কাৰণো আছিল যেন মনত হয়, যেনে— ফটিকা।
এইবোৰ ইটালীয় গান শুনি আমাৰ স্বৰ্গীয় ডাক্তৰ ৰাধিকাৰাম ঢেকিয়াল ফুকনে গান গোৱাৰ কথা মনত পৰিছিল। আমাৰ এই যাত্ৰাৰ তিনি-চাৰিমাহমান পূৰ্ব্বে তেওঁৰে সৈতে কলিকতাত দেখা হৈছিল। তেওঁক গান গাবলৈ কোৱাত এনেবোৰ গান গাইছিল— সেই গান অৱশ্যে আমাৰ বোধগম্য হোৱা নাছিল।
সেইদেখি সেই গান গাই থাকোঁতে আমাক দুই-এবাৰ হঁহা ডাক্তৰ ফুকনে দেখিলে; গান গৈ যোৱাৰ পাছত তেওঁ আমাক সেইবাবে খং কৰিছিল; তেতিয়া এই কথা মনত হ’ল। নেপোল্চৰ বন্দৰত গান শুনিও যে আমি কিছু বুজিব পাৰিছিলোঁ, এনে নহয়— একোকে বুজা নাছিলোঁ। কিন্তু নতুন দেশ, নতুন মানুহ, নতুন উৎসাহ- এইবোৰৰ নিমিত্তে আমাৰ আনন্দ হৈছিল।
জাহাজ পুৱা আঠমান বজাত বন্দৰত লাগিল। গান গোৱা মানুহৰ লগে লগে আন নাৱত গাইড কেইজনমান আহিল৷ তাৰে এজনে আমাক চহৰ দেখুৱাবলৈ নেৰানেপেৰাকৈ লাগিল। আমি চহৰ চাবলৈ ওলালোঁ। অৱশ্যে সি ইংৰাজী জানিছিল। তাক কিমান দিব লগা হৈছিল আমাৰ মনত নাই; বোধকৰোঁ পাঁচ চিলিং; ইমান দিনৰ কথা মনত নাই। কিন্তু আমাৰ যি খৰচ লাগিছিল, পাঁচোটিয়ে সমানে ভাগ কৰি দিছিলোঁ। জাহাজৰপৰা ঘাট কিছু দূৰৈত, সেইদেখি নাৱেৰে যাব লাগে। গাইপতি সেই নাৱত কি দিব লাগে, তাৰ এটা ধৰাবন্ধা দস্তুৰ আছে। সেই দস্তুৰেৰেই আমি নাৱত দিলোঁ। এই গাইড যে সঁচা গাইড, সি আমাক তাৰ “লাইচেন্স” দেখুৱাছিল। যাত্ৰীসকলে এইবোৰ চাই-চিন্তি যোৱা উচিত।
নেপোল্চৰ ঘাটত আমাৰ নাও লাগিলত, আমাক বহুতো মানুহে চাবলৈ আহিল, অৰ্থাৎ বোধকৰোঁ পাঁচজন ভাৰতবৰ্ষীয়ক একেলগে দেখা ইয়াৰ আগেয়ে নেপোল্চবাসীসকলৰ ভাগ্যত হৈ উঠা নাছিল।
আঙ্গুৰ-আপেল বেচা ছোৱালীবোৰে আমাত আঙ্গুৰ, আপেল বেচিবলৈ আহিল। পাছত গাইডৰ লগে লগে আমি সদৰ ৰাস্তালৈ গৈ এখন ‘ফিটন’ গাড়ী কেৰেয়া কৰি চহৰ চাবলৈ আৰম্ভ কৰিলোঁ। আমি এজন হোৱা হ'লে গাড়ী কেৰেয়া কৰিব নোৱাৰিলোঁহেঁতেন, কিয়নো কেৰেয়া নিশ্চয় বহুত দিব লাগিছিল।
চহৰত সকলো নতুন লাগিল। এয়ে য়ুৰোপত আমাৰ প্ৰথম পদাৰ্পণ।
আমি নেপোল্চ পুৱা আঠমান বজাত পালোঁগৈ। জাহাজ দহ-বাৰ ঘণ্টা তাত