পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
বিলাতৰ চিঠি

দেখা যায়, সিমান ভাল।

  এটা কথা আপোনাৰ আচৰিত লাগিব, মোৰো লাগিছিল, আনৰো লাগিব। ইয়াত জাহাজ ৰ’লে ধোবা জাহাজলৈকে আহে। সিহঁতে সিহঁতৰ কাৰ্ড যাত্ৰীক দিয়ে আৰু কাপোৰ খনেপতি চাৰি পইচাকৈ দিলে ছঘণ্টাৰ ভিতৰতে কাপোৰ ধুই আনি দিয়ে। বৰ আচৰিত কথা। দীঘল বাট সমুদ্ৰেৰে ভ্ৰমণ কৰিলে কাপোৰ ধুউৱা দৰকাৰ হৈ পৰে। এই ধোবাবোৰে নিশ্চয় বেছ পইচা উপাৰ্জ্জন কৰে। কাৰবাৰত যি ব্যৱসায়ীৰ মন্ত্ৰ — Honesty, small profits, quick return অৰ্থাৎ সততা, কম লাভ আৰু বেগাবেগিকৈ বেচা-কিনা, সেই ব্যৱসায়ীৰ নিশ্চয় উন্নতি হয়, সন্দেহ নাই। শেহবাৰ কলম্বোত ১৮৯৮ চনত আকৌ নামিছিলোঁ। তেতিয়াও ধোবা আহিছিল, আৰু এতিয়া নিশ্চয় আহে।

  আৰু এটি কথা আগেয়ে মোৰ কোৱা উচিত আছিল। লেংটি পিন্ধা কি একেবাৰেই নাঙঠা লৰাবোৰে নাৱেৰে জাহাজৰ ওচৰলৈ আহি ইংৰাজী আধাভঙা মাতেৰে প্ৰচলিত গানবোৰ গায়হি আৰু সিকি কি আদমহীয়া পানীত পেলাই দিলে সিহঁতে নাৱৰপৰা জপিয়াই পৰি সেইবোৰ আনেগৈ। এডেনত এইটো বৰ বেছি আছিল। আজিকালি এডেনত নাই; কিয়নো ঘঁৰিয়ালে কোনো কোনো ল'ৰাক নিজৰ ভোক নিবাৰণৰ সাহায্য কৰিবলৈ পানীৰ তললৈ একেবাৰেই লৈ যায়। সেইদেখি গৱৰ্ণমেন্টে মানা কৰিছে৷ কলম্বোত এতিয়াও আছে নে নাই ক’ব নোৱাৰোঁ।

  কলম্বো চাবলগীয়া ঠাই। ইয়াৰ ভাষা প্ৰধানতঃ তামিল আৰুসিংহলী। ইয়াৰ মানুহবোৰে চুলি দীঘলকৈ ৰাখে। সেই চুলিত আকৌ ফণি এখল লগাই থয়। তাৰ ওপৰত আকৌ ইংৰাজী টুপী, বিশেষকৈ Bowler (বোলাৰ) হেট। গাত ইংৰাজী কাপোৰ; কিন্তু ভৰিডোখৰ অৰ্থাৎ কঁকালৰ পৰা ভৰিলৈকে লুঙ্গী পিন্ধে। শুনিছোঁ বোলে এই লুঙ্গীৰ তলত ইংৰাজী ট্ৰাউজৰ্চ। ইহঁত বেছ ভদ্ৰ মানুহ। জাহাজলৈ প্ৰত্যেক বন্দৰতে দোকানীয়ে বস্তু বেচিবলৈ আহে। কলম্বোতো আহে।

  এইখিনিতে আমাৰ এই “ডনেৰা” জাহাজৰ খোৱাৰ তালিকা দিলে বেয়া নহয়। ৰাতিপুৱাতে বিচনাত চাহ-বিস্কুট। ৮।০, ৯ মান বজাত ব্ৰেকফাষ্ট। একমান বজাত ডিনাৰ। চাৰিবজাত আকৌ চাহ। তাৰ পাছত ছয়বজাত এবাৰ খাবলৈ দিছিল। তেতিয়া খোৱাৰ এই নিয়ম আছিল, আজিকালি বদলিব পাৰে। পি. এণ্ড ও কোম্পানীৰ জাহাজত আজিকালি সময় বদলাইছে, আমি সিদিনা আহোঁতে গম পালোঁ। বৃটিছইণ্ডিয়া জাহাজবোৰৰ খানচামা, ‘বয়’বোৰৰ বেছিভাগেই খিদিৰপুৰ কিকলিকতাৰ আন ঠাইৰ মুছলমান। সিহঁতৰে সৈতে আমি সুকীয়া বন্দবস্ত কৰি লৈছিলোঁ, আমাক ৰাতি ৮।।০ মান বজাত ভাত আৰু দেশীমতে ৰন্ধা কুকুৰা কি আন মঙহৰ আঞ্জা দিছিল। এই খোৱাও বেছ খাইছিলোঁ। ইয়াৰ নিমিত্তে জাহাজৰ বাবুৰ্চিক অলপ বেলেগ বক্‌চিচ দিবলগীয়াত পৰিছিলোঁ। বক্‌চিচ্‌