পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
বিলাতৰ চিঠি

কথা যে কৈছোঁ, তাৰে ঘৈণীয়েকৰ কাৰ্ডখনৰ একাষত “At Home Thursday” কি আন কোনো দিনৰ কথা লেখা থাকে, সময়ো লেখা থাকে। আকৌ সেই তেনে কৰি আনজনা ঘৈণীয়ে সিজনাৰ ঘৰৰ বাকচটিত পাত দি যায়। তাৰ পাছত এজনাই হয়তো আন এজনাক চাহপানী এটুপি খাবলৈ মাতে। যিদিনা “At Home” সেইদিনা গলে চাহপানী, বিলাতী পিঠা, ৰুটী ইত্যাদি খাবলৈ পোৱা যায়। ইয়াৰদ্বাৰা প্ৰীতি ভাবৰো উন্নতি হৈ থাকে, অথচ সময়ো সৰহ অযথা খৰচ নহয়।

 বৃটিছ জাতিয়ে সময়ৰ মূল্য অতি ভালকৈ বুজে। সকলো কথাতে ঘড়ীৰ কাঁটাৰে সৈতে চলে। আমি যেনেকৈ ৰেল ধৰিবৰ নিমিত্তে ঠিক ঘড়ী চাই ৰেলৰ প্ৰত্যাশা কৰোঁ (যদিও কোনো কোনো ৰেলৰ লাইনে এই দেশত কি বিলাততো ঠিক সময় কেতিয়াবা ৰাখিব নোৱাৰে), সেইদৰে বৃটিছ জাতিৰ সকলো কামতে ঘড়ীৰ দৰ্কাৰ। এজন ভদ্ৰলোকৰ জেপত ঘড়ী এডুখৰি লাগেই, তাৰ লগত উৰ্ম্মাল, পেঞ্চিল ইত্যাদি লাগে— নোটবুক এডুখৰি থাকিলেও জানিবা বেয়া নহয়। এই ‘নোটবুক’ত কেতিয়া কি কৰিব লাগে, কাৰ সৈতে কেই বজাত দেখা কৰিব লাগে, কেতিয়া কোন সময়ত ক্লাচত হাজিৰ হ'ব লাগিব, সেইবোৰ লেখি থোৱা যুগুত— এই বিষয়ে সৰহকৈ নক'লেও হয়। আটায়ে ইয়াত নোটবুকৰ মোল বুজোঁহঁক। বিলাতত ঘৰৰ লিগিৰীজনীয়ে যেতিয়া ‘টাইমপিচ্‌’ ঘড়ী লৈ শোৱা খোঁটালীলৈ যোৱা দেখা যায়, তেতিয়াহে প্ৰথমে যোৱা মানুহৰ আচৰিত লাগিব। তায়েই আকৌ ৰাতিপুৱা উঠি ঘৰ-দুৱাৰ সাৰি পুৱাৰ ভোজনৰ ব্যৱস্থা কৰিব লাগিব নহয়; জাৰকালি কোনো খোঁটালীত জুহালত জুই ধৰি ঘৰ তপত কৰি ৰাখিব লাগিব নহয়; ৰাতিপুৱা ঠিক সময়ত খাই-বৈ ঘৰৰ মুনিহবোৰ কি তিৰুতাবোৰো দিহাদিহি দৈনিক কাৰ্য্য কৰিবলৈ যাব লাগিব নহয়। সঁচাকৈয়ে তালৈ গ'লে প্ৰথমে এই সময় জ্ঞানটি (Punctuality) জাগি উঠে। তাৰ মানুহে এই কথা বেচ্‌ ভালকৈ বুজে যে এজনে যদি আন এজনৰ সৈতে দেখা কৰিবলৈ এটা নিৰ্দ্ধাৰিত সময় কৰে, সেই সময়ত দেখা কৰিব লাগিব; নহ'লে আনজনে হয়তো সেই সময়ত আন কাম কৰিলেহেঁতেন, আৰু সেই কামৰ সময় এনেয়ে যায়। যদি সেই সময়ত (বিশেষ কোনো সময়ত) দেখা কৰিব পৰা নেযায়, তেন্তে টেলিগ্ৰাম দি সেই বিষয় জনোৱা উচিত। তাত টেলিগ্ৰাম ছয় অনাত যায়, আৰু ইংলণ্ডৰ মূৰৰপৰা সিমূৰলৈ এঘণ্টামানত এখন তাঁৰৰ কাকত অহা- যোৱা কৰিব পাৰে। মাজতে ইয়াত চাৰি অনাৰ টেলিগ্ৰামৰ সৃষ্টি হোৱাত মানুহে টেলিগ্ৰাম বেছিকৈ কৰিছিল। বিলাতৰ অভ্যাসবশতঃ এখন টেলিগ্ৰাম এদিন হাওৰাৰপৰা বালিগঞ্জলৈ কৰিছিলোঁ; কিন্তু তাঁৰৰ চিঠিৰ আগেয়ে পালোঁগৈ। বিলাতত কিন্তু এনে নহয়। আজিকালি হ'লে ইয়াত তাঁৰৰ ব্যৱস্থা ভাল হৈছে যদিও পহিলা ডিচেম্বৰৰপৰা ছয় অনাৰ ঠাইত আঠ অনা হোৱাত অলপ বেছি পইচা মোনাৰপৰা দিবলগীয়াত পৰিছে।