পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
বিলাতৰ চিঠি

(Roach) মাছ মাৰিছিলোঁ। এই মাছবোৰ আমাৰ বাত মাছৰ দৰে। মিঃ ৰড্‌ৱেলে মাজে মাজে ৰাতিও মাছ মাৰিবলৈ গৈছিল; বোধকৰোঁ Bream মাছ ধৰিবৰ নিমিত্তে। সেইকেদিন মাছ সম্পৰ্কে বহুতো কথা শিকিছিলোঁ। আন বহু বিষয়ৰ দৰে ইয়াৰো অনুশীলন নৰখাৰ গতিকে সেইবোৰ কথা পাহৰি গৈছোঁ। ৰাতিপুৱা মাছ মাৰিবৰ নিমিত্তে আবেলি কি ৰাতি ৰুটীৰ গুড়ি কি আন এনেবিধৰ বস্তু (আমাৰ পিঠাগুড়িৰ দৰে) ঠায়ে ঠায়ে পানীত পেলাই থৈ আহিছিলোঁ। বুদ্ধিমান দুঠেঙীয়া মানুহৰ জ্ঞানহীন জন্তুক মাৰিবলৈ ইমান ফন্দি! মোৰ কিন্তু সেই তিনটা ৰোচ্‌ মাছ খাই বৰ ভাল লাগিছিল। নিজৰ উপাৰ্জ্জনৰ বস্তু নহয়! এবাৰ ৰাতি নাৱত ফুৰিবলৈ গৈছিলোঁ। মোক মিঃ ৰড্‌ৱেলে বঠা মাৰিবলৈ শিকাইছিল। তেওঁ গুৰি ধৰিছিল, মই বঠা বাইছিলোঁ। নাওখন বৰ সৰু আছিল। এবাৰ ঠাই সলনি কৰোঁতে নাওখন কাতি হৈ গৈছিল-ভাগ্যক্ৰমে পাৰৰ ওচৰত ঠাই সলনি কৰিছিলোঁ; মোৰ ভৰি দুখন তিতি মাটিত উবুৰি হৈ কোনোমতে সাৰিলোঁ। মাজপানীত ঠাই সলোৱা হ’লে আমাৰ ফালে আইধা হ’লহেঁতেন, বিলাতৰ কথা আৰু লেখা নহ’লহেঁতেন৷ গছৰ ছাঁ পানীত পৰিলে যেনে ভাল লাগিছিল, মোৰ নিমিত্তে ই অলপ বিপদৰো হৈছিল। বঠা বাওঁতে কি গুৰি ধৰোঁতে ছাঁবোৰক দেখি মনত হৈছিল যে মাটিৰ ফালেহে গৈছোঁ। সেইদেখি মাজে মাজে আন নাৱৰ লগত ঠেকা-ঠেকি খাবৰ ভয় আছিল। যি হওক সেইবাৰ বৰশী-টৰশী কিনি খুব মাছমৰা মানুহ হৈ গৈছিলোঁ।

 এজন মাছমৰা মানুহে আন এজনক মিতা বুলি ভাবে। পাইপডোখৰ মুখত লৈ কোনোৱে বা পাৰৰ ওপৰত বহি মহাসুখে পানীত বৰশী পেলাই আছে,—আকৌ কোনোৱে বা আমাৰ দৰে নাৱৰ ওপৰৰপৰা মাছক লোভ দেখুৱাই আছে। এজনে আনজনক সোধে, “Any sport, friend?" "Not much, only a roach or two.” অথবা এনে কোনো উত্তৰ দিয়ে। কোনোৱে আকৌ “Any luck?" "Well, just a pike or two.” এনেবোৰ কথাৰে পৰিশ্ৰম-ক্লান্তি দূৰ কৰা গৈছিল। মাছমৰা মানুহৰ ধৰ্ম্ম হৈছে বেছি কথা নোকোৱা মাছে যদি বেছি শৱদ শুনি পলায়!

 মই আগৈয়েই কৈছোঁ, কৈশোৰ কি যৌৱনত যি কোনো কামেই কৰা যায় সেই কামবোৰ কৰোঁতে যেনে কামৰ সোৱাদ পোৱা যায়, তেনে সোৱাদ বেছি বয়স হলে পোৱা নেযায়। তেতিয়া এনেকৈ মাছমৰাকে বৰ ভাল লাগিছিল।

 এবাৰ মিঃ ৰড্‌ৱেলৰ পুৰণা ছাত্ৰবিলাকেৰে সৈতে ক্ৰীকেট খেলিছিলোঁ; সিও এটা মজা। মোৰ বন্ধুসকলে জানে মই ক্ৰীকেট, ফুটবল কেনে খেলোঁ।

 মিঃ ৰড্‌ৱেলৰ সৈতে St. Neots (স্যেণ্ট নীট্‌চ্‌ উচ্চাৰণ) বুলি ঠাইলৈ দেওবাৰে গৈছিলোঁ। এই ঠাইখনো হান্টিংডন শ্যেয়াত। ৯ মাইল দূৰ। প্ৰথমে গৈ গিৰ্জ্জা এটালৈ গ’লোঁ। তাতে মিঃ ৰড্‌ৱেলৰ পুৰণা বন্ধুৰে সৈতে দেখা হোৱাত তেওঁলোকৰ লগত