পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
বিলাতৰ চিঠি

সেই বাটৰেপৰা ওলোৱা গলিত থকা এজন চিনাকি মানুহৰে সৈতে দেখা কৰোঁ বুলি। পাছত আমাৰ ৰথচালকে সেই বাটৰ ভু নেপাইছিল। সেইদেখি ওচৰতে থিয় দি থকা এজন ‘পহৰৱালা’ক সুধিলোঁ, “ককাই, এই বাটটো শুনিছোঁ হেনো ইয়াৰ ওচৰতে? ক’ত বা?” জবাব পালোঁ, “আৰে চাহাব, এ ৰাস্তাতো হিয়াঁ নেহি বা কৰে, মলাঙ্গামে হবে কৰে।” পাছত ঘোঁৰা যুগলৰ মূৰদুটি আমাৰ ৰথী ভায়াই পাক মাৰোঁতেই দেখিলোঁ যে সেই বাটটো আমাৰ কুৰি কি তিৰিশ হাতমান আগতে সশৰীৰে বৰ্ত্তমান। সেই বাটেদি পাছত গ’লোঁ আৰু আমাৰ পুলিচম্যান ভায়াক “ধন্য ধন্য” মনেৰে কৰিলোঁ। আমাৰ মলাঙ্গালৈ আৰু সেই বাট বিচাৰি বনৰীয়া “হাঁহ খেদিবলৈ” (Wild goose chase) নহ’ল।

 বিলাতৰ পহৰৱালাবোৰ প্ৰায়ে ভদ্ৰ, ক্কচিৎ দুটা-এটাহে অভদ্ৰ। লণ্ডনৰ পুলিচম্যানবোৰৰ ভিতৰত চিটি (City) পুলিচম্যানবোৰ দীঘলে-বহলে আনবোৰতকৈ বঢ়িয়া। ৰয়েল একচেঞ্জ (Royal Exchange)-ৰপৰা এক বৰ্গ মাইলৰ (One square mile) ভিতৰৰ ঠাইডোখৰকে City কোৱা হয়। সিহঁতক দেখিলে মনত হয় যেন সিহঁতে লৰিব-ঢাপৰিব নোৱাৰিব; কিন্তু সিহঁতে চোৰৰ পাছত কি ঘোঁৰাৰ (Run away Horse) পাছত দৌৰা দেখিলে আপুনি তধা হ’ব।

 লণ্ডনৰ “ক্যাবম্যান”বোৰেও বাট চিনি পায়। সিহঁতে এটা পৰীক্ষা পাছ কৰিব লাগে। পৰীক্ষকে হয়তো ক’ব,“তই হ্যাম্পষ্টেডৰপৰা ইলিঙলৈ (Ealing) পোনবাটেদি (Short cut) যা।” সি সৰু-সুৰা এটা বাটেদি একাই-বেঁকাই গৈ ইলিঙৰ সৰু বাট এটাও বিচাৰি পাবগৈ। গাড়ীখনত উঠি ক’ব লাগে “অমুক নম্বৰ Burlington Road w”। ঠিক ঘোঁৰা ডকাই অতি সোনকালে আপোনাক লৈ যাব। “w” কোৱাৰ মানে হৈছে লণ্ডনত বাৰ্লিংটন ৰোড হয়তো কেবাটাও। উত্তৰ, দক্ষিণ, পূব, দক্ষিণ-পূব, দক্ষিণ-পশ্চিম চাৰিওফালে সেই নামৰ বাট থাকিব পাৰে। লণ্ডনৰ বাটবোৰৰ পাছত W.C. যে দেখা যায়, তাৰ মানে West Central, E. C. মানে East Central. চিঠি লেখাত কি গাৰোৱানক সেই দুটা আখৰ লেখি কি কৈ দিব লাগে, নহ’লে হয়তো ভুল হৈ যাব পাৰে। পুলিচম্যানবোৰৰ দৰে এই ক্যাবম্যানবোৰেও ৰাজ্যৰ খবৰ দিব পাৰে। এইটো সদায় মনত ৰাখিব যে সিহঁতে লেখিব-পঢ়িব জানে। বোম্বাইত এবাৰ এটা গাৰোৱানৰপৰা এটা খবৰ পাই বৰ ৰং লাগিছিল। মই এনেয়ে ধেমালি কৰি সুধিলোঁ, তাক পৰীক্ষা কৰিবৰ নিমিত্তেই হ’বলা, “কোচাৱন, দাদাভাই নাওৰূজী ক’ত থাকে?’ সি ঠিক উত্তৰ দিলে যে চহৰৰপৰা ইমান দূৰৈত অমুক ঠাইত থাকে আৰু লণ্ডনৰপৰা কেমাহমান আগেয়ে বোম্বাইলৈ উভতি আহিছে, ইয়াকো বোধকৰোঁ ক’লে। শুনি বৰ ৰং লাগিল। এনে এটা কথাৰ উত্তৰ আমাৰ কলিকতীয়া ৰথীয়ে ক’ব নোৱাৰিলেহেঁতেন যেন পাওঁ।