাতৰিকাকতত পঢ়িছে। কিন্তু সমুদ্ৰত এনে বিপদ হোৱা কোনেও শুনা নাই। বহুতো ডাঙৰ-সৰু মানুহৰ মৃত্যু হ’ল। তাৰ লগত বিলাতৰ এজন প্ৰধান লেখক, সম্পাদক, ভাৰতৰ এজন প্ৰধান বন্ধু ঢুকাল। মিষ্টেৰ্‌ ষ্টেড্‌ ৰিভিউ অব্‌ ৰিভিউজৰ সম্পাদক মৃত্য হোৱা মানুহৰ লেখত পৰিল। তেওঁৰ মৃত্যুত সকলোৱেই দুঃখিত। সমুদ্ৰত বিপদ-আপদ হলে, জাহাজ ডুবাৰ শঙ্কা হলে, আগেয়ে তিৰুতা আৰু সৰু ল'ৰা-ছোৱালীক নিৰাপদে [ ৩৮ ] সৰু নাৱত ভৰাই শেহতহে মতা মানুহবোৰ নাৱত উঠে। এই নিয়ম যে ন্যায়সঙ্গত তাত একো সন্দেহ নাই। সেইদিনা ৰাতি সোতৰজনী তিৰুতাই গিৰীয়েকক এৰি নাৱত উঠে। কোনো তিৰুতাই গিৰীয়েকক নেৰি গিৰীয়েকৰ সৈতে একেলগে ডুবিল। কাকো কাকো বলেৰে টানি নি নাৱত ভৰোৱা হ'ল। মৃত্যু সন্নিকট দেখিও ভ্ৰক্ষেপ নকৰি কিমান মানুহে আনক ৰক্ষা কৰি নিজে প্ৰাণ হেৰুৱালে। প্ৰত্যেক জাহাজত এদল বেণ্ড বজোৱা মানুহ থাকে। এই ‘টাইটেনিক’ত যে নেথাকিব, ই নহয়। যেতিয়া গম পোৱা গ'ল যে জাহাজ ডুবিব, আৰু ৰক্ষা নাই, বেণ্ড বজোৱা মানুহদলে মানুহক উৎসাহ আৰু আশ্বাস দিবৰ নিমিত্তে নানান তৰহৰ গীতবাদ্য কৰিবলৈ ধৰিলে। শেহত যেতিয়া জাহাজ ডুবিবলৈ আৰম্ভ কৰিলে, “Nearer my God to Thee” বুলি প্ৰসিদ্ধ সঙ্গীত বাদ্য বজাবলৈ ধৰিলে। কি সাহস! কি বীৰত্ব! কি মৃত্যু! সেই বাদ্য বজাই থাকোঁতেই সানন্দে ভগৱানৰ নাম লৈ সকলো সমুদ্ৰগৰ্ভলৈ গ'ল। কিমান বীৰত্বৰ কথা, ধৈৰ্য্য, সহিষ্ণুতা, নিস্বাৰ্থপৰতাৰ কথা ক'বা। এঞ্জিন ৰূমত আকৌ জুই চোৱা মানুহসকলে শেহলৈকে কাম কৰি, কামৰ লগতে ইটোৱে সিটোক আৰু আন মানুহক উৎসাহ আৰু আশ্বাস দিবৰ অৰ্থে, নাৱৰীয়াসকলে গোৱা গীত গাই মৃত্যু সন্নিকট জানিও সমুদ্ৰৰ তললৈ গ'ল। এই যে লেখিছোঁ, সেই মৃত্যু হোৱা মানুহৰ অসীম সাহসিকতা, বীৰত্ব আৰু নিৰ্ভীকতাৰ অলপ স্মৃতিচিহ্ন বুলিহে লেখিছোঁ। কৰুণাময় পৰমেশ্বৰৰ লীলা আমি কেনেকৈ বুজিম?

 লাহে লাহে আমি ইংলণ্ডৰ ওচৰ চাপিবলৈ ধৰিলোঁ। তাৰ পাছত এদিন পুৱতি নিশা প্লিমাথ পালোঁগৈ৷ ইয়াত বহুত যাত্ৰী নামি গ'ল। প্লিমাথ ডেভনশ্বিয়াৰ। ইয়াৰপৰা গ্ৰেট ৱেষ্টাৰ্ণ ৰেলেদি লণ্ডনলৈ যোৱা হয়। ইয়াৰেপৰা বহুতো যাত্ৰীয়ে টেলিগ্ৰাম কৰি বন্ধু-বান্ধৱ, আত্মীয়-স্বজনক নিজৰ বাৰ্তা দিয়ে। আমি দিয়া নাছিলোঁ, কিন্তু আমাৰ লগৰ দুজন-এজনে দিলে।

 ইয়াত ইয়াত গ্ৰিণ্ড্‌লে, হেনৰী এচ্‌কিং ইত্যাদিৰ এজেণ্ট আহি উঠিলহি। এই এজেণ্টবোৰে যাত্ৰীসকলক সাহায্য কৰে। বিলাতলৈ যোৱা নতুন মানুহে ইহঁতৰপৰা বহুতো সাহায্য পায়। ইহঁতৰপৰা সকলো খবৰ পায়। লণ্ডনৰ ডক্‌চত কাষ্টম হাউচৰ বিষয়াসকলে বাকচ-টাকচ খুলি বহুতো সময় নষ্ট কৰে। এই এজেণ্টবোৰৰ হাতত বাকচৰ ভাৰ নিঃসন্দেহে দিয়া হয়। ইহঁতক সেই বাকচৰ সঁচাৰো দিব লাগে। চুৰ-চালিৰ ভয় নাই। লণ্ডন কি আন ঠাইৰ ঠিকনা থৈ গ'লে সিহঁতে সেই ঠাইলৈ বস্তুবোৰ পঠাই দিবলৈ ভাৰ লয়। ইয়াৰ নিমিত্তে অৱশ্যে অলপ টকা সিহঁতে লয়। সৰু এটা হাত-বেগ হাতত লৈ জাহাজৰপৰা নামিলেই সুবিধা— আন বাকচবোৰ সিহঁতৰ জিম্মাত থৈ নিৰ্বিঘ্নে নিঃসন্দেহ চিত্তে লণ্ডনলৈ নতুনকৈ যোৱা মানুহে আসোঁৱাহবিহীন হৈ হোটেল, বৰ্ডিং হাউচ, কি ঘৰত থিতাপি হ’বগৈ পাৰে। তেতিয়া লাহে লাহে আন বস্তুবোৰ গৈ পালে সুন্দৰৰূপে সময় [ ৩৯ ] লৈ বস্তু-বাহানিবোৰ ঠিক-ঠাক কৰি থোৱা যায়। আমি হেনৰী এচ্‌কিঙৰ মানুহটোক আমাৰ বস্তুবোৰ গতাই দিলোঁ। প্ৰথমে দিব নুখুজিছিলোঁ, পাছত মানুহটোৱে বুজোৱাত আৰু আন আন মানুহে দিয়াত আমিও দিলোঁ।

 লণ্ডনৰ ডক্‌চ চাবলগীয়া ঠাই। আমি লণ্ডনৰ ডক্‌চৰ মুখত অলপপৰ ৰলোঁ। তেতিয়া আমি জাহাজত আমাৰ শেহ আহাৰ খাই ল'লোঁ—এক বজাৰ ডিনাৰ। তাৰ পাছত আমাৰ চাকৰ-বাকৰক অলপ বক্‌চিচ্‌ দি জাহাজ এৰিবলৈ সাজু হ'লোঁ।


(১৪)

 ক’বলৈ পাহৰিছোঁ, আমি জাহাজৰ টিকট কলিকতাত কিং হেমিল্টন কোম্পানীৰপৰা কিনিছিলোঁ। আমাক সেই ঠাইলৈ ডাক্তৰ বেজবৰুৱাই লৈ যায়। হেনৰী এচ্‌কিঙৰ মানুহক আমাৰ বস্তু গতাই দিয়াৰ সিও এটা কাৰণ। লণ্ডনৰ হেনৰী এচ্‌কিঙৰ শাখা কলিকতাত কিং হেমিল্টন।

 আমাৰ দ্বিতীয় কেবিনৰ বৰ ষ্টিউৱাৰ্ড ইংৰাজ আছিল। তাক আমি পঁচা তুলি কিছুৰূপ দিলোঁ। আমাক যি বাবুৰ্চীয়ে ৰাতি উপৰিকৈ ৰান্ধি খুৱাইছিল তাকো অলপ দিলোঁ। ইদ্ৰিছকতো দিলোঁৱেই। আটাইকে যাক যি দিবলগীয়া দি সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু সন্তোষ উৎপাদন কৰিব পাৰিছিলোঁ নে নাই ক'ব নোৱাৰোঁ, কিয়নো বক্‌চিচ্‌ দি মানুহক সন্তোষ দিয়া টান।

 আমাৰ লগৰীয়াসকলক জাহাজৰপৰা লৈ যাবৰ নিমিত্তে কেইজনমান মানুহ আহিছিল। যোগেন পালক লৈ যাবৰ নিমিত্তে ছোট আদালতৰ ভূতপূৰ্ব্ব জজ্‌ মিঃ জোন্‌চ আৰু এজন ইংৰাজ সাউদৰ অফিচাৰ ডেকা এজন আহিছিল। মিঃ জোন্‌চ আহিছিল কিয়নো পালৰ বাপেক ছোট আদালতৰ উকীল আছিল। সাউদৰ আপিচৰ ডেকা আহিছিল, কিয়নো পালৰ ককায়েক মিঃ বিজয়কৃষ্ণ পাল কলিকতাৰ এজন সাউদ, সেইদেখি বিলাতৰ সাউদৰে সৈতে চিনাকি। (এতিয়া স্বৰ্গীয়) বেৰিষ্টাৰ জি. ডি. শীলেও বোধকৰোঁ তেওঁকে নিবলৈ আহিছিল। আমাৰ মহম্মদীয় সহযাত্ৰীক লৈ যাবৰ নিমিত্তে মিঃ আহেমেদুল্লা বুলি আৰু এজন মহম্মদীয় আহিছিল।

 মিঃ সত্যেন্দ্ৰ আৰু সুকুমাৰ সেনক লৈ যাবলৈ কাপুৰথালাৰ এতিয়া এডিকঁ ম্যোস্‌ইও, ৰোহিণী চাটাৰ্জ্জী আৰু এতিয়া বোম্বাই চিভিল চাৰ্ভিচৰ সভ্য মিষ্টাৰ জ্যোৎস্না ঘোষাল আহিছিল। কিন্তু মোক লৈ যাবৰ নিমিত্তে কোনো অহা নেদেখি মোৰ বৰ বেয়া লাগিল। বিদেশ, তাতে আকৌ বয়স তাকৰ, দেশৰপৰা ইমান দূৰ, চাৰিজন জাহাজৰ বন্ধুক হেৰুৱাবৰ সময় আগবাঢ়ি আহিছে ইত্যাদি নানা কাৰণত মোৰ মন বৰ বেয়া লাগি আমন-জিমন [ ৪০ ] কৰি ফুৰিবলৈ ধৰিলোঁ।

 তেতিয়া মিঃ ঘোষলে ক'লে, “মিঃ বৰুৱা, আপোনাক লৈ যাবলৈ মানুহ অহা নাই নে?” মই কলোঁ, “কাকোতো দেখা নাই। মিচেচ্‌ মল্লিকলৈ মোৰ অভিভাৱক শ্ৰীযুত দুৰ্গামোহন দাসে মোৰ বিষয়ে চিঠি লেখিছে বুলি শুনিছোঁ, তেওঁলোকৰ আহিবৰ কথা আছে।” তেতিয়া মিঃ ঘোষলে ক'লে, “কালি মই মিচেচ্‌ মল্লিকৰ তালৈ যাওঁতে তেওঁলোকে আপোনাৰ কথা কৈছিল। কোনোবা স্কুলৰপৰা মানুহ আহি আপোনাক লৈ যাবৰ কথা আছে। তেওঁলোক যদি নাহে, আপুনি যদি মিচেচ্‌ মল্লিকৰ তালৈ যাব খোজে, মই তালৈ লৈ যাব পাৰোঁ।” মোৰ তেতিয়া মন অলপ লঘু হ’ল আৰু তেওঁক আন্তৰিক ধন্যবাদ দিলোঁ। তেওঁৰ লগতে মই মিচেচ্‌ মল্লিকৰ ঘৰলৈ যাওঁ বুলি ওলালোঁ।

 জাহাজ এৰি ডক্‌চৰ কাষৰ বাটেদি যাবলৈ ধৰিছোঁ, এনেতে দূৰৰপৰা এজন ফ্ৰক কোট ট্ৰাউজাৰ্চ, চিল্কহেট (অৰ্থাৎ ইংলণ্ডীয় সভ্যতাৰ সাজ সম্বন্ধে চৰম সীমা) পিন্ধা মানুহ আমাৰ ফালে অহা দেখিলোঁ। তেওঁ আমাৰ পিনে চাই হাঁহি হাঁহি অহা দেখিলোঁ৷ দুয়ো দুইৰো ওচৰ চাপি অহাত দেখিলোঁ তেওঁ আমাৰ কলিকতাৰ সুপৰিচিত শ্ৰীযুত জগদীশ চন্দ্ৰ ৰায়চৌধুৰী।

 তেওঁক দেখি মই সঁচাকৈয়ে ৰং পালোঁ। তেওঁৰ সৈতে কথাবাৰ্ত্তা হোৱাৰ পাছত দেখিলোঁ যে তেওঁৰ লগত দুজনা ইংৰাজ মহিলা। মিঃ ৰায়চৌধুৰীৰপৰা শুনিলোঁ যে তাৰে এজনা লেষ্টাৰৰ কোনো স্কুলৰ হেডমাষ্টৰৰ ঘৈণীয়েক আৰু আনজনা সেই হেডমাষ্টৰৰ ভনীয়েক। তেওঁলোকে আমাক মৰম কৰি কথা কোৱা মনত আছে। মিঃ জগদীশ ৰায়চৌধুৰীয়ে ক'লে যে তেওঁলোকে মোক লৈ যাবৰ নিমিত্তে আহিছে। তেওঁলোকে যদিও বৰ ভদ্ৰ ব্যৱহাৰ কৰা দেখিলোঁ, চিনা মানুহ এৰি অচিনাকি মানুহৰ লগত মোৰ যাবলৈ বেয়া লাগিছিল। মিঃ ঘোষালে, মিঃ ৰায়চৌধুৰীক মোৰ চিনা মানুহ দেখি সেনহঁতক লৈ গ'ল আৰু মই ৰায়চৌধুৰীৰ লগতে থাকিলোঁ। তেতিয়া মই ঠিক কৰিলোঁ যে কেইদিনমান ভাৰতবৰ্ষীয় মানুহৰ লগত থাকি তাৰ পাছত তেওঁলোকৰ লগত লেষ্টাৰলৈ যাম।

 তেওঁলোকৰ নাম পীয়েৰচন আছিল। ৰায়চৌধুৰীক তেওঁলোকৰ ঠিকনা দি তেওঁলোক গুচি গ'ল। দুখৰ বিষয়, তেওঁলোকৰ সৈতে মোৰ দেখা নহ’ল। সেইটো মোৰ দোষ; মোৰ দোষেই বা কেনেকৈ কোৱা যায়? ঘটনাচক্ৰত পৰি আন এটা স্কুললৈ যোৱাৰ নিমিত্তেই তেওঁলোকৰ সৈতে আৰু দেখা দৰকাৰ মনত নকৰিলোঁ। দেখা কৰিলোঁহেঁতেন কিজানি, কিন্তু ৰায়চৌধুৰীয়ে তেওঁলোকৰ লণ্ডন ঠিকনা কেৱল হ্যাম্পষ্টেড্‌ (Hampsted), ইয়াৰ বাহিৰে আৰু একো ক'ব নোৱাৰিলে। হ্যাম্পষ্টেড্‌ লণ্ডনৰ উত্তৰ- পশ্চিম ভাগত। ইমান ডাঙৰ ঠাইত কেৱলমাত্ৰ সেইখিনি ঠিকনাকে সম্বল কৰি [ ৪১ ] তেওঁলোকক বিচাৰিবলৈ যোৱাটো যুক্তিসঙ্গত বুলি নেভাবিলোঁ।

 তেওঁলোক দুজনে মোক লৈ যাবলৈ অহাত তেওঁলোকৰ ওচৰত কৃতজ্ঞতা জনাওঁ, যদিও তেওঁলোকে নিস্বাৰ্থভাৱে মোৰ ওচৰলৈ অহা নাছিল। ডক্‌চৰ ওচৰতে ৰেল ষ্টেশ্যন। ৰেলগাড়ীত উঠি আমি ফেঞ্চৰ্চ ষ্ট্ৰিট (Fen-church Street) বুলি টিকট কৰিলোঁ। ডক্‌চৰপৰা আচল লণ্ডন পোন্ধৰকুৰি মাইলমান দূৰ। এই Fen-church Street আচল লণ্ডনৰ মাজত। এই ষ্টেশ্যনত নামি এখন হ্যান্‌চাম ক্যাবত (Hensom Cab) উঠিলোঁ। এই হ্যান্‌চাম ক্যাব আমাৰ অসমৰ মানুহৰ আচৰিত হেন লাগিব। গাড়ীৰ আগত বহি সচৰাচৰ যেনেকৈ গাড়ী চলোৱা যায়, এইৰকম গাড়ী সেইৰূপে চলোৱা নেযায়। গাড়ীৰ পাছফালৰ চালৰ ওপৰত বহি চলোৱা হয়। আৰোহী তলত বহে। এক ঘোঁৰাৰ গাড়ীত দুজনতকৈ সৰহ আৰোহী বহিলে বহিবলৈ অসুবিধা হয়। কলিকতাত বিলাতলৈ যোৱাৰ আগেয়ে এনে এখন গাড়ী দেখা মোৰ মনত পৰে; কিন্তু আজিকালি নাই। হ্যান্‌চাম বুলি এজন মানুহে এই গাড়ী সৃষ্টি কৰাৰ গুণে ইয়াৰ নাম ‘হ্যান্‌চাম ক্যাব’ হৈ গ'ল।

 আমি ক্যাবত বহি লণ্ডনৰ মাজেদি যাবলৈ ধৰিলোঁ। ৰায়চৌধুৰীৰ লগত অলপ অলপ কথা পাতি যাবলৈ ধৰিলোঁ। কিন্তু সৰহ সময়— লণ্ডনৰ লোকাৰণ্য, গাড়ী- ঘোঁৰাৰণ্য বাটবোৰ চায়েই গৈছিলোঁ। তেতিয়া আমাৰ মনৰ ভাব কেনে হৈছিল পাঠকসকলক কেনেকৈ জনাম? আমি যদিও বিলাতত বহু বছৰ আছিলোঁ আৰু তাৰ পাছত দুবাৰো বিলাতলৈ গৈছিলোঁ, কিন্তু সেই মনৰ ভাব আৰু আমাৰ উভতি অহা মনত নপৰে।

 মি: ঘোষালে আমাক মিচেচ্‌ মল্লিকৰ ঠিকনা ডক্‌চত দি গৈছিল। 13, St. Stephen's Road, Bayswater. আমি সেইবুলি গাৰোৱানক কৈ সেই ঠাইলৈ যাবলৈ ক'লোঁ। মিচেচ্‌ মল্লিক কলিকতাৰ বাৰিষ্টাৰ স্বৰ্গীয় ও. চি. মল্লিকৰ পত্নী। তেওঁ, তেওঁৰ ল'ৰাৰ শিক্ষাৰ নিমিত্তে বিলাতত আছিল।

 গাৰোৱানক কিমান দিলো মনত নাই। আমি আবেলি চাৰি বজাৰ সময়ত সেইখিনি পালোঁগৈ। সেইদিনাৰ তাৰিখ ৮ নবেম্বৰ আছিল। বতৰ কুঁৱলী আৰু জাৰ। জাৰৰ প্ৰকোপ তিমান বেছি মনত নপৰে। মিচেচ্ মল্লিকে আমাক দেখি আচৰিত হ'ল, কিন্তু যত্ন কৰি অভ্যৰ্থনা কৰিলে।


(১৫)

 মিচেচ্ মল্লিক প্ৰভৃতিয়ে যদিও খোৱা শেষ কৰিছিল, মিঃ জগদীশ ৰায়চৌধুৰী আৰু [ ৪২ ] আমাৰ নিমিত্তে চাহ আনিবলৈ ক'লে। বিলাতত চাকৰ-বাকৰ মাতিবৰ হ’লে আমাৰ দেশৰ দৰে চিঞৰ-বাখৰ কৰিবৰ প্ৰয়োজন নাই, কিয়নো প্ৰত্যেক খোঁটালীতেই ঘণ্টা থাকে, সেই ঘণ্টা চাকৰ-বাকৰ য'ত থাকে ত'ত শুনা যায়। বহু ঠাইৰ ওচৰৰপৰাই হওক কি শোৱা খোঁটালীতেই হওক, বিজুলী-ঘণ্টা কি আন ৰকমৰ ঘণ্টা সংলগ্ন থাকে। সেই সংলগ্ন ঠাই চুই দিলে কি লাৰি দিলে ৰান্ধনি ঘৰ কি আন ঠাইত যত চাকৰ-বাকৰ থাকে সেই ঠাইত ঘণ্টা বাজেগৈ। কোন খোঁটালীৰপৰা বাজিছে, সিহঁতে গম পাই সেই খোঁটালীলৈ আহে।

 এতিয়া মিচেচ্‌ মল্লিকে সেইৰূপে ঘণ্টা লাৰি দিয়াত কিট্‌ কিট্‌ ক’লা কাপোৰ পিন্ধা, মূৰত বগা লেচৰ টুপী পিন্ধা, আৰু ক'লা কাপোৰ ময়লা নহ'বৰ নিমিত্তে ধপ্‌ ধপ্‌ কৰে বগা “এপ্ৰন” পিন্ধা গাভৰু ছোৱালী এজনী আহিল। তায়ে চাকৰণী। আমাৰ নিমিত্তে চাহ আনি হুকুম হোৱাত চাহ আনি দি তাই আকৌ গুচি গ'ল। মিচেচ্‌ মল্লিকৰ লগত কথা হ'লোঁ। আমাৰ ইয়াৰ সুপৰিচিত শ্ৰীযুক্ত সুৰেন্দ্ৰ হালদাৰক তাত দেখা পাই সন্তোষ পালোঁ। তেওঁৰ আমাতকৈ তিনি সপ্তাহ কি এমাহ আগেয়ে বিলাতলৈ গৈছিল। তেওঁৰে সৈতে বিলাতত দেখা হৈ যিমান আনন্দ হৈছিল, সেই আনন্দৰ অলপ তেতিয়াই ক্ষণস্থায়ীকৈ হ্ৰাস হ’ল। আমি তেওঁৰে সৈতে বঙ্গলাত কথা কওঁ, তেওঁ ইংৰাজীত উত্তৰ কৰে। ই অলপমান মোৰ আচৰিত লাগিল। মিচেচ্‌ মল্লিকৰ দুজন পুতেক শ্ৰীযুত হেমন্ত মল্লিক আৰু শ্ৰীযুত শিশিৰ মল্লিক আৰু তেওঁৰ দেৱৰেকৰ পুতেক শ্ৰীযুত দেবেন্দ্ৰ মল্লিকে আমাৰ সৈতে ইংৰাজীকেই কৈছিল। আমি যে ইংৰাজী কব নোৱাৰিলোঁ, তেনে নহয়, কিন্তু তিমান অভ্যাস নথকাত আৰু স্বদেশী মানুহ দেখি বঙ্গলাতে ক’বৰ ইচ্ছা কৰিছিলোঁ। সেইদেখি আমাৰ বৰ আচৰিত লাগিছিল আৰু আমি বৰ বেয়া পাইছিলোঁ। তেতিয়া সেই ভাব হৈছিল দেখিহে এই কথা লেখিছোঁ, সেই ভাব আমাৰ মনত উদয় হোৱা উচিত নাছিল যদিও।

 মিচেচ্‌ মল্লিকৰ থকা ঠাইতে তেতিয়া থাকিবৰ বন্দৱস্ত কৰি দি জগদীশ ৰায়চৌধুৰী তেওঁৰ থকা ঠাইলৈ গুচি গ'ল। আমি এটা খোঁটালী কেৰেয়া কৰিলোঁ। সেই ঘৰটো মিচেচ্‌ মল্লিকৰ ঘৰ নাছিল; তাতে তেওঁ খোঁটালী কেৰেয়া কৰিহে আছিল। শ্ৰীযুত সুৰেন হালদাৰে আমাৰ খোঁটালীলৈ আমাক লৈ গ'ল। তাত বিচনা সুন্দৰকৈ প্ৰস্তুত পালোঁ। কাপোেৰ থ’বৰ নিমিত্তে আলমাৰী আৰু দেৰাজ পালোঁ। মুখ ধোৱা মেজত চৰিয়া, জগ ইত্যাদি মুখ ধুবৰ সঁজুলি পালোঁ। শোৱা খোটালীৰ সকলো সৰঞ্জামেই পালোঁ। এটা সৰু আলমাৰীত সৰুপানী চোৱা চেম্পাৰ পটো পালোঁ। বিলাতত সৰুপানী চোৱা কাম শোৱা ঘৰতে কৰিব লাগে। পুৱা সেইটো চাকৰণীয়ে উলিয়াই লৈ যায়। বিচনাখন এনেভাৱে কৰি থোৱা আছিল, জাপেই বা ক'ত মই গম নেপাইছিলোঁ। সোধাত [ ৪৩ ] শ্ৰীযুত হালদাৰে দেখুৱাই দিলে। ই বৰ কৌতুকৰ কথা হৈছিল।

 নিশাৰ ভোজন সমাপ্ত কৰি কিছুপৰ কথাবাৰ্ত্তা পতাৰ পাছত দহমান বজাত শুবলৈ গ'লোঁ। সেয়ে আমাৰ খোঁটালীত অকলে শোৱা প্ৰথম। ঘৰৰ দুৱাৰ বন্ধ কৰিবলৈ মিঃ হালদাৰে এটা সঁচাৰ দেখুৱাই গৈছিল। সেই সঁচাৰেৰে দুৱাৰ বন্ধ কৰি শুই থাকিলোঁ। কিন্তু দুৱাৰ চাবি দি বন্ধ কৰিবৰ একো দৰকাৰ নাছিল। নানান ৰকমৰ চিন্তাৰ পাছত টোপনি আহিল। ৰাতি টোপনিৰ একো ব্যাঘাত হোৱা মনত নপৰে। পুৱা সাতমান বজাত টোপনি ভাগিল। ক’বলৈ পাহৰিছোঁ, বিলাতত ৰাতি শোৱাৰ আগেয়ে দুৱাৰৰ আগত জোতা থৈ দিয়াৰ নিয়ম। ৰাতিপুৱা সেইবোৰ চাকৰ বা চাকৰণীয়ে চাফ কৰি আকৌ সেই ঠাইত থৈ যায়। আমিও তাকে কৰিলোঁ। সাতমান বজাত দুৱাৰত “নক” শুনিলোঁ। আৰু “Hot water, please, sir” কোনোবাই কোৱা শুনিলোঁ। আৰু বাহিৰত কিবা এটা থৈ যোৱাৰ শব্দ শুনিলোঁ। উঠিবৰ সময় হ’ল বুলি ভাবি বিচনা এৰিলোঁ। এইখিনিতেই এটা কথা কৈ থওঁ, আমি বিলাতত বহুকাল থাকি এই দেখিছোঁ যে ভাৰতবৰ্ষৰপৰা নকৈ যোৱা মানুহ বৰ সোনকালে উঠে, কিয়নো আমাৰ ইয়াত সেয়েই অভ্যাস। অলপ দিন থাকিলে সময় পিছ হুঁহকি যায়। সেইবুলি আমি নকওঁ যে বিলাতত কোনো মানুহ অতি প্ৰত্যুষে নুঠে। “Early to bed and early to rise” অৰ্থাৎ সোনকালে শুবলৈ যোৱা আৰু পুৱাই শয্যা ত্যাগ কৰা ইংৰাজী ভাষাৰেই বচন। সি বাৰু যি হওক, আমি মুখ ধোৱা মেজৰ জগত থকা চেঁচা পানীৰেই মুখ-হাত ধুই কাপোৰ-কানি পিন্ধি মিচেচ্‌ মল্লিকৰ আহাৰ গৃহলৈ গ'লোঁ। সেই খোঁটালীৰ পৰা বাট দেখি। চাকৰণীয়ে জুহালত কয়লা আৰু খৰি দি জুই ধৰিলে। অলপ জুই জ্বলি খোঁটালী তপত কৰিলে। তলৰপৰা চাহৰ বাচন-বৰ্তন আনি চাকৰণীজনীয়ে ব্ৰেকফাষ্টৰ আয়োজন কৰিবলৈ ধৰিলে। আমি খিৰিকীৰ ওচৰত বহি বাটেদি দুজন-এজন মানুহ অহা-যোৱা দেখি ভাবিলোঁ— ইহঁত ক'ৰপৰা আহিছে, ক'লৈ বা যাব লাগিছে, বাটৰ আদিয়েই বা ক'ত, অন্ত‌ই বা ক'ত— আমাৰ একো জ্ঞাত নাছিল। অতীত আৰু ভৱিষ্যত জীৱনৰ কথা ভাবিবলৈ ধৰিলোঁ। ঘৰৰ কথা মনত পৰিল— স্বৰ্গীয় পিতৃ, ককাইদেউ দুজনৰ কথা, স্বৰ্গীয়া জননীৰ কথা মনত পৰিল। পঁয়ত্ৰিশ-ছয়ত্ৰিশ দিন আগতেই বা ক'ত আছিলোঁ, এতিয়াই বা ক’ত? এইবোৰ নানান কথা ভাবি, ক’বলৈ লাজ কৰাৰ একো প্ৰয়োজন নাই, চকুৰ পানী ওলাল। আধাঘণ্টা মান পাছত মল্লিক পৰিয়াল ব্ৰেকফাষ্ট খাবলৈ নামি আহিল। তেওঁলোকে আমাক অতি আদৰেৰে ব্ৰেকফাষ্ট খুৱালে। ব্ৰেকফাষ্টত— পৰিজ, বেকন আৰু কুক্কুটি- ডিম্ব, চাহ, টোষ্ট, মাখন খালোঁ। জাহাজত খোৱাৰ ইয়াতকৈ বেছি আড়ম্বৰ পাইছিলোঁ।। ব্ৰেকফাষ্টৰ পাছত বহি আছোঁ, এনেতে মিচেচ্‌ মল্লিকৰ সৈতে দেখা কৰিবলৈ মিচেচ্‌ বি, এল. গুপ্ত আহিছিল। তেওঁ লণ্ডনত ল'ৰা-ছোৱালীৰ শিক্ষাৰ্থে তেতিয়া বাস কৰিছিল। [ ৪৪ ] মিচেচ্‌ মল্লিকে আমাৰে সৈতে তেওঁক চিনাকি কৰাই দিলে। বাইদেউ শ্ৰীযুতা স্বৰ্ণলতা দেৱীৰ সৈতে তেওঁৰ পৰিচয় আছিল। মিচেচ্ গুপ্তলৈ তেওঁ মোক চিনাকি-চিঠিৰ দৰে এখন চিঠিও দিছিল। সেই চিঠি মিচেচ্‌ গুপ্তক দিলোঁ। তেওঁ তাৰ পাছদিনা আমাক ডিনাৰলৈ নিমন্ত্ৰণ কৰিলে। তেওঁৰ পৰিধেয় দেশীমতে শাৰীয়ে আছিল—শাৰীৰ ওপৰত ক্লোক।

 তাৰ অলপ পাছতে আজিকালি বঙ্গীয় চিভিল চাৰ্ভিচৰ জজ্ (তেতিয়া পাঠ্যাৱস্থাত) শ্ৰীযুত জ্ঞানেন্দ্ৰ ৰায় আহিল৷ তেওঁ আমাৰে কথা জানিবৰ নিমিত্তে মিচেচ্‌ মল্লিকেৰে সৈতে দেখা কৰিবলৈ আহিছিল। মিচেচ্‌ কীটিং বুলি এজন ইংৰাজ মহিলাই আমাৰ বিষয় সুধি পঠায়, সেই নিমিত্তে তেওঁ আহিছিল।

 পিতৃদেৱতাৰ মৃত্যুৰ অতি পাছতে মাজিও ককাইদেৱ শ্ৰীযুত কমলাভিৰামৰ মৃত্যু হয়। পিতৃদেৱতাৰ মৃত্যুৰ পূৰ্ব্বেই আই মাতৃদেৱীক আৰু ডাঙৰ ককাইদেৱ শ্ৰীযুত কৰুণাভিৰামক হেৰুৱাওঁ। তেতিয়া আমাৰ বহুত অভিভাৱক হ’ল। তাৰে হাইকোৰ্টৰ বিখ্যাত উকীল ৺দুৰ্গামোহন দাস আৰু প্ৰসিদ্ধ বৈজ্ঞানিক শ্ৰীযুত জগদীশচন্দ্ৰ বসুৱেই প্ৰধান। দুৰ্গামোহন বাবুৰ মাজিও পুতেক ব্যাৰিষ্টাৰ শ্ৰীযুত এচ্‌. আৰ্‌. দাস সেই পীয়েৰচনৰ লেষ্টাৰৰ স্কুলত আছিল দেখি পীয়েৰচনহঁতলৈ চিঠি লেখে, সেইদেখিয়েই মিচেচ্‌ পীয়েৰচন আৰু মিচ্‌ পীয়েৰচন ডক্‌চলৈ যায়। ইপিনে ডাক্তৰ জগদীশ বসুৱে তেওঁৰ বন্ধু লণ্ডনৰ এটি উপনগৰ ব্ৰিক্‌চটনৰ টালচ্‌ হিলত থকা মিচেচ্‌ কীটিঙলৈ ডাকতো চিঠি লেখে আৰু মোৰ লগতো এখন চিঠি দিয়ে। মিচেচ্‌ কীটিঙে ডাক্তৰ বসুৰপৰা চিঠি পাই শ্ৰীযুত জ্ঞানেন্দ্ৰনাথ ৰায়লৈ চিঠি লেখে— সেইদেখিয়েই সেইদিনা পুৱা মিষ্টাৰ ৰায়ে মিচেচ্‌ মল্লিকৰ তালৈ গৈছিল। এই মিষ্টাৰ ৰায়ে মোৰ নিমিত্তে দুই-তিনি দিনৰ বহুমূল্য সময়ৰ কিছু দিছিল। সেইগুণে এইখিনিতে তেওঁৰ শলাগ লৈ থওঁ। মিষ্টাৰ ৰায়ে মোৰে সৈতে ব্ৰিকচটনলৈ যাবলৈ দুদিন পাছত “এনগেজমেন্ট” কৰি গ'ল।

 মোৰ লগত কেৱল মাথোন চাঁদনী বজাৰৰ কাপোৰ আছিল। সেইদেখি অলপো সময় নষ্ট নকৰাকৈ ওচৰৰে নটিং হিলত ফ্ৰেড়কিন বুলি দৰ্জ্জিৰ দোকানত মিষ্টাৰ হেমন্ত মল্লিকে মোক লৈ গৈ এটা চুট আৰু এটা ‘অভাৰ কোট’ৰ অৰ্ডাৰ দিলে। চুটৰ দাম তিনি গিনি অৰ্থাৎ আজি-কালিৰ হিচাপ মতে ৪৫৷|০ অনা আৰু অভাৰ কোটৰ দামো তিনি গিনি। ১৮৯৫ চনত ১ পাউণ্ড ১৮ টকাতকৈ অলপ বেছি আছিল। আমাৰ দেশৰ মানুহে এক পাউণ্ড আৰু এক গিনি একে ভাবে, কিয়নো সাধাৰণ ভাষাত পাউণ্ডকে গিনি বুলি কয়। এক গিনি বুলি কোনো এটা মুদ্ৰা নাই। এক চাভাৰিণ্‌ অৰ্থাৎ এক পাউণ্ড আৰু এটি

চিলিং এক গিনি। [ ৪৫ ]
 
১৬

 চেণ্ট ষ্টীভিঞ্চ্‌ ৰােডৰ ঘৰত দুদিন কি তিনিদিন থকাৰ পাছতেই মিচেচ্‌ মল্লিকে ঘৰ সলালে। ময়াে তেওঁলােকৰ লগতে নতুন ঠাইলৈ গ'লোঁ। সেই ঘৰৰ ঠিকনা ৪৯ নম্বৰ বার্লিংটন ৰােড, আগৰ ঘৰৰ ওচৰতে। এই দুদিন কি তিনিদিন মই চেন্ট ষ্টীভিঞ্চ্‌ ৰােডত থকাৰ নিমিত্তে খােৱা আৰু থকাৰ নিমিত্তে এক গিনি মােৰ দিবলগীয়াত পৰিল।

 এন্‌গেজমেণ্ট্‌ অনুসাৰে মিঃ জে. এন. ৰায়ৰ লগত মিচেচ্‌ কীটিঙৰ তালৈ যােৱাত ঠিক হ’ল যে মই হাই গেটত থকা মিচেচ্‌ কীটিঙৰ বায়েক মিচেচ্‌ স্পীয়েৰৰ লগত থাকিম। এই কীটিং পৰিয়ালৰ সৈতে প্রফেচৰ জে. চি. বােস আৰু তেওঁৰ সমসাময়িক আৰু পূৰ্ব্বৰ বিলাত-প্রবাসীৰে সৈতে বৰ চিনাকি আছিল। মিচেচ্‌ কীটিঙে লণ্ডনৰ কোর্ট (কচাৰি) সংক্রান্ত কিবা কাম কৰিছিল। তেওঁৰ অৱস্থা স্বচ্ছল যেন মনত হ’ল। মিঃ ৰায়ৰ লগত আমি বেজৱাটাৰৰপৰা অমনিবচ্‌ গাড়ীত উঠি ভিক্টোৰীয়া নামে ষ্টেশ্যনৰপৰা গাড়ীত উঠি ব্রিক‌্চ্‌টনলৈ ৰেলগাড়ীৰে গ'লোঁ। তেওঁ মােক বাটে বাটে যি ঠাই দেখুৱা উচিত দেখুৱাই দেখুৱাই গৈছিল। ভিক্টোৰীয়া ষ্টেশ্যন টেমচ্‌ নদীৰ ওচৰতে। সেই ষ্টেশ্যন এৰিয়ে গাড়ী (Grosvenor Bridge) গ্রোভনাৰ ব্রিজ বুলি সেই নৈৰ ওপৰত এটা ষ্টেশ্যনত ৰ'লগৈ। তেতিয়া মােক সেই নৈ দেখুৱাই ক'লে, “বাবা তমসা”। মই বুজ নেপালোঁ। টেমচ্‌ বুলি কোৱাতহে ভূ পালোঁ।

 তেওঁ আমাক এনেকৈ ঠাই দেখুৱাই গৈছিল। এটা কথা এইখিনিতে কৈ থওঁ, মােৰ এতিয়া যিমানদূৰ মনত পৰিছে অমনিবচ আৰু ৰেলৰ কেৰেয়া সেইদিনা মিঃ ৰায়ে দিছিল। কিন্তু সেইটো উচিত নহয়। যদি কোনােবাই মােৰ এই চিঠিবােৰ পঢ়াৰ পাছত বিলাতলৈ যায়, তেওঁ যেন নিজৰ পাথেয় দিবলৈ প্ৰস্তুত হৈ থাকে, —এক পেনিয়েই হওক বা এক পাউণ্ডেই হওক। বেজৱাটাৰৰপৰা ব্রিক্‌চ্‌টনলৈ যােৱা আৰু অহাৰ খৰচ বাৰ অনাতকৈ বেছি নাছিল। মােৰ জেপত বাৰ অনাতকৈ বহুত বেছি পইচা আছিল; মােৰ পইচা দিবলৈকো অনিচ্ছা নাছিল, লাজতেই হওক বা ইযে এটা এটিকেট বিৰুদ্ধ কাম সেইটো নভবাৰ কাৰণেই হওক, মই সেই বিষয়ে একো নেভাবি তেওঁক মােৰ ভাড়া দিয়াত বাধা দিয়া নাছিলোঁ। পাঠক-পাঠিকাসকলে তেতিয়া মােৰ বয়স কিমান। আছিল ভাবি চাব। ইংলণ্ড প্রভৃতি ঠাইত টকাৰ মূল্য বহুত। সেইদেখি প্রত্যেকে নিজৰ খৰচ দিবলৈ সাজু হৈ থকা উচিত।

 বার্লিংটন ৰােডত সাতদিনমান আছিলোঁ। তাৰ পাছত স্পীয়েৰ্চ পৰিয়ালৰ ঘৰলৈ। গ'লোঁ। লণ্ডনৰ আৰ্লচ কোর্ট (Earl's Court) বুলি ঠাইত সেই সময়ত এখন ‘এক[ ৪৬ ] জিবিশ্যন’ হয়, অন্ততঃ মই যিমানদিন বিলাতত আছিলোঁ, হৈছিল, আৰু পূৰ্ব্বেও হৈছিল। বোধকৰোঁ। কলিকতাৰ যেনে ভৱানীপুৰ, পটলডাঙ্গা, ঠনঠনীয়া; গুৱাহাটীৰ যেনে ভৰলুমুখ, পাণবজাৰ, কুকুৰমূতা; নগাঁৱৰ যেনে ফৌজদাৰীপট্টি, আমোলাপট্ৰি; লণ্ডনৰো সেই তেনে “Earl's Court”। এই ঠাইত সেইবেলি এটা (Indian Exhibition) ভাৰতীয় প্ৰদৰ্শনী হৈছিল। মিচেচ্‌ মল্লিক, তেওঁৰ পুতেক শিশিৰ মল্লিক আৰু মই সেই প্ৰদৰ্শনী চাবলৈ গৈছিলোঁ। আমি থকা ঘৰৰ ওচৰৰ ৱেষ্টবোৰ্ন পাৰ্ক (westbourne Park) ষ্টেশ্যনৰপৰা Earl's Courtলৈ টিকট কৰিলোঁ। Earl's Court লৈ অমনিবাচেৰেও যাব পৰা গ'লহেঁতেন; কিন্তু তেওঁলোক ৰেলেৰে গ'ল। ৰেলৰ টিকটৰ সৈতেই এক্‌জিবিশ্যনৰ টিকট কিনিব পৰাৰ বন্দৱস্ত আছে। তাত যোৱাৰ ভাড়া অলপ কমো পৰে। এই ৰেল মাটিৰ তলেৰে যোৱা ৰেল (Under-ground Railway)। তেতিয়া সেই ৰেলগাড়ী সাধাৰণ ৰেলগাড়ীৰ দৰেই ষ্টীমেৰে চলোৱা গাড়ী আছিল। আজিকালি সেইবোৰ গাড়ী বিজুলীৰ সংযোগে চলোৱা হয় আৰু গাড়ীৰ শ্ৰীও ভাল হৈছে। পাঠক পাঠিকাসকলৰ ভিতৰৰ যিসকলে আমাৰ ভাৰতীয় ৰেলগাড়ীৰ ‘টনেল’বোৰেৰে গৈছে, তেওঁলোকে তাৰ (under-ground) গাড়ীৰ অৱস্থা বুজিব পাৰিব। বতাহ সুচলে যোৱাৰ বন্দৱস্ত আছে অৱশ্যে। দহমিনিটমানৰ ভিতৰতে Earl's Court ষ্টেশ্যন পালোঁগৈ৷ এই ‘একজিবিশন’ত ভাৰতীয় বস্তুবোৰ দেখুওৱা হৈছিল। তাত আমি আমাৰ কলিকতাৰ মিঠৈৱালাই মিঠৈ দেখিলোঁ; “থাট্টাৰ ৰোড”ৰ (Theatre Road) গাড়ীৱালা দেখিলোঁ। তাৰে কোনো কোনো মানুহৰ সৈতে হিন্দুস্থানী, বঙ্গলাত কথা কৈ বৰ ভাল পালোঁ; মনত সন্তোষ পালোঁ। এই ‘এক্‌জিবিশ্যন’ত আৰু আন আন চাবলগীয়া বস্তুও আছিল। পাঠক-পাঠিকাসকলে ইয়াত যদি কোনো ‘এক্‌জিবিশ্যন’ দেখিছে, গম পাব যে বিলাত হেন ঠাইৰ প্ৰদৰ্শনী এটাত পইচা খৰচ কৰিবৰ উপায় নিশ্চয় বহুতো আছিল। আমি Grand Wheel বুলি এটা wheel অৰ্থাৎ চকৰীৰ দৰে বস্তুত উঠা মনত পৰে। পাঠকে এটা বৰ চকৰীৰ দৰে বস্তু মন কৰক, এই চকৰীত বহুতো কেবিন অৰ্থাৎ বহুত মানুহ। বহিব পৰা খোঁটালী আছিল। এই চকৰীৰ পৰিধি কিমান আছিল, ক'ব নোৱাৰোঁ। চকাৰ তলৰপৰা ওখলৈ চালে কলিকতাৰ ‘হেৰিশ্যন’ ৰোডৰ মাৰোৱাৰীহঁতৰ পাঁচতলীয়া ঘৰতকৈ ওখ হ'ব। এই চকা দুবাৰ-এবাৰ লাহে লাহে ঘূৰে। তাতে উঠি লণ্ডনৰ বহুত দূৰলৈকে চাব পৰা যায়। ইয়াত উঠিবৰ নিমিত্তে এক চিলিং (বাৰ অনা) লাগিছিল। ইংৰাজীত যাক 'Sensation’ কয়, আমাৰ বেছ ভাল ‘চেন্‌চেশ্যন’ লাগিছিল। এক্‌জিবিশ্যনত চাৰি পাঁচ ঘণ্টা সুন্দৰৰূপে কটাই আমি বহালৈ উভতি আহিলোঁ। Earl's Courtত প্ৰতি বছৰেই নতুন নতুন প্ৰদৰ্শনী হয়। আমি তাৰ পাছত কিমান যে প্ৰদৰ্শনী দেখিছোঁ, দেখি

দেখি আমাৰ আমনিহে লাগিছে। [ ৪৭ ]
 
(১৭)

 অলপ পৰৰ পাছতে মোক হাইগেটত থ’বলৈ অহা মানুহজন গুচি গ'ল। বিদেশী। মানুহৰ মাজত একেবাৰেই অকলৈ পৰিলোঁ। স্পীয়েৰ্চ পৰিয়ালৰ আটায়ে যিহতে আমাৰ মন সন্তুষ্ট থাকে, একো অসুবিধা-আসোঁৱাহ নেপাওঁ, তাকে কৰি ভাল ঠাইত বহুৱাই মোৰে সৈতে নানা কথাবাৰ্ত্তাআ পাতিবলৈ ধৰিলে। মোৰ তিমান ভাল লগা নাছিল। একেবাৰেই ইংৰাজৰ লগত তেনেকৈ থকা, কথা কোৱা—এয়ে প্ৰথম। এই ভাবটো কথাত প্ৰকাশ কৰিব নোৱাৰি। অৱশ্যে হোটেল, জাহাজত খাইছিলোঁ; কিন্তু সি খোৱা স্বাধীনভাৱে খোৱা, তাত কিবা ব্যতিক্ৰম হলেও কাৰো তিমান ক্ষতি নাই। একে পৰিয়ালৰ হৈ খোৱা এয়ে প্ৰথম।

 তেওঁলোকে আঠ কি সাৰে-আঠ বজাত শেহ খোৱা খাইছিল। এজনী লিগিৰীয়ে খোৱা বস্তু-বাহানিবোৰ এখন ট্ৰেত কঢ়িয়াই আনি দেৱালৰ কাষত থকা এখন মেজ- আলমাৰীত (side board) থ’বলৈ ধৰিলে। ঘৰৰ জীয়ৰীসকলৰ সহায়ত খোৱা মেজৰপৰা মোটা কাপোৰ সলাই বগা ফটফটীয়া চাদৰ পাৰিলে। তাৰ পাছত ঠায়ে ঠায়ে প্লেট, গিলাচ, কাঁটা, চনবোৰ নিয়মিতৰূপে সজাবলৈ ধৰিলে। তেওঁলোকে শেহ খোৱাটোত মাংস নেখাইছিল বুলিলেই হয়। ৰুটী, মাখন, পনিৰ, কোকো, বিস্কুট এনেবোৰ বস্তু আনি থোৱাত আমি আটায়ে টেবিলৰ চাৰিওফালে বহিলোঁ। মই লাহে লাহে খাবলৈ ধৰিলোঁ। তেওঁলোকে নানা কথা ক’বলৈ ধৰিলে। মোকো বহুত কথা সুধিলে। ময়ো যথোচিত উত্তৰ দিলোঁ, ইংৰাজী কোৱাত একো কষ্ট পোৱা নাছিলোঁ; কিন্তু তেওঁলোকে খৰকৈ কথা কৈ যোৱাত বুজাতহে কষ্ট পাইছিলোঁ। কিন্তু সেইদিনা এটা ভুল কৰিলোঁ। ইমানদিন হৈ গৈছে, সেইদেখি ক'বলৈ একো লাজ নকৰোঁ আৰু কোৱাটো উচিত মনত কৰোঁ, যাতে আন মানুহে আকৌ তেনে ভুল নকৰে। মোৰ কাষতে ৰুটীৰ থালখন আছিল। কুমাৰী স্পীয়েৰ্চৰ এজনাই মোক ক'লে, “Would you mind passing me the bread, please.”মই আগতে ৰুটী দেখি হাতেৰেই এডোখৰ দিলোঁ। কিন্তু এইটো নিয়মবিৰুদ্ধ। কিন্তু দিয়েই মোৰ মনত হ’ল যে কামটো বেয়া হ'ল। তেওঁলোকে অৱশ্যে একো কোৱা নাছিল। সি দেশৰ যি ৰীতি, সেই ৰীতি অনুসৰি চলা উচিত। মোৰ ৰুটীডোখৰ হয় এডাল কাঁটা কি মেজৰ ছুৰীৰে আগবঢ়াই দিয়া ভাল আছিল। মই এটা কথা এইখিনিতেই কৈ থওঁ, কিয়নো বহুতে মোক সুধিছে, “টেবিলত খোৱা নিয়ম কি? কাটা-চনেই বা কেনেকৈ ধৰিব লাগে?” তাৰ উত্তৰ হৈছে সেই টেবিলত আন আন মানুহে কি কৰে তাকে চাবা। নিজৰ বুদ্ধি আৰু প্ৰত্যুৎপন্নমতিৰ ওপৰত নিৰ্ভৰ কৰিবা, কেতিয়াও ভুল নহয়। প্ৰথম কেদিনমান বেয়া লাগিব হয়, সঁচা; কিন্তু সাত-আঠ দিনমানৰ [ ৪৮ ] পাছত একেবাৰেই অভ্যাস হৈ যাব। ইংৰাজবিলাকৰ যি ৰীতি, আমাৰ সেই ৰীতি নহয় বুলি ইংলণ্ডীয়সকলে জানে দেখি কিবা ভুল কৰিলে একো দোষ যেন নেদেখে। এই সম্পৰ্কে এটি গপ কওঁ—ই সঁচা নে মিছা ক'ব নোৱাৰোঁ, মিছা নহ’ব হ’বলা। প্ৰাচ্য দেশৰ কোনো এজন ৰজা এবাৰ ইংলণ্ডৰ এজন মহাসম্ভ্ৰান্ত মানুহৰ ঘৰলৈ নিমন্ত্ৰিত হৈছিল। ৰাতিৰ আহাৰৰ এটি উপকৰণ হৈছে—স্যুপ (চুৰুহা)। এথাল স্যুপ আগত দিওঁতে সেই ৰজাজনে হাতেৰে থালখন দাঙি লৈ স্যুপ (Soup) খিনি পি খালে। ৰজাজনে তেনে কৰা দেখি সেই ঘৰৰ গিৰীহঁতকে আদি কৰি টেবিলৰ চাৰিওফালে বহা সকলোটি মানুহে থাল দাঙি স্যুপ পি খালে। সেই বস্তুটি এখন ডাঙৰ চনেৰে একো শব্দ নকৰি খোৱাটোহে নিয়ম। ৰজাজন যাতে অপ্ৰস্তুত নহয়, সেই কাৰণে আন সকলোৱে তেনে কৰিছিল। আগৰ দিনৰ ইংৰাজসকলে আহি এই দেশৰ ৰীতিকেই বেছি অনুসৰণ কৰিছিল। মোৰ এই ভুলৰ কাৰণটি হৈছে মই লাজ কৰি কাৰোপিনে চোৱা নাছিলোঁ। চাৰিওফালে চকু ফুৰাই খোৱা হ'লে সেই ভুল নহ'লহেঁতেন। বিলাততো, ইয়াতো, আমাৰ এই পৃথিৱীখনৰ সকলো ঠাইতে ইংৰাজীতে যাক Common sense (কমন চেঞ্চ) কয় তাক লাগে, ইয়াৰ লগত ভদ্ৰতাৰো দৰ্কাৰ। ভদ্ৰতা সকলো ঠাইৰ একে ৰকমৰ দেশ-ভেদে অলপ তাৰতম্য মাথোন। খোৱা হৈ যোৱাৰ পাছত সেই লিগিৰীজনী আহি বাচন-বৰ্ত্তনবোৰ লৈ গ'ল। এখন বুৰুজেৰে টেবিলৰ চাদৰত পৰা বস্তুবোৰ সাৰি এখন থালত লৈ গ'ল। খোৱা-দোৱা সম্পৰ্কীয় সকলো বস্তুৰে কিছু তলৰ ৰান্ধনী ঘৰলৈ গ'ল। আৰু কিছু সেই মেজ আলমাৰীত থোৱা হ'ল। নানা ৰকমৰ কথাবাৰ্তা হ’বলৈ ধৰিলে। পাছত লাহে লাহে এটি এটিকৈ Good night Pa dear, Good night Ma dear বুলি বাপেক-মাকক চুমা খাই আৰু চুমা লৈ ছোৱালীজনী আৰু ল’ৰাটি শুবলৈ গ'ল। ময়ো সেই সুযোগতে অলপ পাছত Good night বুলি শুবলৈ গ'লোঁ।

 তাৰ পাছদিনা ৰাতিপুৱা সাৰে-সাতমান বজাত উঠিলোঁ। ৰেভাৰেণ্ড মিঃ স্পীয়েৰ্চে সকলোটি গোট খালত থিয় হৈ Our father thou art in Heaven ইত্যাদি কৈ ভগৱানৰ নাম লোৱাৰ পাছতহে খোৱা আৰম্ভ হ'ল। মিচেচ স্পীয়েৰ্চে সেই ৰাতিপুৱাৰ খোৱালৈ শোৱাঘৰৰপৰা নামি অহা নাছিল। তাৰ পাছতো তেওঁক সেই খোৱাত দেখা নাই। তেওঁলোকে পুৱা আঠমান বজাত লঘোন ভাঙিছিল। আশা কৰোঁ এই লঘোন ভঙা ব্যৱহাৰ দুষ্ট হোৱা নাই। ৭ কি ৭৷৷০ বজাত প্ৰথম ঘণ্টা বাজিছিল অৰ্থাৎ সাৰ পোৱাবৰ ঘন্টা আৰু ৮ বজাত খাবৰ ঘন্টা। লিগিৰীজনীয়ে এই প্ৰথম ঘণ্টা বজাইছিল। তাৰ লগে লগে ছোৱালীহঁতে উঠি কাম আগুৱাইছিল। তেওঁলোকৰ তাত তেতিয়া মাথোন এজনী লিগিৰী। কেতিয়াবা কেতিয়াবা দুজনীও থাকিছিল। লঘোন ভঙাৰ সময়ত তেওঁলোকে কফি খাইছিল। খোৱাৰ পাছত তেওঁলোকৰ পাছফালৰ বাৰীলৈ গ'লোঁ। তাত বহুতো [ ৪৯ ] ফলমূল, শস্য আছিল। ফলৰ ভিতৰত apple য়েই বেছি। তেওঁলোকে হাঁহ ইত্যাদি পুহিছিল। বাৰীখন বেছ বঢ়িয়া। লণ্ডনত এনে বাৰী বিৰল। লণ্ডনৰ উপনগৰবিলাকতহে কেতিয়াবা এনে বাৰী দেখা যায়। আজিকালি লণ্ডন বাঢ়িবই লাগিছে। লণ্ডন বাঢ়িছে। মানুহ বাঢ়িছে দেখি। তাৰ লগে লগে এনে বাৰী থকা ঘৰৰ সংখ্যাও তাকৰ হৈছে। দুশ, তিনিশ, চাৰিশ টকা মাহে পোৱা মানুহে বৃটেনত যিমান সুবিধা কৰি সকলো ৰকমে ভালকৈ থাকিব পাৰিব, ইয়াত তেনে সুকলমে-সুযোগে পৰিপাটিকৈ থাকিব নোৱাৰিব। এই কথাত হয়তো বহুতে আচৰিত মানিব; কিন্তু ই সঁচা, ইয়াৰ অৰ্থ আছে, পাছত কোৱা যাব। আজি তেনেহ'লে আৰু ইমানতে।

(১৮)

 গ’লবাৰত কৈছিলোঁ যে বিলাতত দুশ, তিনিশ, চাৰিশ টকা মাহে দৰ্ম্মহা পোৱা মানুহে ইয়াতকৈ সুখে-স্বচ্ছন্দে থাকিব পাৰে। তাৰ মানে হৈছে তাত ঘৰৰ কেৰেয়া কলিকতা কি গুৱাহাটীতকৈ কম; অৰ্থাৎ এনে দৰ্মহা পোৱা মানুহে যেনে ঘৰত থাকিব তেনে ঘৰৰ। চল্লিশ, পঞ্চাশ, ষাঠি টকাত ইয়াতকৈ ভাল ঘৰ পোৱা যায়। ঘৰ নেপালে দুটা কি তিনিটা খোঁটালী কেৰেয়া লৈ সুচাৰুৰূপে সুকলমে থাকিব পাৰি। মেজ, মাচিয়া, খাট ইত্যাদি কিনি সপ্তাহে সপ্তাহে কি মাহে মাহে তাৰ কেৰেয়া দিব পাৰি। নতুবা কেৰেয়া দিয়াৰ দৰে দাম দি থাকি সেইবোৰ বস্তু কিনিবও পাৰি। ইয়াক Hire-pur- chase system কয়। “হায়াৰ-পাৰ্চেচ চিষ্টেম”ত বস্তু ল'লে কোনোবাই ধন দিব নোৱাৰিলে সেই বস্তু আকৌ বেচোঁতাই ল'ব পাৰে। তাত এটি লিগিৰীৰে কাম চলাব পাৰি— তাইক মাহে ১৫২০ টকা দিলেই হয়, অৱশ্যে খোৱা-বোৱাও দিব লাগে। (এইবোৰ কিন্তু মহাৰণৰ আগৰ কথা দেই।) তায়েই সকলো কাম কৰিব। ঘৰৰ ঘৈণীয়েক আৰু ল'ৰা-ছোৱালীহঁতে অৱশ্যে ঘৰৰ কামত সাহায্য কৰে। সৰু-সুৰা কাম, যেনে—ডাকঘৰত চিঠি দিয়া, জোতা পিন্ধাই দিয়া, কাপোৰত বুৰুজ কৰা, এনেবোৰ কাম কৰাবৰ দৰ্কাৰ হলে চাকৰৰ সাহায্য ল’ব নেলাগে। এই লিগিৰীজনীয়ে ঘড়ী ধৰি সময়মতে উঠি সকলো কাম কৰিব। সকলো কাম ঘড়ী চাই কৰে ৰন্ধা-বঢ়া সকলো।

 বস্তু-বেহানি কিনিবলৈ হ'লে নিজেই যাব লাগে। তাত আত্মনিৰ্ভৰ গুণটো বাঢ়ে, সেইদেখি খৰচো ইয়াতকৈ কম। ইয়াত তিনিশ, চাৰিশ, পাঁচশ টকা পোৱা মানুহৰ “নবাবী চাল” হয়। তেনে তাত নহয়। মই কিন্তু অতি দুখীয়া মানুহৰ কথা কোৱা নাই। মোৰ মনেৰে অতি দুখীয়া মানুহৰ অৱস্থা বিলাততকৈ আমাৰ ইয়াত ভাল। মাহে ৩০৷৪০৷৫০ [ ৫০ ] টকা পোৱা মানুহৰ অৱস্থা তাতকৈ আমাৰ ইয়াত ভাল। মই পৰিয়াল থকা মানুহৰ কথাহে কৈছোঁ। আৰু এটা কথা এইখিনিতে কওঁ যে মিতব্যয়ী নহ'লে ৰাজভাণ্ডাৰো শূন্য। হয় আৰু মিতব্যয়ী হলে দুখীয়াৰ ভঁৰালতো লক্ষ্মী বিৰাজ কৰে। মোৰ আসাম কেতিয়া ধনত আন আন দেশৰ সমকক্ষ হ’ব?

 ‘ব্ৰেকফাষ্ট’ খোৱাৰ পাছত অলপ ইফাল-সিফাল কৰি থাকি বেয়া লগা দেখি মিচেচ্‌ মল্লিকৰ তালৈ গ'লোঁ। অকলে লণ্ডনৰ বাটত ফুৰা এয়ে প্ৰথম। স্বাধীনভাৱে ফুৰাত মনত বেচ্ ৰং লাগিছিল। নতুন ঠাই, নতুন মানুহ, নতুন জীৱন দেখি বৰ ভাল লাগিছিল। মনৰ তেনে ভাব এতিয়া লাখ টকা দিলেও নেপাওঁ। মিচে মল্লিকৰ ঘৰ পাই চিনা-জনা মানুহক দেখি মোৰ মনত এনে হ’ল যে তেওঁলোকক কতদিন দেখা নাছিলোঁ—অথচ তাৰ আগদিনা ৰাতিহে তেওঁলোকৰ ঘৰৰপৰা যাওঁ। তেওঁলোকৰ তাতে সেইদিনা দুপৰীয়া- খোৱা খাওঁ—এওঁলোকে এইখিনি সময়ত Lunch (Luncheon ৰ সংক্ষিপ্ত, কিন্তু খাদ্য বিষয়ত সংক্ষিপ্ত নাছিল) খাইছিল। তেওঁলোকে ৰাতি ডিনাৰ (Dinner) খাইছিল। এই বিষয়ে আগৈয়ে কৈছোঁ। Luncheon ত কোনো কোনো ঘৰত স্যূপ্‌ (soup) কি মাছ ভজা কি সিজোৱাই হওক কি মাছৰ প্ৰসূত আন আন কোনো ৰকমৰ খাদ্য আৰু মাংসৰ এটা ৰোষ্ট্‌ (Rast) কি যেই সেই এটা থাকে। এই ভোজনৰ সময়ত ঠাণ্ডা মাংস বেছি খোৱা হয়। যোৱাদিনৰ ডিনাৰত যি গৰম মাংস দিয়া হয়, তাৰে শেষাংশ প্ৰায় দিয়া হয়। তলত সিজোৱা আলু আৰু কবি (কবি বাৰমাহেই পোৱা যায়) ইত্যাদি সেই সিজোৱা মাংসৰ লগত খোৱা হয়। তাৰ পাছত পুডিং অথবা মধুৰেণ সমাপয়েৎ কৰিবৰ অৰ্থে আন কোনো মিঠা বস্তু। ফল-মূল ইত্যাদিও খোৱা হয়। মানুহৰ অৱস্থা-ভেদে এই খোৱাৰ ফৰ্দ্দৰো তাৰতম্য ঘটে। ডাঙৰ মানুহৰ ঘৰত ইয়াতকৈ বেছি তৰহৰ বস্তু হয়। আৰু কোনো ঘৰত স্যূপ্‌, মাছ দুয়ো হয়। ডিনাৰৰ সৰু ভাই বুলিলেই ‘লাঞ্চ’ক বুজা যাব। পুডিঙৰ পাছত পণিৰ, ৰুটী, মাখন, বিস্কুট ইত্যাদি খোৱাটোও নিয়ম। মুঠতে ক’বলৈ গ’লে Dinner আৰু Lunch ৰ বিশেষ প্ৰভেদ নাই। প্ৰভেদৰ ভিতৰত হৈছেগৈ এই যে যি আহাৰক Dinner নাম দিয়া হয়, সেই আহাৰেই সেই ঘৰৰ প্ৰধান আহাৰ। Spears পৰিয়ালে দিনৰ একবজাত Dinner খাইছিল—সেইটোৱেই তেওঁলোকৰ প্ৰধান আহাৰ।

 এজন মানুহে Lunch ক এইবুলি ব্যাখ্য কৰিছে—“Base ingratitude to breakfast and premeditated insult to dinner” এই মানুহজনে বোধকৰোঁ Lunch নেখাইছিল।

 ব্ৰেকফাষ্ট ভালকৈ খালে এক-দুই বজাত সৰহকৈ Lunch খোৱা ভাল নহয়। এইখিনিতে ক'ব খোজোঁ— বিলাততো, ইয়াতো সৰহকৈ খোৱাৰ নিমিত্তেই আমাৰ নানান ৰকমৰ ৰোগ হয়। ৰোগৰ প্ৰায় বেছিভাগেই সৰহকৈ অপৰিমিত খোৱাৰ কাৰণেই [ ৫১ ] হয়। দীৰ্ঘজীৱীসকলৰপৰা শুনা যায় যে তেওঁলোকে সদায় নিয়মিত পৰিমিতাহাৰ কৰে।

 Lunch খোৱাৰ পাছত কথাবাৰ্ত্তা পাতি পাঁচমান বজাত চাহ-ৰুটি খাই আকৌ হাইগেটমুৱা হ'লো। মিষ্টাৰ-মিচেচ্‌ স্পীয়েৰচে ক'লৈ গৈছিলোঁ, কিবা খালোঁ নে নাই এনেবোৰ কথা মৰম কৰি সুধিলে। লাহে লাহে তেওঁলোকৰ আটাইৰে মৰম পাই লাজ কিম্বা সঙ্কোচ একেবাৰে ভাগি গ'ল।

 কিছুদিন কি কৰিম, ক’ত পঢ়িম, কোন বিষয় বিশেষকৈ শিক্ষা কৰিম— এইবোৰ কথাতে সময় কটোৱা হ'ল। মই আগেয়ে কৈছোঁ—পীয়েৰচন পৰিবাৰৰ ঠিকনা “হ্যাম্পষ্টেড”বাদে একো নেজানিছিলোঁ। জনা হ’লে তেওঁলোকৰ তালৈ গ'লোঁহেঁতেন। মিঃ স্পীয়েৰচৰ পুতেকে পঢ়া স্কুলতে এবাৰ পঢ়িম বুলি ভাবিছিলোঁ। সেই স্কুল হাইগেটত। সেই স্কুলত College of preceptors বুলি এবিধ পৰীক্ষা লৈহে শিকাইছিল। সময় নষ্ট কৰাতকৈ সেই পৰীক্ষালৈকে সাজু হোৱা হ'লে ভাল আছিল। সেই পৰীক্ষাৰ তিনি ভাগ আটাইতকৈ উচ্চ পৰীক্ষাটো পাছ হোৱা একো অপ্ৰশংসনীয় নহয়। সেই স্কুলত London-matricৰ নিমিত্তে নিশিকায় দেখি যোৱা নহ’ল। বহুত অভিভাৱক থাকিলে যি হয়, মোৰো সেই অৱস্থা হ’ল। তিনিমাহমান ঘৰতে পঢ়িছিলোঁ—মিচেচ্‌ স্পীয়েৰচৰ লগত ফ্ৰেঞ্চ আৰু মিচ্‌ স্পীয়েৰচ এজনাৰ লগত লাটিন। কেইদিনমান University Tutorial College বুলি এটা কলেজত লাটিন আৰু ফ্ৰেঞ্চৰ “লেস্যন” লৈছিলোঁ। সিহঁতে ঘন্টাত পাঁচ চিলিংকৈ লৈছিল—অৰ্থাৎ তিন টকা বাৰ অনাকৈ। ভাবি চাওক বিলাতত কেনে খৰচ! অৱশ্যে মই অকলৈ এজন শিক্ষকৰ সহায় এঘণ্টালৈ পাইছিলোঁ। সকলো ল’ৰাৰ সৈতে একেলগে বহি পঢ়া হলে মাহেকত ত্ৰিশ কি পঁয়ত্ৰিশ টকা মাচুল দি লণ্ডন- মেট্ৰিকৰ সকলো বিষয়কে শিকিব পাৰিলোঁহেতেন।

 এইখিনিতে মিচ্‌ম্যানিঙৰ (Miss Manning) কথা আপোনাৰ আগত কওঁ। সেইখিনি সময়ত কি তাৰ কুৰি বছৰৰ আগেয়ে যোৱা ভাৰতবৰ্ষীয় ডেকাসকলে এওঁৰপৰা বিশেষ সহায় পাইছিল। এওঁ ১৯০৫ চনত ইহলোক পৰিত্যাগ কৰে। তেওঁ জাতীয় ভাৰতবৰ্ষীয় সভাৰ চেক্ৰেটাৰী আছিল। ভাৰতবৰ্ষীয় জাতীয় সভা বোলাত আজিকালিৰ কংগ্ৰেছৰ (Congress) কথা কোৱা নাই। ন্যাশ্বন্যাল ইণ্ডিয়ান এছোচিয়েশ্যনৰ কথাহে কৈছোঁ। এই সভাৰ বিষয়ে সকলোৱে জানে। মিচ্‌ ম্যানিং তেতিয়া ৩৫নং ব্লোমফিল্ড ৰোড, মেইডাভলত (Blomfield Road, Maidavale) আছিল। এই ঠিকনাৰ কথা মই পূৰ্ব্বৰেপৰা জানিছিলোঁ। ডাক্তৰ স্বৰ্গীয় ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ বিলাতৰ খৰচাদি দেউতাই দিছিল। সাত-আঠ বছৰমান খৰচ লোৱাৰ পাছত স্বৰ্গীয় ৰাধিকাদাদাই দেউতাক আৰু খৰচ পঠিয়াবলৈ মানা কৰি পঠিয়ালে। দেউতাই খৰচ পঠাই থাকিব বুলি জনাত তেওঁৰ ঠিকনা কি আন কোনো ঠিকনা দেউতাক আৰু নজনালে। চিঠি লেখাও বন্ধ কৰিলে। [ ৫২ ] সেইদেখি খৰচ আৰু পঠোৱা নহ'ল। মিচ্‌ ম্যানিঙৰ ঠিকনাৰ কথা লেখিছিল। তেওঁ ৰাধিকাদাদাৰ ঠিকনা নেজানিছিল। সেইখিনি সময়ত তেওঁ জাৰ্ম্মেনিত; কিয়নো তেওঁ ইংলণ্ডত বিয়া কৰাইছিল মই জানো। সেই কথা বাৰু পাছত হ’ব। দেউতাৰ মুখৰপৰা মিচ ম্যানিঙৰ নাম শুনিলোঁ। দেউতাই যিখন শেহ চিঠি ৰাধিকাদাদালৈ আমাৰ আত্মীয় বন্ধু-কুটুম্বৰ বাতৰি দি লেখিছিল, সেই চিঠিখন Miss Manning ৰ ‘কেয়াৰ’ত দিয়াৰ নিমিত্তে এইজনা মহিলাৰ নাম মোৰ মনত বেছিকৈ আছিল। সেই চিঠিখন ১৮৯২ চনৰ শেহত কি ১৮৯৩ চনৰ আৰম্ভত ৩নং ওল্ড বৈঠকখানা চেকেণ্ডলেনৰপৰা লেখা হৈছিল। এইবোৰ নানান কাৰণৰ নিমিত্তে মিচ্ ম্যানিঙৰ নাম আমাৰ ঘৰত এটি ঘৰুৱা নামৰ (Household word) দৰে হৈছিল। সেই গতিকে মিচ্‌ ম্যানিঙক যেতিয়া বিলাতত দেখিলোঁ, তেতিয়া চিনাকি মানুহকে যেন দেখিছোঁ এনে লাগিল। দেওবাৰে আৰু মঙ্গলবাৰে আবেলি তেওঁ আলহী সুধিছিল। (অৰ্থাৎ তেওঁ সেই দুদিনৰ সেই সময়ত “At Home” আছিল৷ এদিন দেওবাৰে মিঃ সুৰেন হালদাৰৰ সৈতে মি ম্যানিঙৰ তালৈ গ'লোঁ। এতিয়া যিমান দূৰ মনত পৰিছে তাত সেইদিনা মিষ্টাৰ স্পীয়েৰচো আছিল। তেওঁ মিচ্ ম্যানিঙৰ তালৈ প্ৰায়ে নগৈছিল— সেইদিনা কোনো বিশেষ কাৰণতহে গৈছিল। মৃত্যুলৈকে বোধকৰোঁ মিঃ স্পীয়েৰচ আৰু তালৈ যোৱা নাছিল। তেওঁৰ তাত ভৱিষ্যতত থাকিম বুলিয়েই কি ভাৰত বন্ধু মিচ্ ম্যানিঙৰ ঘৰত বিধাতাই মিঃ স্পীয়েৰ্চ আৰু মোৰ সৈতে চিনাকি কৰি দিলে। মিঃ স্পীয়েৰ্চৰ মৃত্যু ১৮৯৯ চনত হয়। মোৰ সেইদিনা তেওঁৰ লগত চিনাকি হয়। (তেতিয়ালৈকে মই তেওঁৰ তালৈ যোৱা নাছিলোঁ, আৰু ক’ত থাকিম ঠিক হোৱা নাছিল।) বিলাত পাবৰ আঠদিনমানৰ ভিতৰত তালৈ গৈছিলোঁ। তাত বহুত মানুহৰে সৈতে দেখা হ’ল। “At Home”কি বিশেষ জানিবলগীয়া। মিচ্ ম্যানিঙৰ বিষয়ে আমাৰ এই কালৰ ল’ৰাবিলাকে বিশেষ জনা দৰ্কাৰ।


(১৯)

 কলিকতা, গুৱাহাটী ইত্যাদি ডাঙৰ চহৰত ইউৰোপীয়সকল থকা ঘৰবোৰৰ দুৱাৰমুখত “Not at Home” লেখা এটি সৰু বাকচ মাজে মাজে দেখিবলৈ পোৱা যায়। তাৰ মানে হৈছে যে ঘৰৰ ঘৈণীজনাৰ সেইখিনি সময়ত বাহিৰা মানুহৰ সৈতে দেখা কৰিবৰ সময় নাই। তেতিয়াই কিন্তু আন মানুহৰ ঘৈণীসকলে সেই বাকচটিত গিৰীয়েকৰ দুখন আৰু নিজৰ এখন নাম লেখা সৰু ডাঠপাত সেই বাকচটিত ভৰাই থৈ যায়। সেইটি দিয়াতে জনা যায় যে তেওঁ আৰু তেওঁৰ ঘৈণীয়েক দেখা কৰি গ'ল। ডাঠপাত (Card)খনৰ [ ৫৩ ] কথা যে কৈছোঁ, তাৰে ঘৈণীয়েকৰ কাৰ্ডখনৰ একাষত “At Home Thursday” কি আন কোনো দিনৰ কথা লেখা থাকে, সময়ো লেখা থাকে। আকৌ সেই তেনে কৰি আনজনা ঘৈণীয়ে সিজনাৰ ঘৰৰ বাকচটিত পাত দি যায়। তাৰ পাছত এজনাই হয়তো আন এজনাক চাহপানী এটুপি খাবলৈ মাতে। যিদিনা “At Home” সেইদিনা গলে চাহপানী, বিলাতী পিঠা, ৰুটী ইত্যাদি খাবলৈ পোৱা যায়। ইয়াৰদ্বাৰা প্ৰীতি ভাবৰো উন্নতি হৈ থাকে, অথচ সময়ো সৰহ অযথা খৰচ নহয়।

 বৃটিছ জাতিয়ে সময়ৰ মূল্য অতি ভালকৈ বুজে। সকলো কথাতে ঘড়ীৰ কাঁটাৰে সৈতে চলে। আমি যেনেকৈ ৰেল ধৰিবৰ নিমিত্তে ঠিক ঘড়ী চাই ৰেলৰ প্ৰত্যাশা কৰোঁ (যদিও কোনো কোনো ৰেলৰ লাইনে এই দেশত কি বিলাততো ঠিক সময় কেতিয়াবা ৰাখিব নোৱাৰে), সেইদৰে বৃটিছ জাতিৰ সকলো কামতে ঘড়ীৰ দৰ্কাৰ। এজন ভদ্ৰলোকৰ জেপত ঘড়ী এডুখৰি লাগেই, তাৰ লগত উৰ্ম্মাল, পেঞ্চিল ইত্যাদি লাগে— নোটবুক এডুখৰি থাকিলেও জানিবা বেয়া নহয়। এই ‘নোটবুক’ত কেতিয়া কি কৰিব লাগে, কাৰ সৈতে কেই বজাত দেখা কৰিব লাগে, কেতিয়া কোন সময়ত ক্লাচত হাজিৰ হ'ব লাগিব, সেইবোৰ লেখি থোৱা যুগুত— এই বিষয়ে সৰহকৈ নক'লেও হয়। আটায়ে ইয়াত নোটবুকৰ মোল বুজোঁহঁক। বিলাতত ঘৰৰ লিগিৰীজনীয়ে যেতিয়া ‘টাইমপিচ্‌’ ঘড়ী লৈ শোৱা খোঁটালীলৈ যোৱা দেখা যায়, তেতিয়াহে প্ৰথমে যোৱা মানুহৰ আচৰিত লাগিব। তায়েই আকৌ ৰাতিপুৱা উঠি ঘৰ-দুৱাৰ সাৰি পুৱাৰ ভোজনৰ ব্যৱস্থা কৰিব লাগিব নহয়; জাৰকালি কোনো খোঁটালীত জুহালত জুই ধৰি ঘৰ তপত কৰি ৰাখিব লাগিব নহয়; ৰাতিপুৱা ঠিক সময়ত খাই-বৈ ঘৰৰ মুনিহবোৰ কি তিৰুতাবোৰো দিহাদিহি দৈনিক কাৰ্য্য কৰিবলৈ যাব লাগিব নহয়। সঁচাকৈয়ে তালৈ গ'লে প্ৰথমে এই সময় জ্ঞানটি (Punctuality) জাগি উঠে। তাৰ মানুহে এই কথা বেচ্‌ ভালকৈ বুজে যে এজনে যদি আন এজনৰ সৈতে দেখা কৰিবলৈ এটা নিৰ্দ্ধাৰিত সময় কৰে, সেই সময়ত দেখা কৰিব লাগিব; নহ'লে আনজনে হয়তো সেই সময়ত আন কাম কৰিলেহেঁতেন, আৰু সেই কামৰ সময় এনেয়ে যায়। যদি সেই সময়ত (বিশেষ কোনো সময়ত) দেখা কৰিব পৰা নেযায়, তেন্তে টেলিগ্ৰাম দি সেই বিষয় জনোৱা উচিত। তাত টেলিগ্ৰাম ছয় অনাত যায়, আৰু ইংলণ্ডৰ মূৰৰপৰা সিমূৰলৈ এঘণ্টামানত এখন তাঁৰৰ কাকত অহা- যোৱা কৰিব পাৰে। মাজতে ইয়াত চাৰি অনাৰ টেলিগ্ৰামৰ সৃষ্টি হোৱাত মানুহে টেলিগ্ৰাম বেছিকৈ কৰিছিল। বিলাতৰ অভ্যাসবশতঃ এখন টেলিগ্ৰাম এদিন হাওৰাৰপৰা বালিগঞ্জলৈ কৰিছিলোঁ; কিন্তু তাঁৰৰ চিঠিৰ আগেয়ে পালোঁগৈ। বিলাতত কিন্তু এনে নহয়। আজিকালি হ'লে ইয়াত তাঁৰৰ ব্যৱস্থা ভাল হৈছে যদিও পহিলা ডিচেম্বৰৰপৰা ছয় অনাৰ ঠাইত আঠ অনা হোৱাত অলপ বেছি পইচা মোনাৰপৰা দিবলগীয়াত পৰিছে। [ ৫৪ ] এই সময়ৰ সদ্ব্যৱহাৰৰ নিমিত্তে মোৰ মনেৰে“At Home”ৰ সৃষ্টি। বিলাতত যে তিৰুতাৰ মেল নাই এনে কথা আমি নকওঁ। “গচিপ” কথা ভাবি চাওক— গপ্‌ আৰু ‘গচিপ’ দুয়ো একে, গপ্‌ জানিবা আমাৰ মুনিহৰ আৰু ‘গচিপ’ তাৰ তিৰুতাৰ। আৰু বিলাততো যে সময়ৰ অসদ্ব্যৱহাৰ কৰা মানুহ নাই তাকো নকওঁ, ভাল-বেয়া সকলো দিশতে। কিন্তু সময়ৰ সদ্ব্যৱহাৰ কৰা গুণটি বৃটিছ জাতিৰ বিশেষ গুণ; সেইদেখি ইয়াত বহলাই লেখিছোঁ। “পাংকচুয়েলিটি”ৰ কাৰণ তাত নানান, তাৰে এটা লেখি থাকোঁতেই মোৰ মনত উদয় হৈছে, সেই দেখি লেখোঁ। বিলাতত দিনবোৰ চুটি, যদি সকলো কাম সময়মতে তাত কৰা নেযায়, তেনেহ'লে কামৰ অন্ত কেতিয়াও নহয়। সেইদেখিয়েই কোনো এজন ডাঙৰ মানহে এজন ডিউকৰ কথা কওঁতে কৈছিল যে “অমুক ডিউকে ৰাতিপুৱা আধাঘণ্টা হেৰুৱাই তাকে বিচাৰি থাকোঁতে তেওঁৰ গোটেই দিনটো যায়।” আমাৰ মানুহেও সময়ৰ মোল যে নুবুজে তাক নকওঁ। যিসকলে বুজে তেওঁলোকে সঁচাসঁচিকৈ সৰহ দিন জীয়ে। যদিওবা দীৰ্ঘজীৱন সকলো মানুহৰ কপালত নঘটে; কিন্তু কাম কৰি প্ৰতি মুহূৰ্ত্তৰ সদ্ব্যৱহাৰ কৰাৰ নিমিত্তে সেই বয়সৰ আন এলেহুৱা মানুহতকৈ বেছি কাম কৰি, দীৰ্ঘজীৱী এজনৰ দৰে কাম কৰি নিজৰ পৰিয়ালৰ, সমাজৰ, পৃথিৱীৰ উন্নতি সাধন কৰিব পাৰে।

 মিচ্‌ ম্যানিঙৰ সৈতে প্ৰায় প্ৰতি সপ্তাহে দেখা কৰিবলৈ গৈছিলোঁ। এই ভাটীবেলাৰ At Home বোৰত সৰহ সময় থকা নিয়মসঙ্গত নহয় কুৰি মিনিট কি আধাঘণ্টাই যথেষ্ট। কোনো কোনো ‘At Home’ বিশেষভাৱে হয়, সেইবোৰত বেছি সময় থাকিব পাৰি। তেনেবোৰ সামাজিক সভাক ‘At Home’ নকৈ বেছিভাগক পাৰ্টি (Party) বোলা হয়। মিচ্‌ ম্যানিঙৰ বয়স সেইখিনি সময়ত ষাঠিমান আছিল; কিন্তু খোজকঢ়া দেখিলে কোনেও ষাঠি বছৰীয়া বুলি চিনিব নোৱাৰিছিল। তেওঁ মাজে মাজে ভাৰতবৰ্ষীয় শিক্ষাৰ্থী কি আন মানুহক লগত লৈ লণ্ডন কিম্বা ওচৰ-চুবুৰীয়া ঠাইৰ চাবলগীয়া ঠাইবিলাকলৈ গৈছিল। তেওঁ হয়তো কৈছিল যে “We shall meet under the clock at Charing Cross at 12” (বাৰ বজাত চেয়াৰিং ক্ৰচ ষ্টেশ্যনৰ ঘড়ীৰ তলত আমি আটায়ে গোট খামহঁকগৈ)—পাছত সেই সময়ত আটায়ে গোট খোৱা হলে সেই ষ্টেশ্যনৰপৰা নতুবা আন ঠাইৰপৰা ৰেল কিম্বা ‘অমনিবাচ’ লৈ আমাৰ গন্তব্য স্থানলৈ গৈছিলোঁ। এবাৰ তেওঁৰ সৈতে এনেকৈ Woolwhich arsenal (উলিচ আৰ্চনেল) চাবলৈ গৈছিলোঁ। সেইদিনা মোৰ আন ঠাইত অলপ কাম আছিল। Chancery Lane (চাঞ্চাৰী লেন)ৰ পৰা এখন অম্‌নিবাচ (Omnibus) চেয়াৰিং ক্ৰচলৈ (Charing Cross) ল'লোঁ। বাটত সেইদিনা বৰ গাড়ী-ঘোঁৰা। আগৈয়েই কৈছোঁ যে লণ্ডনৰ ডাঙৰ ডাঙৰ বাটত সাধাৰণতঃ গাড়ী-ঘোঁৰা মানুহ-দুনুহৰ এনে কলৰৱ আৰু কোলাহল, আমাৰ ভাৰতৰ যি কোনো ঠাইৰে হওক এজন মানুহ গৈ তেনে কলৰৱ আৰু কোলাহল দেখি সহজে ভাবিব যে [ ৫৫ ] আজি কিবা মেলা হ’বলা, অথবা আজি কিবা চহৰত হ’ব যেন পাওঁ। কিন্তু মেলাও নহয়, অথবা বিশেষ একো ঘটনা কিম্বা কাণ্ডও নহয়; সেইটো সেই চহৰৰে ৰীতি, নিত্যনৈমিত্তিক কাম। Chancery Lane ৰ (ফ্লীট ষ্ট্ৰীটৰ ফালে জগদ্বিখ্যাত অমৰ বিজ্ঞ জন্সনৰ ফ্লীট ষ্ট্ৰীট) পৰা Charing Cross লৈ এমাইলো নহয়;—কিন্তু সেইদিনা গাড়ী- ঘোঁৰাৰ ইমান সংগ্ৰাম আৰু সঙ্গম যে মই এবাৰ ভাবিছিলোঁ, বোধকৰোঁ চেয়াৰিং ক্ৰচ আৰু ঠিক সময়ত নেপাওঁগৈ৷ বাচখন অলপ যায় আৰু ডাঙৰ-দীঘল-পুতল কনিষ্টবলৰ তৰ্জ্জনী আৰু হাতৰ ঘূৰণিত পদে পদে গাড়ীখন ৰৈ যায়। গাড়ী-ঘোঁৰা অহা যোৱাৰ (Traffic) বন্দৱস্ত লণ্ডনত কেনে হয়, সেই বিষয়ে অহাবাৰ ক'ম বুলি ভাবিছোঁ। কিন্তু যি হওক, ঠিক সময়ত গন্তব্য ঠাই পালোঁগৈ। লাজত নপৰিলোঁ।


(২০)

 লণ্ডনৰ পুলিচ আৰু ইয়াৰ পুলিচৰ বহুতো প্ৰভেদ। বাট-পথ চাবলগীয়া ঠাইৰ কথা, কোন বাটেদি গলে অমুক ঠাইলৈ অতি কম ধনতে, অতি অলপ সময়তে যাব পাৰি, ইত্যাদি কথা লণ্ডনৰ পুলিচম্যান অৰ্থাৎ কনিষ্টবলৰ কণ্ঠস্থ, মুখস্থ। যদি হাইগেটৰ (লণ্ডনৰ উত্তৰাংশ) পৰা ব্ৰিকষ্টনলৈ (Brikston দক্ষিণ-পশ্চিম লণ্ডন) যাব লাগে, আপুনি কেনেকৈ যাব লাগে, সেই বিষয়ে নেজানে, আপুনি বান্ধৱ পুলিচম্যানকে সোধক, তেতিয়াই আপোনাক আমাৰ ল'ৰাই জিয়গ্ৰাফী মুখস্থ কৰি পঢ়া দিয়াৰ দৰে বাট-পথৰ কথা, ৰেলেদি যোৱাই ভাল নে অম্‌নিবাচ কি ট্ৰেমগাড়ীতেই যোৱা ভাল সকলো কথা কৈ দিব। “When you are in doubt, ask a Policeman.” যেতিয়া আপোনাৰ সন্দেহ হ’ব, (মই বোধকৰোঁ যি কোনো বিষয়তে) আপুনি পুলিচম্যানক সোধক, সি আপোনাক সন্দেহৰ আন্ধাৰৰপৰা নিশ্চিতৰ পোহৰৰ বাটলৈ আনিব। সিহঁতৰ এই বিষয়ে পৰীক্ষা দিব লাগে। বাটৰ এফালৰপৰা বাটৰ সিফাললৈ আপুনি যাব খোজে; কিন্তু বাটত ইমান গাড়ী, ঘোঁৰা, মটৰ (মই যেতিয়া যাওঁ তেতিয়া মটৰ নাছিল) যে আপুনি তধা লাগি আছে, কেনেকৈনো সিপাৰে যাব! এটা ছেগ চাই লৰি যদি পুলিচম্যানৰ কাষ পায়গৈ, আপোনাৰ আৰু ভয় নাই, হয়তো আপোনৰ হাতত ধৰিয়ে হওক, কি গাড়ী ঘোঁৰাৰ সোঁত ৰাখিয়ে হওক, আপোনাক যি কোনোমতে সিপাৰ পোৱাবয়েগৈ, ই নিশ্চিত। আমি কেতিয়াও লণ্ডনৰ পুলিচম্যান এটি গাড়ীৰ তলত পৰি মৰা কিম্বা জখম হোৱা শুনা নাই, কিয়নো পুলিচম্যান হ’লগৈ “ট্ৰাফিক”ৰ (গাড়ী ঘোঁৰা চলাচলৰ গৰাকী;যাৰে [ ৫৬ ] কি গাড়ী হওক, অতি ডাঙৰ মানুহৰে হওক কি সৰু মানুহৰে হওক এহাতৰ এটা আঙুলিৰে হয়তো ৰ’বলৈ ক’ব, পুলিচম্যানৰ ওচৰত গাড়ী সাৱধানে যাব। আজিকালি কলিকতাতো হাওৰাৰ পুলৰ দুয়োমূৰে আৰু পাৰ্কষ্ট্ৰীট, চৌৰঙ্গীৰ ফালে এনে নিয়ম হৈছে দেখি ভাল লাগিছে। গাড়ী চলাচলৰ ফালে বেছ হৈছে, কিন্তু বাটেদি খোজকঢ়া মানুহৰ পক্ষে বিলাতৰ দৰে সুবিধা হৈছে নে নাই ক’ব নোৱাৰোঁ। যদিহে হৈছে, বৰ ভাল কথা।

 এদিন আমাৰ এজন বন্ধুৱে বেগাবেগিকৈ Holborn (হোবাৰ্ণ)য়েদি বাইচাইকেলেদি Grays In (গ্ৰেজ ইন)-ত ‘খানা’ খাবলৈ দুই চকা ঘূৰাই সুন্দৰমতে যাব লাগিছিল। বোধকৰোঁ Innৰ টাৰ্ম (Term) শেষ হওঁ হওঁ হৈছিল আৰু তেওঁৰ বোধকৰোঁ খাবলগীয়া খানাকেটা খোৱা হোৱা নাই। ডিনাৰো চাৰে-ছয় বজাত, বাইচাইকেলখন সেইদেখি কোনোমতে ডাঙৰ-দীঘল, পুতল-বহল কনিষ্টবলটিৰ কাষলতি তলেদি সৰকি গ’ল (বন্ধুজনা অলপ চুটি-চাপৰ জানিবা দেই।)। তেওঁ “ৰ'বি”ৰ আঙুলি দেখিছিল নে নাই ক'ব নোৱাৰোঁ, আৰু দেখিলেও নেদেখাৰ ভাও জুৰি সৰকিল। কিন্তু “পীলাৰ”(Peeler) ভায়াৰ চকু চাৰিওফালে— তৎক্ষণাৎ বাইচাইকেলখন আহি ধৰিলেহি। তেতিয়া গহীনভাৱেৰে কলে, “Will you do get down, Sir!” পাছত বন্ধুজনা চকৰি গাড়ীৰপৰা নামিলত তেওঁৰ নাম, ঠিকনা ইত্যাদি লেখি ল’লে। ভালকৈ কথা বুজোৱাত তেওঁক যাবলৈ দিলে। তেওঁ সময়ত ‘ইন’ পাই ‘ডিনাৰ’ খাবলৈ পালে। এই কথা ইমানতে শেষ নহ’ল। ভদ্ৰলোকজনক হোবাৰ্ণত চকৰি গাড়ীৰপৰা কনিষ্টবলে নমাইছিল—কিন্তু দুদিন পাছত ৩ নম্বৰ চেপ্‌ষ্টোপ্লেচ (3 Chesptno Place) বেজ ৱাটাৰত (Bays Water) এজন পুলিচৰ মানুহ গৈ বতৰা লৈছিল যে তাত অমুক নামৰ মানুহ থাকে নে নাই। যদিহে বন্ধুজনাই ভুল ঠিকনা দিলেহেঁতেন, বোধকৰোঁ আৰু বিচৰা পৰিলহেঁতেন। কিন্তু তেওঁ তাতে থকাত সেইকথাৰ তাতে সমাপতি হ’ল। এদিন এজন ৰাজমন্ত্ৰীকো এনেকৈ নমোৱাৰ কথা আমি শুনিছোঁ। আজি কোন থিয়েটাৰত আভিং-এ “এক্ট্” কৰিব; এলেন টেৰি, এড্‌না মেট্ৰি, ৱালাৰ, উইণ্ডাম্‌ ইত্যাদিয়ে ক’ত কি ‘Play'ত ‘act' কৰিব, সকলোৰে পুলিচম্যানে সমিধান দিব। ‘ৰয়েল একাডেমী’তত কোন চিত্ৰকৰৰ পটে সৰ্ব্বপ্ৰধান ঠাই পালে, তাকো ক’ব। কোন ষ্টেশ্যনৰপৰা অমুক ঠাইলৈ যাব পাৰি তাকো ক’ব। (লণ্ডনত ষ্টেশ্যন বহুতো, ‘টাৰ্মিনাচ’ ষ্টেশ্যনেই বহুত, সৰু-সুৰাৰতো কথাই নাই।) পুলিচম্যানে নজনা কথা নাই। কৈছোঁ নহয়, তেওঁ বিপদৰ বন্ধু।

 কিন্তু কলিকতাত পুলিচম্যানবোৰে তিমান খবৰ নেৰাখে। মোৰ মনত আছে, ১৮৯৯ চনত এজন ব্যাৰিষ্টাৰ (এতিয়া তেওঁৰ প্ৰেক্‌টিচ নামকৰা, ব্যৱহাৰজীৱী, তেতিয়া একো নাছিল) আৰু মই বৌবাজাৰ বাটেদি এখন কেৰেয়া গাড়ীকৈ ফুৰিবলৈ গৈছিলোঁ— [ ৫৭ ] সেই বাটৰেপৰা ওলোৱা গলিত থকা এজন চিনাকি মানুহৰে সৈতে দেখা কৰোঁ বুলি। পাছত আমাৰ ৰথচালকে সেই বাটৰ ভু নেপাইছিল। সেইদেখি ওচৰতে থিয় দি থকা এজন ‘পহৰৱালা’ক সুধিলোঁ, “ককাই, এই বাটটো শুনিছোঁ হেনো ইয়াৰ ওচৰতে? ক’ত বা?” জবাব পালোঁ, “আৰে চাহাব, এ ৰাস্তাতো হিয়াঁ নেহি বা কৰে, মলাঙ্গামে হবে কৰে।” পাছত ঘোঁৰা যুগলৰ মূৰদুটি আমাৰ ৰথী ভায়াই পাক মাৰোঁতেই দেখিলোঁ যে সেই বাটটো আমাৰ কুৰি কি তিৰিশ হাতমান আগতে সশৰীৰে বৰ্ত্তমান। সেই বাটেদি পাছত গ’লোঁ আৰু আমাৰ পুলিচম্যান ভায়াক “ধন্য ধন্য” মনেৰে কৰিলোঁ। আমাৰ মলাঙ্গালৈ আৰু সেই বাট বিচাৰি বনৰীয়া “হাঁহ খেদিবলৈ” (Wild goose chase) নহ’ল।

 বিলাতৰ পহৰৱালাবোৰ প্ৰায়ে ভদ্ৰ, ক্কচিৎ দুটা-এটাহে অভদ্ৰ। লণ্ডনৰ পুলিচম্যানবোৰৰ ভিতৰত চিটি (City) পুলিচম্যানবোৰ দীঘলে-বহলে আনবোৰতকৈ বঢ়িয়া। ৰয়েল একচেঞ্জ (Royal Exchange)-ৰপৰা এক বৰ্গ মাইলৰ (One square mile) ভিতৰৰ ঠাইডোখৰকে City কোৱা হয়। সিহঁতক দেখিলে মনত হয় যেন সিহঁতে লৰিব-ঢাপৰিব নোৱাৰিব; কিন্তু সিহঁতে চোৰৰ পাছত কি ঘোঁৰাৰ (Run away Horse) পাছত দৌৰা দেখিলে আপুনি তধা হ’ব।

 লণ্ডনৰ “ক্যাবম্যান”বোৰেও বাট চিনি পায়। সিহঁতে এটা পৰীক্ষা পাছ কৰিব লাগে। পৰীক্ষকে হয়তো ক’ব,“তই হ্যাম্পষ্টেডৰপৰা ইলিঙলৈ (Ealing) পোনবাটেদি (Short cut) যা।” সি সৰু-সুৰা এটা বাটেদি একাই-বেঁকাই গৈ ইলিঙৰ সৰু বাট এটাও বিচাৰি পাবগৈ। গাড়ীখনত উঠি ক’ব লাগে “অমুক নম্বৰ Burlington Road w”। ঠিক ঘোঁৰা ডকাই অতি সোনকালে আপোনাক লৈ যাব। “w” কোৱাৰ মানে হৈছে লণ্ডনত বাৰ্লিংটন ৰোড হয়তো কেবাটাও। উত্তৰ, দক্ষিণ, পূব, দক্ষিণ-পূব, দক্ষিণ-পশ্চিম চাৰিওফালে সেই নামৰ বাট থাকিব পাৰে। লণ্ডনৰ বাটবোৰৰ পাছত W.C. যে দেখা যায়, তাৰ মানে West Central, E. C. মানে East Central. চিঠি লেখাত কি গাৰোৱানক সেই দুটা আখৰ লেখি কি কৈ দিব লাগে, নহ’লে হয়তো ভুল হৈ যাব পাৰে। পুলিচম্যানবোৰৰ দৰে এই ক্যাবম্যানবোৰেও ৰাজ্যৰ খবৰ দিব পাৰে। এইটো সদায় মনত ৰাখিব যে সিহঁতে লেখিব-পঢ়িব জানে। বোম্বাইত এবাৰ এটা গাৰোৱানৰপৰা এটা খবৰ পাই বৰ ৰং লাগিছিল। মই এনেয়ে ধেমালি কৰি সুধিলোঁ, তাক পৰীক্ষা কৰিবৰ নিমিত্তেই হ’বলা, “কোচাৱন, দাদাভাই নাওৰূজী ক’ত থাকে?’ সি ঠিক উত্তৰ দিলে যে চহৰৰপৰা ইমান দূৰৈত অমুক ঠাইত থাকে আৰু লণ্ডনৰপৰা কেমাহমান আগেয়ে বোম্বাইলৈ উভতি আহিছে, ইয়াকো বোধকৰোঁ ক’লে। শুনি বৰ ৰং লাগিল। এনে এটা কথাৰ উত্তৰ আমাৰ কলিকতীয়া ৰথীয়ে ক’ব নোৱাৰিলেহেঁতেন যেন পাওঁ। [ ৫৮ ] ইয়াৰ পহৰাৱালা আৰু গাৰোৱানবোৰৰ বিলাতৰ পহৰৱালা আৰু গাৰোৱানবোৰৰপৰা বহুতো শিকিবলগীয়া আছে। হয় সিহঁতৰ কেজনমানে আহি শিকাই যোৱা উচিত, নহ’লে আমাৰ ইয়াৰপৰা কেজনমান গৈ শিকি অহা উচিত। বোধকৰোঁ শেহৰটোৱেই ভাল; আমাৰ মানুহে নতুন কথা শিকাৰ লগে লগে নতুন ঠাই দেখি আহিব।

 আজি আৰু ইমানতে৷ আমনি নাই পোৱা আশা কৰোঁ।

(২১)

 গ’লবাৰ বিলাত আৰু কলিকতাৰ পুলিচৰ সম্পৰ্কে লেখিছিলোঁ। আমাৰ আসামৰ বিষয়ে উল্লেখ কৰা নাছিলোঁ। ঘৰুৱা কথানো কি কম?

 ১৮৯৬ খ্ৰীষ্টাব্দত স্কুল জহকালি বন্ধ হোৱাত কেম্ব্ৰিজলৈ যাওঁ বুলি লণ্ডনলৈ আহিছিলোঁ। চেলেমচ্‌ফৰ্ড (Chelmsford) দহ-এঘাৰমান বজাত এৰি পঞ্চল্লিশ মিনিটমানৰ পাছত লণ্ডন পালোঁগৈ। লণ্ডনৰপৰা চেলেমচ্‌ফৰ্ড তিৰিশ মাইল— ৰেলৰ কেৰেয়া আঢ়ৈ চিলিং আৰু আধা পেনী তৃতীয় শ্ৰেণীৰ। লণ্ডন পায়েই চিনাকি মানুহৰ সৈতে দেখা কৰিবলৈ গ’লোঁ। প্ৰথমে বোধকৰোঁ লিভাৰপুল ষ্ট্ৰীটৰ (Liverpool Street, Great Eastern Railways) টাৰ্মিনাচ পৰা বাচ্ (Bus) লৈ মিচেচ্‌ কীটিঙৰ ব্ৰিষ্টনৰ (Brixton) টালচ হিললৈ (Tulse Hill) গ’লোঁ। সেই সময়ত মোৰ অভিভাৱক মিচেচ্‌ কীটিং (মিচে স্পীয়েৰচৰ ভনীয়েক) আছিল। তাৰ পাছতহে মিচ্‌ ম্যানিং হ’ল। তেওঁলোকৰ সৈতে দেখা-সাক্ষাৎ কৰি মিচেচ্‌ মল্লিকৰ সৈতে দেখা কৰিবলৈ বেজ ৱাটাৰলৈ (Bays Water) গ’লোঁ। সেইফালে সন্ধ্যা হ’ল। তাৰ পাছত মিচেচ্‌ স্পীয়েৰচৰ সৈতে দেখা কৰোঁ বুলি হাইগেটলৈ (Highgate) গ’লোঁ। সেইদিনা কৰবাত মই ৰেইলৱে গাইড এখন চাই দেখিছিলোঁ যে লিভাৰপুল ষ্ট্ৰীটৰপৰা কেম্বিজলৈ সেইদিনা ৰাতি শেষ গাড়ীখন দহবাজি কুৰি মিনিটত যায়। সেইদেখি মিচেচ্‌ স্পীয়েৰচহঁতৰ তাত ন বজালৈকে আছিলোঁ। পাছত ষ্টেশ্যনলৈ গৈ দেখোঁ যে ট্ৰেইন মই প্ল্যাটফৰম্‌ পাওঁতেই এৰি দিলে।। কথা হৈছে যে মই গাইডখন দেখাত ভুল কৰিছিলোঁ। দহবাজি কুৰি মিনিটৰ ঠাইত দহ বাজি দুই মিনিট হোৱা উচিত আছিল। ১০-২০ মিনিটত ট্ৰেইন যোৱা হ’লে মোৰ বেছ সময় থাকিলহেঁতেন। ক্লোক ৰুম (Cloak Room)-তে মোৰ বস্তুবোৰ পুৱা থৈ গৈছিলোঁ। তাৰপৰা সুন্দৰৰূপে বস্তুবোৰ আনি টিকট কৰি দহ মিনিটমান সময় পালোঁহেঁতেন। ভুল দেখি বিপদত পৰিলোঁ। এতিয়া কি কৰোঁ? লণ্ডনত লিভাৰপুল ষ্ট্ৰীট এটা বৰ ডাঙৰ ষ্টেশ্যন, হাওৰা ষ্টেটশ্যনতকৈও ডাঙৰ। এতিয়া নিৰুপায় হৈ ভাবিলোঁ যে হাইগেটলৈকে

মিচেচ্‌ স্পীয়েৰচৰ তালৈকে যাওঁ৷ এইবুলি মুৰগেট ষ্ট্ৰীটৰপৰা ট্ৰেমগাড়ী ল’লোঁ। হাইগেট [ ৫৯ ]
 
হিলৰ তলত নামি, ওখ বাট খোজকাঢ়ি যাওঁতে প্ৰায় ১১ বাজি ১৫ মিনিট মান হৈ

গ’ল। দুই-তিনিবাৰ লাহে লাহে “নক্‌” কৰাৰ পাছত একো শৱদ নেপাই তাত শোৱাৰ আশা এৰি দিলোঁ। পাছত এতিয়া কি কৰোঁ? ভাবি চাওক লণ্ডন কিমান ডাঙৰ নগৰ, মোৰ বয়স মাথোন ষোল, তাতে আকৌ বিলাতত দহ-এঘাৰ মাহ মাথোনহে কেৱল বাস। মই বিষম সমস্যাত পৰিলোঁ। লাহে লাহে highgate-ৰ বাটেদি নামি আহিবলৈ ধৰিলোঁ। এৰাণ্ডেল হাউচ স্পীয়েৰচৰ পৰিয়ালৰ ঘৰ। ওচৰতে ডাকোৱাল এটাই ডাকবাকচৰপৰা চিঠি-পত্ৰ উলিওৱা দেখিবলৈ পালোঁ; যেনে পুলিচম্যান-ক্যাবম্যান, তেনে পোষ্টম্যানো। সিহঁতেও লণ্ডনৰ বাট-পথ ভালকৈ চিনি পায়। সেই ডাকোৱালটোক সকলো কথা ভালকৈ খোলোচা কৰি ক’লোঁ। সি মোক ক’লে, “ইমানৰাতি ভাল হোটেলবোৰ খোলা নেথাকে”—আৰু কি ক’লে মোৰ মনত নাই; কিন্তু এই কথা বেছ মনত আছে যে “আপুনি মোৰ লগে লগে যিমান দূৰলৈ মই যাওঁ আহিব পাৰে। চিঠিবোৰ ‘বিট’ৰ পৰা উলিয়াওঁতে একমান বাজিব। আপুনি মোৰ লগত সেইখিনি সময়লৈকে থাকিব পাৰে।” পাছত মানুহটিৰ লগত তেনেকৈ গ’লোঁ। যাওঁতে যাওঁতে তাৰো কাম শেষ হ’ল। ইতিমধ্যে দুটা পুলিচম্যানে বাটৰ মূৰত কথা কৈ থকা দেখিলোঁ। সিহঁতকো মোৰ দুৰ্দ্দশাৰ কথা ক’লোঁ। পুলিচম্যান দুটিয়ে ক’লে, “একো ভয় নাই স্যাৰ, আপুনি মুঠে কাৰো সৈতে কথাবাৰ্ত্তা নক’ব, বাট পাহৰি গ’লে পুলিচম্যানক সুধিব। আমাৰ লগতে আমাৰ বীটৰ সীমালৈকে যাব পাৰে।” এনেকৈ সহানুভূতি পাই সিহঁতৰ লগত ফুৰিলোঁ। পাছত গৈ ক্যামডেন টাউনৰ (Comden Town) বাটেদি গৈ হ্যাম্পষ্টেড ৰোড (Hampsted Raod) পালোঁ। সেই বাটেদি গৈ ইউষ্টন ৰোডৰ (Euston Road) ওচৰ পাওঁ পাওঁ হওঁতেই দেখিলোঁ যে বহুত মানুহ গোট খাই একেলগ হৈ এটা ঘৰৰ ওপৰফালে চাই আছে। মই গৈ ওচৰ চাপি সোধাত শুনিলোঁ যে “ফায়াৰ”। তাত এঘণ্টামান সেই গণ্ডগোল চাই থাকিলোঁ। তাৰ আগেয়েই “ফায়াৰ ব্ৰিগেড”ৰ মানুহে জুই নুমাবৰ যতন কৰিছিল। সোধাত জানিলোঁ যে কোনো মানুহৰ জীৱন হানি হোৱা নাই। জুই লাহে লাহে নুমাবলৈ ধৰাত ময়ো লাহে লাহে খোজ ল’লোঁ। মোৰ ইচ্ছা যে যিমানদূৰ বাটেদি যাব পাৰোঁ গৈ লিভাৰপুল ষ্ট্ৰীটৰপৰা প্ৰথম ট্ৰেইন ধৰি কেম্ব্ৰিজলৈ যাওঁ। টটন্‌হাম কোৰ্ট ৰোডেদি (Tottenham Court Raod) গৈ নিউ অক্সফোৰ্ড ষ্ট্ৰীটৰ (NewOxford Street) বাওঁফালেদি গ’লোঁ পাছত সেই New Oxford Street-ৰ বাটেদি গৈ Holborn(হোবাৰ্ণ) Cheapside, Newgate Street-য়েদি গৈ Bank of England-ৰ ওচৰেদি গৈ Liverpool Street পালোঁগৈ৷ তেতিয়া প্ৰথম ট্ৰেইন যাবৰ এঘণ্টামান কি দেড়ঘণ্টামান বাকী আছিল। বাটচোৱা ঘৰৰ আশ্ৰয়তে সেইখিনি সময় কটাই Cloak

room-ৰ পৰা বস্তুখিনি লৈ ৰেলত উঠিলোঁগৈ। [ ৬০ ]
 

 সেইৰাতি প্ৰায় সাতমাইলমান খোজ কাঢ়িলোঁ। এই পুলিচম্যান (Policeman) আৰু পোষ্টম্যান (Postman)-ৰ সহানুভূতি নোপোৱা হ’লে মোৰ বৰ বেয়া লাগিলহেঁতেন। পাছত Spears পৰিয়ালক এই বিষয়ে জনোৱাত তেওঁলোকে বেজাৰ কৰি লেখিলে যে আৰু অলপ টানকৈ ‘নক’ (Knock) কৰা হ’লে তেওঁলোকে সাৰ পালেহেঁতেন। কিন্তু ৰাতি এঘাৰ বজাত তেওঁলোকক মই মিছা মিছিকৈ কষ্ট দিব নুখুজিলোঁ। তেওঁলোক বৰ সোনকালে শুবলৈ যায়। তেওঁলোকৰ পক্ষে ৰাতি এঘাৰ বজা, ৰাতি দুই বজাৰ দৰে। সেইদেখি তেওঁলোকক টোপনিৰপৰা নুতুলি ভালেই কৰিলোঁ। তেনে সহানুভূতি আমাৰ দেশৰ পহৰাৱালাবোৰৰ, ডাকোৱালবোৰৰপৰা পালোঁহেঁতেন নে নাই, তাকে মই এতিয়াও কেতিয়াবা কেতিয়াবা ভাবোঁ।

 মোৰ পক্ষে বতৰটো বৰ অনুকূল আছিল। সেই মাহটি আছিল আগষ্ট। মে’, জুন, জুলাই, আগষ্ট অৰ্থাৎ জহকালি সূৰ্য্যদেৱ তাত ৩-৪ বজামানত ওলায়। ৰাতি ৮ মান বজাত অস্ত যায়। তিমান দূৰ ফুৰি মোৰ একো ভাগৰ লগা নাছিল।

 বিলাতত কিছুদিন থকাৰ পাছত এনে হোৱা হ’লে মই এটা হোটেলত গৈ আশ্ৰয় ল’লোঁগৈহেঁতেন। সেই গোটেই ৰাতি তেনেকৈ বাটে বাটে ফুৰাত মোৰ একো অপকাৰ নহ’ল। জেপত দুই পাউণ্ড আছিল— মোৰ ভয় লাগিছিল, পাছে যদি কোনোবাই ডকা দি সেই টকা লৈ যায়। সেইদেখি মই ডাঙৰ বাটেদি খোজকাঢ়ি গৈছিলোঁ। ডাঙৰ বাটত পুলিচম্যান সৰহ, যদি কোনোবাই টকা চুৰ কৰিবলৈ আহিলহেঁতেন, তৎক্ষণাৎ সহায় পালোঁহেঁতেন।

 এইখিনিতে কৈ থওঁ যে প্ৰত্যেক ডাঙৰ ষ্টেশ্যনৰ ওচৰত ডাঙৰ হোটেল একোটা আছে। লিভাৰপুল ষ্ট্ৰীটৰ ওচৰত Great Eastern Railway টাৰ্মিনাচ। মই হাইগেটৰ মিচে স্পীয়েৰচৰ তাত ৰ’ম বুলি নোযোৱা হলে তাতে থকাটোৱেই ভাল আছিল। হাইগেট পাওঁতে ট্ৰেম বন্ধ হৈ গ’ল; কিয়নো ৰাতি এঘাৰ-বাৰ বজাৰ পাছত সেইবোৰ প্ৰায়ে বন্ধ হয়। আকৌ ৰাতিপুৱা চাৰি-পাঁচ বজাৰপৰা চলিবলৈ আৰম্ভ কৰে। তেনে অৱস্থাত পৰিলে ডাঙৰ হোটেলবোৰলৈ যোৱা উচিত। নজনা-নুশুনা হোটেলবোৰলৈ যোৱা উচিত নহয়। পোষ্টম্যানটিয়েও মোক সেই উপদেশ দিছিল আৰু সেই উপদেশেই ভাল উপদেশ। ময়ো ইমান দিনৰ অভিজ্ঞতাৰ পাছত কওঁ যেই-সেই হোটেলত থকা ভাল নহয়।

 কেম্ব্ৰিজলৈ King's Cross ষ্টেশ্যনৰপৰাও যাব পাৰিলোঁহেঁতেন। কিন্তু মোৰ ‘লাগেজ’ (Luggage) আছিল Liverpool Street-ত আৰু King's Cross-ৰপৰাও ট্ৰেইন দহ বজাৰ আগেয়ে গ’ল। সেইপিনেও আমাৰ আইধা। সেইদেখি সকলো কথা ভাবি-চিন্তি এতিয়াও কওঁ যে মই সেইদিনা যি কৰিছিলোঁ ভালেই কৰিছিলোঁ। King's [ ৬১ ] Cross, Great Eastern Railway টাৰ্মিনাচ ৷  বিলাতৰ ষ্টেশ্যনবোৰত Cloak-room-ৰ অৱস্থাটো বৰ ভাল। প্ৰত্যেক টোপোলা কি বাকচেপতি দুপেনী কৰি দিলে সেই বস্তুবোৰ এদিন থৈ দিয়ে। মই সেইদিনা লণ্ডনত ইমান ফুৰিলোঁ — ক’ৰ Brixton, ক’ৰ Bays Water, ক’ৰ Highgate —লগে লগে সেই বস্তুবোৰ লৈ যোৱা হ’লে, কিমান খৰচ হ’লহেঁতেন আৰু আনপিনেও নানান নগুৰ-শাস্তি হ’লহেঁতেন। আমাৰ ভাৰততো ডাঙৰ ষ্টেশ্যনৰবাৰত Cloak-room আছে যেন পাওঁ, কিন্তু সকলো ষ্টেশ্যনত থাকিলে যাত্ৰীবিলাকৰ পক্ষে বৰ সুবিধাজনক হ’ব। অৱশ্যে বাটচোৱা ঘৰবোৰত ওখ শ্ৰেণীত ফুৰা যাত্ৰীবিলাকে তেনেকৈ বস্তু থ’ব পাৰে। বিলাতত সকলো যাত্ৰীয়ে Cloak-room-ত বস্তু থ’ব পাৰে।

 আমাৰ ইয়াত মানুহসকলে কয়, “মিষ্টাৰ গ্লেডষ্টনে তৃতীয় শ্ৰেণীত ফুৰিছিল।” কিন্তু তাৰ তৃতীয় শ্ৰেণী আৰু ইয়াৰ তৃতীয় শ্ৰেণীৰ ব্যৱস্থা বহুত ভিন্, যদিও অৱশ্যে গ্লেডষ্টনৰ দৰে মানুহে তাৰ তৃতীয় শ্ৰেণীত ফুৰা আচৰিত আৰু গৌৰৱৰ কথা। তাত তৃতীয় শ্ৰেণীত ফুৰাটোৱেই নিয়ম। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত তাকৰভাগ মানুহেহে ফুৰে। ইয়াত প্ৰায় যিবোৰ মানুহে প্ৰথম-দ্বিতীয় শ্ৰেণীত ফুৰে, তালৈ গ’লে তৃতীয় শ্ৰেণীতহে সৰহভাগে ফুৰিব। গ্লেডষ্টনে বোধকৰোঁ ইয়াৰ তৃতীয় শ্ৰেণীত ফুৰিব নোৱাৰিলেহেঁতেন। Duke কি Marquis এনে এজন মানুহে বোলে শুনিছোঁ তাত তৃতীয় শ্ৰেণীত ফুৰিছিল। কিন্তু তেওঁ ফুৰাত অলপ নতুনত্ব আছিল। তেওঁ যিখন গাড়ীত উঠিছিল, সেইখন গাড়ীত সকলো যাত্ৰীকে ওখ শ্ৰেণীলৈ পঠাইদি নিজে তৃতীয় শ্ৰেণীত সুখেৰে ফুৰিছিল। অৱশ্যে নিজে সেই ওখ শ্ৰেণীৰ ভাড়া দিছিল; কিন্তু এনেকৈ তৃতীয় শ্ৰেণীত ফুৰাৰ লাভ কি? আৰু কেইজনেই বা তেনেকৈ ফুৰিব পাৰে?

 মই সুন্দৰমতে তৃতীয় শ্ৰেণীৰ গাড়ী এখনত অকলৈ উঠি নানান আমাৰ দেশী গীত গাই চাৰিওপিনে প্ৰকৃতিৰ শোভা চাই কেম্ব্ৰিজ পালোঁগৈ। কেম্ব্ৰিজ ষ্টেশ্যন পোৱাৰ আগতে তাৰ ঘৰ-বাৰী, মন্দিৰৰ চুড়াবোেৰ মানুহৰ চকুৰ আগত পৰি মানুহক কৈ দিয়ে, “চোঁৱাহি, চোঁৱাহি মোক, কেনে সুন্দৰ মই!” অথচ কেম্ব্ৰিজ যদিও তেনে সুন্দৰ নহয়, কেম্ব্ৰিজতকৈ অক্সফোৰ্ড সুন্দৰ। ৰেলগাড়ীৰপৰা কেম্বিজৰ চূড়া দেখা কথা লেখিছোঁ; কিন্তু ৰেলগাড়ীৰপৰা আমাৰ কাশী যেনে সুন্দৰ দেখি, তেনে দৃশ্য ৰেলগাড়ীৰপৰা অতি কমহে দেখিবলৈ পোৱা যায়।।

 কেম্ব্ৰিজ ষ্টেশ্যন পাই এটা ল’ৰাৰ মূৰত বাকচটো আৰু কিবা যদি সৰু-সুৰা টোপোলা- টাপলি আছিল (নাছিল বোধহয়), দি তাক ক’লোঁ, “আপা, মোক টেনিচ কোৰ্ট ৰোডলৈ লৈ যা।” সেই বাটৰ ২৪ কি ২৬ নম্বৰত তেতিয়া মিঃ সুকুমাৰ সেন (মোৰ ডনেৰা

জাহাজৰ সহযাত্ৰী) আছিল। তেওঁৰ ঘৰলৈকে গ’লোঁ। এই বাটটি Downing Col[ ৬২ ]
 

lege-ৰ পাছত। এই কলেজটিত বহুতো টেনিচ কোৰ্ট। কলিকতাত যে আজিকালি অসমীয়া মেছখন শ্ৰীযুত লোহিত চন্দ্ৰ ভূঞাই পাতিছে, তাৰপৰা যেনে C.M.S. Col- lege ‘লন’ (Lawn) দেখিবলৈ পোৱা যায়, ঠিক সেই বাটৰপৰা Downing Col- lege-ৰ Lawn বোৰ তেনে দেখা গৈছিল। মাথোন এই কেম্ব্ৰিজৰ কলেজৰ Com- pound খন C.M.S. College Compund তকৈ বহুত ডাঙৰ। এইবোৰ আশাকৰোঁ আপোনাৰ পাঠকবৰ্গে অপ্ৰাসঙ্গিক (irrelevant) বুলি নেভাবিব।

 সেইবাৰ কেম্ব্ৰিজত পোন্ধৰ কি কুৰি দিনমান আছিলোঁ। মই যোৱাৰ দুদিনমানৰ পাছত মিঃ সেন লণ্ডনলৈ গ’ল আৰু মই অকলৈ এটা খোঁটালী (শোৱা) আৰু বহা খোঁটালী (লগালগি) পাই মহাসুখে সেইকেটা জহৰ দিন কেম্ব্ৰিজত কটালোঁ।

(২২)

 সেই কেম্ব্ৰিজত দুজন স্বনামখ্যাত পুৰুষেৰে সৈতে দেখা হৈছিল। এজন ভাৰতৰ গৌৰৱ, আমাৰ প্ৰথম চিনিয়ৰ ৰেংলাৰ (Senior Wrangler) মিষ্টাৰ পাৰঞ্জপে (Mr. Paranjpe)। তেওঁৰে সৈতে St.john's College-ত আমাৰ বিজনীৰ কিছুকালৰ দেৱান ব্যাৰিষ্টাৰ ৰমেশ সেনৰ ৰূমত দেখা হয়। মোৰ সহযাত্ৰী (প্ৰথমবাৰৰ) মিঃ যোগেন পালে সেই কলেজত পঢ়িছিল। এতিয়া শুনিছোঁ যে মিঃ পাল আৰু ইহজগতত নাই৷ আগৈয়ে কৈছে, তেওঁ ইণ্ডিয়ান চিভিল চাৰ্ভিচ পৰীক্ষা পাছ হৈ যুক্ত প্ৰদেশত কাম কৰিছিল। পৃথিৱীৰ এই অনিবাৰ্য নিয়মৰ কোনে ব্যতিক্ৰম কৰিব? “এ ভবে কত এল কত গেল, কেবা সংখ্যা কৰে তাৰ; আবাৰ কত আসবে কত যাবে এ এক খেলা চমৎকাৰ।” এই খেলাৰ মৰ্ম্ম তেওঁ লীলাময়েহে জানে। “জন্মিলে মৰিতে হবে, অমৰ কে কোথা ভবে?” কালি এটা দুখৰ বাতৰি পালোঁ—কটকৰ ব্যাৰিষ্টাৰ মোৰ সম্পৰ্কীয় মিঃ সুকুমাৰ ৰায় পৰলোকলৈ গৈছে। এওঁৰে সৈতে মোৰ দ্বিতীয়বাৰ বিলাতযাত্ৰাত বিলাতত প্ৰথমবেলি দেখা হৈছিল। এওঁ স্বনামখ্যাত স্বৰ্গীয় ক্ষীৰোদচন্দ্ৰ ৰায়ৰ পুত্ৰ। এওঁ কেমাহমান এটা অতি টান বেমাৰত ভুগি ২০ মে’ তাৰিখে দেহত্যাগ কৰে। এওঁ বেমাৰত ভুগি যি ধৈৰ্য্য আৰু সাহসৰ পৰিচয় দিছে, সি অতি প্ৰশংসনীয়। এই নিমিত্তে তেওঁক স্মৰণ কৰি এই কেফাঁকি লেখিলোঁ। তেওঁৰ আত্মাৰ, ভগৱানে মঙ্গল কৰোক। পাৰাঞ্জপেৰে সৈতে সেই কলেজত গ্ৰাবু কি হুইষ্ট খেলিছিলোঁ। তেওঁক বেছ প্ৰফুল্ল দেখিছিলোঁ। বিদ্যাৰ সহচৰ প্ৰফুল্লতাও হ’ব পাৰে। বিদ্বান হ’লেই গম্ভীৰ হৈ নিজক বৰটো হেন ভাবি যে ওফন্দি থাকিবৰ দৰ্কাৰ নাই, সেইটো পাৰাঞ্জপে মহোদয়ৰ ব্যৱহাৰৰপৰাই জানিব

পাৰি। আমাৰ অসমৰ বিদ্বানসকল তেওঁৰ দৰেনে? [ ৬৩ ]
 
 সিজন হৈছেগৈ মিঃ ৰেণ (Mr. Wren)। আপুনি Wren and Gurney-ৰ ইণ্ডিয়ান চিভিল চাৰ্ভিচ পৰীক্ষাৰ্থীক পঢ়োৱা ক্লাচবোৰৰ কথা শুনিছে। এই ক্লাচবোৰৰ প্ৰধান মালিক আৰু শিক্ষক মিঃ ৰেণ আছিল। তেওঁৰে সৈতে দেখা হোৱাৰ কথা অলপ কৌতুকৰ। কেম্ব্ৰিজৰ Trunpington Road কি এনে এটা বাটেৰে এদিন দহমান বজাত ফুৰি থাকোঁতে অলপ বৰষুণ দিলে। সেই বৰষুণৰপৰা ৰক্ষা পাবৰ নিমিত্তে এজোপা গছৰ আশ্ৰয় ললোঁগৈ। সেই গছজোপাৰ তলত আৰু দুজন মানুহে মোৰ দৰে আশ্ৰয় লৈছিল। এজন এখন Bath-chair -ত আঁউজি আছিল। Bath-chair -বোৰ বেমাৰী কি বুঢ়া মানুহৰ পক্ষে বৰ উপকাৰী। বেমাৰী মানুহজন বহি কি অলপ আঁউজি শোৱাৰ দৰে বহি থাকিব পাৰে আৰু আন এজন মানুহে টানি লৈ যাব পাৰে। তেৱেঁই পাছত জানিব পাৰিলোঁ যে মিঃ ৰেণ আৰু আনজন তেওঁৰ সাহায্যকাৰী তেওঁৰ এজনা কন্যা। মই তেওঁলোকৰ সৈতে কথা আৰম্ভ কৰি দিলোঁ। বুঢ়া মানুহজনে সুধিলে, “তুমি ভাৰতবৰ্ষৰপৰা আহিছা, নহয়নে?” মই ক’লোঁ, “এৰা।” পাছত আন আন কথাৰ পাছত তেওঁ সুধিলে, “তুমি ইয়াত কি পঢ়িছা?” মই —“এতিয়া ইস্কুলত পঢ়িছোঁ৷ পাছত ইণ্ডিয়ান চিভিল চাৰ্ভিচ পৰীক্ষা দিম। আপুনি ইণ্ডিয়ান চিভিল চাৰ্ভিচ কি জানেনে? এই পৰীক্ষা পাচ কৰিলে ভাৰতৰ জজ, মেজিষ্ট্ৰেট ইত্যাদি হ’ব পাৰি৷ ইয়াত যেনেকৈ হোম চিভিল চাৰ্ভিচ’ পাচ কৰিলে কেৰাণীহে হ’ব পাৰি, ই তেনে নহয়।” (তাত ডাকঘৰ ইত্যাদিৰ কেৰাণীবোৰকো Home Civil Service - ত কাম কৰা বুলি কয়। সাধাৰণ মানুহে Civil Service বুলিলে তাকহে বুজে; সেইদেখিয়েই তেওঁক তেনেকৈ কৈছিলোঁ৷) তেওঁ অলপ হাঁহি ক'লে, “এৰা, মোৰ ইণ্ডিয়ান চিভিল চাৰ্ভিচৰ বিষয়ে জনা উচিত; কিয়নো মোৰ এটা তাৰে ইস্কুলৰ দৰে আছে।” তাৰ পাছত মোক কেষাৰমান এই পৰীক্ষাৰ বিষয়ে উপদেশ দি ক’লে, “তোমাৰ দেশৰ ল’ৰাবোৰৰ কেম্ব্ৰিজত বহুতে পঢ়ে, সিহঁতে নিশ্চয় কি কৰিব লাগে কৈ দিব।” কেজনমান বন্ধুক পাছত এই বিষয়ে কোৱাত ক’লে যে তেৱেঁই ভাৰতৰ বিখ্যাত মিষ্টাৰ ৰেণ। তাৰ কিছুদিনৰ পাছতে বোধকৰোঁ তেওঁ ইহলোক পৰিত্যাগ কৰে। তেওঁৰ Coaching Class (পঢ়োৱা ঠাই) লণ্ডনৰ বেজ ৱাটাৰৰ পাওইচ স্কোয়েৰত (Powis Square) এতিয়াও আছে। তাৰ পঢ়াৰ খৰচ বছৰেকত এশ আঠ গিনিমান। কেম্ব্ৰিজ, অক্সফোৰ্ডৰপৰা ডিগ্ৰী লৈ তাত এবছৰমান ভাৰতীয় চিভিল চাৰ্ভিচৰ পৰীক্ষাৰ্থীবোৰে প্ৰায়ে পঢ়ে। নহ’লে কোনো কোনোৱে কোনো বিশ্ববিদ্যালয়লৈ

নগৈ ইয়াতে গুৰিৰেপৰা পঢ়ে। এতিয়া মিঃ ৰেণৰ জোঁৱায়েক মিঃ টেইলৰে এই কামৰ তত্ত্বাৱধান কৰে। মই হ’লে কওঁ যে তাত গুৰিৰেপৰা নপঢ়ি এটা বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লৈ যোৱা উচিত। এই ডিগ্ৰীত এনেবোৰ বিষয় লোৱা উচিত যিবোৰ বিষয় ল’লে চিভিল চাৰ্ভিচ পৰীক্ষাত সাহায্য কৰিব। অঙ্ক (Mathematics) যিজন পৰীক্ষাৰ্থীয়ে [ ৬৪ ] ভালকৈ জানে, তেওঁ এই পৰীক্ষাত পাচ হোৱাৰ বিশেষ আশা আছে। এজন পৰীক্ষাৰ্থীয়ে যদি মোক এই বিষয়ে উপদেশ সোধে, মই কওঁ, “প্ৰথমে এটা বিশ্ববিদ্যালয়ত ভৰ্ত্তি হোৱাঁ, তাৰ পাছত একেলগে একে সময়ত এটা লণ্ডনৰ ‘ইন্‌’ কিম্বা “টেম্পল”ত (Temple) ব্যাৰিষ্টাৰী পৰীক্ষাৰ নিমিত্তে ভৰ্ত্তি হোৱা উচিত। তাৰ পাছত চিভিল চাৰ্ভিচৰ নিমিত্তে ‘শেষ পালিচ’(Final polish) ৰেণৰ তাত লোৱাঁগৈ। চিভিল চাৰ্ভিচ পৰীক্ষাৰ্থী মাত্ৰেই এটা Inn কি Temple-ত ভৰ্ত্তি হোৱা উচিত; কিয়নো, বহুত ভাল ভাল ল’ৰায়ো চিভিল চাৰ্ভিচ পৰীক্ষা ফেইল হৈহে Inn কি Temple -ত ভৰ্ত্তি হয়। তেনেহ’লে বৰ সময় মিছায়ে নষ্ট হয়। তিনি-চাৰি বছৰৰ কাম পাঁচ-ছয় বছৰত হয়। যদিহে চিভিল চাৰ্ভিচ পৰীক্ষা পাচ হোৱা যায়, Well and Good, ভাল কথা। পাছত এবাৰ Furlough লৈ বাকীকেটা টাৰ্মৰাখি ব্যাৰিষ্টাৰী পাচ কৰিবলৈ যাব পাৰি। দুজন-এজনে ‘ইন’ত একেবাৰেই ভৰ্ত্তি নহয়, তেওঁলোক পাচ হ’লেতো কথাই নাই; কিন্তু চাৰ্ভিচ পৰীক্ষা ফেল হলে কি হ’ব? ইনত ভৰ্ত্তি নোহোৱাটো বৰ অদূৰদৰ্শিতাৰ পৰিচায়ক। খৰচ কেৱল আঢ়ৈ হেজাৰ টকা বেছি লাগিব। যি ল’ৰাই চাৰ্ভিচ পৰীক্ষা দিবলৈ যাব, তেওঁৰ পক্ষে আঢ়ৈ হেজাৰ টকা একো নহয়।

 মই আমাৰ ইয়াত এম-এ পঢ়া ল’ৰাবিলাককো বি-এল পঢ়িবলৈ কওঁ। এম-এৰ লগে লগে বি-এল পঢ়া একো টান নহয়। বহুতে কয়, ৰাতিপুৱাখিনি এনেয়ে যায়, কিন্তু ৰাতিপুৱা দুঘণ্টা বি-এল কলেজত লেকচাৰ এটেণ্ড (Lecture attend) কৰিও গোটেই দিনটো এম-এ পঢ়িবলৈ সময় দিব পাৰি, অথচ একেলগে ‘এম-এ, বি-এল’ হ’ব পাৰি। যদি তোমাৰ ইচ্ছা ওকালতি কৰাঁ, নহ'লে গৱৰ্ণমেণ্টৰ চাকৰি লোৱাঁ আৰু নহ’লে স্বাধীন ব্যৱসায়ী হোৱাঁ। এম-এ, বি-এল হ’লে কাম পোৱাৰো বেছি সম্ভাৱনা। কেনে সুবিধা চোৱাঁচোন, অথচ তুমি কোৱা এম-এ আৰু বি-এল একেলগে পঢ়িবলৈ টান পোৱা, কিয়নো ৰাতিপুৱাতে উঠি দুঘণ্টা ক্লাচ এটেণ্ড কৰিব লাগে। ই কথাৰ কথাই নহয়। তেনেকৈ পঢ়ি চোৱাচোন বাৰু। এই সংসাৰ কৰ্ম্মক্ষেত্ৰ, মহা কৰ্ম্মক্ষেত্ৰ। ডিমস্থেনিচক এদিন এজনে কেনেকৈ বক্তা হ’ব পাৰি তাক সোধাত, তেওঁ তিনিটা উপদেশ দিলে; প্ৰথম হৈছে action (কাম)। আকৌ মানুহজনে সুধিলে, দ্বিতীয় উপদেশ কি? - ডিমস্থেনিচে ক’লে action (কাম) আৰু তৃতীয় উপদেশো action (কাম)। এই সংসাৰো এক্‌শ্যন্‌ময়—inaction-ৰদ্বাৰাই অৰ্থাৎ কাম নকৰিলে কোনো কাৰ্য্য সম্পাদন নহয়।

 সেইবাৰ কেম্ব্ৰিজত পোন্ধৰ কুৰি দিন যে আছিলোঁ, বৰ আনন্দেৰে আছিলোঁ। এনে আনন্দ এতিয়া শিলত মূৰ খুন্দিয়ালেও নেপাওঁ। আজি Flower show, কালি pas- toral show, আকৌ এদিন কেম্ব্ৰিজৰ আৰু তাৰ ওচৰৰ বাটবোৰত ফুৰা। ঘৰত মুঠেই নাছিলোঁ, কেৱল খাবলৈ আৰু শুবলৈ গৈছিলোঁ। খোৱাটোও কেতিয়াবা কেতিয়াবা [ ৬৫ ] বন্ধুবৰ্গৰ ঘৰ rooms-ত হৈছিল। Patoral play আমাৰ অসমৰ ল’ৰাবিলাকে সুকলমে কৰিব পাৰে। তাত মই Much Ado About Nothing পাষ্টৰেল প্লে চাইছিলোঁ। কেম্ব্ৰিজৰ ছাত্ৰসকলেই কৰিছিল বোধকৰোঁ৷ ইয়াত ছিন-টিনৰ (scene) বিশেষ দৰ্কৰ নাই। সমুখৰ আঁৰ কাপোৰখন হ’লেই হয়। ওপৰত একো নেথাকে। অৱশ্যে ষ্টেজৰ দুইকাষে অলপ আঁৰ থাকে৷ গছ-ফুলেই ছিনৰ কাম কৰে। আমাৰ ভাওনা আৰু ৰঙ্গপ্ৰিয় ডেকাসকলে এবাৰ নাট কৰি পৰীক্ষা কৰি চাব পাৰে।

 কেম্ব্ৰিজৰ বিশেষ বিৱৰণ এই বিলাতৰ কথাতে কেম্ব্ৰিজ শীৰ্ষক এখনি চিঠি লেখিবলৈ আগলৈ ইচ্ছা ৰাখিলোঁ।

 স্কুলৰ এজন মাষ্টৰে মোক সুধিছিল, “Boroah, are you fond of fishing?” মই কৈছিলোঁ যে মই কেতিয়াও মাছ মৰা নাই; কিন্তু এবাৰ মাৰি চালে বেয়া নহয়। “Then come and spend a week with me at Huntingdon. We shall hire a boat, etc.etc.” পাছত ভাবিলোঁ যে এই ছয় সপ্তাহ Summer holidaysৰ এসপ্তাহ তেওঁৰ লগতে কটোৱা ভাল। কেম্ব্ৰিজ এৰি কথামতে হানটিংডনলৈ গ’লো। এই চহৰখনি ‘উজ’(Ouse) নদীৰ ওপৰত। এই নদীখনৰ বিষয়ে কুপাৰ (Cowper)-পাঠী সকলোৱে জানে। Huntingdon-ৰ পাছত Devonshire-ৰ Paington বুলি ঠাই এখনলৈ গৈছিলোঁ। তাৰ পাছত লণ্ডনত দুদিনমান। শেহত Chelmsford। এইবোৰ ঠাইৰ বিষয়ে অহাবাৰলৈ লেখিম।

(২৩)

 সেই মাষ্টৰজনৰ নাম আছিল এই. ডবলিউ. ৰৱেল। চেলেমচ্‌ফৰ্ডত কাম লোৱাৰ আগেয়ে তেওঁ হান্টিংডন স্কুলৰ মাষ্টৰ আছিল। আবেলি গৈ হান্টিংডন পালোঁগৈ। কোনো কোনো ষ্টেশ্যনত বাচ (Bus) থাকে, সেই বাচবোৰ ওচৰ-চুবুৰীয়া ঠাইত মানুহ আৰু অলপ-অচৰপ “লাগেজ” অলপ পইচা দিলে থৈ আহে। তেনে বাচত মোৰ উঠি যোৱা মনত আছে। মোক নিবলৈ মিঃ ৰৱেলে অৱশ্যে মানুহ পঠাইছিল— চাগৈ কৈ দিছিল,“He is an Indian boy.”ইমান বগা মুখৰ মাজত এজন “ইণ্ডিয়ান বয়” বিচাৰি উলিওৱা সেই মানুহ দুটিয়ে একো টান নেপাইছিল।

 মিঃ বডৱেলৰ “লেণ্ডলেডি’'ৰ পুতেকেই কি গিৰিয়েকেই ডাকঘৰৰ পোষ্টম্যান আছিল। ঘৰ-দুৱাৰ বেছ চাফ-চিকুণ। আমাৰ ইয়াত পোষ্টম্যানৰ কথা নকওঁৱেই, বহুতো ভাল মানুহৰো ঘৰত তেনে আচ্‌বাব-পত্ৰ নাই। ‘ইয়াৰ’ বোলাত মই অকল অসমকে কোৱা নাই, মই গোটেই ভাৰতবৰ্ষখনকে ধৰিছোঁ। আমি দুয়ো এটা খোঁটালীত শুইছিলোঁ।। [ ৬৬ ] তেতিয়া দেখিছিলোঁ যে শুবৰ সময়ত আৰু পুৱা উঠিবৰ সময়ত মিঃ ৰড্‌ৱেলে বিছনাৰ ওপৰত আঠুকাঢ়ি বিছনাৰ ওপৰত মূৰ থৈ চকু মুদি ঈশ্বৰৰ নাম লৈহে শুইছিল আৰু ৰাতিপুৱা মুখ-হাত ধুইছিল। বোধকৰোঁ তেওঁ “Our father which art in Heaven” বুলি যে খ্ৰীষ্টীয় সম্প্ৰদায়ৰ প্ৰাৰ্থনা আছিল, তাকে কৈছিল। ১৯০৪ চনত শালকিয়াৰ (হাওৰা) ৩৪ নং গোলাবাড়ী ৰোডত আমাৰ স্বৰ্গীয় ডাক্তৰ গোলাপ বেজবৰুৱাৰ লগত থাকোঁতে তেওঁক এইদৰে প্ৰাৰ্থনা কৰা দেখিছিলোঁ। ডাক্তৰ বেজবৰুৱাই পুৱা আৰু ৰাতি বাইবেল কিতাপৰপৰাও অলপ পঢ়িছিল। বিলাতত সৰু সৰু ল’ৰাক মাকে কিম্বা আন কোনোৱে এইদৰে প্ৰাৰ্থনা কৰাইহে শুবলৈ দিয়ে। ই যে ভাল নিয়ম তাক কোনে নহয় বুলিব? সৰুৰেপৰা ধৰ্ম্মৰ আভাস পালে ডাঙৰ হৈ যেতিয়া ল’ৰা-ছোৱালীবোৰে সংসাৰৰ কামত প্ৰবেশ কৰে, তেতিয়া এই প্ৰাৰ্থনাই অনেক সাহায্য কৰে। ভগৱানৰ নাম লোৱা সকলো দেশৰে, সকলো জাতিৰ সকলো সময়তে এটা ভাল নিয়ম। সৰুৰেপৰা ভগৱানক চিন্তিলে ডাঙৰ হ’লে এই ভগৱানৰ নামে বিপদৰ সময়ত মানুহক সজ বাট দেখুৱাই মনলৈ শান্তি আনে। আৰু এটি কথা— স্কুল-কলেজতো ভগৱানৰ নাম লৈ দৈনিক কাম আৰম্ভ কৰা উচিত। ভগৱান এক, আমি যি নামেৰেই তেওঁক মাতোঁ। খ্ৰীষ্টিয়ান গড যিজন, মুছলমানৰ আল্লা যিজন, আমাৰ ঈশ্বৰৰ সেইজনেই। সেইদেখি ঈশ্বৰৰ নাম য’তে শুনা যায়, ত’তে শুনা ভাল। এই নামৰ দেশ-বিদেশ নাই, সময়- অসময় নাই। সেইদেখিয়েই মই কওঁ যে আমাৰ দেশৰ ল’ৰাবোৰ যেতিয়া বিলাতলৈ যায়, তেতিয়া গিৰ্জ্জালৈ যোৱা উচিত। গিৰ্জ্জালৈ গ’লে ঈশ্বৰৰ নাম লোৱাৰ লগে লগে ভাল মানুহৰপৰা উপদেশ শুনি ভাল কথাৰ লগত ইংৰাজী ভাষাৰ ওপৰতো ভাল অধিকাৰ জন্মিব। এইখিনিতে কোৱা আৱশ্যক, কিয়নো আমাৰ কোনো কোনো মানুহে ভয় খাব পাৰে যে গিৰ্জালৈ গ’লেই খ্ৰীষ্টিয়ান হয় বা হ’ব পাৰে। সেইটো নহয়। এই বিষয়ে আমাৰ অভিভাৱকসকল নিঃসন্দেহে থাকিব পাৰে।

 আৰু এটা কথা এইখিনিতে কওঁ, কিয়নো এতিয়াও বহুতো মানুহৰ এই বিষয়ে অতি শোচনীয় ভুল বিশ্বাস আছে। এই বিশ্বাস আজি-কালিৰ দিনত থকাটো ভাল নহয়। আমাৰ মানুহৰ এটা বিশ্বাস আছে যে বিলাতলৈ গ’লেই গোমাংস ইত্যাদি আমাৰ হিন্দুৰ অভক্ষ্য বস্তু বাধ্য হৈ খাব লাগে। ই একেবাৰেই সঁচা নহয়। বিলাতত আজিকালি বিলাতীৰ ভিতৰতে বহু নিৰামিষাহাৰী মানুহ আছে। লণ্ডনৰ ঠায়ে ঠায়ে নিৰামুহীয়া বস্তু খাবৰ ঠাই আছে। আৰু কোনো কোনো ঠাইত বোৰ্ডিং হাউচতো নিৰামুহীয়া বস্তু খাবলৈ পায়। বোম্বাইৰ ফালৰ মানুহে প্ৰায়ে নিৰামুহীয়া বস্তু খায়। তেওঁলোকৰ কোনো কোনো মানুহক মই নিজে নিৰামুহীয়া খাই দিন যাপন কৰি সুন্দৰমতে পাচ হোৱা দেখিছোঁ। আৰু ব্যাৰিষ্টাৰ হোৱা Inn আৰু Temple-বোৰততা Vegetarian dishes (নিৰামুহীয়া [ ৬৭ ] খাদ্য) পোৱা যায়। Gray's Inn ইয়াৰ নিমিত্তে প্ৰসিদ্ধ। আমাৰ দৰে জুতি থকা আঞ্জা নেপালেও সুন্দৰমতে পেট ভৰাই তৃপ্তিৰে সৈতে খাই লুকাই উগাৰ মাৰিবও পৰা যায়। তাত মানুহৰ আগত উগাৰ মৰাটো অভদ্ৰতাৰ চিন, উগাৰ মৰাটো বেয়া—সেইদেখিহে লুকাই উগাৰ মৰাৰ কথা কৈছোঁ। তাত আমি জলকীয়া, ৰসগোল্লা, লুচি, মচুৰমাহৰ আঞ্জা, চাউলৰতো কথাই নাই ইত্যাদি নানান দেশী বস্তু খাইছোঁ। আলু, কল, সুমথিৰা টেঙা, কবি, চালগোম থকাত তাত মাংসাশী হোৱাৰ একো কাৰণ নাই। গাত তাপ লগাবৰ নিমিত্তেও মাংস খাবৰ দৰ্কাৰ নেদেখোঁ। গাখীৰৰ দোকান প্ৰত্যেক ঠাইতে দুখন- এখন; চাহ, কফি, ককো ঠায়ে ঠায়ে। কোনোবাই যদি যাব খোজে (আৰু মোকো লৈ যায়) মই সুন্দৰমতে নিৰামুহীয়া তৰকাৰী-ভাত খুৱাই ইণ্ডিয়ান চিভিল চাৰ্ভিচ, ব্যাৰিষ্টাৰী, ডাক্তৰী পাচ কৰাই অনাই দিম। যাৰ খাবৰ মন থাকে তেওঁ গোমাংস, শুকৰ মাংস, ভেক মাংস নানান জন্তুৰ মাংস খাই উদৰ পূৰ্ণ কৰিব পাৰে। কিন্তু এইটো কথা বৰ ভুল যে বিলাতলৈ গ'লেই গোমাংস কিম্বা আন অখাদ্য বস্তু খাব লাগে। জাহাজতো নিৰামহীয়া খোৱাৰ সুকীয়াকৈ সুবন্দৱস্ত কৰিব পাৰি। ১৯০০ চনত কেলিডোনিয়া (Caledonia)। জাহাজেৰে এবাৰ বিলাতলৈ যাওঁতে ফাৰ্ষ্টক্লাচত ফৰাক্কাবাদ নে এনে এখন ঠাইৰপৰা প্যাৰিচৰ প্ৰদৰ্শনী চাবলৈ আৰু তাত দোকান কৰি আমাৰ দেশী বস্তু বেচিবলৈ কেজনমান সাউদ গৈছিল। তেওঁলোকে নিজে সুকীয়াকৈ নিজৰ মতেৰে নিজৰ মানুহৰ দ্বাৰাই সুন্দৰৰূপে দেশী বস্তু ৰান্ধি খাই গৈছিল। ১৯০৯ চনত বিলাতৰপৰা উভতি আহোঁতে প্যাৰিচত দোকান থকা এজন জহৰীয়ে কেৱল মাথোন ৰুটী, মাখন, পনিৰ, আঙ্গুৰ, আপেল খাই অহা দেখিছোঁ। তেওঁ প্যাৰিচত কিছুমান চাপাটী ৰুটী কৰি আনিছিল, সেইবোৰ ঢুকাই গ'লত তেওঁ এনেকৈ খাই আহিছিল। তেওঁ তাত নিজৰ বন্দৱস্ত কৰিব পাৰিলেহেঁতেন; কিন্তু তেওঁ কষ্ট স্বীকাৰ কৰি ৰান্ধি খাব নুখুজিছিল। এই মানুহজনে জাহাজত ৰান্ধি দিয়া ভাত পৰ্যন্ত নেখাইছিল। আমাৰ দেশৰপৰা যিমান ল'ৰা বিলাতলৈ যায়, সিমান দেশৰ মঙ্গল। সেইদেখিয়েই মই বহুতো মানুহৰ বিলাতত খোৱা-বোৱা সম্পৰ্কে ভুল বিশ্বাস আছে দেখি ইমান বহলাই এই বিষয়ে লেখিছোঁ।

 হান্টিংডনত এসপ্তাহ আছিলোঁ। চহৰত বেছি একো দেখিবৰ নাই। বাটবোৰ দেখিলে পুৰণি চহৰ বুলি মনত হয়। উজ্‌ (Ouse) নদী একা-বেঁকাই চহৰখনৰ ওচৰেদি গৈছে।। জোনাক ৰাতি গছৰ ছাঁ নৈৰ ওপৰত পৰি নৈৰ শোভা আৰু বঢ়ায়। মিঃ ৰড্‌ৱেল আৰু মই এখন নাও এক সপ্তাহৰ নিমিত্তে কেৰেয়া কৰিছিলোঁ। কিমান দিব লাগিছিল মনত নাই; কিন্তু তেওঁ আধা দিছিল, মই আধা দিছিলোঁ। আমি ৰাতিপুৱা ব্ৰেকফাষ্ট খাই গোটেই পুৱা, প্ৰায় এক-দুইমান বজালৈকে নাৱেৰে ঘূৰি-ফুৰি মাছ মাৰিছিলোঁ। কেতিয়াবা কেতিয়াবা আবেলিও নাৱত ফুৰিছিলোঁ। মই এই সাতদিনৰ ভিতৰতে তিনিটা ৰোচ [ ৬৮ ] (Roach) মাছ মাৰিছিলোঁ। এই মাছবোৰ আমাৰ বাত মাছৰ দৰে। মিঃ ৰড্‌ৱেলে মাজে মাজে ৰাতিও মাছ মাৰিবলৈ গৈছিল; বোধকৰোঁ Bream মাছ ধৰিবৰ নিমিত্তে। সেইকেদিন মাছ সম্পৰ্কে বহুতো কথা শিকিছিলোঁ। আন বহু বিষয়ৰ দৰে ইয়াৰো অনুশীলন নৰখাৰ গতিকে সেইবোৰ কথা পাহৰি গৈছোঁ। ৰাতিপুৱা মাছ মাৰিবৰ নিমিত্তে আবেলি কি ৰাতি ৰুটীৰ গুড়ি কি আন এনেবিধৰ বস্তু (আমাৰ পিঠাগুড়িৰ দৰে) ঠায়ে ঠায়ে পানীত পেলাই থৈ আহিছিলোঁ। বুদ্ধিমান দুঠেঙীয়া মানুহৰ জ্ঞানহীন জন্তুক মাৰিবলৈ ইমান ফন্দি! মোৰ কিন্তু সেই তিনটা ৰোচ্‌ মাছ খাই বৰ ভাল লাগিছিল। নিজৰ উপাৰ্জ্জনৰ বস্তু নহয়! এবাৰ ৰাতি নাৱত ফুৰিবলৈ গৈছিলোঁ। মোক মিঃ ৰড্‌ৱেলে বঠা মাৰিবলৈ শিকাইছিল। তেওঁ গুৰি ধৰিছিল, মই বঠা বাইছিলোঁ। নাওখন বৰ সৰু আছিল। এবাৰ ঠাই সলনি কৰোঁতে নাওখন কাতি হৈ গৈছিল-ভাগ্যক্ৰমে পাৰৰ ওচৰত ঠাই সলনি কৰিছিলোঁ; মোৰ ভৰি দুখন তিতি মাটিত উবুৰি হৈ কোনোমতে সাৰিলোঁ। মাজপানীত ঠাই সলোৱা হ’লে আমাৰ ফালে আইধা হ’লহেঁতেন, বিলাতৰ কথা আৰু লেখা নহ’লহেঁতেন৷ গছৰ ছাঁ পানীত পৰিলে যেনে ভাল লাগিছিল, মোৰ নিমিত্তে ই অলপ বিপদৰো হৈছিল। বঠা বাওঁতে কি গুৰি ধৰোঁতে ছাঁবোৰক দেখি মনত হৈছিল যে মাটিৰ ফালেহে গৈছোঁ। সেইদেখি মাজে মাজে আন নাৱৰ লগত ঠেকা-ঠেকি খাবৰ ভয় আছিল। যি হওক সেইবাৰ বৰশী-টৰশী কিনি খুব মাছমৰা মানুহ হৈ গৈছিলোঁ।

 এজন মাছমৰা মানুহে আন এজনক মিতা বুলি ভাবে। পাইপডোখৰ মুখত লৈ কোনোৱে বা পাৰৰ ওপৰত বহি মহাসুখে পানীত বৰশী পেলাই আছে,—আকৌ কোনোৱে বা আমাৰ দৰে নাৱৰ ওপৰৰপৰা মাছক লোভ দেখুৱাই আছে। এজনে আনজনক সোধে, “Any sport, friend?" "Not much, only a roach or two.” অথবা এনে কোনো উত্তৰ দিয়ে। কোনোৱে আকৌ “Any luck?" "Well, just a pike or two.” এনেবোৰ কথাৰে পৰিশ্ৰম-ক্লান্তি দূৰ কৰা গৈছিল। মাছমৰা মানুহৰ ধৰ্ম্ম হৈছে বেছি কথা নোকোৱা মাছে যদি বেছি শৱদ শুনি পলায়!

 মই আগৈয়েই কৈছোঁ, কৈশোৰ কি যৌৱনত যি কোনো কামেই কৰা যায় সেই কামবোৰ কৰোঁতে যেনে কামৰ সোৱাদ পোৱা যায়, তেনে সোৱাদ বেছি বয়স হলে পোৱা নেযায়। তেতিয়া এনেকৈ মাছমৰাকে বৰ ভাল লাগিছিল।

 এবাৰ মিঃ ৰড্‌ৱেলৰ পুৰণা ছাত্ৰবিলাকেৰে সৈতে ক্ৰীকেট খেলিছিলোঁ; সিও এটা মজা। মোৰ বন্ধুসকলে জানে মই ক্ৰীকেট, ফুটবল কেনে খেলোঁ।

 মিঃ ৰড্‌ৱেলৰ সৈতে St. Neots (স্যেণ্ট নীট্‌চ্‌ উচ্চাৰণ) বুলি ঠাইলৈ দেওবাৰে গৈছিলোঁ। এই ঠাইখনো হান্টিংডন শ্যেয়াত। ৯ মাইল দূৰ। প্ৰথমে গৈ গিৰ্জ্জা এটালৈ গ’লোঁ। তাতে মিঃ ৰড্‌ৱেলৰ পুৰণা বন্ধুৰে সৈতে দেখা হোৱাত তেওঁলোকৰ লগত [ ৬৯ ] খাবলৈ গ’লোঁ। তাত সুন্দৰৰূপে ভোজন কৰি তেওঁলোকৰ বাগিচাৰ গছৰপৰা ফল পাৰি খাই অথবা এনেয়ে ফুৰি আবেলিখিনি কটালোঁ। মোৰ মনত আছে, তেওঁলোকে আহাৰৰ সময়ত কিবা ৰঙাপানী খাইছিল— মোক দিব খোজাত মই নেখাওঁ বুলি ক’লোঁ। মিঃ ৰৱেলে বুজ পাই ক’লে, “This is non-alcoholic” (অৰ্থাৎ ইয়াত মাদকদ্ৰব্য একো নাই।) অলপ খোৱাঁ।” মই অলপ সন্দেহ কৰি খালোঁ— কিন্তু সি সঁচাই non- alcoholic, চৰবতৰ দৰে। যিসকলে ভাবে যে বিলাতলৈ গ’লেই ফটিকা খাব লাগে, সেইসকলে যেন এই বিষয়টো ‘নোট’ কৰে। মই গৌৰৱেৰে সৈতে “We Indians don't drink” বুলি ঘৰৰ ঘৈণী কি জীয়ৰীজনীক কৈছিলোঁ। তেওঁলোকে ক'লে, “Don't be afraid, we have no such thing here, this drink is non-alcoholic” (ভয় নকৰিবা, আমাৰ ইয়াত তেনে বস্তু নাই, এই পানীয়ত মাদকদ্ৰব্য একো নাই।) বিলাতলৈ গ’লে যেনে হিন্দুৰ অভক্ষ্য খাবৰ প্ৰয়োজন নাই, অপেয় পিবৰো সকাম নাই। কিন্তু “আপ্ ৰুচি খানা”— যাৰ ইচ্ছা যায় খাব পাৰে। ইয়াতে থাকি জানো কোনো কোনোৱে অভক্ষ ভোজন আৰু অপেয় পান নকৰে?

 এই মানুহঘৰ বোধকৰোঁ Wesleyan ধৰ্ম্মাৱলম্বী মানুহ। তেওঁলোকে আকৌ সন্ধ্যা- বেলিকা গিৰ্জ্জালৈ গৈছিল। আমিও তেওঁলোকৰপৰা বিদায় লৈ হান্টিংডনমুৱা হ’লোঁ। অলপপৰ গৈ মিঃ ৰৱেলে ক’লে, “এই গাঁওখনৰপৰা আধা মাইলমান দূৰত Bedfordshire আৰম্ভ হয়; ব’লা, সেইখিনি ঠাইলৈ যাওঁ।” মই ক’লোঁ, “ব’লক”। মোৰ বৰ ৰং, একেদিনতে দুটা কাউণ্টি (County) ফুৰিবলৈ পাম। সেই ঠাইডোখৰ ভালকৈ ফুৰি হান্টিংডনমুৱা হ’লোঁ। অলপ গৈ থাকোঁতেই বৰষুণ আৰু ধুমুহাই লগ পালে। এই ৯ মাইল বাট অতিক্ৰম কৰাৰ কথা আৰু কেতিয়াও নেপাহৰোঁ। প্ৰথম ঘণ্টা ৬ মাইলকৈ ঘণ্টাত বেগ দিছিলোঁ। মাজে মাজে লৰিছিলোঁও, ভাগৰ লাগিলে আকৌ খোজ কাঢ়িছিলোঁ। “Borooah, we are walking like Trojans” বুলি মোক মিঃ ৰড্‌ৱেলে উৎসাহ দিছিল। সেইডোখৰ বাট একেবাৰে অন্ত নহয় যেন পালোঁ। পাছত কোনোমত প্ৰকাৰে ঘৰ পালোঁগৈ। গৈয়েই কিবা অলপ খাই, বিচনাত পৰিলোঁগৈ। ভৰিৰ কি বিষ! তাৰ পাছদিনাও বোধকৰোঁ বিচনাৰপৰা বহুত পৰ উঠা নাছিলোঁ।বৰষুণত তিতাৰ নিমিত্তে পানীও লাগিছিল। দৰব-পাতি মিঃ ৰড্‌ৱেলে দিছিল। সেই ৯ মাইল বাট খোজকাটি আহিও মিঃ ৰড্‌ৱেল ৰাতি টোপনি খতি কৰি মাছ মাৰিবলৈ গ'ল। মাছমৰা বিদ্যাৰ কি শক্তি !

 পুৱা যাবৰ সময়ত ৰেলেৰে গৈছিলোঁ। ইমান দূৰ খোজকঢ়া মোৰ এয়ে প্ৰথম; আৰু কি বেগ দিছিলোঁ—“I have walked at the rate of six miles an hour” এই কথা অহঙ্কাৰ কৰি কিমান দিন যে কৈছিলোঁ! এবাৰ দেউতা আৰু ডাঙৰ ককাইদেউ [ ৭০ ] স্বৰ্গীয় কৰুণাভিৰাম বৰুৱাৰ লগত কলিকতাৰ পৰা নগাঁৱলৈ যাওঁতে মনৰ ৰঙত (নগাওঁ দেখিম বুলি) পুৰণিগুদাম এৰি যোৱাৰ পাছত নগাঁৱলৈ খোজকাঢ়ি গৈছিলোঁ— তেতিয়া ৫/৬ মাইলমান খোজ কাঢ়িছিলোঁ— কিন্তু লাহে লাহে যোৱাত সিমান ভাগৰ লগা নাছিল। এই St. Neots-ৰপৰা Huntingdon - লৈ খোজকঢ়াৰ কথা ইমানদিন হ’ল মনত আছে আৰু জীয়াই থকালৈকেও থাকিব।

 কোনো কোনোৱে সোধে, “Mr. Borooah, আপোনাৰ বিলাতৰ কথা কেতিয়া শেহ হ’ব?” কি ভাবি সোধে, ক'ব নোৱাৰোঁ। মই কওঁ, “যিমান পাৰোঁ লেখি থাকিম, কেতিয়া শেহ হয় ক'ব নোৱাৰোঁ”। কোনোৱে আকৌ মাজতে বিলাতৰ কথা বন্ধ হওঁতে সুধিছিল, “আপুনি আকৌ বিলাতৰ কথা নেলেখে কিয়? সঁচাসঁচিকৈয়ে পঢ়ি ভাল লাগিছিল।” সি বাৰু যি হওক, মোৰ হ’লে এই কথাবোৰ লেখি থাকিবলৈ বৰ ভাল লাগে। অতীত আটাইৰে ভাল লাগে। মোৰো কেতিয়াবা কেতিয়াবা অতীতত বাস কৰি তাৰ সোৱাদ ল'বৰ ইচ্ছা যায়, সেইদেখিয়েই এই বিলাতৰ কথাৰ আবিৰ্ভাৱ আজিলৈ বিদায় লওঁ।

(২৪)

 হান্টিংডন এৰি লণ্ডনত সুৰেন হালদাৰৰ লগত দুদিনমান থাকি ডেভনশ্যায়াৰৰ পেইণ্টন (Painton) বুলি এখন ঠাইলৈ গ'লোঁ। মিঃ হালদাৰ ৮২নং লেদাৰউড ৰোড ৱেষ্টকেন্সিংটন পাৰ্কত মিঃ ৰিচাৰ্ডচ বুলি এজন ‘কোচ’ৰ (Coach) লগত আছিল। এই ‘কোচ’ৰ লগত ময়ো এবছৰমান আছিলোঁ। লণ্ডনত দুদিন থাকি ৰংমনেৰে পেইণ্টনমুৱা হলোঁ।

 পেইণ্টন গ্ৰেট ৱেষ্টাৰ্ণ ৰেলৰ এটা ষ্টেশ্যন। টৰ্কী (Torquay) বুলি এখন প্ৰসিদ্ধ সমুদ্ৰতীৰৰ ঠাইৰপৰা চাৰিমাইল। পেইণ্টনো সমুদ্ৰৰ তীৰত। এই Torquayৰ ওচৰৰ সমুদ্ৰক Torbay বুলি কয়। এই Torbay-তে William of Orange আহিনামে। ইংলণ্ডৰ বুৰঞ্জী পঢ়া সকলোৱে এই বিষয়ে জানে। এই বিষয়ে সৰহ নক'লেও হ'ব।

 প্যাডিংটন (Paddington) ষ্টেশ্যনত মোক থ’বৰ নিমিত্তে মিঃ হালদাৰ আৰু মিঃ সুকুমাৰ সেন আহিছিল। আমি বঙলাৰে কথা কৈছিলোঁ। গুপুত (Private) কথা ক’বৰ হ'লে বিলাতত আমাৰ ভাৰতবৰ্ষীয় ভাষাৰে কথা হোৱাই ভাল। গাড়ী খুলি যোৱাৰ পাছত এজন মানুহে ক'লে, “বেঙ্গলত এনে ভাল দৃশ্য আছে নে?” মই কি ক'লোঁ মনত নাই। নিশ্চয় আছে বুলিয়েই কৈছিলোঁ। মই ক'লোঁ যে মোৰ ঘৰ আসাম দেশত ইত্যাদি। [ ৭১ ] সেই মানুহটিয়ে ক'লে যে তেওঁ “বাজাৱালা”, তেওঁৰ কলিকতাত দোকান আছে, নাম “বেভেন্”। তেওঁক দেখি ভাল লাগিল। আমি দুয়ো হিন্দুস্থানী, বঙলা, ইংৰাজী কৈ মহাসুখে যাব ধৰিলোঁ। তেওঁৰ ল'ৰাবোৰৰ আমাৰ দেশত জনম। তাত বিলাতী চাকৰ- বাকৰ দেখি সিহঁত আচৰিত হৈছিল। আৰু বোলে কৈছিল, বাপেকে মোক ৰেলত ক’লে যে “Father, why do gentlemen do all the work here?” মিঃ বেভেন্ ব্ৰিষ্টলত নামিল। ব্ৰিষ্টল ষ্টেশ্যনত গাড়ী সোমাবৰ সময়ত লাহে লাহে গৈছিল। ৰেলৰ বাটৰ ওচৰত আহি যেনেকৈ আমাৰ দেশৰ ল'ৰাবোৰে চলি থকা ৰেল চায়হি, বিলাততো চায়। কেটামান দুখীয়া ল'ৰাই (জোতা-মোজা নিপিন্ধা) থিয় দি চাই আছিল আৰু হাঁহি হাঁহি পইচাও খুজিছিল। পাছত মিঃ বেভেন ক'লে, “এই কথা যেন তোমাৰ দেশত নোকোৱা।” মই হলে ইংলণ্ডত শুদা ভৰিৰে থকা ল'ৰা এই ব্ৰিষ্টলত যি দেখিছিলোঁ, আৰু আন ঠাইত দেখা নাই। স্কটলণ্ডৰ এডিনবৰাতো দেখিছিলোঁ, আৰু দেখা নাই। দুখীয়া মানুহ কোন দেশত নাই?

 প্যাডিংটনৰ (Paddington)পৰা গাড়ী গৈ Swindon বুলি এখন ঠাইত ৰ'লগৈ। তাত Bun বৰ ভাল পোৱা যায়। ইয়াত ৩।।০ চিলিং দিলে এটা Luncheon (Tiffin) Basket পায়। মই সেই Basket লোৱা নাছিলোঁ, কিয়নো পাবলগীয়া ঠাই পাঁচ-ছয় বজাত পামগৈ। আৰু এজন যাত্ৰীয়ে তেনে এটা বাকচ ল’লে। খাই-বৈ পাছত মোৰ পিনে চাই ক'লে, “Will you have a little claret?” মই ক'লো যে মই এইবোৰ বস্তু খোৱাও নাই আৰু নেখাওঁও। তেওঁ টেকেলিত সেইখিনি ভৱিষ্যতৰ নিমিত্তে থৈ দিলে। মই বিলাতত তামোল নেপাই চোফাৰি, মচলা ইত্যাদিকে চোবাইছিলোঁ। তাকে সেই মানুহজনক দিলোঁ , তেওঁ চোবাই চাই ক’লে “There seems to be no taste at all.” পাছত ক'লে, “It taste like wood.” অলপপৰ চোবাই পেলাই দিলে। এওঁৰে সৈতে বেছ চিনাকি হ’ল। মিঃ বেভেনৰ সৈতে বিষ্টললৈকে কথাবাৰ্ত্তা পাতি গৈছিলোঁ। ব্ৰিষ্টলৰপৰা এই ভদ্ৰলোকৰ সৈতে ৰং মনেৰে কথা পাতি গৈছিলোঁ। মোৰ কিবা এটা উচ্চাৰণ ভুল হওঁতে তেওঁ ভদ্ৰভাৱে সংশোধন কৰি দিলে।

 ভালকৈ ভাষা শিকিবলৈ হ'লে সেই সেই ভাষাৰে কথা কোৱা মানুহে কেনেকৈ কয় তাক মনোেযোগেৰে চাব লাগে। আমাৰ ভাষাবিলাকত accent নাই। এই accent ইংৰাজী ভাষাত সশৰীৰে বৰ্ত্তমান, আৰু বোধকৰোঁ হিন্দী-উৰ্দ্দু ভাষাতো আছে। যি যি ভাষাতে accent ৰ ব্যৱহাৰ, সেই সেই ভাষা কোৱা মানুহৰ গাতো বল দেখিবলৈ পোৱা যায়। ইংৰাজী ভাষাত ভুল ঠাইত accent দিলে ইংৰাজী কথা বুজ নেপায়। এটা বৰ হাঁহিৰ কথা হৈছিল। মোৰ এজন বন্ধুৱে এদিন Westbourne Grove-ৰ এখন কিতাপ বেচা দোকানলৈ গৈ Atlas এখন কিনিব খুজিছিল। তেওঁ Atlas কথাটোৰ শেহৰ Syllable[ ৭২ ] ত accent দি Atlas-খন খুজিছিল। মানুহজনীয়ে (বিলাতত তিৰুতা মানুহেও বস্তু বেচে) দুই-তিনিবাৰ কোৱাতো বুজি নেপালে। পাছত Map বুলি কোৱাতহে বুজি পালে আৰু ক'লে, “অ’ আপোনাক Atlas লাগে?” (প্ৰথম Syllable ত accent দি।) আৰু এজন দক্ষিণ দেশৰ মানুহে এটি ৰেষ্টঁৰ (Restaurant)-ত খাবলৈ যোৱাত এখন তপত কৰি থোৱা থাল খুজিছিল। সেই দেশৰ মানুহে (কোনো কোনোৱে) মাদ্ৰাচী accent দি ইংৰাজীতে কথা কয়। তেওঁ ক'লে,“Waiter, bring me a hottopilate” (Hot plate) পাছত ৱেইটাৰ ককায়ে বুজাত টান পালে। এজনে বুজাই দিয়াতহে গৰম থাল এখন আনি দিলে। আৰু এজন মানুহে এদিন Calthorpe Street বুলি এটা বাটলৈ যাবৰ মন কৰি এখন হ্যান্সম্ ক্যাব লয়। গাৰোৱানক কোৱাত সি বুজ নেপালে। পাছত মোক ক'লে, “আৰে ভায়া,বত্‌লা দেও।” ডিক্সনেৰী চাই accent শিকাতকৈ ইংৰাজে কেনেকৈ কথা কয় তাক চাই শিকিলে উজুকৈ শিকা যায়। অৱশ্যে এটা কথা কওঁ— মানুহে কোনো বিদেশী ভাষা সহজে শিকিব নোৱাৰে আৰু শিকিলেও আমাৰ যিবোৰ Provin- cialism আছে সেইবোৰ সহজে নেযায়। আৰু য়ুৰোপীয়সকলেও আমাৰ ভাষা কোৱাত সেই সেই দেশৰ Provincialism ওলাই যায়। যিমান দূৰ পৰা যায় যি ভাষা কোৱা যায়, —আমাৰ মাতৃভাষাতেই হওক কি আন কোনো ভাষাই হওক, — শুদ্ধকৈ ক’বলৈ চেষ্টা কৰা ভাল। আমাৰ দেশৰ মানুহে বঙলা ক'লে যেনেকৈ আচৰিত আচৰিত মাত মাতে, তেনেকৈ বঙ্গদেশৰ মানুহেও অসমীয়া ক’লে আচৰিত আচৰিত মাত মাতে। উদাহৰণৰ একো দৰ্কাৰ নাই।

 Swindon-ৰপৰা ৰেল গৈ ব্ৰিষ্টলত ৰ'লগৈ। এই ব্ৰিষ্টলত ভাৰতৰ এজন মহাপুৰুষে ২৭ চেপ্তেম্বৰ তাৰিখে আজি ৮৪ বছৰ আগেয়ে দেহত্যাগ কৰে। তেওঁৰ নাম ৰাজা ৰামমোহন ৰায়। ভাৰতলৈ নতুন ভাব এই মহাপুৰুষে আনে। এই নতুন ভাব আমাৰ পুৰণা শাস্ত্ৰৰপৰাই তেওঁ মানুহৰ আগত দাঙি ধৰে। তেওঁ যি কথা কৈছিল, আমাৰ শাস্ত্ৰতে সেইসকল কথা আছিল; কিন্তু মহাপুৰুষ, পথপ্ৰদৰ্শক নহলে কোনো কথা ভালমতেৰে বোধগম্য নহয়। তেওঁৰ মৈদাম ব্ৰিষ্টলৰ Arnos Vale Cemetory. স্বৰ্গীয় দ্বাৰকানাথ ঠাকুৰে (এৱোঁ ইংলণ্ডত দেহত্যাগ কৰে) এই মৈদামৰ সংস্কাৰ কৰায়। মই মৈদাম চাবলৈ ১৯০০ চনত গৈছিলোঁ। এইবাৰ যোৱা নাই।।

 তাৰ পাছত Exeter (এটাৰ অথবা এক্‌চিটাৰ)। ইয়াত এটা বৰ ডাঙৰ গিৰ্জ্জা ৷ আছে। ডেচনশ্যায়াৰ প্ৰধান চহৰ। গৈ গৈ Dawlish বুলি এখন ঠাই পালোঁ। এই ঠাইখন সমুদ্ৰৰ দাঁতিত। ষ্টেশ্যনৰপৰা সমুদ্ৰ দেখা যায়। জাহাজ এৰি লণ্ডন পোৱাৰ পাছত এই প্ৰথম সমুদ্ৰ দেখিলোঁ। আবেলি এই Dawlish ষ্টেশ্যনত সূৰ্য্য ৰশ্মি পৰি ষ্টেশ্যন দেখিবলৈ ভাল লাগিছিল। আকৌ তাৰ ওচৰতে সমুদ্ৰৰ পানীয়ে জক্‌মক্‌ কৰি মন শীতল কৰি [ ৭৩ ] দিছিল। এই ষ্টেশ্যনটি ডেভনশ্যায়াৰত। তাৰপাছত টন্‌টন্‌, নিউটন্, এবট্, টৰ্কী এৰি পেইন্টন্ পালোঁগৈ। টন্‌টন্‌ ঐতিহাসিক ঠাই। ডিউক অব্ মন্মথে (Monmouth) এই টন্‌টন্‌ত ইংলণ্ডত হোৱা শেহ যুদ্ধ স্বেজ্‌মূৰৰ যুদ্ধৰ আয়োজন কৰিছিল।

 পেইন্টন পাই ষ্টেশ্যনত নামি ব্ৰেক-ভ্যানত চাওঁ যে মোৰ বাকচ অহা নাই। সেই বাকচটিতে মোৰ সকলো সম্পত্তি আছিল। মই ষ্টেশ্যনত ইয়াক সোধোঁ, তাক সোধোঁ, বাকচ নাই। পাছত ষ্টেশ্যনমাষ্টৰে মোক সুধিলে, বাকচত নাম আছিল নে নাই। মই ক’লো যে নাম নাই। তেতিয়া সি হাঁহি ক'লে, “Just fancy, a gentleman like you travelling without your name on your portmanteau.”মুখৰ ফালে চাই দেখিলোঁ সি ঠাট্টা কৰা নাই, নাম আৰু ঠিকনা লেখি যাবলৈ ক'লে—বাকচ পালে পঠাই দিবৰ নিমিত্তে। বাকচটো আৰু এখন গাড়ীত এক ঘণ্টামান পাছত আহিল। বাকচ পাই শান্ত হলোঁ।

 ষ্টেশ্যনত যি ঘৰত থাকিমগৈ সেই ঘৰৰ গৰাকী বুঢ়া মিঃ মিচেলমোৰ থিয় দি আছিল। তেওঁক এজন ভদ্ৰ খেতিয়ক (Gentleman famer) বুলিব পাৰি, খেতি কৰি অঁতাই তেতিয়া বহি আছিল। Gentleman famer কথাটো ওখ খাপৰ, এওঁ একেবাৰেই ওখ খাপৰ নহ'লেও ভাল ভদ্ৰ মানুহ আছিল। অতি ডাঙৰ মানুহে কি ডাঙৰ বংশৰ মানুহে খেতি কৰিলে Gentleman famer কোৱা হয়। তেওঁ একেবাৰেই আচল বুঢ়া ইংৰাজ। তেওঁৰ সৈতে তেওঁৰ ঘৰ Whitstone House-লৈ গ'লোঁ। তেওঁৰ Devonshire accent খুব আছিল—‘r’-বোৰক ঘূৰাই কথা কৈছিল, কিন্তু আকৌ Yorkshire-ৰ ‘r’ ঘূৰোৱা আৰু একৰকম। তেওঁ বৰ ভাল মানুহ আছিল, তেওঁৰে সৈতে কিমান ধেমালি কৰিছিলোঁ, ড্ৰাফ্‌ট (draught) খেলিছিলোঁ। এওঁ ঘৰলৈ গৈ দেখোঁ যে আৰু এজন ভাৰতবৰ্ষীয় তাত আছিল। তেওঁ মোৰে দৰে কলেজৰ বন্ধত যোৱা। তেওঁ পাৰ্চী, নাম মিঃ হৰমাচজী জেহাৰ্গীৰ ভাভা। মহীশূৰৰ ডিৰেক্টৰ অব পাবলিক ইনষ্ট্ৰাক্সনৰ পুতেক। এইঘৰৰ পৰিবাৰৰ বিষয় অহাবাৰত কম। লাহে লাহে আৰু দুজন ভাৰতবৰ্ষীয় কিছুদিনৰ নিমিত্তে গোট খালোঁগৈ৷ এজন মিঃ সুকুমাৰ সেন আৰু সিজন কৰ্ণেল (তেতিয়া মেজৰ) এন. পি. সিংহ। এওঁ ছুটি লৈ বিলাতলৈ গৈছিল।

(২৫)

 মিষ্টাৰ মিচেলমোৰৰ বয়স প্ৰায় ৬৫/ ৭০ বছৰমান কি তাতকৈও বেছি আছিল। কিন্তু তেওঁ খোজকঢ়াত বৰ পটু আছিল। তেওঁৰে সৈতে খোজকাঢ়ি তেওঁলোকৰ ঘৰ [ ৭৪ ] Whitstone House-লৈ গ'লোঁ। বাকচটো পাছত এটা কুলীয়ে (Porter) এখন সৰু গাড়ী (Wheel barrow)-ত কৰি ঘৰলৈ লৈ গ'ল। তাত ছপেনী কি এক চিলিং দিছিলোঁ। ৰেলৰ ষ্টেশ্যনৰ কুলীবিলাকক Porter কয়। যিমান বেছি লাগেজ (Luggage), তিমান বেছি পইচা দিব লাগে। মই তাৰ গাৰ্ডবোৰক দুপেনী, চাৰি পেনী বক্‌শ্বিস দিছোঁ; কিন্তু আমাৰ এই দেশৰ ফিৰিঙ্গি কি য়ুৰোপীয় গাৰ্ডবোৰক দুঅনা, চাৰি অনা বক্‌শ্বিস দিলে সিহঁতে চাগৈ ফিৰিয়েই নেচাব। তাৰ গাৰ্ডবোৰে নিজক ‘গাৰ্ড’ বুলি জানে। ইয়াৰ তেনে অৱস্থাৰ মানুহবিলাকে নিজৰ অৱস্থাতকৈ বহুত ডাঙৰ ভাবে। ‘পাছ’ পাই ইয়াৰ ৰেলৰ য়ুৰোপীয় কি ফিৰিঙ্গি কৰ্মচাৰীয়ে দ্বিতীয় শ্ৰেণীৰ তলত নুফুৰে। হাওৰাৰপৰা কৗেশ্বিলিলৈ (Kasauli) ১৯১৫ চনত আৰু সিদিনা স্বিমলালৈ (Simla,১৯১৭ খ্ৰী) যাওঁতে দেখিলোঁ যে গাৰ্ডটি আমাৰ গাড়ীত দ্বিতীয় শ্ৰেণীত বেছ “মজাসে” সুন্দৰৰূপে শুই-পৰি গ'ল, কেৱল মাথোন ষ্টেশ্যন পাওঁতেহে নামি চাকি দেখুৱাইছিল। এনে কথা বিলাতৰ এখন ৰেলত কেতিয়াও হ’ব নোৱাৰিলেহেঁতেন।

 Whitstone House পাই আমাৰ দেশী মিঃ ভাভাক দেখিলোঁ। মিচেলমোৰ পৰিয়ালৰ এইকেইজনক দেখিলোঁ— মিচেচ্‌ মিচেলমোেৰ; বয়স ষাঠিমান, প্ৰফুল্ল মুখ, মূৰত সদায় টুপী (আমাৰ ৰাতিপুৱাৰ নামযোগ্যা মহাৰাণী ভিক্টোৰিয়াৰ ছবিত বগা টুপী পিন্ধি থকা দেখা যায়, তেনে টুপী); চুলিবগা, মাজে মাজে ক’লা। তেওঁলোকৰ এইকেজনী ছোৱালী—এমি বয়স ৩০/৩৫; কেট, বয়স ২০/২২; উইনী, বয়স ১৫/১৬ বছৰ। তেওঁলোকৰ লগত এজনা সম্পৰ্কীয় আদহীয়া মহিলা থকাও মনত পৰে। মই যিখিনি সময়ৰ কথা লেখিব লাগিছো (১৮৯৬ খ্ৰীঃ) তেতিয়া পেইন্টন হ’ব ধৰিছেহে, অৰ্থাৎ ডাঙৰ চহৰ হ'ব ধৰিছিল।

 তাত সেইকেইদিন বৰ আনন্দে কটাইছিলোঁ। আমি ভাৰতবৰ্ষীয় চাৰিজন আছিলোঁ। মেজৰ সিং পাছত গৈছিল। মেজৰ এন. পি. সিংহ (পাছত কৰ্ণেল, লৰ্ড সিংহৰ ভায়েক), মিঃ ভাভা, মিঃ সুকুমাৰ সেন আৰু মই। মেজৰ সিংহক মিছ ম্যানিঙৰ ঘৰত দুবাৰ- এবাৰ দেখিছিলোঁ। মিঃ ভাভাক সেয়েই প্ৰথম দেখা।

 তালৈকে কেদিনমানৰ নিমিত্তে “Merry-go-round”. (কাঠৰ ঘোঁৰা ইত্যাদিৰ ওপৰত উঠি বাজনাৰ লগে লগে ঘূৰা, কলিকতাত এইবোৰ দেখা যায়। সিদিনা গুৱাহাটীতো দুখীয়াৰ দুখী অৱস্থাৰে এডুখৰি ওলাইছিল। অৱশ্যে চলাওঁতা অসমীয়া নহয়।) তাত যে ইমান উঠিছিলোঁ, আমাৰ Whitstone Houseৰ মানুহসকলকো ঘূৰাইছিলোঁ। কি ফুৰ্তি!! তেনে মনৰ আনন্দ এতিয়া কেতিয়াও নহয়। ঘৰলৈ আহি দেখিলোঁ— কেৱল ঘূৰাতেই আৰু ই-সি অলপ অচৰপ কিনোতেই দহ চিলিং খৰচ হৈ গল। আনন্দ খন্তেকৰ নিমিত্তে মাথোন অলপ মলিন হ’ল। [ ৭৫ ] আৰু এদিন আমি কেউজনে Torquary (টৰ্কী) - লৈ জাহাজেৰে গৈছিলোঁ। সেইদিনা ১৮৯৬ চনৰ ৩ ছেপ্টেম্বৰ। ঠিক এবছৰ আগেয়ে কলিকতা এৰিছিলোঁ। নগৰখন ঘূৰি চালোঁ। পেইণ্টনৰপৰা ৫/৬ মাইলমান দূৰ। এইখিনিতে William of Cevange, William II হ’বৰ নিমিত্তে হলেণ্ডৰপৰা আহি জাহাজৰপৰা নামে। এইডোখৰ সমুদ্ৰৰ নাম Torbay।(তাৰ পাছত বহুত বাৰ পেইণ্টনৰপৰা টৰ্কীলৈ গৈছোঁ।) আমি আটায়ে নিজৰ খৰচ দিছিলোঁ। তাৰ পাছত Major Sinha-ই এটা ৰেষ্টৰঁত (Restaurant) আমাক চাহ খুৱালে।

 দুদিন কি এদিন পাছত ‘পিক্‌নিক্‌’ (Black-berrying) কৰিবলৈ এমাইল কি দুমাইলমান গৈ এখন পথাৰত ‘Black-berrying' গছৰপৰা তুলিছিলোঁ৷ লগত চাহৰ বন্দৱস্তই আছিল। মিচেলমোৰ পৰিয়ালৰ ছোৱালীবোৰ আৰু তেওঁলোকৰ চিনা-জনা আৰু দুই-তিনিটামান ল'ৰা-ছোৱালী গৈছিল। সেই দিনাও কি আনন্দ। এজনে সাঁথৰ (Riddle, Conundrum) সোধে, আন জনে উত্তৰ দিয়ে; কোনোৱে বা দৌৰাদৌৰি কৰে; কোনোৱে গপ্ পাতে; কোনোৱে আকৌ মনৰ সুখতে, মনৰ ৰহতে এনেয়ে হাঁহে। আনন্দৰ নিজৰা! ল’ৰাকাল সঁচাকৈয়ে কি সুন্দৰ!!

 মই স্কুলত দুবাৰ-এবাৰ বাইস্‌কিলত উঠিবলৈ চেষ্টা কৰিছিলোঁ। মিচ্ ম্যানিঙে মোক মৰম কৰি এখন বাইস্‌কিল (Bicycle) উপহাৰ দিছিল। তাৰ পাছত খুব উঠিছিলোঁ। পেইন্টনতে চাবলৈ গ'লে বাইস্‌কিল (Bicycle) উঠাৰ হাতত ফলি ল'লোঁ। মিঃ ভাভাই শিকাইছিল। তাৰ পাছত অকাই-পকাই যোৱাৰ ষ্টেজ’ পাবৰ হওতে ভাভাই ক'লে যে মই এতিয়া বাইস্‌কিলত উঠিব পৰা হ'লোঁ। কিন্তু মোৰ মনে আনৰকম কৈছিল; পাছত এদিন আবেলি ঠিক হ’ল যে মি মিচেলমোৰ, ভাভা আৰু মই বাইস্‌কিলত উঠি ফুৰিবলৈ যাম। মোৰতো তাত এখন বাইস্‌কিল নাছিল, পাছত এখন কেৰেয়া কৰিলোঁ। সেই ঠাইডোখৰ অলপ up-hill আছিল, যেনে – গুৱাহাটীৰ শুক্ৰেশ্বৰৰ বাটখিনি। আপ- হিল উঠাটো টান। সেইদেখি দুই-তিনিবাৰ চেষ্টা কৰি বিফল মনোৰথ হ'লোঁ। ভাভাই ক'লে—এবাৰ এইখিনিতে উঠি ষ্টেশ্যনৰ ফাললৈ যোৱাৰ পাছত এবাৰ উঠিব পাৰিলে আৰু একো ভয় নাই। যিডোখৰৰপৰা মোক ভাভাই উঠিবলৈ ক'লে সেইডোখৰেই ওখ বাটৰ মূৰ; তাৰপৰা তললৈ যোৱা একো টান নহয় (down hill); উঠিলোঁ। উঠি পেডেলত (Pedal, বহুতে ইয়াক Paddle — প্যাডেল উচ্চাৰণ কৰে, সেইটো ভুল; কিন্তু যদি কাৰোবাক ভুল শুধৰাবলৈ যাওঁ, নুবুজে, ভাবে —মই ধেমালিহে কৰিছোঁ। “Paddle - হে শুধ, Pedal ভুল—আপুনি আমাক ভুল শিকাইছে!!!) ভৰি দিওঁতেই গাড়ী আৰু ৰখাব নোৱাৰা হ'লোঁ। গাড়ী উৰি গ'ল। ভাভাই বাটত থিয় দি চাই আছিল আৰু চিঞৰি বহুতবাৰ কৈছিল, “Jam the brake”—“জেম দি ব্ৰেক!”মই ব্ৰেক ক'ত [ ৭৬ ] তাকে নেজানো। মই ভাভাক চিঞৰি মোৰ অৱস্থাৰ কথা ক'লোঁ। তলতে ৰেলৰ লাইন, “ক্ৰছিং” (Crossing, যেনে গুৱাহাটীৰ বাটবোৰত দেখা যায়), ভাগ্যক্ৰমে “গেইট”খন বন্ধ আছিল। বাইস্‌কিল অলপ ঘূৰাই লৈ এখন দেৱালত খুন্দা খুৱালোঁগৈ৷ ভগৱানৰ ইচ্ছাত মোৰ একো নহ’ল, কিন্তু গাড়ীখনৰ অলপ জখম হৈছিল। কোনোবাই সোধা মনত নাই, সুধিছিল হ’বলা, “Did you break the wall, sir?”মই আৰু সিদিনা ফুৰিবলৈ নগ'লোঁ। লাহেকৈ দোকানখনত গাড়ীখন ওভোতাই দিলোঁ। দোকানদাৰে সকলো দেখিলে হ’বলা—“Well sir, not going for a ride?” মই অপ্ৰস্তুত হাঁহি হাঁহি কি অলপ বেপৰোৱা হাঁহি হাঁহি কি তাৰ মাজখাপৰ হাঁহি হাঁহি ক'লোঁ যে “I have changed my mind. I won't go for a ride this afternoon.” দোকানদাৰে চাই-চিন্তি ক'লে, “I shall have to send you a bill for the damage, sir.” মই হাঁহি উৰাই দি “Good afternoon” কৈ গুচি আহিলোঁ। পাছত সাত চিলিং ছয় পেনীৰ বিল আহিছিল৷ কিমান দিছিলোঁ মনত নাই, আটাইখিনি নিশ্চয়।

 এদিন এটা পুৰণা Castle (খ্ৰীষ্ট্ৰীয় ত্ৰয়োদশ শতাব্দীৰ বোধকৰোঁ) খোজকাঢ়ি চাবলৈ গৈছিলোঁ। ৫/৬ মাইলমান দূৰৈত। সেই প্ৰাসাদ এতিয়া ভগ্নাৱস্থাত। তাত চাগৈ কিমান প্ৰণয়, কিমান হত্যা ইত্যাদি সাংসাৰিক কাহিনী ঘটিত হৈছিল। হত্যা কৈছোঁ— কিয়নো কিতাপ-চিতাপৰ হত্যা, অত্যাচাৰ, প্ৰেম—এইবোৰ পুৰণা প্ৰাসাদৰ বিষয়ে পঢ়িলে পোৱা যায়। গাঁৱৰ সৰু সৰু ল'ৰা-ছোৱালীবোৰে পইচা খুজিবলৈ লৰি আহিছিল। আমাক ভাৰবৰ্ষীয় দেখি খুব ডাঙৰ মানুহ বুলি ভাবিছিল। সেইদেখি ছোৱালীবোৰে (কামাখ্যাৰ কুমাৰীহঁতৰ দৰে ডাঙৰ) “Good morning”-ৰ লগত আঁঠু অলপ দোঁৱাই Curtesy কৰিছিল। আমি দুটা-এটা পেনী নিশ্চয় দিছিলোঁ।Castle-Caretaker-কো (চৌকিদাৰ) অলপ পইচা দিছিলোঁ। টকাই সকলো বাট সহজ কৰি দিয়ে; কিন্তু টকাৰ মৰম কেইজনে বুজোঁহঁক?

 
[ ৭৭ ] [ ৭৮ ]
বিলাতৰ চিঠিৰ পাতনি


শ্ৰীশ্ৰীশঃ

 স্বৰ্গীয় লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ ‘বাঁহী’লৈ বিলাতৰপৰা বিলাতৰ বিষয়ে দুখনমান চিঠি পঠিয়াইছিলোঁ – ১৯০৯ খ্ৰীষ্টাব্দত। নিজৰ দেশ ভাৰতবৰ্ষ পালোঁহি আহি বছৰৰ সামৰণিৰ সময়ত। দুখনমান চিঠিৰ পাছৰ চিঠিবিলাক মোৰ ভাৰততে লেখা। এই লেখাবোৰ ১৯০৯ খ্ৰীষ্টাব্দৰপৰা ১৯১৮ লৈকে বাঁহীত মাজে মাজে ওলাইছিল। এই কিতাপখনিৰ নাম ‘বিলাতৰ চিঠি আৰু কথা’ দিম বুলি ভাবিছিলোঁ। কিন্তু আজিকালি মানুহৰ সময় বৰ কম। সকলো কামকে সংক্ষেপে সমাধা কৰিব খোজে। সেইদেখি কিতাপখনিৰ নাম ‘বিলাতৰ চিঠি’ থ’লো।।

 এই চিঠিবিলাক স্বৰ্গীয় লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ মৰমৰ ‘বাঁহী’ৰপৰা উদ্ধাৰ কৰা হৈছে। এই উদ্ধাৰৰ বিষয়ত দুজন ডেকাই মোক বহুত সহায় কৰিছে। এই দুজন ডেকাৰ সহায় নোপোৱা হ'লে মোৰ চিঠি আৰু কথাবোৰ কিতাপৰ আকাৰেৰে উলিয়াব নোৱাৰিলোঁহেঁতেন। প্ৰথম ডেকাটি হৈছে শ্ৰীযুত লোকনাথ বৰুৱা, কটন কলেজৰ প্ৰথম বাৰ্ষিক শ্ৰেণীৰ ছাত্ৰ — শ্বিলঙৰ স্বৰ্গীয় শিক্ষক জনপ্ৰিয় ভোলানাথ বৰুৱাৰ পুত্ৰ। ‘অভিৰাম’ৰ অতি ওচৰতে থাকে। আৰু দ্বিতীয় ডেকাটি হৈছে ব্যাসকুছিৰ শ্ৰীমান দীনবন্ধু তালুকদাৰ। এৱোঁ কটন কলেজৰে প্ৰথম বাৰ্ষিক শ্ৰেণীৰ ছাত্ৰ। এই ডেকাটিয়ে মোক বহুত সাহায্য কৰিছে, এই কিতাপ সম্পৰ্কত।শ্ৰীমান দীনবন্ধুৰ সৈতে চিনাকি নোহোৱা হ’লে এই কিতাপখনিয়ে ইমান সোনকালে আমাৰ এই সুন্দৰ পৃথিৱীৰ পোহৰ নেদেখিলেহেঁতেন।।

 ছপাখানালৈ অহা-যোৱা কৰা, ছপাখানাৰ গৰাকীসকলৰ সৈতে কথা কোৱা, তেওঁলোকৰ কথা শুনা, ইত্যাদি বিষয়ে শ্ৰীমান দীনবন্ধুৱে মোৰ নিমিত্তে নিৰ্বিকাৰে সহ্য কৰি আহিছে। সেইদেখি মই তেওঁক আন্তৰিক আশীৰ্বাদ দিছোঁ। যিসকল মানুহে ছপাখানাৰ সৈতে ‘কাৰবাৰ’ কৰিছে, তেওঁলোকেহে জানে এই কামটি কিমান গধুৰ। মোৰ ভাৰতৰ আধুনিক গুৰু, যিজন গুৰুক G.O. M. (Grand Old Man) বুলি নাম দিয়া হৈছে, সেইজন মহাপুৰুষৰ সৈতে বহুতবাৰ 84-85 Palace Chambers আৰু আন ঠাইতো

বিলাতত দেখা হৈছিল, সেই মানুহজনৰ এটি প্ৰিয় কথা আছিল। সেই মহাপুৰুষ দাদাভাই [ ৭৯ ]
 

নৌৰজিয়ে সময়ে-অসময়ে, যেতিয়াই-তেতিয়াই ভাৰতৰ উপকাৰৰ অৰ্থে কাম কৰিছিল। তেঁৱেই প্ৰথম ভাৰতত বৃটিছ মহাসভাৰ সভ্য। তেওঁ কৈছিল যেতিয়াই সুবিধা হৈছিল, "It is the wearer who knows where the shoe pinches!" দীনবন্ধুৱেহে জানে ছপাখানাত কিতাপ ছপোৱাৰ কি বিড়ম্বনা! স্বৰ্গীয় দাদাভাই নৌৰজিৰ আগেয়ে ভাৰতৰ লালমোহন ঘোষেও (ব্যাৰিষ্টাৰ স্বৰ্গীয় মনমোহন ঘোষৰ ভায়েক, যি মনমোহন ঘোষে বিপদগ্ৰস্ত ‘আসামী’সকলক সাহায্য কৰি ‘বিপদৰ বন্ধু’ নাম পাইছে) পাৰ্লামেন্ট (Parliament) সভ্য হোৱাৰ প্ৰাৰ্থী আছিল। তেওঁ এনে বক্তৃতা দিছিল যে এজনী অন্ধ মহিলাই(যি মহিলাই John Bright ৰমৃত্যুৰ কথা শুনা নাছিল) ক’লে, "Is it John Bright who is speaking?" এই কথাখিনি মোৰ পাতনিত নেলেখিলোঁহেঁতেন, লেখিলোঁ এই নিমিত্তে যে মোৰ ইচ্ছা মোৰ অসমৰ লৰা-ছোৱালীবিলাকে এইসকল মহাপুৰুষৰ নাম শুনে। Parliament-ৰ ভাৰতীয় সভ্য কেইজন হৈছে? আশাকৰোঁ পাঠক-পাঠিকাসকলে বিচাৰি উলিয়াব।

 য়ুৰোপলৈ তিনিবাৰ গৈছিলোঁ —এই কিতাপখনিত প্ৰথমবাৰৰ অভিজ্ঞতাৰ অলপ চিনাকি মাথোনহে দিছোঁ। এই কিতাপখনিত সকলো কথা ধাৰাবাহিকৰূপে হোৱা নাই। ১৮৯৫ৰ পৰা ১৯০৯। বাঁহীৰ গৰ্ভৰপৰা অৰ্থাৎ ‘বাঁহী’ৰ চুঙাৰ ভিতৰৰপৰা মোৰ এই কঠুৱা মাত আৰু লেখা উলিয়াইছে; সেই বাটেদি অহাৰ নিমিত্তে মোৰ আশা হৈছে যে এই কথাবোৰে মোৰ অসমৰ মানুহৰপৰা অলপ মৰম পাব। যিসকলে মোক নীৰৱে- সৰৱে সহায় কৰিছে, তেৰাসকলক মোৰ হিয়াৰ অন্তৰৰ অভিবাদন আৰু ধন্যবাদ জনাওঁ। প্ৰুফ শ্ৰীমান তালুকদাৰেই চাই দিছে। মই কাশীত। মোৰ মাতৃভাষাত কেবাখনো কিতাপ লেখিছে। কিন্তু কিনোতা নাই। মানুহক দিওঁতে দিওঁতে কিতাপ শূন্য হয়। সকলোৱে আহি সোধে, বিচাৰে, খোজে –“আপোনাৰ ঘৰত (কিতাপৰ নাম কৈ) এই কিতাপখুন আছেনে?” এনেকুৱা কথা কৈ কিতাপ লৈ যায়। মোৰ নিজৰ লেখা কিতাপৰ মূল্য নেথাকিব পাৰে; কিন্তু মোৰ পিতৃদেৱতাৰ অসম বুৰঞ্জী আৰু ঢেকীয়াল ফুকনৰ জীৱনচৰিতো (এটি ল’ৰাই মোক এবাৰ সুধিছিল আনন্দৰাম বৰুৱা আৰু আনন্দৰাম ফুকন একেজন মানুহ নে? আচৰিত!) মোৰ কিতাপৰ দৰে একে বাটে যায়। যি বাৰু যি হওক, আশাকৰো এই কিতাপখনি সেই বাটেৰে নেযাব।

এই কিতাপখনি শ্ৰীযুত সুনীত কুমাৰ ঠাকুৰ আৰু শ্ৰীমতী কণিকা দেৱীৰ ঘৰৰপৰা লেখিছোঁ। কিয়নো গুৱাহাটীত মোৰ শৰীৰ আৰু স্বাস্থ্য আঢ়ৈমাহমান বৰ বেয়া হৈছিল; সেইদেখি এই সহৃদয় মানুহজনে আৰু সহৃদয়া মহিলাগৰাকীয়ে মোক তেওঁলোকৰ ঘৰত আলহীস্বৰূপে থাকিবলৈ দি মোৰ শৰীৰ আৰু স্বাস্থ্যৰ উন্নতি সাধন কৰিছে। [ ৮০ ] সেইগুণে তেওঁলোকক মোৰ অন্তৰৰ শুভ-ইচ্ছা আৰু ধন্যবাদ জনাওঁ।

 ভগৱানে সকলোৰে মঙ্গল কৰক। পৰমপিতা পৰমেশ্বৰে তেওঁৰ অলপ কৃপাবাৰি বৰ্ষণ কৰি আমাক বল দিয়ক। তেওঁৰ ওচৰত এই প্ৰাৰ্থনা—
 অসতো মা সদগময়
 তমসো মা জ্যোতিৰ্গময়!
 মৃত্যোৰ্মা অমৃতংগময়!
 আবিৰাবিৰ্ম্ম এধি!
 ৰুদ্ৰ, যত্তে দক্ষিণংমুখং,
 তেন মাং পাহি নিত্যম।।
 শ্ৰীজ্ঞানদাভিৰাম বৰুৱা
 

 

 শ্ৰীযুত সুনীত কুমাৰ ঠাকুৰ আৰু
 শ্ৰীমতী কণিকা দেৱীৰ ঘৰ —
 খেজুৰীয়া বঙলা।
 বৰুণাৰ তীৰ।
 বাৰাণসী ধাম।।
 আহিন মাহ।
 ১৮/৯/৩৯ইং।
 ১৮৬১ শকাব্দ।


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)